ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মাৰ্চ পৃষ্ঠা ৭
  • “পৰ দি থাকা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “পৰ দি থাকা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • যীচুৱে দিয়া উদাহৰণৰ পৰা আপুনি কি শিকিব পাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ পৰীক্ষাত কৃতকাৰ্য্য হ’ল!
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • অধৰ্ম্মীজন প্ৰকাশিত হʼব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • সতৰ্ক আৰু পৰিশ্ৰমী হওঁক!
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মাৰ্চ পৃষ্ঠা ৭
যীচুৱে দিয়া দৃষ্টান্তৰ দহজনী কন্যা

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৫

“পৰ দি থাকা”

২৫:১-১২

যীচুৱে দহজনী কন্যাৰ উদাহৰণ বিশেষকৈ অভিষিক্ত লোকসকলৰ বাবে ব্যৱহাৰ কৰিছিল। কিন্তু ইয়াৰপৰা লাভ কৰা শিক্ষা সকলো খ্ৰীষ্টানৰ বাবে প্ৰযোজ্য। (w১৫-HI ৩/১৫ ১২-১৬) “এতেকে পৰ দি থাকা; কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।” (মথি ২৫:১৩) যীচুৱে দিয়া দৃষ্টান্তৰ বিষয়ে আপুনি বৰ্ণনা কৰিব পাৰিবনে?

  • দৰা (পদ ১)—যীচু

  • সুবুদ্ধি কন্যা (পদ ২)—অভিষিক্ত খ্ৰীষ্টানসকল। তেওঁলোকে বিশ্বাসেৰে নিজৰ দায়িত্ব পালন কৰে আৰু শেষলৈকে দীপ্তিস্বৰূপ প্ৰকাশিত হয় (ফিলি ২:১৪)

  • ৰিঙিওৱা: “সৌৱা দৰা!” (পদ ৬)—যীচুৰ উপস্থিতিৰ প্ৰমাণ

  • নিৰ্ব্বুদ্ধি কন্যা (পদ ৮)—এনে অভিষিক্ত খ্ৰীষ্টানসকল, যিসকলে দৰাৰ বাবে অপেক্ষা কৰে, কিন্তু তেওঁলোকে পৰ দি নাথাকে আৰু নিজৰ নিষ্ঠা বজাই ৰখাত বিফল হয়

  • সুবুদ্ধি কন্যাকেইজনীয়ে নিজৰ তেল ভগাবলৈ অমান্তি হয় (পদ ৯)—অন্তিম ছাব মৰাৰ পাছত, অভিষিক্ত খ্ৰীষ্টানসকলে, বিশ্বাসৰপৰা বিচলিত হোৱা অভিষিক্তসকলক সহায় কৰাৰ সময় আৰু নাথাকিব

  • “দৰা আহিল” (পদ ১০)—মহাক্লেশৰ শেষৰ সময়ছোৱাত, যীচুৱে বিচাৰ কৰিবলৈ আহিব

  • সুবুদ্ধি কন্যাকেইজনীয়ে দৰাৰ লগত বিয়াঘৰত সোমালে আৰু দুৱাৰ বন্ধ কৰা হʼল (পদ ১০)—যীচুৱে নিজৰ বিশ্বাসী অভিষিক্ত খ্ৰীষ্টানসকলক স্বৰ্গত একত্ৰিত কৰে, কিন্তু বিশ্বাসত নথকা অভিষিক্তসকলে স্বৰ্গলৈ যোৱাৰ সুযোগ হেৰুৱায়

এই দৃষ্টান্তৰ অৰ্থ এয়া নহয় যে বহুতো অভিষিক্ত খ্ৰীষ্টানে বিশ্বাসৰপৰা বিচলিত হʼব আৰু তেওঁলোকৰ পৰিৱৰ্তে আন লোকক অভিষিক্ত কৰা হʼব। ইয়াৰ বিপৰীতে ইয়ে আমাক শিকায় যে প্ৰতিজন অভিষিক্ত খ্ৰীষ্টানে, ব্যক্তিগতভাৱে নিৰ্ব্বাচন কৰিব যে তেওঁ সকলো সময়ত প্ৰস্তুত আৰু সতৰ্ক হৈ থাকিব, নে নিৰ্ব্বুদ্ধি আৰু অবিশ্বাসী হৈ পৰিব। সেইবাবে, যীচুৱে এইদৰে সতৰ্ক কৰিছিল: “তোমালোকো যুগুত হৈ থাকা।” (মথি ২৪:৪৪) আমাৰ আশা স্বৰ্গতেই হওক বা এই পৃথিৱীত অনন্ত জীৱন বাস কৰাই হওক, আমি সকলোৱে ঈশ্বৰৰ সেৱা কৰিবলৈ সাজু হৈ থকা আৰু সতৰ্ক হৈ থকাটো যীচুৱে বিচাৰে।

মই সদায় সতৰ্ক হৈ আছোঁ বুলি কেনেকৈ দেখুৱাওঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক