খ্ৰীষ্টান হিচাপে জীৱন-যাপন
বিভিন্ন ভাষা কোৱা এলেকাত ঘোষণা কৰিবলৈ সহযোগ কৰক
সাধাৰণতে, লোকসকলক যেতিয়া তেওঁলোকৰ নিজৰ ভাষাত শুভবাৰ্ত্তা জনোৱা হয়, তেতিয়া তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে। সেইবাবে হয়তো যিহোৱা ঈশ্বৰে পেন্টাকোষ্ট ৩৩ খ্ৰীষ্টাব্দত, লোকসকলক “নিজ নিজ জন্মদেশীয় ভাষাত” শুভবাৰ্ত্তা জনাবলৈ ব্যৱস্থা কৰিছিল। এই লোকসকল ‘আকাশৰ তলত থকা সকলো জাতিৰ মাজৰ পৰা অহা যিহূদী’ আছিল আৰু হয়তো তেওঁলোকে ইব্ৰী বা গ্ৰীক ভাষা জানিছিল, কিন্তু তেওঁলোকক নিজৰ নিজৰ ভাষাত শুভবাৰ্ত্তা জনোৱা হৈছিল। (পাঁচ ২:৫, ৮) বৰ্তমান সময়তো বিভিন্ন ভাষা কোৱা এলেকাত থকা মণ্ডলীবোৰত বেলেগ বেলেগ ভাষাত সভা হয়। এই মণ্ডলীবোৰে একেখন এলেকাতে ঘোষণা কৰে। সেইবাবে, সেই এলেকাৰ প্ৰচাৰকসকলে এজনে-আনজনক সহযোগ কৰা উচিত, যাতে শৃঙ্খলাবদ্ধভাৱে প্ৰতিজন ব্যক্তিকে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাব পাৰি। গৃহস্থই যাতে বিৰক্ত নহয়, তাৰ বাবে প্ৰচাৰকসকলে কেনেকৈ এজনে-আনজনক সহযোগ কৰিব পাৰে?
পৰামৰ্শ লওক (হিতো ১৫:২২): এনে মণ্ডলীৰ সেৱা সমূহৰ অধ্যক্ষসকলে এজনে-আনজনৰ লগত আলোচনা কৰি পৰামৰ্শ লোৱা উচিত আৰু এনে এক উপায় বিচাৰি উলিওৱা উচিত, যাৰ দ্বাৰা সকলোৱে লাভৱান হʼব পাৰে। যদি তেওঁলোকৰ প্ৰচাৰৰ এলেকা সৰু হয়, তেনেহʼলে আপুনি তেওঁলোকৰ ভাষা কোৱা ঘৰত ঘোষণা নকৰিব। কিন্তু, যদি তেওঁলোকৰ এলেকা ডাঙৰ হোৱাৰ বাবে তেওঁলোকে গোটেই এলেকাত প্ৰচাৰ কৰিব পৰা নাই, তেনেহʼলে তেওঁলোকে হয়তো আপোনাক তেওঁলোকৰ ভাষা কোৱা লোকক প্ৰচাৰ কৰিবলৈ অনুৰোধ কৰিব পাৰে আৰু আগ্ৰহী লোকসকলৰ ঠিকনা তেওঁলোকক দিয়া উচিত হʼব। (od-HI ৯৩ ¶৩৭) অথবা অন্য ভাষা কোৱা মণ্ডলীয়ে আপোনাৰ মণ্ডলীক তেওঁলোকৰ ভাষা কোৱা লোকসকলক বিচাৰিবলৈ অনুৰোধ কৰিব পাৰে আৰু আপুনি আগ্ৰহী লোকসকলৰ ঠিকনা সেই মণ্ডলীলৈ পঠিওৱা উচিত। (km-HI ২/১৪ ৫, বক্স) কিন্তু মন কৰিবলগীয়া কথা যে কেতিয়াবা একেখন ঘৰতে এটাতকৈ বেছি ভাষা কোৱা লোক থাকিব পাৰে। এনে এলেকাবোৰত প্ৰচাৰ কৰাৰ বাবে এইদৰে প্ৰবন্ধ কৰক, যাতে ই ডাটা প্ৰটেক্টচন নিয়মৰ অধীনত হয়।
সহযোগ কৰক (ইফি ৪:১৬): সেৱা অধ্যক্ষৰপৰা পোৱা যিকোনো নিৰ্দ্দেশনা পালন কৰক। আপুনি এনে এজন ব্যক্তিৰ লগত বাইবেল অধ্যয়ন কৰিছে নেকি, যাৰ ভাষা আপোনাৰ মণ্ডলীৰ ভাষা নহয়? যদি আপুনি সেই ভাষাৰ মণ্ডলী বা গোটক এই বাইবেল অধ্যয়ন গতাই দিয়ে, তেনেহʼলে বিদ্যাৰ্থীজনে আৰু ভালকৈ উন্নতি কৰিবলৈ সক্ষম হʼব।
প্ৰস্তুতি কৰক (হিতো ১৫:২৮; ১৬:১): আপোনাৰ এলেকাত যদি বেলেগ ভাষা কোৱা ব্যক্তি লগ পায়, তেনেহʼলে তেওঁক শুভবাৰ্ত্তা জনাবলৈ প্ৰচেষ্টা কৰক। এনে লোকসকলক সাক্ষ্য দিবলৈ আপুনি আগতিয়াকৈ প্ৰস্তুতি কৰিব পাৰে। আপুনি অনুসন্ধান কৰিব পাৰে যে আপোনাৰ এলেকাত আৰু কি কি ভাষা কোৱা হয়। ইয়াত পাছত আপুনি নিজৰ মোবাইলত সেই ভাষাবোৰত উপলব্ধ থকা বাইবেল আৰু ভিডিঅʼবোৰ ডাউনলʼড কৰক। ইয়াৰ উপৰিও আপুনি JW লেংগুৱেজ এপৰপৰা সম্ভাষণ জনোৱাৰ বিষয়ে শিকিব পাৰে।