কথা-বতৰা আৰম্ভ কৰিবলৈ ট্ৰ্যাক্ট ব্যৱহাৰ কৰক
১ এক ফলদায়কৰূপে সাক্ষী দিয়া কাৰ্য্যক আগবঢ়াবলৈ নিজেই কথা-বতৰা আৰম্ভ কৰাত আগভাগ লোৱাৰ ওপৰত নিৰ্ভৰ নকৰেনে? এইটো সচাঁ যে এজন ব্যক্তিক আগ্ৰহী কৰি তোলা বা কোনো বিষয়ত তেওঁৰ সৈতে আলোচনা আৰম্ভ কৰাটো হৈছে এক প্ৰত্যহ্বানজনক কাৰ্য্য। তেনে ক্ষেত্ৰত আমাৰ সাক্ষী দিয়া কাৰ্য্যক কেনেকৈ ফলদায়কৰূপে কৰিব পাৰি?
২ বহুতো প্ৰচাৰকে অনুভৱ কৰিছে যে কোনো এক বিষয়ক বাচঁনি কৰি কথা-বতৰা হৈ বাইবেল আধাৰিত যি কোনো ট্ৰ্যাক্ট দিয়াৰ দ্বাৰা আলোচনা আৰম্ভ কৰিব পাৰি। কিয়নো ইয়াৰ বিষয়বোৰ হৈছে অতি আকৰ্ষণীয় আৰু ট্ৰ্যাক্টখনত থকা দৃষ্টান্তবোৰ ৰঙীন আৰু সুন্দৰ। যদিও এখন ট্ৰ্যাক্টে এজন ব্যক্তিক সকলোবোৰ কথা বৰ্ণনা নকৰে তথাপিও ট্ৰ্যাক্টখনে এইটো প্ৰকাশ কৰে যে ইয়াৰ সকলোবোৰ নিগূঢ়তত্বক বুজিবলৈ আৰু বহুতো বিভিন্ন বিষয় আছে। গতিকে ট্ৰ্যাক্টখনত উল্লেখ কৰা সূচনাবোৰে এজন ব্যক্তিক বাইবেল অধ্যয়ন কৰাত আগ্ৰহী কৰি তুলিব পাৰে।
৩ এই সন্দৰ্ভত এগৰাকী ভনীয়ে এইদৰে অনুভৱ কৰি কৈছিল: “এই ব্যস্ত জগতত সাধাৰণতে লোকসকলে পঢ়িবলৈ অধিক সময় ব্যয় কৰাটো নিবিচাৰে। সেইবাবে গুৰুত্বপূৰ্ণ সংবাদ দিবলৈ ট্ৰ্যাক্টখনেই হৈছে যথেষ্ঠ। কিন্তু এজন ব্যক্তিক সত্যত আনিবলৈ ট্ৰ্যাক্টখনেই যথেষ্ঠ নহয়। মই বহুতো ট্ৰ্যাক্ট পঢ়াৰ পিছতহে, ক্ৰমান্বয়ে সত্যক শিকিব পাৰিলোঁ।” যদিও এই ট্ৰ্যাক্টখনত চমূকৈ ঈশ্বৰৰ বাক্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে তথাপিও ইয়াত দিয়া বাৰ্ত্তা হৈছে অতি শক্তিশালী।—ইব্ৰী ৪:১২.
৪ চাৰিটা সহজ পদ্ধতি: বহুতো প্ৰচাৰকে সৰলভাৱে প্ৰস্তাৱনা আগবঢ়াই সফলতা প্ৰাপ্ত কৰাৰ আনন্দ লাভ কৰিছে। (১) ব্যক্তিজনক কিছুমান ট্ৰ্যাক্ট দেখুৱাই তাৰ পৰা যিটো তেওঁক ভাল লাগে তাক বাচঁনি কৰিবলৈ কওঁক। (২) ব্যক্তিজনে বাচঁনি কৰাৰ পাছত ট্ৰ্যাক্টখনৰ মূখ্য বিষয়টোৰ ওপৰত আধাৰিত থকা প্ৰশ্নটো সোধক। (৩) প্ৰশ্নটোৰ উত্তৰ দিয়াৰ সময়ত, অনুচ্ছেদ বা ট্ৰ্যাক্টখনত থকা শাস্ত্ৰীয় পদটো পঢ়ক। (৪) যদি আপুনি ভাল প্ৰত্যুত্তৰ পাই তেনেহʼলে ট্ৰ্যাক্টখনত থকা বাকী বিষয়বোৰকো আলোচনা কৰক বা সৃষ্টি কিতাপখনৰ ১৬-২০ অধ্যায়ৰ পৰা এটা সঠিক বিষয় দাঙি ধৰক। চাৰিখন ট্ৰ্যাক্ট কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তলত দিয়া পৰামৰ্শই আপোনাক তৈয়াৰী কৰাত সহায় কৰিব।
৫ “বাস্তৱতে কোনে জগতখন শাসন কৰিছে?” ট্ৰ্যাক্টখনত থকা শিৰোনামকে প্ৰশ্নৰ দৰে ব্যৱহাৰ কৰিব পাৰে।
▪ যদি ব্যক্তিজনে “ঈশ্বৰ” বা “মই নাজানো” বুলি কয়, তেনেহʼলে ২ পৃষ্ঠাত থকা প্ৰথম দুশাৰী বাক্য আৰু ৩ পৃষ্ঠাত থকা প্ৰথম অনুচ্ছেদটো পঢ়ক। লগতে ১ যোহন ৫:১৯ আৰু প্ৰকাশিত বাক্য ১২:৯ পদটোও পঢ়ক। এই জগতত শাসন কৰি থকা চয়তানৰ অস্তিত্বৰ বিষয়ে হয়তো ব্যক্তিজনে সন্দেহ কৰিব পাৰে, তেতিয়া আপুনি “জগতত ঘটি থকা ঘটনাসমূহৰ এটা আভাস” নামৰ বিষয়টো উল্লেখ কৰি যুক্তিসঙ্গতৰূপে আলোচনা আৰম্ভ কৰিব পাৰে। যদি ব্যক্তিজনে ইচ্ছা প্ৰকাশ কৰে তেন্তে ট্ৰ্যাক্টখনত থকা ৩ আৰু ৪ পৃষ্ঠা দেখুৱাই বৰ্ণনা কৰক যে চয়তান অৰ্থাৎ দিয়াবল কʼৰ পৰা আহিল।
