ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ৭
  • চিকিৎসাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চিকিৎসাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আমাক তেজৰ পৰা আঁতৰি থকাত সহায় কৰাৰ নতুন প্ৰবন্ধ
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰশ্ন বক্স
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • তেজৰ বিষয়ে ঈশ্বৰে কি কৈছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আমাক তেজ সঞ্চাৰণৰ পৰা বিৰত থকাত সহায় কৰা ব্যৱস্থাসমূহ
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

চিকিৎসাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰক

এয়া কিয় প্ৰয়োজন? স্বাস্থ্যৰ লগত জড়িত ডাঙৰ ডাঙৰ সমস্যা যিকোনো সময়ত হʼব পাৰে আৰু সেই সময়ত আমি হস্পিতালত ভৰ্তিও হʼবলগীয়া হʼব পাৰে। সেইবাবে, এনে পৰিস্থিতি অহাৰ আগতে সংগঠনে যি ব্যৱস্থা কৰিছে, তাৰ সম্পূৰ্ণ লাভ উঠাওক। এনে কৰিলে প্ৰয়োজন হোৱাৰ সময়ত আমি আটাইতকৈ ভাল চিকিৎসা পাব পাৰিম। আগতীয়াকৈ তৈয়াৰী কৰিলে আমি জীৱনক মূল্যৱান বুলি ভাবোঁ আৰু তেজৰ বিষয়ে যিহোৱাৰ নিয়ম যিকোনো পৰিস্থিতিতে মানি চলিব বিচাৰোঁ বুলি দেখুৱাওঁ।—পাঁচ ১৫:২৮, ২৯.

আপুনি কি কি তৈয়াৰী কৰি ৰাখিব পাৰে?

  • প্ৰাৰ্থনা কৰক আৰু মনোযোগেৰে এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ অৰ্থাৎ ‘নʼ ব্লাৰ্ড’ কাৰ্ড (DPA) পূৰ কৰক।a বাপ্তিষ্মা লোৱা প্ৰচাৰকে সাহিত্য সেৱকৰ পৰা ‘নʼ ব্লাৰ্ড’ কাৰ্ড লʼব পাৰে। যদি তেওঁলোকৰ সৰু লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকে আইডেনটিটি কাৰ্ড (ic) লʼব পাৰে।

  • গৰ্ভৱতী ভনীসকলে প্ৰাচীনসকলৰ পৰা S-401 ফৰ্ম লʼব পাৰে, যʼত গৰ্ভৱতী ভনীসকলৰ বাবে বহুতো তথ্য দিয়া আছে। যদি গৰ্ভৱস্থাৰ সময়ছোৱাত বা সন্তান জন্ম দিয়াৰ সময়ত কিবা সমস্যাৰ সৃষ্টি হয়, তেনেহʼলে ইয়াত দিয়া পৰামৰ্শৰ সহায়ত চিকিৎসাৰ ক্ষেত্ৰত সঠিক নিৰ্ণয় লʼব পাৰিব।

  • আপোনাৰ চিকিৎসাৰ সময়ত যদি তেজৰ লগত জড়িত কিবা সমস্যা আহি পৰে বা হস্পিতালত ভৰ্তি হʼবলগীয়া হয়, তেনেহʼলে এই বিষয়ে আগতীয়াকৈ প্ৰাচীনসকলক জনাই থওক। ইয়াৰ লগতে যিহোৱাৰ সাক্ষীসকলৰ কোনো এজন প্ৰতিনিধিয়ে আপোনাক লগ কৰিবলৈ আহিব পাৰে বুলি হস্পিতালত কাম কৰা লোকসকলক জনাই থওক।

প্ৰাচীনে কেনেকৈ সহায় কৰিব পাৰে? তেওঁলোকে আপোনাক ‘নʼ ব্লাৰ্ড’ কাৰ্ড পূৰ কৰিবলৈ সহায় কৰিব পাৰে। তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত আপোনাৰ বাবে নিৰ্ণয় নলয় আৰু যʼত প্ৰতিজনে নিজেই নিজৰ নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া তেওঁলোকে নিজৰ ব্যক্তিগত মন্তব্য নিদিয়ে। (ৰোম ১৪:১২; গালা ৬:৫) যেতিয়া আপুনি প্ৰাচীনসকলক কয় যে আপুনি হয়তো এনে পৰিস্থিতিৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে, যʼত তেজৰ সমস্যা হʼব, তেনেহʼলে প্ৰাচীনে ইয়াৰ বিষয়ে লগে লগে চিকিৎসালয় যোগোযোগ সমিটিৰ (এচ.এল.চি.) লগত কথা পাতিব।

এচ.এল.চি.-ৰ ভাইসকলে কেনেকৈ সহায় কৰিব পাৰে? তেওঁলোকক ডাক্তৰ আৰু অধিকাৰীসকলৰ লগত কথা পাতিবলৈ বিশেষ ট্ৰেইনিং দিয়া হয়। তেওঁলোকে আমাৰ ধাৰ্মিক বিশ্বাস আৰু আমি কিয় তেজ নলওঁ, তাৰ বিষয়ে ভালদৰে বুজাব পাৰে। তেওঁলোকে ডাক্তৰৰ লগত মিলি এনে চিকিৎসাৰ বিষয়ে আলোচনা কৰিব পাৰে, যি চিকিৎসাত তেজ ব্যৱহাৰ কৰা নহয়। তেওঁলোকে আমাক এনে ডাক্তৰ বিচাৰিবলৈও সহায় কৰে, যিসকলে তেজৰ অবিহনে চিকিৎসা কৰিবলৈ সাজু থাকে।

তেজৰ অবিহনে চিকিৎসা—ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি? নামৰ ভডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

  • যিবোৰ পৰিস্থিতিত তেজ লোৱাৰ বিষয়ে সমস্যা আহিব পাৰে, সেইবোৰ পৰিস্থিতিৰ বাবে আগতীয়াকৈ সাজু থকাৰ বিষয়ে আপুনি এই ভিডিঅʼৰ পৰা কি শিকিলে?

a দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখনৰ পাঠ ৩৯-ত কোৱা হৈছে যে যেতিয়া চিকিৎসাত তেজ ব্যৱহাৰ কৰাৰ কথা আহি পৰে, তেতিয়া আপুনি কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে?

আপুনি সাজু আছেনে?

চিকিৎসাত তেজৰ ব্যৱহাৰ হোৱা পৰিস্থিতি অহাৰ আগতে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক