খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সকলোকে প্ৰচাৰ কৰিবলৈ সংগঠিত কৰা হৈছে
যিহোৱাই ইস্ৰায়েলীসকলক সংগঠিত কৰাৰ দৰে বৰ্তমান সময়তো তেওঁ নিজৰ লোকসকলক সংগঠিত কৰিছে, যাতে তেওঁলোকে প্ৰচাৰ কাৰ্য্য কৰিব পাৰে। গোটেই বিশ্বজুৰিত শাখা কাৰ্য্যালয়, চাৰ্কিট, মণ্ডলী আৰু প্ৰচাৰ সমূহ, সকলোৱে একেলগে মিলি কাম কৰি আছে। সেইবাবে প্ৰচাৰ কাৰ্য্য তীব্ৰগতিৰে হৈছে। আমি সকলোকে প্ৰচাৰ কৰোঁ লগতে অন্য ভাষা কোৱা লোকসকলকো।—প্ৰকা ১৪:৬, ৭.
আপুনি অন্য ভাষা শিকিম বুলি ভাবিছেনে? যদি আপোনাৰ ওচৰত নতুন ভাষা শিকিবলৈ সময় নাই, তেনেহʼলে আপুনি JW লেংগুৱেজ এপ ব্যৱহাৰ কৰিব পাৰে। এই এপৰ সহায়ত আপুনি অন্য ভাষাত সাক্ষ্য দিবলৈ শিকিব পাৰে। যেতিয়া আপুনি সেই ভাষাত প্ৰচাৰ কৰিব, তেতিয়া প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে আপুনিও আনন্দিত হʼব। যেতিয়া তেওঁলোকে, লোকসকলৰ নিজৰ ভাষাত “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” বিষয়ে জনালে, তেতিয়া তেওঁলোকেও বহুত আনন্দ লাভ কৰিলে।—পাঁচ ২:৭-১১.
যিহোৱাৰ বন্ধু হোৱা—অন্য ভাষাত প্ৰচাৰ কৰকনামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
আপুনি কেতিয়া JW লেংগুৱেজ এপ ব্যৱহাৰ কৰিব পাৰে?
এই এপত কি কি বিশেষত্ব আছে?
সকলো ভাষা কোৱা লোকসকললৈ শুভবাৰ্তা প্ৰচাৰিত হোৱা উচিত
আপোনাৰ এলেকাত লোকসকলে কি কি ভাষা কয়?
যদি আপুনি অন্য ভাষা কোৱা, কোনো এজন আগ্ৰহী ব্যক্তিক লগ পাই, তেতিয়া আপুনি কি কৰা উচিত?—od ১০০-১০১ ¶৩৯-৪১