ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৪ পৃষ্ঠা ৭
  • আমাক তেজৰ পৰা আঁতৰি থকাত সহায় কৰাৰ নতুন প্ৰবন্ধ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাক তেজৰ পৰা আঁতৰি থকাত সহায় কৰাৰ নতুন প্ৰবন্ধ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আমাক তেজ সঞ্চাৰণৰ পৰা বিৰত থকাত সহায় কৰা ব্যৱস্থাসমূহ
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • চিকিৎসাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • প্ৰশ্ন বক্স
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৪ পৃষ্ঠা ৭

আমাক তেজৰ পৰা আঁতৰি থকাত সহায় কৰাৰ নতুন প্ৰবন্ধ

অগ্ৰিম চিকিৎসীয় নিৰ্দেশ/মুক্তি পত্ৰখনৰ সৈতে আইনসন্মত স্থায়ী অধিকাৰৰ (ডিউৰেবল্‌ পাৱাৰ অৱ এটৰ্নী, সংক্ষেপতে ডিপিএ) আৱশ্যকীয় ভাগবোৰ সংযোগ কৰি এখন আইনগত প্ৰমাণপত্ৰ হিচাপে তৈয়াৰ কৰিবলৈ প্ৰশাসন গোষ্ঠীয়ে অনুমতি দিলে। এই প্ৰমাণপত্ৰ খনক আমি সাধাৰণতে ডিপিএ (DPA) কাৰ্ড বুলি উল্লেখ কৰিম।

এই ডিপিএ কাৰ্ডখন সদায় দিনৰ বাবে আৰু আপুনি অন্তঃৰাষ্ট্ৰীয় যাত্ৰা কৰাৰ সময়ত আপোনাৰ ইচ্ছাৰ অনুসাৰে ইয়াক এক বিবৃতিৰূপে ব্যৱহাৰ কৰা হʼব। যদি (১) আপোনাৰ ডিপিএ কাৰ্ডখনত আপোনাৰ অভিপ্ৰায়, স্বাস্থ্য চিকিৎসক, ঠিকনা আৰু টেলিফোন নম্বৰৰ সলনি বা (২) আপোনাৰ ডিপিএ কাৰ্ডখন হেৰাই বা নষ্ট হোৱাত, ভৱিষ্যতে ডিপিএ কাৰ্ডখন নতুনকৈ ভৰ্ত্তি কৰিব পাৰে।

ডিপিএ কাৰ্ডখন ভৰ্ত্তি কৰাৰ পূৰ্বেই ঘৰলৈ নি প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰি ভৰ্ত্তি কৰা আৱশ্যক। কিন্তু কাৰ্ডখন চহী কৰাৰ পূৰ্বে নিবিড়ভাৱে আইনগত প্ৰচলিত নিয়ম পালন কৰা আৱশ্যক। উদাহৰণস্বৰূপে, যদি আপোনাৰ কাৰ্ডখনে কৈছে যে আপুনি দুজন সাক্ষীৰ সম্মুখত চহী কৰা আৱশ্যক, তেন্তে দুজন সাক্ষীৰ উপস্থিতিতহে চহী কৰা উচিত। পুস্তক অধ্যয়ন অধ্যক্ষই সাময়িকভাৱে সুধিব যে কোনে সেই নতুন কাৰ্ডখন ভৰ্ত্তি কৰা নাই আৰু যদি তেওঁলোকক কোনো সহায়ৰ আৱশ্যক হয়।

এই ডিপিএ কাৰ্ডখন ভাঁজ কৰাৰ পূৰ্বে আপোনাৰ চিকিৎসক আৰু একেইদৰে নিজৰ বাবে কেইবাখনো উত্তম ফটোকপি কৰা প্ৰয়োজন। তদুপৰি সেই ফটোকপিবোৰ নিজৰ পৰিয়ালৰ সদস্য আৰু মণ্ডলীৰ চেক্ৰেটাৰীক দিব পাৰে। সেই ফটোকপিবোৰ এপিঠিয়া আৰু বিহিত আকাৰৰ (৮ ১/২ʺ গ্ন ১১ʺ বা এ-৪ আকাৰৰ) কাগজৰ মাজ ভাগত হোৱা উচিত। আপোনাৰ সৈতে ফটোকপি নহয় কিন্তু ডিপিএ কাৰ্ডখনৰ আচল কপিখন ৰাখা উচিত।

যিহোৱাৰ সাক্ষীসকলৰ বাপ্তিষ্মা নোলোৱা লʼৰা-ছোৱালীৰ ক্ষেত্ৰত ৩/৯৯ তাৰিখে ছপা কৰা পৰিচয় পত্ৰখনৰ ব্যৱহাৰ একেইভাৱে থাকিল। প্ৰত্যেকজন নাবালক লʼৰা-ছোৱালীৰ পত্ৰখন সঠিকমতে ভৰ্ত্তি, চহী কৰা আৰু উপযুক্ত সময়ত লʼৰা-ছোৱালীয়ে নিজৰ লগত ৰাখাটো পিতৃ-মাতৃয়ে নিশ্চিত কৰা আৱশ্যক।

বাপ্তিষ্মা নোলোৱা প্ৰকাশকসকলে নিজৰ আৰু লʼৰা-ছোৱালীৰ চিকিৎসাৰ নিৰ্দ্দেশনা লিখিবলৈ পৰিচয় পত্ৰ আৰু ডিপিএ কাৰ্ডখনত লিখা লিখনিৰ অনুকৰণ কৰি নিজাকৈ পত্ৰ তৈয়াৰ কৰিব পাৰে। মণ্ডলীৰ চেক্ৰেটাৰীয়ে নতুনকৈ বাপ্তিষ্মা লোৱা সকলো প্ৰকাশকক এখনকৈ ডিপিএ কাৰ্ড দিয়া আৱশ্যক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক