দক্ষিণ আফ্ৰিকাত এজন ভায়ে বাইবেল বিদ্যাৰ্থীক শিকাবলৈ এখন ভিডিঅ’ দেখুৱাইছে
আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
পদ: আদি ১:২৮
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে মানৱজাতিৰ বাবে যি উদ্দেশ্য ৰাখিছে, সেয়া পূৰ কৰিব বুলি আমি কেনেকৈ জানিব পাৰোঁ?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰে মানৱজাতিৰ বাবে যি উদ্দেশ্য ৰাখিছে, সেয়া পূৰ কৰিব বুলি আমি কেনেকৈ জানিব পাৰোঁ?
পদ: যিচ ৫৫:১১
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে যেতিয়া নিজৰ উদ্দেশ্য পূৰ কৰিব, তেতিয়া আমাৰ জীৱন কেনেকুৱা হʼব?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰে যেতিয়া নিজৰ উদ্দেশ্য পূৰ কৰিব, তেতিয়া আমাৰ জীৱন কেনেকুৱা হʼব?
পদ: গীত ৩৭:১০, ১১
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰপৰা লাভৱান হʼবলৈ আমি কি কৰা উচিত?
স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ২৩–এপ্ৰিল ১৯):
আমি আপোনাক এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ। এইখন আপোনাৰ বাবে। এপ্ৰিল মাহৰ ১৯ তাৰিখ, শুক্ৰবাৰে যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিনটো সোঁৱৰণ কৰিবলৈ পৃথিৱীজুৰি লাখ লাখ লোক একত্ৰিত হʼব। সময় আৰু ঠিকনা এই নিমন্ত্ৰণ-পত্ৰখনত উল্লেখ আছে। ইয়াৰ লগতে, আমি আপোনাক স্মৰণীয় দিনৰ আগৰ সপ্তাহত হʼবলগীয়া এক বিশেষ ভাষণৰ বাবেও নিমন্ত্ৰণ কৰিব বিচাৰোঁ। এই ভাষণৰ বিষয় হৈছে, “প্ৰকৃত জীৱন লাভ কৰিবলৈ পৰিশ্ৰম কৰক।”
যদি আগ্ৰহ দেখুৱায়, তেনেহʼলে পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?