ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ৫
  • আপুনি প্ৰভু ভোজৰ বাবে প্ৰস্তুতি কৰিছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি প্ৰভু ভোজৰ বাবে প্ৰস্তুতি কৰিছেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • মই কাক নিমন্ত্ৰণ কৰিম?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • স্মৰণীয় দিনৰ পৰিশ্ৰমত যিহোৱাৰ আশীৰ্বাদ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • বছৰৰ বিশেষ দিনৰ বাবে আপুনি সাজু নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ৫
পিতৰ আৰু যোহনে মেজৰ ওপৰত পিঠা আৰু পিয়লা ৰাখিছে।

পিতৰ আৰু যোহনে ৩৩ খ্ৰীষ্টাব্দত, ঘৰৰ ওপৰৰ কোঠালিত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যা-যোগাৰ কৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি প্ৰভু ভোজৰ বাবে প্ৰস্তুতি কৰিছেনে?

যীচুৱে যি অন্তিম নিস্তাৰ-পৰ্ব্ব পালন কৰিছিল, সেয়া অতি গুৰুত্বপূৰ্ণ আছিল। অতি সোনকালে তেওঁৰ মৃত্যু হʼবলগীয়া আছিল, সেইবাবে তেওঁ আগতিয়াকৈ নিৰ্ণয় লৈছিল যে এই পৰ্ব্ব পাঁচনিসকলৰ লগত পালন কৰিব। তেওঁ সেইসময়ত প্ৰভু ভোজ নামেৰে এক পৰ্ব্ব আৰম্ভ কৰিলে, যি আজিলৈকে প্ৰতিবছৰে পালন কৰা হয়। সেইবাবে, তেওঁ পিতৰ আৰু যোহনক নিস্তাৰ-পৰ্ব্ব পালন কৰাৰ বাবে এটা কোঠালি যুগুত কৰিবলৈ পঠাইছিল। (লূক ২২:৭-১৩; বেটুপাতত দিয়া ছবিখন চাওক।) আমিও ২৭ মাৰ্চত হʼবলগীয়া স্মৰণীয় দিনৰ বাবে এতিয়াৰেপৰা প্ৰস্তুতি কৰা উচিত। মণ্ডলীবোৰে কিছুমান নিৰ্ণয় আগতিয়াকৈ লৈছে, যেনে স্মৰণীয় ভাষণ কোনে দিব আৰু পিঠা আৰু দ্ৰাক্ষাৰস কোনে বনাব। মণ্ডলীৰ লগতে আমিও স্মৰণীয় দিনৰ বাবে কিছুমান প্ৰস্তুতি কৰিব পাৰোঁ।

নিজৰ হৃদয়ক প্ৰস্তুত কৰক। স্মৰণীয় দিনৰ সময়ছোৱাত পঢ়িবলৈ দিয়া বাইবেল পদবোৰ পঢ়ক আৰু ধ্যান কৰক। এইদৰে আপুনি যীচুৰ বলিদানৰ বাবে মূল্যাংকন দেখুৱাব পাৰিব আৰু নিজৰ হৃদয়ক প্ৰস্তুত কৰিব পাৰিব। স্মৰণীয় দিনৰ লগত জড়িত থকা কিছুমান বাইবেল পদ দৈনিক পাঠত দিয়া হয়, সেইবোৰৰ ওপৰত ধ্যান কৰক। নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ৰ অতিৰিক্ত লেখৰ খ ১২-ত আৰু বহুতো পদ দিয়া হৈছে। (২০২০ এপ্ৰিল মাহৰ সভাৰ বাবে অধ্যয়ন পুস্তিকা চাওক।) লগতে, ৱাচ টাৱাৰ পাব্লিকেশ্বন ইনডেক্স বা যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড্‌ত এনে প্ৰকাশনবোৰ আছে, যʼত মুক্তিপণৰ বিষয়ে বুজোৱা হৈছে। আপুনি পাৰিবাহিক উপাসনাত এই তথ্যবোৰ আলোচনা কৰিব পাৰে।

এটা পৰিয়ালে পাৰিবাৰিক উপাসনাত প্ৰভু ভোজৰ বিষয়ে আলোচনা কৰিছে।

নিমন্ত্ৰণ জনাওক। নিমন্ত্ৰণ অভিযানত বেছিকৈ ভাগ লওক। চিন্তা কৰক যে আপুনি কাক নিমন্ত্ৰণ জনাব। আপুনি নিজৰ বাইবেল বিদ্যাৰ্থীক, বন্ধুসকলক, পুনৰ সাক্ষাৎ কৰা লোকসকলক অথবা পৰিয়ালবৰ্গক নিমন্ত্ৰণ জনাব পাৰে। প্ৰাচীনসকলে নিষ্ক্ৰীয় লোকসকলক নিমন্ত্ৰণ দিয়া উচিত। যদি আপুনি এনে এজন ব্যক্তিক নিমন্ত্ৰণ দিছে, যি আপোনাৰ এলেকাৰ নহয়, তেনেহʼলে তেওঁৰ এলেকাত হʼবলগীয়া স্মৰণীয় সভাৰ সময় আৰু ঠিকনাৰ বিষয়ে জনাওক। এই তথ্যবোৰ আপুনি jw.org–ত পাব। ইয়াৰ মুখ্য পেজৰ ওপৰত আমাৰ বিষয়ে ভাগত যাওক আৰু “স্মৰণীয় দিন” ক্লিক কৰক।

দুজন প্ৰাচীনে এজন নিষ্ক্ৰীয় ভাইক লগ কৰিবলৈ গৈছে আৰু তেওঁক প্ৰভু ভোজৰ বাবে নিমন্ত্ৰণ জনাইছে।

আমি আৰু কি কি কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক