প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
ভাগ ১০: বিদ্যাৰ্থীসকলক ঘৰে-ঘৰে প্ৰচাৰ কৰিবলৈ প্ৰক্ষিশণ দিয়া
১ যেতিয়া কোনো এজন বাইবেল বিদ্যাৰ্থীয়ে বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ উপযুক্ত হোৱা বুলি মণ্ডলীৰ প্ৰাচীনসকলে ঠিৰাং কৰিব পাৰে, তাৰ পিছৰ পৰা তেওঁ মণ্ডলীৰ সৈতে ৰাজহুৱাভাৱে প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পাৰে। (যিহোৱাৰ ইচ্ছা পালন কৰিবলৈ সংগঠিত নামৰ কিতাপখনৰ ৭৯-৮১ পৃষ্ঠাত চাওক।) বিদ্যাৰ্থীসকলে ঘৰে-ঘৰে প্ৰচাৰ কৰিবলৈ সম্মুখীন হোৱা সমস্যাবোৰত সফলতা পাবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ?
২ একেলগে তৈয়াৰ কৰক: উত্তমভাৱে সাজু কৰাৰ কোনো বিকল্প নাই। বিদ্যাৰ্থীজনক দেখুৱাউক যে আমাৰ ৰাজ্য পৰিচৰ্য্যা আৰু ৰীজনিং কিতাপত দিয়া প্ৰস্তাৱনাবোৰ কেনেকৈ বিচাৰি পাব পাৰে আৰু সেই প্ৰস্তাৱনাবোৰৰ পৰা এটা সহজ কাৰ্য্যকাৰী উপস্থাপন বাছি লৈ স্থানীয় এলেকাত ব্যৱহাৰ কৰিবলৈ সহায় কৰক। আৰম্ভণিৰে পৰা প্ৰচাৰ কাৰ্য্যত বাইবেলখন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।—২ তীম. ৪:২.
৩ এজন নতুন প্ৰকাশকৰ বাবে অভ্যাস কৰা সময়খিনি অধিক লাভদায়ক। উপস্থাপনটো অভ্যাস কৰাৰ সময়ত বিদ্যাৰ্থীজনক দেখুৱাউক যে স্থানীয় এলেকাত কেনেকৈ বিবেচনাপূৰ্ণতাৰে উত্তৰ দিব পাৰে। (কল. ৪:৬) তেওঁক আশ্বাস দি কওক যে খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত গৃহস্থই কৰিব পৰা সকলো প্ৰশ্নৰ উত্তৰ দিয়াটো প্ৰয়োজন নাই। গৃহস্থই কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ অনুসন্ধান কৰি পুনৰ সাক্ষাৎ কৰিলে অধিক উত্তম হʼব।—হিতো. ১৫:২৮.
৪ একেলগে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা: বিদ্যাৰ্থীজনে প্ৰথমবাৰৰ বাবে ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ সময়ত, আপোনালোক দুজনে একেলগে তৈয়াৰ কৰা অনুসাৰে আপুনি কেনেকৈ প্ৰচাৰ কৰে, সেই বিষয়ে লক্ষ্য কৰিবলৈ বিদ্যাৰ্থীজনক আগ্ৰহ কৰক। তাৰ পিছত তেওঁক আপুনি কৰাৰ দৰে কʼবলৈ উৎসাহিত কৰক। কিছুমান ক্ষেত্ৰত নতুন বিদ্যাৰ্থীসকলে কেৱল উপস্থাপনৰ এটা অংশ, যেনে, এটা শাস্ত্ৰীয় পদ পঢ়ি তাৰ ওপৰত মন্তব্য দিয়াটো উত্তম হʼব। এনে কৰোঁতে বিদ্যাৰ্থীজনৰ ব্যক্তিত্ব আৰু পাৰগতাৰ বিষয়ে মনত ৰাখিলে অধিক লাভজনক হʼব। (ফিলি. ৪:৫) আপুনি বিদ্যাৰ্থীজনক প্ৰচাৰ কাৰ্য্যৰ বিভিন্ন দিশবোৰত ক্ৰমান্বয়ে প্ৰশিক্ষণ দিয়াৰ সময়ত উদাৰভাৱে তেওঁৰ শলাগ লওক।
৫ যদি সম্ভৱ হয়, নতুন বিদ্যাৰ্থীসকলক সপ্তাহত এবাৰকৈ পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাৰ এখন নিয়মিত তালিকা বনোৱাত সহায় কৰাতো অধিক গুৰুত্বপূৰ্ণ হʼব। (ফিলি. ৩:১৬) নতুন বিদ্যাৰ্থীজনৰ সৈতে একেলগে প্ৰচাৰ কৰিবলৈ এক নিৰ্দিষ্ট ব্যৱস্থা কৰক আৰু আন উৎসাহী প্ৰচাৰকসকলৰ সৈতেও কাৰ্য্য কৰিবলৈ উৎসাহিত কৰিব পাৰে। কিয়নো তেওঁলোকৰ সঙ্গতিয়ে বিদ্যাৰ্থীসকলক তেওঁলোকৰ দক্ষতাক বৃদ্ধি আৰু ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত আনন্দ লাভ কৰিবলৈ সহায় কৰিব।