৬ “মৃত আপোনজনাৰ বাবে কি আশা?” ট্ৰ্যাক্টখনে এজন ব্যক্তিক সোনকালে আগ্ৰহী কৰি তুলিব পাৰে। আলোচনা আৰম্ভ কৰাৰ আগতে আপুনি হয়তো সুধিব পাৰে:
▪ “আপুনি কেতিয়াবা ভাবিছেনে যে আমি আমাৰ প্ৰিয়জনক পুনৰ জীৱিত দেখিবলৈ পাম?” ব্যক্তিজনে উত্তৰ দিয়াৰ পাছত ট্ৰ্যাক্টখনত থকা ৪ পৃষ্ঠাৰ দ্বিতীয় অনুচ্ছেদ আৰু যোহন ৫:২৮ ২৯ পদটো পঢ়ক। তাৰ পাছত বৰ্ণনা কৰক যে এই বিষয়টোৱে ট্ৰ্যাক্টখনৰ প্ৰথম শীৰ্ষটোত থকা সূচনাবোৰক কেনেকৈ বুজিবলৈ সহায় কৰে। একেলগে আলোচনা কৰিবলৈ আমন্ত্ৰণ কৰক।
৭ “পৰিয়াল জীৱনৰ আনন্দ লওঁক” এই ট্ৰেক্টখন বিশেষকৈ পৰিয়ালৰ কাৰণে তৈয়াৰ কৰা হৈছে। ইয়াক ব্যৱহাৰ কৰি আপুনি এইদৰে সুধিব পাৰে:
▪ “আপুনি নিশ্চয় সন্মত হʼব যে আজিৰ সময়ত পৰিয়ালৰ জীৱন একেবাৰে বিপদগ্ৰস্ত অৱস্থাত আছে। পৰিয়ালৰ বন্ধনক অটুট কৰি ৰাখিবলৈ আপুনি কি কৰিব পাৰি বুলি বিবেচনা কৰে?” ব্যক্তিজনে উত্তৰ দিয়াৰ পিছত, ৬ পৃষ্ঠাত থকা প্ৰথম অনুচ্ছেদৰ ওপৰত তেওঁৰ ধ্যান আকৰ্ষিত কৰক। ট্ৰ্যাক্টখনৰ ৪ আৰু ৫ পৃষ্ঠাত থকা শাস্ত্ৰীয় পদবোৰ পঢ়ক আৰু তাৰ অৰ্থবোৰ বুজাই দিয়ক। তাৰ পিছত যদি ব্যক্তিজন ইচ্ছুক হয় তেনেহʼলে গৃহ বাইবেল অধ্যয়ন কৰিবলৈ আগবাঢ়ক।
৮ “আপুনি কিয় বাইবেল বিশ্বাস কৰিব পাৰে” এই ট্ৰ্যাক্টখনক এইদৰে প্ৰস্তুত কৰিব পাৰে:
▪ “বহুতে বাইবেলৰ আদিপুস্তক নামৰ কিতাপখনত উল্লেখ কৰা কয়িন আৰু হেবলৰ কাহিনী শুনিছে। সেই পুস্তকৰ বিৱৰণিত কয়িনৰ পত্নীৰ বিষয়ে উল্লেখ কৰিছে। আপুনি কেতিয়াবা ভাবি আচৰিত হৈছেনে যে তাই কʼৰ পৰা আহিল?” ইয়াৰ উত্তৰৰ বাবে ট্ৰ্যাক্টখনৰ ২ পৃষ্ঠাৰ শেষৰ অনুচ্ছেদটো চাওঁক। এইটো বৰ্ণনা কৰক যে এই ট্ৰ্যাক্টখনে আমাৰ ভৱিষ্যতৰ সন্দৰ্ভত থকা গুৰুত্বপূৰ্ণ বিষয়েও আলোচনা কৰে। ইয়াৰ বিষয়ে ৫ পৃষ্ঠাৰ তৃতীয় অনুচ্ছেদৰ পৰা আৰম্ভ কৰক আৰু লগতে তাত থকা বাইবেলৰ পদসমূহ পঢ়ক।
৯ শুভবাৰ্ত্তা প্ৰচাৰ কৰা ক্ষেত্ৰত বাইবেল আধাৰিত এই ট্ৰ্যাক্টবোৰে বহু কাৰ্য্যকাৰীৰূপে সফলতা লাভ কৰিছে। কিয়নো এইবোৰক আপুনি সহজে কঢ়িয়াই লৈ ফুৰিব পাৰে। ইয়াক আপুনি ঘৰে-ঘৰে আৰু অনিয়মিতৰূপে সাক্ষী দিয়াত কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিব পাৰে। আমাৰ প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰিবলৈ ট্ৰ্যাক্টবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। সেইবাবে সকলো সময়তে বিভিন্ন প্ৰকাৰৰ ট্ৰ্যাক্ট নিজৰ সৈতে ৰাখক আৰু আলোচনা আৰম্ভ কৰিবলৈ এইবোৰক উদাৰভাৱে ব্যৱহাৰ কৰক।—কল. ৪:১৭.