ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০৩ পৃষ্ঠা ৩
  • আনক শুদ্ধ ভাষা শিকাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনক শুদ্ধ ভাষা শিকাওক
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ‘গোটেইখন পৃথিৱীত এক ভাষা থাকিব’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • যিহোৱাই গোটেই পৃথিৱীত তেওঁৰ মহিমাৰ বাবে লোকসকলক গোট খুৱাইছে
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০৩ পৃষ্ঠা ৩

আনক শুদ্ধ ভাষা শিকাওক

১ ‘সকলো জাতি, ফৈদ আৰু ভাষাৰ’ পৰা অহা স্বত্বেও যিহোৱাৰ সাক্ষীসকল হৈছে একত্ৰিত লোক আৰু এক প্ৰকৃত অন্তঃৰাষ্ট্ৰীয় ভাতৃত্বসমাজেৰে গঠিত। (প্ৰকা. ৭:⁠৯) আজিৰ এই বিশৃংখলা জগতখনত এনে হোৱাটো বাস্তৱতে এক উল্লেখনীয় বিষয়। এইটো কেনেকৈ সম্ভৱ হৈছে? কিয়নো একে মনেৰে একত্ৰিত হʼবলৈ আমাক “শুদ্ধ [ভাষা, NW]” দিয়া হৈছে।’​—⁠চফ. ৩:⁠৯.

২ আচৰিতভাৱে ইয়াৰ প্ৰভাৱ পৰিছে: শুদ্ধ ভাষা মানে কি? ইয়াৰ অৰ্থ হৈছে বাইবেলত যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ সম্বন্ধে থকা সত্যতা, বিশেষকৈ তেওঁৰ ৰাজ্যৰ সম্পৰ্কে সত্যক বুজি পোৱা। যীচুৱে ভৱিষ্যৎবাণীত কোৱাৰ অনুসাৰে, এই সত্য “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গৰে গঠিত পাৰ্থিব সংগঠনৰ দ্বাৰা বিতৰণ কৰা হৈছে আৰু যাৰ পৰিণামস্বৰূপে “জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা” লোকসকলে সত্য উপাসনাৰ বাবে একত্ৰিত হৈছে।​—⁠মথি ২৪:⁠৪৫; জখ. ৮:⁠২৩.

৩ যেনেকৈ লোকসকলে শুদ্ধ ভাষা শিকিছে তেনেকৈ তেওঁলোকে যিহোৱাৰ উচ্চ স্তৰৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ প্ৰেৰিত হৈছে। তেওঁলোকে “একে মন আৰু একে বিবেচনাত সিদ্ধ” হʼবলৈ শিকিছে। (১ কৰি. ১:⁠১০) তদুপৰি ঈশ্বৰীয় শিক্ষাই তেওঁলোকত উত্তম আচাৰ-ব্যৱহাৰ আৰু সত্যনিষ্ঠা, বিশেষকৈ আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ মনোবৃত্তি বিকাশিত কৰিছে। (তীত ২:⁠৭, ৮; ইব্ৰী ১৩:⁠১৫) তেওঁলোকত হোৱা এনে আচৰ্য্যজনক পৰিৱৰ্তনে যিহোৱাৰ নাম সন্মানিত কৰিছে।

৪ উদাহৰণস্বৰূপে, যেতিয়া এজন ব্যক্তিয়ে শুভবাৰ্ত্তা শুনিলে তেতিয়া তেওঁ বহুতো প্ৰশ্ন দাঙি ধৰিছিল আৰু বাইবেলৰ পৰা সেই সকলো প্ৰশ্নৰ উত্তৰ দিয়া হʼল। সেই প্ৰশ্নবোৰৰ সঠিক উত্তৰ পাই তেওঁ সপ্তাহত দুবাৰকৈ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু সভাসমূহত উপস্থিত হয়। সভাত উপস্থিত হোৱা বিভিন্ন জাতি, ভাষাৰ লোকে কোনো বিপৰীতজনক মনোবৃত্তি নৰখাকৈ তেওঁক আন্তৰিকতাৰে অভ্যৰ্থনা জনোৱাৰ বাবে তেওঁ আচৰিত হয়। অলপ সময়ৰ ভিতৰতে সেই ব্যক্তিজন আৰু তেওঁৰ ভাৰ্য্যাই ঈশ্বৰৰ স্তৰৰ অনুসাৰে নিজৰ জীৱন-প্ৰণালীত সাল-সলনি কৰে আৰু বাপ্তিষ্মা লয়। তেতিয়াৰ পৰালৈ তেওঁ প্ৰায় ৪০ জন ব্যক্তিৰ উপৰিও আন বহুতো পৰিয়ালৰ সদস্যক ঈশ্বৰৰ সেৱা কৰিবলৈ সহায় কৰি আহিছে। শাৰীৰিকভাৱে অক্ষমতা হোৱাৰ স্বত্বেও অলপতে তেওঁৰ অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰে।

৫ আনক শিকোৱা: জগতত ঘটি থকা ঘটনাসমূহে বহু নম্ৰ মনৰ লোকক নিজৰ বিচাৰধাৰা আৰু জীৱনক পুনৰ নিৰীক্ষণ কৰিবলৈ বাধ্য কৰিছে। যীচুৰ দৰে আমিও তেওঁলোকক সহায় কৰিবলৈ ইচ্ছুক হোৱা উচিত। প্ৰভাৱকাৰী পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন হৈছে তেওঁলোকক শুদ্ধ ভাষা শিকোৱাৰ এটা চাবি।

৬ ব্যস্ত লোকসকলৰ সৈতে দুৱাৰৰ সম্মুখত থিয় হৈ সংক্ষিপ্ত বাইবেল অধ্যয়ন কৰাটো প্ৰভাৱকাৰী প্ৰমাণিত হৈছে। (km-AE ৫/০২ ১ পৃষ্ঠা) আপুনি তেনে কৰিবলৈ চেষ্টা কৰিছেনে? যেতিয়া আপুনি পুনৰ সাক্ষাৎ কৰিবলৈ আঁচনি তৈয়াৰ কৰে তেতিয়া জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰ খনত উল্লেখ কৰা এনে এটা প্ৰস্তুতিকৰণ বাছি লওক যি গৃহস্থৰ বাবে উপযুক্ত হয়। সেই অন্তপত্ৰখনত উল্লেখ কৰা বেছিভাগ প্ৰস্তুতিকৰণ এনেধৰণে তৈয়াৰ কৰা হৈছে যিয়ে পোনপটিয়াকৈ বিচাৰে বা জ্ঞান পুস্তকৰ আলোচনা কৰিবলৈ পৰিচালিত কৰে। এনেধৰণে প্ৰস্তুতিটো অভ্যাস কৰক যাতে আপুনি সহজে আৰম্ভণি কৰি এটা অনুচ্ছেদ অধ্যয়ন কৰিবলৈ পৰিচালিত কৰিব পাৰে। তাৰ পিছত এটা বা দুটা শাস্ত্ৰীয় পদ বাছি লৈ তাক পঢ়ক আৰু ভাঙনি কৰক। শেষত গৃহস্থক আগ্ৰহী কৰি তুলা এটা প্ৰশ্ন কৰি সমাপ্ত কৰক। তেনে প্ৰশ্নই গৃহস্থক আপোনাৰ আগন্তুক সাক্ষাতত সেই বিষয়ে জানিবলৈ পৰিচালিত কৰিব।

৭ এই শুদ্ধ ভাষা শিকাৰ দ্বাৰা যিহোৱাৰ লোকসকলে অনেক আশীৰ্ব্বাদ লাভ কৰিছে। এতেকে আঁহক আমি আনক “যিহোৱাৰ নামেৰে প্ৰাৰ্থনা” আৰু “একে মনেৰে তেওঁৰ আৰাধনা কৰিবৰ নিমিত্তে” যত্নৰে সহায় কৰোঁহঁক।​—⁠চফ. ৩:⁠৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক