খ্ৰীষ্টান হিচাপে জীৱন-যাপন
কিশোৰ-কিশোৰীসকল—‘সৎকৰ্ম্মত উদ্যোগী’ হওক
পাঁচনি পৌলে তীতলৈ লিখা প্ৰেৰিত চিঠিখনত উল্লেখ কৰিছিল যে তীতৰ লগতে ডেকা-ভাইসকলে “সকলো বিষয়ত সৎকৰ্ম্মৰ আৰ্হি” হৈ থাকিবলৈ চেষ্টা কৰা উচিত। (তীত ২:৬, ৭) সেই একেই অধ্যায়ত তেওঁ উল্লেখ কৰিছে যে যিহোৱা ঈশ্বৰৰ লোকসকল শুচি। সেইবাবে হয়তো তেওঁলোকে “সৎকৰ্ম্মত উদ্যোগী” হʼব পাৰে। (তীত ২: ১৪) ইয়াৰ ভিতৰত এটা উত্তম কাম হৈছে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা আৰু শিক্ষা দিয়া। যদি আপুনি এজন কিশোৰ বা কিশোৰী হয়, তেনেহʼলে আপুনি সহকাৰী অগ্ৰগামী বা নিয়মিত অগ্ৰগামী হিচাপে সেৱা কৰিবলৈ আপোনাৰ শক্তি আৰু সামৰ্থ ব্যৱহাৰ কৰিবনে? —হিতো ২০:২৯.
যদি আপুনি এজন অগ্ৰগামী সেৱক হʼব বিচাৰে, তেনেহʼলে এনেদৰে পৰিকল্পনা কৰক যাতে আপুনি এজন অগ্ৰগামী সেৱক হʼব পাৰে। (লূক ১৪:২৮-৩০) উদাহৰণস্বৰূপে, পূৰ্ণ সময়ৰ সেৱা কৰি থকাৰ সময়ত আপুনি নিজৰ খৰচ-পাতি কেনেকৈ বহন কৰিব? পূৰ্ণ সময়ৰ সেৱাৰ বাবে দিয়া নিৰ্ধাৰিত ঘণ্টা আপুনি কেনেকৈ সম্পূৰ্ণ কৰিব? আপোনাৰ পৰিস্থিতিৰ বিষয়ে যিহোৱা ঈশ্বৰক জনাওক। (গীত ৩৭:৫) আপোনাৰ পৰিকল্পনাৰ বিষয়ে নিজৰ পিতৃ-মাতৃ আৰু অগ্ৰগামী সেৱা কৰাত সফল হোৱা কোনো ভাই বা ভনীৰ লগত আলোচনা কৰক। ইয়াৰ পাছত আপোনাৰ লক্ষ্যত উপনিত হʼবলৈ পদক্ষেপ লওক। যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ আপুনি যি প্ৰচেষ্টা কৰিছে, তাৰ বাবে তেওঁ নিশ্চয় আপোনাক আশীৰ্ব্বাদ দিব।
কিশোৰ-কিশোৰীসকলে যিহোৱাক আদৰ কৰিছে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
কিছুমান ভাই-ভনীয়ে অগ্ৰগামী সেৱা কৰিবলৈ কেনে সমস্যাৰ সন্মুখীন হৈছিল আৰু ইয়াক তেওঁলোকে কেনেকৈ পাৰ কৰিছিল?
পিতৃ-মাতৃয়ে নিজৰ সন্তানক নিয়মিত অগ্ৰগামী হিচাপে সেৱা কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?
ঘোষণা কাৰ্য্যৰ বাবে এখন তালিকা প্ৰস্তুত কৰাটো কিয় গুৰুত্বপূৰ্ণ?
এজন অগ্ৰগামী সেৱকক মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ সহায় আৰু উৎসাহিত কৰিব পাৰে?
অগ্ৰগামী সেৱা কৰা লোকসকলে কি কি আশীৰ্ব্বাদ লাভ কৰিব?
অগ্ৰগামী সেৱক হিচাপে সেৱা কৰাৰ মোৰ যি লক্ষ্য, তাত উপনীত হʼবলৈ মই কি কৰিব পাৰোঁ?