ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জুলাই পৃষ্ঠা ১৪-১৯
  • প্ৰাথমিক শিক্ষাবোৰৰ পৰাও কিবা নতুন শিকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰাথমিক শিক্ষাবোৰৰ পৰাও কিবা নতুন শিকক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱা সৃষ্টিকৰ্তা হয়
  • ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে?
  • আমি “শেষ-কালত” জীয়াই আছোঁ?
  • যিহোৱাই যি কথা মনত পেলাই দিয়ে তাৰ মূল্যাংকন কৰি থাকক
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপুনি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিব পাৰে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • প্ৰেমৰ বাবে আমি প্ৰচাৰ কৰোঁ!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জুলাই পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ৩০

গীত নং ৯৭ ঈশ্বৰৰ বাক্যৰ ওপৰত জীৱন নিৰ্ভৰ

প্ৰাথমিক শিক্ষাবোৰৰ পৰাও কিবা নতুন কথা শিকক

“মই তোমালোকক এইবোৰ কথা মনত পেলাই দি থাকিবলৈ নিৰ্ণয় লৈছোঁ, যদিও তোমালোকে এইবোৰ জানা আৰু সেই সত্যতাত দৃঢ়তাৰে থিয় হৈ আছা, যি তোমালোকে শিকিছা।” —২ পিত. ১:১২.

কি শিকিম?

আৰম্ভণিতে আপুনি বাইবেলৰ যি প্ৰাথমিক শিক্ষা শিকিছিল, তাৰ পৰা আজিও আমি কিছুমান গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ।

১. আৰম্ভণিতে যেতিয়া আপুনি সত্য শিকিলে, তেতিয়া বাইবেলৰ প্ৰাথমিক শিক্ষাৰ পৰা আপোনাৰ কেনেকৈ লাভ হʼল?

বাইবেলৰ প্ৰাথমিক শিক্ষা শিকাৰ পাছত আমাৰ জীৱন সলনি হʼল। যেনে, যেতিয়া আমি শিকিলোঁ যে ঈশ্বৰৰ নাম যিহোৱা হয়, তেতিয়া আমি বহুত আনন্দিত হʼলোঁ আৰু তেওঁৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ আমাৰ মন গʼল। (যিচ. ৪২:৮) যেতিয়া আমি গʼম পালোঁ যে মৃত্যুৰ পাছত কি হয়, তেতিয়া আমাৰ যিসকল আপোনজনাৰ মৃত্যু হৈছে, তেওঁলোকে কʼৰবাত শাস্তি পাই আছে বুলি আমাৰ চিন্তা দূৰ হʼল আৰু আমাৰ মৃত্যুৰ ভয় নাইকিয়া হʼল। (উপ. ৯:১০) যেতিয়া আমি শিকিলোঁ যে ঈশ্বৰে অতি সোনকালে এই পৃথিৱীক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব, তেতিয়া আমি ভৱিষ্যতক লৈ চিন্তা কৰিবলৈ বন্ধ কৰি দিলোঁ। ইয়াৰ উপৰিও আমাৰ বিশ্বাস হʼল যে আমি কেৱল ৭০ বা ৮০ বছৰ নহয়, তাৰ পৰিৱৰ্তে সদায় কালৰ বাবে জীয়াই থাকিব পাৰিম।—গীত. ৩৭:২৯; ৯০:১০.

২. দ্বিতীয় পিতৰ ১:১২, ১৩ পদৰ পৰা কেনেকৈ জানিব পাৰি যে পৰিপক্ক খ্ৰীষ্টানসকলেও বাইবেলৰ প্ৰাথমিক শিক্ষাৰ ওপৰত ধ্যান দিলে লাভৱান হʼব পাৰে?

২ বাইবেলৰ প্ৰাথমিক শিক্ষাক আমি কেতিয়াও সহজে লোৱা উচিত নহয়। মন কৰক, পাঁচনি পিতৰে নিজৰ দ্বিতীয় চিঠিখনত সেই খ্ৰীষ্টানসকললৈ কি লিখিলে, যিসকলে ‘সত্যতাত দৃঢ়তাৰে থিয় হৈ আছিল।’ (২ পিতৰ ১:১২, ১৩ পঢ়ক।) পিতৰে তেওঁলোকক বাইবেলৰ কিছুমান প্ৰাথমিক শিক্ষা মনত পেলাই দিলে, যাৰ বিষয়ে তেওঁলোকে আগৰে পৰা জানিছিল। তেওঁ এইদৰে কিয় কৰিলে? কাৰণ সেই সময়ত কিছুমান দুষ্ট লোক আৰু মিছা শিক্ষক মণ্ডলীত আহি পৰিছিল আৰু ভাইসকলক ভুলাবলৈ চেষ্টা কৰিছিল। (২ পিত. ২:১-৩) পিতৰে সেই ভাইসকলৰ বিশ্বাস মজবুত কৰিব বিচাৰিছিল যাতে সেই ভাইসকলে তেওঁলোকৰ কথাত ভুল নাযায়। সেইবাবে, পিতৰে তেওঁলোকক প্ৰাথমিক শিক্ষাৰ বিষয়ে মনত পেলাই দিলে। পিতৰৰ সম্পূৰ্ণ বিশ্বাস আছিল যে এই কথাৰ ওপৰত ধ্যান দিলে, তেওঁলোকে শেষলৈকে বিশ্বাসী হৈ থাকিব পাৰিব।

