ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমাৰ লৰাক লোৱা”
চূনেমত থকা এজনী তিৰোতাই ইলীচাক ভালদৰে অতিথি-সৎকাৰ দেখুৱালে (২ৰাজা ৪:৮-১০)
যিহোৱাই সেই তিৰোতাৰ পৰা আনন্দিত হʼল আৰু তেওঁক এটি সন্তান দিলে (২ৰাজা ৪:১৬, ১৭; w১৭.১২-HI ৪ ¶৭)
যিহোৱাই ইলীচাৰ যোগেদি সেই তিৰোতাৰ লʼৰাক পুনৰ জীৱিত কৰিলে (২ৰাজা ৪:৩২-৩৭; w১৭.১২-HI ৫ ¶৮)
যদি আপুনিও নিজৰ সন্তানক মৃত্যুত হেৰুৱাইছে, তেনেহʼলে এই বেদনা সহন কৰাটো আপোনাৰ বাবে হয়তো বৰ কঠিন হৈছে। এনে পৰিস্থিতিত বিশ্বাস কৰক যে যিহোৱাই আপোনাৰ বেদনা বুজি পায়। তেওঁ অতি সোনকালে আপোনাৰ সন্তানক পুনৰ জীৱিত কৰিব। (ইয়ো ১৪:১৪, ১৫) সঁচাকৈ, সেয়া কিমান যে আনন্দৰ পৰিস্থিতি হʼব!