খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপুনি খৰাং বছৰত কি কৰিব?
যিহোৱাৰ ওপৰত বিশ্বাস আৰু ভাৰসা থকা অতি প্ৰয়োজন। উদাহৰণস্বৰূপে, যিহোৱা ঈশ্বৰৰ প্ৰতি থকা দৃঢ় বিশ্বাসে আমাক তেওঁৰ ওপৰত ভাৰসা কৰিবলৈ সহায় কৰিব যে তেওঁ আমাক সুৰক্ষা দিব আৰু যত্ন লʼব। (গীত ২৩:১, ৪; ৭৮:২২) আমি যিমানেই এই জগতৰ শেষ কাললৈ কাষ চাপি আহিম, সিমানেই চয়তানৰ আক্ৰমণ আমাৰ ওপৰত বাঢ়ি গৈ থাকিব। (প্ৰকা ১২:১২) তাৰ সন্মুখীন হʼবলৈ আমাক কিহে সহায় কৰিব?
আপুনি খৰাং বছৰত কি কৰিব? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
১. আমি কেনেকৈ যিৰিমিয়া ১৭:৮ পদত উল্লেখ কৰা “গছৰ” দৰে হয়?
২. তাপৰ দৰে সমস্যাবোৰৰ মাজৰ এটা সমস্যা কি?
৩. এনে অৱস্থাত আমাৰ কি হয় আৰু কিয়?
৪. চয়তানে কিহক ধ্বংস কৰিব বিচাৰিছে?
৫. আমি কেনেকৈ উৰাজাহাজত প্ৰায়ে যাত্ৰা কৰা লোকসকলৰ দৰে হওঁ?
৬. আমি বিশ্বাসী বুদ্ধিমান দাসৰ ওপৰত কিয় ভাৰসা কৰি থকা উচিত আৰু আমাৰ ওপৰত কেনেধৰণৰ পৰীক্ষা আহিব পাৰে?
৭. জগতৰ লোকে ঠাট্টা কৰাৰ সত্ত্বেও আমি কিয় বাইবেলৰ সিদ্ধান্তবোৰৰ ওপৰত ভাৰসা কৰি থকা উচিত?