৩. উদাহৰণ দি বুজাওক যে সকলো খ্ৰীষ্টানে বাইবেলৰ প্ৰাথমিক শিক্ষাৰ ওপৰত কিয় মনন কৰি থকা উচিত?

৩ যদিও যিহোৱাৰ সেৱা কৰি আমাৰ বহুত বছৰ হৈছে, তথাপিও আমি বাইবেলৰ প্ৰাথমিক শিক্ষাৰ পৰা নতুন নতুন কথা শিকিব পাৰোঁ। এটা উদাহৰণলৈ মন কৰক। ধৰি লওক, এগৰাকী মাকে নিজৰ ছোৱালীজনীক আহাৰ ৰান্ধিবলৈ শিকাই আছে। মাকে আহাৰ ৰান্ধাত পাৰ্গত আছে আৰু ছোৱালীজনীয়ে অলপতে আহাৰ ৰান্ধিবলৈ শিকিছে। আপুনি দুয়োজনীকে একেধৰণৰ মছলা আৰু চব্জী দিয়ে আৰু কিবা ৰান্ধিবলৈ কয়। মাকে সেই সামগ্ৰীৰ পৰা ছোৱালীজনীতকৈ বহুত ভাল চব্জী ৰান্ধিব পাৰে, যি সোৱাদ লগা হʼব। ঠিক সেইদৰে অভিজ্ঞতা থকা খ্ৰীষ্টানসকলে নতুন লোকসকলৰ তুলনাত বাইবেলৰ প্ৰাথমিক শিক্ষাৰ পৰা নতুন নতুন কথা শিকে। বাপ্তিষ্মা লোৱাৰ পাছত তেওঁলোকে বেলেগ বেলেগ পৰিস্থিতিৰ সন্মুখীন হʼল আৰু যিহোৱাৰ সেৱাত বেলেগ বেলেগ দায়িত্ব চম্ভালিছে। ইয়াৰ বাবে তেওঁলোকে বাইবেলৰ প্ৰাথমিক শিক্ষাবোৰক নতুন উপায়েৰে ব্যৱহাৰ কৰিব পাৰে। আহক বাইবেলৰ তিনিটা প্ৰাথমিক শিক্ষাৰ ওপৰত মন কৰোঁ আৰু চাওঁ যে পৰিপক্ক খ্ৰীষ্টানসকলে তাৰ পৰা কি শিকিব পাৰে।

যিহোৱা সৃষ্টিকৰ্তা হয়

৪. যিহোৱাই সৃষ্টিকৰ্তা হয়, এই কথা জানি আমাৰ কি লাভ হৈছে?

৪ “যিজনে সকলো বনাইছে তেওঁ হৈছে ঈশ্বৰ।” (ইব্ৰী ৩:৪) আমি জানোঁ যে এই পৃথিৱী আৰু ইয়াত থকা সকলো জীৱ-জন্তুক এজন বহুত বুদ্ধিমান আৰু সৰ্বশক্তিমান ঈশ্বৰে সৃষ্টি কৰিছে। তেওঁ মানৱজাতিকো সৃষ্টি কৰিছে। সেইবাবে, তেওঁ আমাৰ বিষয়ে ভালদৰে জানে। ইয়াৰ উপৰিও তেওঁ আমাৰ বিষয়ে চিন্তা কৰে আৰু জানে যে আমাৰ বাবে কি ভাল। সঁচাকৈ যিহোৱা সৃষ্টিকৰ্তা হয়, এই প্ৰাথমিক শিক্ষাই আমাৰ জীৱনত বহুতো ডাঙৰ ডাঙৰ সাল-সলনি কৰিছে। ইয়াৰ বাবে আমি জীয়াই থকাৰ উদ্দেশ্য পালোঁ।

৫. কোনটো সত্যতাৰ ওপৰত মন দিলে আমি নম্ৰ হৈ থাকিবলৈ শিকিব পাৰোঁ? (যিচয়া ৪৫:৯-১২)

৫ যিহোৱাই সৃষ্টিকৰ্তা হয়, এই কথা ধ্যান দিলে আমি নম্ৰ হৈ থাকিবলৈ শিকোঁ। ইয়োবৰ বিষয়ে চিন্তা কৰক। এসময়ত তেওঁ নিজৰ ওপৰত আৰু আন লোকৰ ওপৰত বেছিকৈ ধ্যান দিবলৈ ধৰিলে। তেতিয়া যিহোৱাই ইয়োবক এই সত্যতা মনত পেলাই দিলে যে তেওঁ সৰ্বশক্তিমান ঈশ্বৰ হয় আৰু সৃষ্টিকৰ্তা হয়। (ইয়ো. ৩৮:১-৪) এইদৰে ইয়োবে অনুভৱ কৰিলে যে ঈশ্বৰৰ চিন্তাধাৰা আৰু তেওঁৰ পদ্ধতি মানুহতকৈ বহুগুণে ভাল। বহু বছৰৰ পাছত ভৱিষ্যবক্তা যিচয়াও এইদৰে লিখিলে। তেওঁ লিখিলে, “‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে কʼব?”—যিচয়া ৪৫:৯-১২, IRV পঢ়ক।

৬. আমাৰ সৃষ্টিকৰ্তা কিমান বুদ্ধিমান আৰু শক্তিশালী হয়, এই সত্যতাৰ বিষয়ে বিশেষকৈ কেতিয়া ভবাটো ভাল হʼব? (ছবিখনো চাওক।)

৬ যেতিয়া এজন খ্ৰীষ্টানৰ যিহোৱাৰ সেৱা কৰি বহু বছৰ হৈ যায়, তেতিয়া তেওঁ হয়তো যিহোৱাৰ ওপৰত নিৰ্ভৰ হোৱা আৰু তেওঁৰ বাক্যৰ পৰা নিৰ্দেশনা লোৱাৰ পৰিৱৰ্তে নিজৰ ওপৰত বেছিকৈ ভৰসা কৰিবলৈ ধৰে আৰু নিজৰ মতামতক বেছি গুৰুত্বতা দিবলৈ ধৰে। (ইয়ো. ৩৭:২৩, ২৪) কিন্তু তেওঁ যদি সৃষ্টিকৰ্তাৰ বিষয়ে চিন্তা কৰে যে তেওঁ কিমান শক্তিশালী আৰু কিমান বুদ্ধিমান হয়, তেতিয়া ইয়াৰ পৰা তেওঁৰ কি লাভ হʼব? (যিচ. ৪০:২২; ৫৫:৮, ৯) তেওঁ নম্ৰ হৈ থাকিব পাৰিব আৰু বুজিব পাৰিব যে যিহোৱাৰ চিন্তাধাৰা তেওঁৰ চিন্তাধাৰাতকৈ বহুগুণে ভাল।

ছবি: ১. প্ৰাচীনসকলৰ সভাত এজন প্ৰাচীনে কোনো এটা পৰামৰ্শ দিয়ে, কিন্তু আন প্ৰাচীনসকলে তেওঁৰ কথাত সন্মত নহয়। ২. পাছত যিজন প্ৰাচীনে পৰামৰ্শ দিছিল, তেওঁ ৰাতি তৰাৰে ভৰা আকাশলৈ চাই মনন কৰি আছে।

কি কথা মনত ৰাখিলে আমি কেতিয়াও নিজৰ চিন্তাধাৰা ঈশ্বৰৰ চিন্তাধাৰাতকৈ বিশেষ বুলি নাভাবিম? (অনুচ্ছেদ ৬ চাওক)e


৭. সংগঠনত হোৱা এটা সাল-সলনি স্বীকাৰ কৰিবলৈ ভনী ৰাহেলাই কি কৰিলে?

৭ শ্লোবিনিয়াত থকা ভনী ৰাহেলাই সৃষ্টিকৰ্তাৰ বিষয়ে ভবাৰ বাবে বহুত সহায় পালে। ইয়াৰ বাবে তাই সংগঠনত হোৱা সাল-সলনি স্বীকাৰ কৰিব পাৰিলে। তাই এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা সংগঠনত নেতৃত্ব লোৱা ভাইসকলে যি নিৰ্ণয় লয়, সেইবোৰ স্বীকাৰ কৰাটো মোৰ বাবে সহজ নহয়। যেনে, প্ৰশাসন গোষ্ঠীৰ এটা আপডেটত a কোৱা হৈছিল যে এতিয়াৰে পৰা ভাইসকলে যদি বিচাৰে, তেনেহʼলে দাড়ি ৰাখিব পাৰে। কিন্তু যেতিয়া মই প্ৰথমবাৰ দাড়ি ৰখা ভাইক ভাষণ দিয়া দেখিলোঁ, তেতিয়া মোৰ ভাল নালাগিল। সেইবাবে, এই সাল-সলনি যাতে মই স্বীকাৰ কৰিব পাৰোঁ, তাৰ বাবে সহায় বিচাৰি মই যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ।” ৰাহেলৰ অনুভৱ হʼল যে যিহোৱাই যদি আকাশ আৰু পৃথিৱীক সৃষ্টি কৰিব পাৰে, তেনেহʼলে তেওঁ নিজৰ সংগঠনক ভালদৰে নিৰ্দেশনাও দিব পাৰে। আমাৰ বুজাবুজিত হোৱা সাল-সলনি আৰু নতুন পৰামৰ্শ পালন কৰিবলৈ আপোনাৰ বাবেও কঠিন হয় নে? যদি হয়, তেনেহʼলে নম্ৰ হৈ এই কথাৰ ওপৰত মনন কৰক যে আমাৰ সৃষ্টিকৰ্তা কিমান বুদ্ধিমান আৰু শক্তিশালী হয়।—ৰোম. ১১:৩৩-৩৬.

ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে?

৮. ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে, এয়া জনাৰ বাবে আমাৰ কি লাভ হৈছে?

৮ ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে? যিসকল লোকে এতিয়ালৈকে এই প্ৰশ্নৰ উত্তৰ পোৱা নাই, তেওঁলোকে ঈশ্বৰৰ ওপৰত বহুত খং কৰে বা কিছুমান লোকে ভাবে যে ঈশ্বৰ নাই। (হিতো. ১৯:৩) কিন্তু আপুনি শিকিলে যে আমাৰ ওপৰত যি দুখ-কষ্ট আহে, তাৰ বাবে যিহোৱা দায়ী নহয়। কাৰণ আদমৰ পৰা লোকসকলে পাপ আৰু অসিদ্ধতা উত্তৰাধিকাৰী হিচাপে পাইছে। আপুনি এয়াও শিকিলে যে যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে কিমান লাভ হৈছে। লাখ লাখ লোকে তেওঁক জানিব পাৰিলে আৰু এয়া শিকিব পাৰিলে যে যিহোৱাই সদায় দিনৰ বাবে দুখ-কষ্ট নাইকিয়া কৰিব। (২ পিত. ৩:৯, ১৫) এই সত্যতা শিকাৰ বাবে আপুনি শান্ত্বনা লাভ কৰিলে আৰু যিহোৱাৰ কাষ চাপিব পাৰিলে।

৯. যিহোৱাই দুখ-কষ্টৰ অনুমতি কিয় দিছে, এই কথা বিশেষকৈ কোনটো পৰিস্থিতিত ভবাটো ভাল হʼব?

৯ আমি এই কথা বুজি পাওঁ যে যেতিয়ালৈকে যিহোৱাই দুখ-কষ্ট দূৰ কৰি নিদিয়ে, তেতিয়ালৈকে আমি ধৈৰ্য্য ধৰিব লাগিব। কিন্তু যেতিয়া আমাৰ ওপৰত বা আমাৰ পৰিয়ালৰ লোকসকলৰ ওপৰত বা বন্ধুসকলৰ ওপৰত সমস্যা আহে, কিবা অন্যায় হয় বা আমাৰ আপোনজনাৰ মৃত্যু হৈ যায়, তেতিয়া আমি হয়তো ভাবিব পাৰোঁ যে ‘যিহোৱাই সকলোবোৰ কিয় ঠিক কৰা নাই? তেওঁ ইমান দেৰি কিয় কৰি আছে?’ (হব. ১:২, ৩) এনে পৰিস্থিতিত এই বিষয়ে চিন্তা কৰাটো ভাল হʼব যে যিহোৱাই নম্ৰ লোকসকলৰ ওপৰত কিয় সমস্যা আহিবলৈ দিয়ে।b (গীত. ৩৪:১৯) ইয়াৰ উপৰিও, আমি যিহোৱাৰ এই প্ৰতিজ্ঞাৰ ওপৰত চিন্তা কৰিব পাৰোঁ যে তেওঁ দুখ-কষ্ট সদায় দিনৰ বাবে শেষ কৰি দিব।

১০. ভনী এনক নিজৰ মাকৰ মৃত্যুৰ দুখ সহন কৰিবলৈ কি কথাই সহায় কৰিলে?

১০ ঈশ্বৰে দুখ-কষ্টৰ অনুমতি কিয় দিছে, এই কথা জানিলে আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ সহায় লাভ কৰোঁ। হিন্দু মহাসাগৰৰ মায়ট দ্বীপত থকা ভনী এনৰ উদাহৰণলৈ মন কৰক। তাই কৈছে, “কিছু বছৰৰ আগতে মোৰ মাৰ মৃত্যু হʼল। সেই সময়ত মই একেবাৰে ভাঙি পৰিছিলোঁ। কিন্তু মই নিজকে বাৰে বাৰে মনত পেলাই দিওঁ যে ইয়াৰ বাবে যিহোৱা দায়ী নহয়। তেওঁতো আমাক সকলো দুখ-কষ্টৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু আমাৰ আপোন লোকসকলক আকৌ জীয়াই তুলিবলৈ আগ্ৰহেৰে বাট চাই আছে। এই সত্যতাৰ বিষয়ে মনন কৰাৰ বাবে মই ইমানেই সাহস আৰু শান্ত্বনা লাভ কৰোঁ, যি শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি।”

১১. ঈশ্বৰে দুখ-কষ্টৰ অনুমতি কিয় দিছে, এই কথা জানিলে আমি প্ৰচাৰ কৰি থাকিবলৈ কেনেকৈ উৎসাহিত হওঁ?

১১ ঈশ্বৰে দুখ-কষ্টৰ অনুমতি কিয় দিছে, এই সত্যতা জানিলে আমি প্ৰচাৰ কৰি থাকিবলৈ উৎসাহিত হওঁ। পাঁচনি পিতৰে কৈছিল যে যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে অনুতাপ কৰা লোকসকলে উদ্ধাৰ পোৱাৰ সুযোগ পায়। ইয়াৰ পাছত তেওঁ লিখিলে, “তেনেহʼলে চিন্তা কৰা আজি তোমালোকে কেনেধৰণৰ মানুহ হোৱা উচিত, তোমালোকৰ আচাৰ-ব্যৱহাৰ পবিত্ৰ হোৱা উচিত আৰু তোমালোকে ঈশ্বৰৰ ভক্তিৰ কাম কৰা উচিত।” (২ পিত. ৩:১১) ‘ঈশ্বৰৰ ভক্তিৰ কামৰ’ মাজৰ এটা কাম হৈছে লোকসকলক শুভবাৰ্তা জনোৱা। আমি নিজৰ পিতৃ যিহোৱাৰ দৰে লোকসকলক প্ৰেম কৰোঁ আৰু ঈশ্বৰৰ ৰাজ্যত তেওঁলোকে সদায় জীয়াই থকাটো আমি বিচাৰোঁ। আজিও যিহোৱাই ধৈৰ্য্য ধৰি আছে আৰু আপোনাৰ এলেকাৰ লোকসকলক তেওঁৰ উপাসনা কৰিবলৈ সুযোগ দি আছে। চিন্তা কৰক, তেওঁৰ লগত মিলি কাম কৰাটো কিমান ডাঙৰ কথা নহয় নে বাৰু? তেনেহʼলে অন্ত অহাৰ আগতে আহক আমি বেছিতকৈ বেছি লোকসকলক যিহোৱাৰ বিষয়ে জানিবলৈ সহায় কৰোঁ।—১ কৰি. ৩:৯.

আমি “শেষ-কালত” জীয়াই আছোঁ?

১২. আমি “শেষ-কালত” জীয়াই আছোঁ, এয়া জানিলে আমাৰ কি লাভ হয়?

১২ বাইবেলত স্পষ্টকৈ কোৱা হৈছে যে “শেষ-কালত” কেনেধৰণৰ লোকসকল থাকিব। (২ তীম. ৩:১-৫) আজি যদি আমি আমাৰ আশে-পাশে চাওঁ, তেনেহʼলে সহজে বুজিব পাৰিম যে বাইবেলৰ এই ভৱিষ্যবাণী পূৰ হৈ আছে। লোকসকলৰ আচাৰ-ব্যৱহাৰ বেয়াতকৈও বেয়া হৈ গৈ আছে। সেইবোৰ চাই আমাৰ সম্পূৰ্ণ বিশ্বাস হয় যে ঈশ্বৰৰ বাক্যত লিখা কথাবোৰ একেবাৰে সঠিক হয় আৰু আমি তাৰ ওপৰত ভৰসা কৰিব পাৰোঁ।—২ তীম. ৩:১৩-১৫.

১৩. লূক ১২:১৫-২১ পদত যীচুৱে যি উদাহৰণ দিছিল, তাক মনত ৰাখি আমি নিজকে কি কি প্ৰশ্ন সুধিব পাৰোঁ?

