ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 এপ্ৰিল পৃষ্ঠা ৮
  • ঘোষণা কৰা আৰু শিক্ষা দিয়া—শিষ্য বনোৱাৰ বাবে অতি প্ৰয়োজন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণা কৰা আৰু শিক্ষা দিয়া—শিষ্য বনোৱাৰ বাবে অতি প্ৰয়োজন
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—“নিৰূপিত” হোৱা লোকসকলক শিষ্য হʼবলৈ সহায় কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • শিষ্য বনোৱা কাৰ্য্যত সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • আলোচনাৰ বাবে বাইবেলৰ বিষয়
    আলোচনাৰ বাবে বাইবেলৰ বিষয়
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 এপ্ৰিল পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কৰা আৰু শিক্ষা দিয়া—শিষ্য বনোৱাৰ বাবে অতি প্ৰয়োজন

যীচুৱে নিজৰ অনুগামীসকলক যাবলৈ আৰু শিষ্য বনোৱা কাৰ্য্যত অংশগ্ৰহণ কৰিবলৈ আজ্ঞা দিছিল। (মথি ২৮:১৯) শিষ্য বনোৱা কাৰ্য্যত ঘোষণা কৰা আৰু শিক্ষা দিয়া জড়িত আছে। সময়ে সময়ে আমি সকলোৱে নিজকে নিজে এইদৰে প্ৰশ্ন কৰা উচিত: ‘শিষ্য বনোৱাৰ এই গুৰুত্বপূৰ্ণ কাৰ্য্যত মই কেনেকৈ আৰু বেছিকৈ উন্নতি কৰিব পাৰোঁ?’

ঘোষণা কৰা

লোকসকলে আমাৰ ওচৰলৈ অহাৰ পৰিৱৰ্তে আমি “যোগ্য” লোকসকলক বিচাৰি যোৱা উচিত। (মথি ১০:১১) যেতিয়া আমি ঘোষণা কাৰ্য্যত অংশগ্ৰহণ কৰোঁ, তেতিয়া আমি ‘লগ পোৱা’ লোকসকলৰ সৈতে কথা পাতিবলৈ সুযোগ বিচাৰোঁ নে? (পাঁচ ১৭:১৭) পাঁচনি পৌলে পৰিশ্ৰমেৰে কৰা ঘোষণা কাৰ্য্যৰ ফলত লুদিয়া নামৰ এগৰাকী তিৰোতা শিষ্যা হৈ পৰিল।—পাঁচ ১৬:১৩-১৫.

চমূৱেলে যিহিকলক এখন আলোচনী আগবঢ়াইছ; চলোমন আৰু মেৰীয়ে, যিহিকল আৰু আবীগলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছ

“তুমি ৰাতিপুৱা তোমাৰ কঠীয়া সিঁচা, আৰু গধূলি পৰতো তোমাৰ হাত কোঁচাই নাৰাখিবা” (উপ ১১:৬)

‘প্ৰচাৰ কৰিবলৈ নেৰিব’—সুযোগ বিচাৰি আৰু ঘৰে ঘৰে ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • কৰ্মক্ষেত্ৰত সুযোগ বিচাৰি চমূৱেলে কেনেকৈ সত্যৰ বীজ ৰোপণ কৰিছিল?

  • ঘোষণা কাৰ্য্যৰ বাবে ব্যৱহাৰ হোৱা সকলো ধৰণৰ পদ্ধতি আমি কিয় প্ৰয়োগ কৰা উচিত?

  • কৰ্মক্ষেত্ৰত বা অন্য পৰিস্থিতিত আপুনি কাক ৰাজ্যৰ শুভবাৰ্ত্তা জনোৱা উচিত?

শিক্ষা দিয়া

শিষ্য বনোৱাৰ বাবে, আমি লগ পোৱা লোকসকলক কেৱল প্ৰকাশন দিয়াই যথেষ্ট নহয়। তেওঁলোকক আধ্যাত্মিকভাৱে আগবাঢ়ি যাবলৈ আমি পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন কৰাৰ প্ৰয়োজন। (১কৰি ৩:৬-৯) কিন্তু পৰিশ্ৰমেৰে কোনো ব্যক্তিৰ সৈতে বাইবেল অধ্যয়ন কৰাৰ সত্ত্বেও যদি ভাল পৰিণাম দেখা পোৱা নাযায়, তেনেহʼলে আমি কি কৰা উচিত? (মথি ১৩: ১৯-২২) যিসকলৰ হৃদয় ‘ভাল মাটিৰ’ দৰে হয়, আমি তেওঁলোকক বিচাৰি থকা উচিত।—মথি ১৩:২৩; পাঁচ ১৩:৪৮.

চলোমন আৰু মেৰীয়ে, যিহিকল আৰু আবীগলৰ সৈতে বাইবেল অধ্যয়ন কৰিছ; যিহিকল আৰু আবীগলে ঘোষণা কাৰ্য্যত ভাগ লৈছ

“মই ৰুলোঁ, আপল্লোৱে পানী দিলে; কিন্তু ঈশ্বৰেহে বঢ়ালে” (১কৰি ৩:৬)

‘প্ৰচাৰ কৰিবলৈ নেৰিব’—ৰাজহুৱাভাৱে আৰু শিষ্য বনোৱা ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • সত্যৰ যি বীজ যিহিষ্কেল আৰু আবীগলৰ হৃদয়ত ৰোপণ কৰা হৈছিল, তাত চলোমন আৰু মৰিয়মে কেনেকৈ পানী দিছিল?

  • সুযোগ বিচাৰি অথবা আন যিকোনো ধৰণৰ ঘোষণা কাৰ্য্যৰ পদ্ধতি ব্যৱহাৰ কৰাৰ সময়ত আমাৰ লক্ষ্য কি হোৱা উচিত?

  • আমি আনক সত্য শিকোৱাৰ ওপৰত কেনেকৈ ধ্যান দিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক