ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 আগষ্ট পৃষ্ঠা ২০-২৫
  • বেয়া ইচ্ছাবোৰৰ ওপৰত কেনেকৈ জয় লাভ কৰিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বেয়া ইচ্ছাবোৰৰ ওপৰত কেনেকৈ জয় লাভ কৰিব পাৰোঁ?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • চয়তানে আমাক কি কথাৰ বিশ্বাস দিব পাৰে?
  • অসিদ্ধ হোৱাৰ বাবে আমি কি ভাবিব পাৰোঁ?
  • বেয়া ইচ্ছাৰ লগত কেনেকৈ যুঁজিব পাৰোঁ?
  • ‘নিজকে চালি-জাৰি চাই থাকক’
  • সতৰ্ক হৈ থাকিলে আপুনি পাপৰ পৰা আঁতৰি থাকিব পাৰিব!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • বাপ্তিষ্মাৰ পাছতো যীচুৰ ‘পিছে পিছে চলি থাকক’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱাই আমাক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কি কৰিলে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 আগষ্ট পৃষ্ঠা ২০-২৫

অধ্যয়নৰ লেখ ৩৫

গীত নং ১২১ আমাক আত্ম-সংযমৰ প্ৰয়োজন

বেয়া ইচ্ছাবোৰৰ ওপৰত কেনেকৈ জয় লাভ কৰিব পাৰোঁ?

“তোমালোকে পাপক নিজৰ বিনাশী শৰীৰত ৰজা হৈ ৰাজত্ব কৰিবলৈ নিদিবা আৰু শৰীৰৰ ইচ্ছাবোৰৰ দাস হৈ তাৰ কথা নামানিবা।”—ৰোম. ৬:১২.

কি শিকিম?

যদি আমাৰ মনত কোনো এটা বেয়া চিন্তা আহে, তেনেহʼলে আমি কিয় নিৰাশ হোৱা উচিত নহয় আৰু এই ইচ্ছাবোৰেৰে প্ৰলোভিত হোৱাৰ সময়ত আমি কেনেকৈ ইয়াক অস্বীকাৰ কৰিব পাৰোঁ, তাৰ বিষয়ে শিকিম।

১. আমি সকলোৱে কিহৰ লগত যুঁজিবলগীয়া হয়?

আপোনাৰ কেতিয়াবা এনে কিবা কৰিবলৈ মন গৈছেনে যি যিহোৱাই ভাল নাপায়? যদি হয়, তেনেহʼলে নিৰাশ নহʼব। বাইবেলত লিখা আছে, “মানুহে সাধাৰণতে যি সমস্যাৰ সন্মুখীন হয়, সেইবোৰৰ বাহিৰে আন কোনো সমস্যা তোমালোকৰ ওপৰত অহা নাই।” (১ কৰি. ১০:১৩) ইয়াৰ অৰ্থ হৈছে আমি সকলোৱে নিজৰ বেয়া ইচ্ছাৰ লগত যুঁজিবলগীয়া হয়, আপুনি অকলশৰীয়া নহয়। কিন্তু আনন্দৰ কথা যে এই যুঁজত জয় লাভ কৰিবলৈ যিহোৱাই আপোনাক সহায় কৰিব।

২. কিছুমান খ্ৰীষ্টানে আৰু বাইবেল বিদ্যাৰ্থীয়ে কেনেধৰণৰ বেয়া ইচ্ছাৰ লগত যুঁজিবলগীয়া হয়? (ছবিখনো চাওক।)

২ বাইবেলত এয়াও লিখা আছে, “প্ৰতিজনৰ ইচ্ছাই তেওঁক আকৰ্ষিত আৰু প্ৰলোভিত কৰে, যাৰ কাৰণে তেওঁ পৰীক্ষাত পৰে।” (যাকো. ১:১৪) প্ৰতিজন ব্যক্তিক বেলেগ বেলেগ ইচ্ছাই প্ৰলোভিত কৰিব পাৰে। যেনে, এজন ভাইৰ এজনী তিৰোতাৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ মন যাব পাৰে। আনহাতে এজন ভাইৰ কোনো পুৰুষৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ মন যাব পাৰে। যিজন ব্যক্তিৰ আগতে পৰ্ণগ্ৰাফী চোৱাৰ অভ্যাস আছিল, তেওঁৰ হয়তো আকৌ বেয়া ছবিবোৰ চাবলৈ ইচ্ছা হʼব পাৰে। এজন ব্যক্তিৰ হয়তো আগতে ড্ৰাগছ লোৱাৰ আৰু মদ খোৱাৰ অভ্যাস আছিল, তেওঁৰ হয়তো আকৌ সেইবোৰ কৰিবলৈ মন যাব পাৰে। আমি ইয়াত কিছুমানহে বেয়া অভ্যাসৰ বিষয় আলোচনা কৰিলোঁ, যি এজন খ্ৰীষ্টান বা বাইবেল বিদ্যাৰ্থীৰ মনলৈ আহিব পাৰে আৰু তেওঁক প্ৰলোভিত কৰিব পাৰে। কিন্তু আৰু এনে বহুতো বেয়া ইচ্ছা আছে, যাৰ লগত এজন ব্যক্তিক যুঁজিবলগীয়া হʼব পাৰে। সঁচাকৈ কʼবলৈ গʼলে আমাৰ সকলোৰে জীৱনত এনে এটা সময় আহে, যেতিয়া আমি পাঁচনি পৌলৰ দৰে অনুভৱ কৰোঁ। তেওঁ লিখিলে, “যেতিয়া মই ভাল কাম কৰিব বিচাৰোঁ, তেতিয়া মই বেয়া কাম কৰাৰ ফালে ঢাল খাওঁ।”—ৰোম. ৭:২১.