১৩ আমি শেষ-কালত জীয়াই আছোঁ, এই সত্যতা জানিলে আমি সময়ৰ গুৰুত্বতা বুজিব পাৰোঁ আৰু জানিব পাৰোঁ যে আমি কি কথাক আটাইতকৈ বেছি গুৰুত্ব দিয়া উচিত। মন কৰক যীচুৱে লূক ১২:১৫-২১ পদত যি উদাহৰণ দিছিল, তাত এই বিষয়ে কি কৈছে। (পঢ়ক।) সেই উদাহৰণত যীচুৱে সেই ব্যক্তিক “মূৰ্খ” বুলি কৈছিল। কিয় বাৰু? তেওঁ ধনী হোৱাৰ বাবে নহয়, তাৰ পৰিৱৰ্তে তেওঁ সেই কথাবোৰক বেছি গুৰুত্ব দিছিল যি ইমান প্ৰয়োজন নাছিল। তেওঁ ‘ধন-সম্পত্তি গোটোৱাত লাগি আছিল, কিন্তু ঈশ্বৰৰ দৃষ্টিত ধনী নহয়।’ তেওঁক কিয় এই কথাৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন আছিল যে কি কথাবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হয়? কিয়নো ঈশ্বৰে তেওঁক কʼলে, “আজি ৰাতিয়েই তোমাৰ জীৱন, তোমাৰ পৰা কাঢ়ি নিয়া হʼব।” এই উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? এই জগতৰ শেষ একেবাৰে কাষ চাপিছে। সেইবাবে, আমি নিজকে সুধিব পাৰোঁ, ‘মোৰ লক্ষ্যবোৰৰ পৰা জানিব পাৰি নে যে মই সময়ৰ গুৰুত্বতা বুজি পাওঁ? মই কি কথাবোৰক বেছি গুৰুত্ব দিওঁ? মই নিজৰ লʼৰা-ছোৱালীক কেনেধৰণৰ লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰোঁ? মই নিজৰ শক্তি, সময় আৰু সাধন কেৱল ধন-সম্পত্তি গোটাবলৈ লগাও নে স্বৰ্গত ধন জমা কৰিবলৈ?’

১৪. আমি শেষ-কালত জীয়াই আছোঁ, এই কথাৰ ওপৰত কিয় মনন কৰা উচিত, তাৰ বিষয়ে ভনী মিকিৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?

১৪ যেতিয়া আমি এই বিষয়ে চিন্তা কৰোঁ যে আমি শেষ-কালত জীয়াই আছোঁ, তেতিয়া আমাৰ দৃষ্টিভংগী সলনি হৈ যায়। ভনী মিকিৰ লগতো এইদৰে হʼল। তাই এইদৰে কৈছে, “স্কুলৰ পঢ়া শেষ কৰাৰ পাছত মই ইউনিভাৰচিটিত এনে এটা কৰ্চ কৰিব বিচাৰিছিলোঁ, যʼত মই জীৱ-জন্তুৰ বিষয়ে অধ্যয়ন কৰিব পাৰোঁ। ইয়াৰ লগতে মই অগ্ৰগামী সেৱাও কৰিব বিচাৰিছিলোঁ আৰু প্ৰচাৰকসকলৰ বেছি প্ৰয়োজন হোৱা ঠাইত গৈ সেৱা কৰিব বিচাৰিছিলোঁ। তেতিয়া মোৰ কিছুমান ভাল বন্ধুৱে মোক এই বিষয়ে চিন্তা কৰিবলৈ কʼলে যে যদি মই এই কৰ্চ কৰোঁ, তেনেহʼলে অগ্ৰগামী সেৱা কৰিব পাৰিম নে? তেওঁলোকে মোক মনত পেলাই দিলে যে অতি সোনকালে এই জগতৰ শেষ হʼবলগীয়া আছে আৰু নতুন পৃথিৱীত আমাৰ ওচৰত বহুত সময় থাকিব। তেতিয়া মই যিমান বিচাৰোঁ সিমান জীৱ-জন্তুৰ বিষয়ে অধ্যয়ন কৰিব পাৰিম। সেইবাবে মই এনে এটা কৰ্চ কৰিলোঁ, যাৰ পৰা মই কিছুমান দক্ষতা শিকিব পাৰোঁ। পাছত মই এনে এটা চাকৰি পালোঁ যাৰ সহায়ত মই অগ্ৰগামী সেৱাও কৰিব পাৰিলোঁ। কিছু সময়ৰ পাছত মই ইকুৱেডৰত গৈ সেৱা কৰিবলৈ ধৰিলোঁ য’ত প্ৰচাৰকৰ বহুত প্ৰয়োজন আছিল।’ এতিয়া ভনী মিকি আৰু তাইৰ স্বামী সেই দেশতে চাৰ্কিট কাম কৰি আছে।

১৫. যি লোকসকলে এতিয়ালৈকে আমাৰ বাৰ্তাৰ ওপৰত আগ্ৰহ দেখুৱা নাই, তেওঁলোকক আকৌ সাক্ষ্য দিবলৈ আমি কিয় পিছ হুঁহকা উচিত নহয়? এটা উদাহৰণ দিয়ক। (ছবিখনো চাওক।)

