ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৯-১১
‘গোটেইখন পৃথিৱীত এক ভাষা থাকিব’
১১:১-৪, ৬-৯
বাবিলত, যিহোৱাই তেওঁৰ আজ্ঞা উলংঘন কৰা লোকসকলৰ ভাষাত বেমেজালি সৃষ্টি কৰি তেওঁলোকক সিঁচৰিত কৰিছিল। বৰ্তমান সময়ত ঈশ্বৰে বিভিন্ন জাতি আৰু ভাষাৰপৰা এক বৰ সমূহ একগোট কৰি তেওঁলোকক এক “শুদ্ধ ওঁঠ” দিছে, যাতে তেওঁলোকে ‘যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু সিহঁতে আটাইবোৰে এক মনেৰে তেওঁৰ আৰাধনা কৰিব।’ (চফ ৩:৯; প্ৰকা ৭:৯) এই “শুদ্ধ ওঁঠ” হৈছে যিহোৱা ঈশ্বৰৰ বিষয়ে সত্যতা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শাস্ত্ৰত পোৱা গৈছে।
এটা নতুন ভাষা শিকিবলৈ কেৱল নতুন শব্দবোৰ মনত ৰখাৰ উপৰিও আৰু কিছু কৰাৰ প্ৰয়োজন আছে। ইয়াত জড়িত আছে, নতুন পদ্ধতিৰে চিন্তা-চৰ্চ্চা কৰা। ঠিক সেইদৰে, যেতিয়া আমি সত্যৰ শুদ্ধ ভাষা শিকিম, তেতিয়া আমাৰ মন আৰু হৃদয় পৰিৱৰ্তন হʼব। (ৰোম ১২:২) এয়া হৈছে ধাৰাবাহিক প্ৰক্ৰিয়া, যিয়ে ঈশ্বৰৰ সেৱকসকলক একতাৰ বান্ধোনত থাকিবলৈ সহায় কৰিব।—১কৰি ১:১০.