খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—প্ৰচাৰ এলেকাত সকলোৰে লগত কথা-বতৰা হওক
কিয় গুৰুত্বপূৰ্ণ: জখৰিয়াই ভৱিষ্যতবাণী কৰিছিল যে জাতিবিলাকৰ মাজৰ বিভিন্ন ভাষা কোৱা লোকসকলে শুভবাৰ্ত্তা গ্ৰহণ কৰিব। (জখ ৮:২৩) কিন্তু কোনে তেওঁলোকক শিক্ষা দিব? (ৰোম ১০:১৩-১৫) সকলো লোকক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰাৰ সন্মান আৰু দায়িত্ব আমি লাভ কৰিছোঁ।—od-E ৮৪ ¶১০-১১.
ইয়াক কেনেকৈ কৰিব:
প্ৰস্তুতি কৰক। বেলেগ ভাষা কোৱা কোনো ব্যক্তিক আপুনি ঘোষণা কৰাৰ সময়ত লগ পায়নে? আপুনি JW লেংগুৱেজ এপৰ সহায়ত সেই ভাষাত এটা প্ৰদৰ্শন প্ৰস্তুত কৰিব পাৰে। নাইবা আপুনি আপোনাৰ মʼবাইলৰ যোগেদি jw.org ৱেবছাইটত উপলব্ধ থকা সেই ভাষাৰ প্ৰকাশনবোৰ কেনেকৈ বিচাৰি উলিয়াব পাৰি, তাক দেখুৱাব পাৰে
ধ্যান দিয়ক। যদি আপুনি ঘৰে ঘৰে ঘোষণা কাৰ্য্য কৰিছে, তেনেহʼলে বাটৰুৱা বা গাড়ীত বহি অপেক্ষা কৰি থকা লোকসকলকো ঘোষণা কৰক। যদি আপুনি সমূহীয়া ঘোষণা কাৰ্য্যত ভাগ লৈছে, তেনেহʼলে আপোনাৰ সম্পূৰ্ণ ধ্যান ঘোষণা কাৰ্য্যত লগাওক
পৰিশ্ৰম কৰক। যিসকল লোকক আপুনি প্ৰথম সাক্ষাতৰ সময়ত লগ পোৱা নাছিল, তেওঁলোকক লগ পাবলৈ পুনৰ চেষ্টা কৰক। প্ৰতিটো ঘৰত কোনো লোকক লগ পাবলৈ চেষ্টা কৰক। যদি সম্ভৱ হয়, তেনেহʼলে আপুনি আন এক সময় বা দিনত যাবলৈ চেষ্টা কৰক। কিছুমান লোকক হয়তো চিঠি লিখাৰ দ্বাৰা বা টেলিফোন অথবা ৰাস্তাত সাক্ষী দিব পাৰে
পুনৰ সাক্ষাৎ কৰক। আগ্ৰহ দেখুৱা লোকসকলক কোনো পলম নকৰি পুনৰ সাক্ষাৎ কৰক। যদি ব্যক্তিজন বেলেগ ভাষা কয়, তেনেহʼলে সেই ভাষা জনা কোনো এজন যোগ্য প্ৰচাৰক বিচাৰক। যেতিয়ালৈকে সেই ভাষা কোৱা কোনো প্ৰচাৰকে ব্যক্তিজনক যোগাযোগ কৰা নাই, তেতিয়ালৈকে আপুনি তেওঁক সহায় কৰি থাকক।—od-E ৯৪ ¶৩৯-৪০
“পৃথিবীৰ সীমালৈকে” ঘোষণা কৰা হৈছে ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
দূৰ এলেকাবোৰত থকা লোকসকলক যোগাযোগ কৰিবলৈ ভাই-ভনীসকলে কেনেধৰণৰ প্ৰস্তুতি কৰে? (১কৰি ৯:২২, ২৩)
তেওঁলোকে কেনেধৰণৰ বাধা অতিক্ৰম কৰিবলগীয়া হৈছিল?
তেওঁলোকে কি কি আশীৰ্ব্বাদ লাভ কৰিছিল?
আপুনি নিজৰ এলেকাত থকা লোকসকলক লগ ধৰিবলৈ কি কৰিব পাৰে?