প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
ভাগ ১২: এটা বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰিবলৈ বাইবেল বিদ্যাৰ্থীজনক সহায় কৰক
১ যেতিয়া আমাৰ বাইবেল বিদ্যাৰ্থীসকলে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকে নিজে বাইবেল অধ্যয়ন আৰম্ভ কৰিব লাগে বুলি ভাবি ভয়ভিত হʼব পাৰে। গতিকে পৰিচৰ্য্যাৰ এই গুৰুত্বপূৰ্ণ দায়িত্বৰ প্ৰতি সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ আমি কেনেকৈ তেওঁলোকক সহায় কৰিব পাৰোঁ?—মথি ২৪:১৪; ২৮:১৯, ২০.
২ এবাৰ বাইবেল বিদ্যাৰ্থীজনে বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ উপযুক্ত হোৱাৰ পিছত তেওঁ হয়তো ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলতো ভাগ লৈ সম্পূৰ্ণকৈ লাভৱান হৈছে। বিদ্যাৰ্থীজনে নিজৰ ভাষণৰ বাবে প্ৰস্তুত কৰাৰ দ্বাৰা তেওঁ নিজৰ শিক্ষা দিয়া কৌশলকো বিকশিত কৰিব পাৰিব আৰু ইয়াৰ বাবে এজনে “লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ” হোৱা আৱশ্যক।—২ তীম. ২:১৫.
৩ নিজে ৰখা আৰ্হিৰ দ্বাৰা শিক্ষাদান কৰক: যীচুৱে তেওঁৰ শিষ্যসকলক স্পষ্ট নিৰ্দ্দেশনা দি নিজৰ আৰ্হিৰ দ্বাৰা শিক্ষাদান কৰিছিল। তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “প্ৰতিজন যেতিয়া সিদ্ধ হয়, তেতিয়া নিজৰ গুৰুৰ তুল্যহে হব।” (লূক ৬:৪০) এতেকে আপুনি যীচুক অনুকৰণ কৰি নিজ পৰিচৰ্য্যা কাৰ্য্যত এক উপযুক্ত আৰ্হি ৰাখিব পাৰিব। আপোনাৰ বাইবেল বিদ্যাৰ্থীয়ে যেতিয়া আপোনাক তেনে কৰা লক্ষ্য কৰিব, তেতিয়া তেওঁ নিজে পুনৰ সাক্ষাৎ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰা বিষয়টোৰ প্ৰতি মূল্যাঙ্কন দেখুৱাব।
৪ বিদ্যাৰ্থীজনক বৰ্ণনা কৰি কওক যে, যেতিয়া আমি বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰোঁ, তেতিয়া অধ্যয়নৰ ব্যৱস্থাৰ বিষয়ে আগ্ৰহী ব্যক্তিজনক বিতংকৈ ব্যাখ্যা কৰাটো সাধাৰণতে আৱশ্যক নহয়। সদায়ে অধ্যয়ন কৰিবলগীয়া সাহিত্যখনৰ পৰা সহজভাৱে এটা বা দুটা অনুচ্ছেদ প্ৰদৰ্শন কৰাটো উত্তম হʼব। এনেদৰে অধ্যয়ন কৰাৰ সহায়কাৰী পৰামৰ্শবোৰ এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠা আৰু ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৬ পৃষ্ঠাত পাব পাৰে।
৫ যেতিয়া উপযুক্ত হয়, তেতিয়া বাইবেল বিদ্যাৰ্থীজনক আপোনাৰ বা আন অভিজ্ঞতা থকা প্ৰকাশকৰ সৈতে বাইবেল অধ্যয়নলৈ আহিবলৈ নতুবা যাবলৈ আগ্ৰহ কৰিব পাৰে। অধ্যয়নৰ সময়ছোৱাত তেওঁ হয়তো কোনো এটা অনুচ্ছেদ বা এটা মুখ্য শাস্ত্ৰ পদৰ পৰা মন্তব্য দিব পাৰে। এনেদৰে বিদ্যাৰ্থীজনে প্ৰগতিশীল বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰিবলৈ শিকিব পাৰে। (হিতো. ২৭:১৭; ২ তীম. ২:২) তেওঁ কৰা প্ৰচেষ্টাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাউক আৰু কেনেকৈ উন্নতি কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰক।
৬ নতুন প্ৰকাশকসকলক ঈশ্বৰৰ বাক্যৰ শিক্ষক হʼবলৈ প্ৰশিক্ষণ দি “সৎকৰ্ম্মৰ” নিমিত্তে সুসজ্জিত কৰি তেওঁলোকে নিজে বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰাত সাহসী কৰি তুলিব পাৰিব। (২ তীম. ৩:১৭) তেওঁলোকৰ সৈতে “যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন-জল গ্ৰহণ কৰক,” বুলি দিয়া এই প্ৰেমময় আমন্ত্ৰণত একেলগে কাৰ্য্য কৰাটো এক সন্তুষ্টিজনক বিষয় নহয়নে বাৰু!—প্ৰকা. ২২:১৭.