ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ছেপ্টেম্বৰ পৃষ্ঠা ৭
  • আপোনাৰ সময় আৰু শক্তি আগবঢ়াব পাৰিবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ সময় আৰু শক্তি আগবঢ়াব পাৰিবনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ৰাজ্যগৃহৰ নিৰ্ম্মাণ কাৰ্য্য আগবাঢ়িছে
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ছেপ্টেম্বৰ পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপোনাৰ সময় আৰু শক্তি আগবঢ়াব পাৰিবনে?

এজন ভাইয়ে নিৰ্মাণ কাৰ্য্যৰ সময়ত হাঁহি মুখেৰে, এডাল লোহাৰ পাইপ কাটি আছে।

যিচয়াই ভৱিষ্যতবাণী কৰাৰ দৰে আজি যিহোৱাৰ সংগঠনে আগতকৈ বেছি দ্ৰুত গতিত প্ৰগতি কৰিছে। (যিচ ৫৪:২) সেইবাবে নতুনকৈ ৰাজ্যগৃহ, সন্মিলন ভৱন আৰু শাখা কাৰ্য্যালয়ৰ অট্টালিকা নিৰ্মাণ কৰাৰ প্ৰয়োজন হৈছে। এইবোৰ নিৰ্মাণ কৰাৰ পাছত সময়ে সময়ে চোৱা-চিতা আৰু মেৰামতি কৰিব লগীয়া হয়। আমি যিহোৱাৰ সেৱাৰ বাবে কি কি কামত নিজৰ সময় আৰু শক্তি আগবঢ়াব পাৰোঁ?

  • আমাৰ প্ৰচাৰ কাৰ্য্যৰ সমূহক ৰাজ্যগৃহ চাফ চিকুণ কৰিবলৈ দিয়াৰ সময়ত, আমিও তাত ভাগ লʼব পাৰোঁ

  • আপুনি ৰাজ্যগৃহ চোৱা-চিতা কৰাৰ বাবে প্ৰশিক্ষণ লʼব পাৰে

  • আপুনি স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনাৰ স্বেচ্ছাসেৱকৰ বাবে আবেদন (DC-50) পূৰ কৰিব পাৰে। এইদৰে আপুনি সময়ে সময়ে আপোনাৰ এলেকাত হোৱা নিৰ্মাণ কাৰ্য্যত ভাগ লʼব পাৰে

  • আপুনি স্বেচ্ছাসেৱক পৰিকল্পনাৰ আবেদন (A-19) পত্ৰখন পূৰ কৰিব পাৰে আৰু এইদৰে আপুনি এসপ্তাহ বা তাতকৈ অধিক সময় শাখা কাৰ্য্যালয়ত সেৱা কৰিব পাৰিব

এক নতুন নিৰ্মাণ কাৰ্য্যৰ পৰিকল্পনা—এক আভাস নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • সংগঠনে কেনেকৈ ২০১৪ চনৰপৰা বেছিকৈ ভিডিঅʼৰ ব্যৱহাৰ কৰিছে?

  • বৰ্তমান সময়ত সংগঠনে আগতকৈ বেছি ভিডিঅʼ তৈয়াৰ কৰিছে এই কথা লক্ষ্য কৰি, কি পৰিকল্পনাৰ প্ৰস্তুতি কৰা হৈছে আৰু এই পৰিকল্পনাৰ নিৰ্মাণ কাৰ্য্য কেতিয়ালৈকে সম্পূৰ্ণ হʼব?

  • স্বেচ্ছাসেৱকসকলে এই পৰিকল্পনাত কেনেকৈ সহায় কৰিব পাৰে?

  • যদি আপুনি ৰামাপু নিৰ্মাণ কাৰ্য্যৰ পৰিকল্পনাত সহায় কৰিব বিচাৰে, তেনেহʼলে আপোনাক DC-50 আবেদন পত্ৰখন কিয় পূৰ কৰা উচিত আৰু আপোনাৰ এলেকাৰ স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনাত কিয় ভাগ লোৱাৰ প্ৰয়োজন?

  • যিহোৱাই এই পৰিকল্পনাৰ “পৰিচালনা” কৰিছে বুলি কি প্ৰমাণ আছে?

  • যদিও আমি ব্যক্তিগতভাৱে এই পৰিকল্পনাত ভাগ লʼব নোৱাৰোঁ, তথাপিও আমি কেনেকৈ এই পৰিকল্পনাত সহযোগ কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক