ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ১৩
  • বাইবেল অধ্যয়নৰ লগত জড়িত ভিডিঅʼবোৰ কেতিয়া আৰু কাক দেখুৱাম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেল অধ্যয়নৰ লগত জড়িত ভিডিঅʼবোৰ কেতিয়া আৰু কাক দেখুৱাম
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • ভিডিঅখনৰ চলচিত্ৰই এক প্ৰভাৱকাৰী সাক্ষী দিয়ে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” কিতাপখনৰ পৰা যিহোৱা আৰু যীচুৰ ওপৰত লোকসকলৰ বিশ্বাস বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • বাইবেল বিদ্যাৰ্থীসকলক ভিডিঅ’ দেখুৱাই শিক্ষা দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ১৩
এজনী ভনীয়ে নিজৰ টেবলেটত এগৰাকী তিৰোতাক “বাইবেল কিয় অধ্যয়ন কৰা উচিত?—সম্পূৰ্ণ ভিডিঅʼ” দেখুৱাই আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বাইবেল অধ্যয়নৰ লগত জড়িত ভিডিঅʼবোৰ কেতিয়া আৰু কাক দেখুৱাম

প্ৰচাৰত লোকসকলক দেখুৱাবলৈ বাইবেল অধ্যয়নৰ লগত জড়িত চাৰিটা ভিডিঅʼ আছে। প্ৰতিটো ভিডিঅʼৰ উদ্দেশ্য কি?

  • বাইবেল কিয় অধ্যয়ন কৰা উচিত? (সম্পূৰ্ণ ভিডিঅʼ): লোকসকল যিকোনো ধৰ্মৰেই নহওক কিয়, বাইবেলৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ জন্মাবলৈ এই ভিডিঅʼটো বনোৱা হৈছে। জীৱনৰ লগত জড়িত প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ তেওঁলোকক নিজে বাইবেলৰ পৰা চালি-জাৰি চাবলৈ এই ভিডিঅʼখনত উৎসাহিত কৰা হৈছে। ইয়াত এনেধৰণৰে এটা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। ইয়াত এয়াও কোৱা হৈছে যে এজন ব্যক্তিয়ে বাইবেল অধ্যয়নৰ বাবে কেনেকৈ অনুৰোধ কৰিব পাৰে।

  • বাইবেল কিয় অধ্যয়ন কৰা উচিত? (সৰু ভিডিঅʼ): এই ভিডিঅʼৰ উদ্দেশ্যও সম্পূৰ্ণ ভিডিঅʼৰ নিচিনাই হয়। কিন্তু এটাই পাৰ্থক্য আছে। সেই ভিডিঅʼ ৩ মিনিটৰ হয় আৰু এইখন ১ মিনিটৰ। যিবোৰ এলেকাত লোকসকলে বেছি সময় দিব নোৱাৰে, সেই ঠাইত এই ভিডিঅʼখন বৰ প্ৰভাৱশালী হʼব পাৰে।

  • বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?: এই ভিডিঅʼখনৰ উদ্দেশ্য হৈছে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লোকসকলৰ আগ্ৰহ জন্মোৱা। অধ্যয়নৰ বিষয়ে লোকসকলৰ মনলৈ যিবোৰ প্ৰশ্ন আহে, তাৰে মাজৰ কিছুমান প্ৰশ্নৰ উত্তৰ এই ভিডিঅʼখনত দিয়া হৈছে। যেনে, বাইবেল অধ্যয়নৰ বাবে কেনেকৈ অনুৰোধ কৰিব পাৰি।

  • বাইবেল বিদ্যাৰ্থীক শিকি থাকিবলৈ উৎসাহিত কৰক: এই ভিডিঅʼখন বাইবেল বিদ্যাৰ্থীসকলৰ বাবে তৈয়াৰ কৰা হৈছে। যদিও ইয়াৰ বিষয়ে এক অনন্ত জীৱন! কিতাপখনৰ ২ পৃষ্ঠাত উল্লেখ আছে, তথাপি এক অনন্ত জীৱন! ব্ৰচাৰৰ পৰা আলোচনা কৰাৰ সময়তো এই ভিডিঅʼখন দেখুৱাব পাৰি। এই ভিডিঅʼখনত কোৱা হৈছে যে কিতাপখনত কি কি বিষয়ে আৰু কেনেদৰে আলোচনা কৰা হʼব।

যদিও প্ৰতিটো ভিডিঅʼৰ উদ্দেশ্য বেলেগ, তথাপি উচিত সময়ত ইয়াৰ মাজৰ যিকোনো ভিডিঅʼ যিকোনো সময়তে দেখুৱাব বা পঠিয়াব পাৰি। এই ভিডিঅʼবোৰৰ বিষয়ে ভালদৰে জানিবলৈ আৰু প্ৰচাৰত ইয়াৰ ভাল ব্যৱহাৰ কৰিবলৈ প্ৰচাৰকসকলক উৎসাহিত কৰা হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক