ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 জানুৱাৰী পৃষ্ঠা ১৯
  • আপুনি জানেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি জানেনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মিল থকা বিষয়
  • বাইবেলখনৰ সম্পৰ্কে বুজিবলৈ সহায় কৰক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্বাভাৱিকভাৱে কথা পাতক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • “কোনো এজনে মোক বুজাই নিদিলে, মই কেনেকৈ বুজিম?”
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 জানুৱাৰী পৃষ্ঠা ১৯
ফিলিপে কূচ দেশৰ অধিকাৰীজনৰ লগত চাৰিচকীয়া ঘোঁৰা-গাড়ীত বহি আছে আৰু এজন মানুহে ইয়াক চলাই আছে। ফিলিপে অধিকাৰীজনক শাস্ত্ৰত লিখা কথাবোৰৰ অৰ্থ বুজাই আছে।

আপুনি জানেনে?

ফিলিপে যেতিয়া কূচ দেশৰ নপুংসকজনক লগ কৰিবলৈ আহিছিল, তেতিয়া তেওঁ কেনেধৰণৰ ৰথত যাত্ৰা কৰি আছিল?

নতুন জগত অনুবাদ বাইবেলত যি শব্দৰ অনুবাদ ‘ৰথ’ বুলি কৰা হৈছে, তাৰ অৰ্থ বিভিন্ন ধৰণৰ ৰথ বা গাড়ী হʼব পাৰে। (পাঁচ. ৮:২৮, ২৯, ৩৮) কিন্তু এনে লাগে যেন কূচ দেশৰ নপুংসকজনে যিখন গাড়ীত যাত্ৰা কৰি আছিল, সেইখন যুদ্ধ বা দৌৰ প্ৰতিযোগিতাত ব্যৱহাৰ হোৱা সৰু ৰথ নাছিল, তাৰ পৰিৱৰ্তে এখন ডাঙৰ গাড়ী আছিল। আমি এইদৰে কিয় কʼব পাৰোঁ? আহক ইয়াৰ কিছুমান কাৰণলৈ মন কৰোঁ।

কূচ দেশৰ সেই ব্যক্তিজন ডাঙৰ অধিকাৰী আছিল, যিজনে দীঘলীয়া যাত্ৰা কৰিছিল। “কূচ-দেশীয়বিলাকৰ কান্দাকী ৰাণীৰ মন্ত্ৰী হৈ, তেওঁৰ সকলো সম্পত্তিৰ ভঁৰালী আছিল।” (পাঁচ. ৮:২৭) প্ৰাচীন সময়ৰ কূচ দেশ ইমানেই ডাঙৰ আছিল যে তাত আজিৰ সময়ৰ চুড়ান দেশ আৰু মিচৰ দেশৰ গোটেই দক্ষিণ দিশৰ ভাগ তাত সোমাই আছিল। হয়তো কূচ দেশৰ সেই অধিকাৰীজনে ইমান দীঘলীয়া যাত্ৰা এখন গাড়ীৰে কৰা নাছিল, কিয়নো তেওঁৰ ওচৰত বহুতো বস্তু আছিল। প্ৰথম শতিকাত লোকসকলে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ চাৰিচকীয়া গাড়ীবোৰ ব্যৱহাৰ কৰিছিল, যিবোৰ ওপৰৰ পৰা ঢকা আছিল। “এনে গাড়ীবোৰত বহুতো বস্তু নিব পৰা গৈছিল, যাত্ৰা কৰিবলৈ সহজ হৈছিল আৰু সেইবাবে হয়তো লোকসকলে ইয়াৰ সহায়ত দীঘলীয়া যাত্ৰাও কৰিব পাৰিছিল।”—পাঁচনিৰ কৰ্ম্ম কিতাপৰ বিষয়ে বুজোৱা কিতাপ এক্টচ্‌—এন এক্ছেজেটিকল কমেন্ট্ৰী ।

যেতিয়া ফিলিপ কূচ দেশৰ অধিকাৰীজনৰ ওচৰত গৈ পালে, তেতিয়া তেওঁ পঢ়ি আছিল। বাইবেলত লিখা আছে, ‘ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁক যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনিলে।’ (পাঁচ. ৮:৩০) সেই সময়ত যাত্ৰা কৰিবলৈ যি গাড়ীবোৰ ব্যৱহাৰ কৰা হৈছিল, সেইবোৰ লাহে লাহে চলিছিল। সেই কাৰণে অধিকাৰীজনে যি গাড়ীত যাত্ৰা কৰিছিল তাত তেওঁ বহি পঢ়িব পাৰিছিল আৰু ফিলিপে দৌৰি গৈ তেওঁক লগ কৰিব পাৰিলে।

কূচ দেশৰ অধিকাৰীজনে “ফিলিপক ৰথত উঠি তেৱেঁ সৈতে বহিবলৈ, তেওঁ নিবেদন কৰিলে।” (পাঁচ. ৮:৩১) বিশেষকৈ দৌৰ প্ৰতিযোগিতাত ব্যৱহাৰ হোৱা ৰথবোৰত থিয় হʼব লাগিছিল। কিন্তু যিখন গাড়ীত কূচ দেশৰ অধিকাৰীজনে যাত্ৰা কৰিছিল, তাত হয়তো ইমানেই ঠাই আছিল যে তেওঁ আৰু ফিলিপে আৰামেৰে বহিব পাৰিলে।

গতিকে পাঁচনিৰ কৰ্ম্ম ৮ অধ্যায়ত দিয়া ঘটনা আৰু প্ৰথম শতিকাৰ বিষয়ে যিবোৰ তথ্য দিয়া হৈছে, সেইবোৰ মনত ৰাখি আমি অলপতে কিছুমান সাল-সলনি কৰিছোঁ। এতিয়া আমাৰ প্ৰকাশনবোৰত কূচ দেশৰ অধিকাৰীজনক দৌৰ বা যুদ্ধত ব্যৱহাৰ হোৱা কোনো সৰু ৰথত উঠি থকা দেখুৱা নহয়, ইয়াৰ পৰিৱৰ্তে এখন ডাঙৰ গাড়ীত বহি থকা দেখুৱা হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক