ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | তীত ১–ফিলীমন
‘বৃদ্ধলোকসকলৰ নিযুক্তি’
তীতক “নগৰে নগৰে বৃদ্ধলোকক নিযুক্ত” কৰিবলৈ দায়িত্ব দিয়া হৈছিল। বৰ্তমান সময়তো চাৰ্কিট ওভাৰচিয়াৰে মণ্ডলীত কোনো ভাইক নিযুক্ত কৰাৰ সময়ত, বাইবেলত দিয়া এই আৰ্হিবোৰ পালন কৰে।
প্ৰশাসন গোষ্ঠী
প্ৰশাসন গোষ্ঠীয়ে প্ৰথম শতিকাৰ আৰ্হি ব্যৱহাৰ কৰাৰ যোগেদি প্ৰাচীন আৰু পৰিচাৰকসকলক নিযুক্ত কৰিবলৈ চাৰ্কিট ওভাৰচিয়াৰসকলক দায়িত্ব দিছে।
চাৰ্কিট ওভাৰচিয়াৰ
প্ৰাচীনসকলৰ দ্বাৰা কোনো এজন যোগ্য ভাইক নিযুক্ত কৰাৰ বিষয়ত, প্ৰতিজন চাৰ্কিট ওভাৰচিয়াৰে ভাবি-চিন্তি আৰু প্ৰাৰ্থনাপূৰ্বকভাৱে বিবেচনা কৰা উচিত।
নিযুক্ত প্ৰাচীন
কোনো এজন ভাই প্ৰাচীন হিচাপে নিযুক্ত হোৱাৰ পাছত তেওঁ বাইবেলত দিয়া গুণবোৰ বিকশিত কৰি থকা উচিত।