১৫ যেতিয়া লোকসকলে আমাৰ বাৰ্তা নুশুনে, তেতিয়া আমি নিৰাশ হোৱা উচিত নহয়। লোকসকলৰ মন সলনি হʼব পাৰে। যীচুৰ ভাই যাকোবৰ বিষয়ে চিন্তা কৰক। তেওঁ যীচুৰ লগতে ডাঙৰ-দীঘল হৈছিল আৰু বুজি পাইছিল যে যীচুৱেই মচীহ হয় আৰু তেওঁ যিধৰণে শিকায়, সেইদৰে আজিলৈকে কোনো মানুহে শিকোৱা নাই। তথাপিও বহু বছৰৰ পাছতো যাকোবে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল। যেতিয়া যীচুৰ মৃত্যু হʼল আৰু তেওঁক আকৌ জীয়াই তোলা হʼল, তাৰ পাছতহে তেওঁ যীচুৰ শিষ্য হʼল আৰু তেওঁৰ বহুত উৎসাহ আছিল।c (যোহ. ৭:৫; গালা. ২:৯) সেইবাবে, যদি আপোনাৰ কোনো সম্বন্ধীয় বা চিনাকী লোকসকলে এতিয়ালৈকে বাইবেলৰ বাৰ্তাৰ ওপৰত আগ্ৰহ দেখুৱা নাই, তেনেহʼলে তেওঁলোকক পুনৰ সাক্ষ্য দিবলৈ পিছ নুহুকিব। মনত ৰাখক আমি শেষ-কালত জীয়াই আছোঁ, সেইবাবে লোকসকলক শুভবাৰ্তা শুনোৱাটো অতি গুৰুত্বপূৰ্ণ। আজি আপুনি লোকসকলক যি কʼব, তাৰ বিষয়ে তেওঁলোকে হয়তো চিন্তা কৰিব আৰু পাছলৈ গৈ কোনো এটা পদক্ষেপ লʼব। হয়তো মহা-সংকট আৰম্ভ হোৱাৰ পাছত তেওঁলোকে এইদৰে কৰিব।d

এজনী ভনীয়ে ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত নিজৰ বায়েকক ফোন কৰিছে, যি যিহোৱাৰ সাক্ষী নহয়। তাইৰ বায়েকে নিজৰ সৰু ছোৱালীজনীৰ লগত এখন দোকানত বজাৰ কৰি আছে।

কি কথা মনত ৰাখিলে আমি নিজৰ সম্বন্ধীয় লোকসকলক সাক্ষ্য দিবলৈ বন্ধ নকৰিম? (অনুচ্ছেদ ১৫ চাওক)f


যিহোৱাই যি কথা মনত পেলাই দিয়ে তাৰ মূল্যাংকন কৰি থাকক

১৬. যিহোৱাই আমাক যি কথাবোৰ মনত পেলাই দিয়ে, তাৰ পৰা আপোনাৰ কি লাভ হৈছে? (“এই সঁজুলিবোৰ আনক সহায় কৰিবলৈ ব্যৱহাৰ কৰক” নামৰ বক্সখনো চাওক।)

১৬ আমাৰ সংগঠনে বাইবেল আধাৰিত যি তথ্যবোৰ দিয়ে, তাৰে মাজৰ কিছুমান বিষেশকৈ সেই লোকসকলক মনত ৰাখি তৈয়াৰ কৰা হয়, যিসকলে বাইবেলৰ প্ৰাথমিক শিক্ষা নাজানে। যেনে, প্ৰতি সপ্তাহে হʼবলগীয়া জনভাষণ, jw.org-ত দিয়া আন কিছুমান লেখ, ভিডিঅʼ আৰু জন সাধাৰণৰ বাবে আমাৰ পত্ৰিকাত বিষেশকৈ সেই লোকসকলক মনত ৰাখি তৈয়াৰ কৰা হয়, যিসকল যিহোৱাৰ সাক্ষী নহয়। যদিও আমি এই কথাবোৰ জানোঁ কিন্তু যেতিয়া আমাক এই কথাবোৰ মনত পেলাই দিয়া হয়, তেতিয়া আমাৰ সকলোৰে লাভ হয়। ইয়াৰ পৰা যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম আৰু মজবুত হয়, তেওঁৰ বাক্যৰ ওপৰত আমাৰ বিশ্বাস আৰু দৃঢ় হয় আৰু আমি লোকসকলক বাইবেলৰ প্ৰাথমিক শিক্ষা আৰু ভালদৰে শিকোৱাৰ যোগ্য হৈ পৰোঁ।—গীত. ১৯:৭.

এই সঁজুলিবোৰ আনক সহায় কৰিবলৈ ব্যৱহাৰ কৰক

যেতিয়া আপুনি কোনো এটা লেখ পঢ়ে বা ভিডিঅʼ চাই যি নতুন লোকসকলৰ বাবে তৈয়াৰ কৰা হৈছে, তেতিয়া চিন্তা কৰক যে এই তথ্য আপুনি আনক সহায় কৰিবলৈ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে। আপুনি নিজকে এনেধৰণৰ প্ৰশ্ন সুধিব পাৰে:

  • ‘লোকসকলৰ বাইবেলৰ কোনো এটা শিক্ষাৰ ওপৰত বিশ্বাস বঢ়াবলৈ ইয়াত কি প্ৰমাণ দিয়া হৈছে?’

  • ‘ইয়াত কোনো ভাল উদাহৰণ দিয়া হৈছে নে যি মই আনক বুজাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ?’

  • ‘এই বিষয়ে কোনে জানিব বিচাৰে আৰু মই তেওঁৰ লগত কেতিয়া কথা পাতিব পাৰোঁ?’

১৭. কেনে পৰিস্থিতিত আপুনি বাইবেলৰ প্ৰাথমিক শিক্ষাবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিব পাৰে?

১৭ যদি বাইবেলৰ কোনো এটা সত্যতাৰ অৰ্থ আমাক আৰু ভালদৰে বুজোৱা হয়, তেতিয়া আমি বহুত আনন্দিত হওঁ। কিন্তু আমি বাইবেলৰ সেই প্ৰাথমিক শিক্ষাবোৰৰ প্ৰতি কৃতজ্ঞ, যাৰ বিষয়ে শিকি আমি যিহোৱাৰ ফালে আকৰ্ষিত হৈ আহিছোঁ। যদি কেতিয়াবা যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰাৰ পৰিৱৰ্তে আমি নিজৰ মতামতক বহুত গুৰুত্বতা দিবলৈ ধৰোঁ, তেনেহʼলে আমি নম্ৰ হোৱা উচিত আৰু চিন্তা কৰা উচিত যে এই সংগঠনক আমাৰ সৃষ্টিকৰ্তা চলাই আছে, যিজন সকলোতকৈ শক্তিশালী আৰু বুদ্ধিমান। কেতিয়াবা যদি আমি বা আমাৰ কোনো বন্ধু বা সম্বন্ধীয় লোকসকলৰ সমস্যা হয়, তেতিয়া আমি ধৈৰ্য্য ধৰা উচিত আৰু এই বিষয়ে চিন্তা কৰা উচিত যে যিহোৱাই কিয় দুখ-কষ্টৰ অনুমতি দিছে। যেতিয়া আমি নিৰ্ণয় লʼব লগা হয় যে আমি নিজৰ সময় আৰু সাধন কোনটো কামত ব্যৱহাৰ কৰিম, তেতিয়া আমি মনত ৰখা উচিত যে আমি শেষ-কালত জীয়াই আছোঁ আৰু আমাৰ ওচৰত বহুত কʼম সময় আছে। গতিকে যিহোৱাই আমাক যি কথা মনত পেলাই দিয়ে, সেইবোৰৰ ওপৰত ধ্যান দিম, বুদ্ধিমান হʼম আৰু বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি গৈ থাকিম।

বাইবেলৰ এই প্ৰাথমিক শিক্ষাবোৰৰ পৰা আজি আপুনি কি কি কথা শিকিব পাৰে?

  • যিহোৱা সৃষ্টিকৰ্তা হয়

  • ঈশ্বৰে দুখ-কষ্টৰ কিয় অনুমতি দিছে

  • আমি “শেষ-কালত” জীয়াই আছোঁ

গীত নং ৭৭ অন্ধকাৰ জগতত সত্যৰ পোহৰ

a ২০২৩ প্ৰশাসন গোষ্ঠীৰ আপডেট #৮ চাওক।

b জুন ১ ২০০৭ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) পৃষ্ঠা ১২-১৬-ত দিয়া “অতি সোনকালে সকলো দুখ-কষ্ট কিয় দুৰ কৰা হʼব” লেখখন চাওক।

c লোকসকলক প্ৰেম কৰক আৰু শিকাওক নামৰ ব্ৰচাৰখনৰ পাঠ ৮ চাওক।

d মে’ ২০২৪ চনৰ প্ৰহৰীদুৰ্গৰ পৃষ্ঠা ৮-১৩-ত দিয়া “যিহোৱাই ভৱিষ্যতে লোকসকলৰ কেনেকৈ ন্যায় কৰিব?” লেখখন চাওক।

e ছবিৰ বিষয়ে: এজন প্ৰাচীনে কোনো এটা পৰামৰ্শ দিয়ে, কিন্তু আন প্ৰাচীনসকলে সন্মত নহয়। পাছত সেই প্ৰাচীনজনে তৰাৰে ভৰা আকাশলৈ চাই আৰু চিন্তা কৰে যে তেওঁৰ চিন্তাধাৰা যিহোৱাৰ চিন্তাধাৰাতকৈ বিশেষ নহয়।

f ছবিৰ বিষয়ে: এজনী ভনীয়ে ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ছোৱাত সেই প্ৰমাণবোৰৰ ওপৰত মন কৰিছে, যাৰ পৰা জানিব পাৰি যে আমি শেষ-কালত জীয়াই আছোঁ। পাছত তাই নিজৰ বায়েকক ফোন কৰে আৰু সাক্ষ্য দিয়ে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক