ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৪ পৃষ্ঠা ১
  • এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আপুনি বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰিছেনে?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৪ পৃষ্ঠা ১

এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা

ভাগ ১: এটা বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ অৰ্থ কি?

১ যিহোৱাৰ সাক্ষীসকলে প্ৰত্যেক মাহত গোটেই বিশ্বজুৰি প্ৰায় ৬০ লাখতকৈ অধিক লোকৰ সৈতে বাইবেল অধ্যয়ন কৰিছে। এই বাইবেল বিদ্যাৰ্থীসকলক আধ্যাত্মিকতাত উন্নতি কৰি সমৰ্পণ আৰু বাপ্তিষ্মা লৈ “অন্য লোককো শিকাবলৈ নিপুণ” হোৱালৈ আগবাঢ়িবলৈ আমি উত্তম শিক্ষাদান পদ্ধতি ব্যৱহাৰ কৰাৰ দ্বাৰা

সহায় কৰিব পাৰোঁ। (২ তীম. ২:⁠২) আপুনি নিজৰ বাইবেল বিদ্যাৰ্থীসকলক তেনেদৰে উন্নতি কৰাত সহায় কৰিবলৈ বিচাৰিবনে? কেনেকৈ প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰিব পাৰি সেই বিষয়ে বৰ্ণনা কৰি এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা ধাৰাবাহিকৰূপে এটা লেখ প্ৰকাশ কৰা হʼব।

২ বাইবেল অধ্যয়নৰ ৰিপোৰ্ট কেতিয়া দিয়া উচিত: যদি নিয়মীয়াকৈ ব্যৱস্থিতৰূপে নিৰ্দ্দেশিত বাইবেল আধাৰিত পুস্তকৰ পৰা কোনো এজনৰ সৈতে চমুকৈ বাইবেলৰ বিষয়ে আলোচনা কৰে তেনেহʼলে আপুনি এটা বাইবেল অধ্যয়ন কৰিছে। তদুপৰি আপুনি ব্যক্তিজনৰ ঘৰৰ দুৱাৰমুখত বা টেলিফোনৰ দ্বাৰা অধ্যয়ন হৈছে তেতিয়াও আপুনি বাইবেল অধ্যয়ন পৰিচালনা কৰিছে। আনকি আপুনি যেতিয়া প্ৰথম সাক্ষাতত অধ্যয়ন কি দৰে কৰা হয় সেই বিষয়ে প্ৰদৰ্শন কৰাৰ পিছত যদি দুবাৰ অধ্যয়ন পৰিচালনা কৰে আৰু আগ্ৰহী ব্যক্তিজনে ভৱিষ্যতেও একেৰাহে অধ্যয়ন কৰাৰ আশা থাকে তেতিয়াও বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ ৰিপোৰ্ট কৰিব পাৰে।

৩ বহুতে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখন ব্যৱহাৰ কৰি বাইবেল অধ্যয়ন পৰিচালনা কৰিছে। যদি এই পাঠ্যপুথিবোৰ অধ্যয়ন কৰা সমাপ্তি হয় আৰু বিদ্যাৰ্থীজনে লাহে লাহে হʼলেও যদি আধ্যাত্মিকভাৱে উন্নতি কৰিছে, তেন্তে ঈশ্বৰক উপাসনা নামৰ কিতাপখনৰ পৰা অধ্যয়ন পৰিচালনা কৰিব পাৰে।

৪ বাইবেল অধ্যয়ন হৈছে এনে এটা কাৰ্য্যকাৰী সহায়ক যাৰ দ্বাৰা লাখ লাখ লোকক যীচুৰ প্ৰকৃত শিষ্য হʼবলৈ সহায় আগবঢ়োৱা হয়। (মথি ২৮:⁠১৯, ২০) ধাৰাবাহিকৰূপে প্ৰকাশ কৰা এই সংখ্যাৰ আগন্তুক লেখবোৰত দিয়া পৰামৰ্শ ব্যৱহাৰ কৰি আপুনি এটা প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালনা কৰিব পাৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক