স্লভেনিয়া দেশৰ লোকসকলক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ-পত্ৰ আগবঢ়োৱা হৈছে
আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ৩-৩১): [যিবোৰ এলেকাত আপত্তিজনক পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে, তেনে এলেকাবোৰত বাইবেলৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহ দেখুৱা লোকসকলক পুনৰ সাক্ষাৎ কৰাৰ সময়ত নিমন্ত্ৰণ-পত্ৰ আগবঢ়োৱা উচিত। তেনে পৰিস্থিতিতো এই আৰ্হি ব্যৱহাৰ কৰিব পাৰি।] আমি আপোনাক এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ। এইখন আপোনাৰ বাবে। মাৰ্চ মাহৰ ৩১ তাৰিখ, শনিবাৰে যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিনটো সোঁৱৰণ কৰিবলৈ পৃথিৱীজুৰি লাখ লাখ লোক একত্ৰিত হʼব। সময় আৰু ঠিকনা এই নিমন্ত্ৰণ-পত্ৰখনত উল্লেখ আছে। ইয়াৰ লগতে, আমি আপোনাক স্মৰণীয় দিনৰ আগৰ সপ্তাহত হʼবলগীয়া এক বিশেষ ভাষণৰ বাবেও নিমন্ত্ৰণ কৰিব বিচাৰোঁ। এই ভাষণৰ বিষয় হৈছে, “যীচু খ্ৰীষ্ট প্ৰকৃততে কোন হয়?”
পৰৱৰ্তী সাক্ষাতৰ বাবে (আগ্ৰহী লোকসকলক): যীচুৱে কিয় মৃত্যুবৰণ কৰিবলগীয়া হৈছিল?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: যীচুৱে কিয় মৃত্যুবৰণ কৰিবলগীয়া হৈছিল?
পদ: মথি ২০:২৬
পৰৱৰ্তী সাক্ষাতৰ বাবে: মুক্তিপণস্বৰূপ বলিদানে কি সম্পন্ন কৰে?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: মুক্তিপণস্বৰূপ বলিদানে কি সম্পন্ন কৰে?
পদ: ৰোম ৬:২৩
পৰৱৰ্তী সাক্ষাতৰ বাবে: মুক্তিপণস্বৰূপ বলিদানৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?