ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১১-১২
যীচুৰ দৰে কৰুণা দেখুৱাওক
যীচুৱে লোকসকলৰ প্ৰতি কৰুণা আৰু সহানুভূতি দেখুৱাইছিল। তেওঁৰ এই গুণ কিয় মন কৰিবলগীয়া আছিল?
লোকসকলে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল, যীচুৱে হয়তো তেনে সকলো পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। কিন্তু তেতিয়াও তেওঁ সেই পৰিস্থিতিবোৰত নিজকে ৰাখি, আনৰ দুখ-কষ্ট অনুভৱ কৰিছিল
তেওঁ নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ লজ্জিত অনুভৱ কৰা নাছিল
যীচুৱে লোকসকলক সহায় কৰাৰ বাবে আগভাগ লৈছিল