আমি যিকোনো ঠাই আৰু যিকোনো সময়ত বেয়া ইচ্ছাৰ বাবে প্ৰলোভিত হʼব পাৰোঁ (অনুচ্ছেদ ২ চাওক)c


৩. যদি এজন ব্যক্তিৰ মনলৈ বাৰে বাৰে বেয়া ইচ্ছা আহে, তেনেহʼলে তেওঁৰ কেনে অনুভৱ হʼব?

৩ যদি আপোনাৰ মনলৈ বাৰে বাৰে বেয়া ইচ্ছা আহিছে, তেনেহʼলে আপোনাৰ হয়তো লাগিব পাৰে যে আপুনি ইমানে ক্ষমতাহীন আৰু আশাহীন যে নিজৰ বেয়া ইচ্ছাবোৰৰ লগত যুঁজিবই নোৱাৰে। ইয়াৰ উপৰিও এই ইচ্ছাবোৰৰ বাবে হয়তো আপুনি ভাবিব পাৰে যে আপুনি যিহোৱাৰ দৃষ্টিত দোষী হয় আৰু তেওঁ আপোনাক অনন্ত জীৱন নিদিব। কিন্তু এই দুয়োটা চিন্তা ভুল হয়। এই লেখত এই কথাই বুজোৱা হʼব। ইয়াত আমি দুটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম: (১) আপুনি ক্ষমতাহীন আৰু আশাহীন আৰু যিহোৱাৰ দৃষ্টিত দোষী বুলি আপোনাৰ কিয় অনুভৱ হʼব পাৰে? (২) আপুনি নিজৰ বেয়া ইচ্ছাবোৰৰ ওপৰত কেনেকৈ জয় লাভ কৰিব পাৰে?

চয়তানে আমাক কি কথাৰ বিশ্বাস দিব পাৰে?

৪. (ক) আমি নিজৰ বেয়া ইচ্ছাৰ লগত যুঁজিব নোৱাৰোঁ বুলি ভবাটো চয়তানে কিয় বিচাৰে? (খ) আমি ইমান আশাহীন আৰু ক্ষমতাহীন নহওঁ যে নিজৰ বেয়া ইচ্ছাৰ লগত যুঁজিব নোৱাৰোঁ বুলি আমি কিয় কʼব পাৰোঁ?

৪ যেতিয়া কোনো এটা বেয়া ইচ্ছাই আপোনাক প্ৰলোভিত কৰে, তেতিয়া আপুনি ইমানে আশাহীন আৰু ক্ষমতাহীন যে সেই ইচ্ছাৰ লগত আপুনি যুঁজিবই নোৱাৰে বুলি ভবাটো চয়তানে বিচাৰে। যীচুৱে এই কথা জানিছিল, সেইবাবে তেওঁ নিজৰ শিষ্যসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, “বেয়া কাম কৰিবলৈ প্ৰলোভন আহিলে আমাক সহায় কৰিবা আৰু চয়তানৰ পৰা আমাক বচোৱা।” (মথি ৬:১৩) চয়তানে দাবী কৰে যে যেতিয়া এজন ব্যক্তিৰ ওপৰত প্ৰলোভন আহে, তেতিয়া তেওঁ যিহোৱাৰ বিশ্বাসী হৈ নাথাকিব। (ইয়ো. ২:৪, ৫) আচলতে, চয়তানে যেতিয়া নিজৰ ইচ্ছাৰ লগত প্ৰলোভিত হৈছিল, তেতিয়া সি যিহোৱাৰ বিশ্বাসী হৈ নাথাকিলে আৰু নিজৰ বেয়া ইচ্ছাত ফচি গʼল। সেইবাবে, চয়তানে ভাবে যে আমাকো যেতিয়া প্ৰলোভিত কৰা হʼব, তেতিয়া আমি যিহোৱাৰ বিশ্বাসী হৈ নাথাকিম। ইয়াৰ উপৰিও চয়তানে এয়াও ভাবিছিল যে যিহোৱাৰ সিদ্ধ পুত্ৰ যীচু খ্ৰীষ্টও প্ৰলোভন অহাৰ সময়ত যিহোৱাৰ আজ্ঞা পালন নকৰিব। (মথি ৪:৮, ৯) কিন্তু চিন্তা কৰক, আমি ইমানে আশাহীন আৰু ক্ষমতাহীন নে যে আমি নিজৰ বেয়া ইচ্ছাবোৰৰ লগত যুঁজিব নোৱাৰোঁ? এনে নহয়। পাঁচনি পৌলে লিখিছিল, “যিজনে মোক শক্তি দিয়ে, তেওঁৰ যোগেদিয়েই মই সকলো কৰিবলৈ শক্তি পাওঁ।” (ফিলি. ৪:১৩) সঁচাকৈ, আমি যিহোৱাৰ সহায়ত নিজৰ বেয়া ইচ্ছাবোৰৰ লগত যুঁজিব পাৰোঁ।

৫.আমি নিজৰ বেয়া ইচ্ছাবোৰৰ লগত যুঁজিব পাৰোঁ, এই কথাৰ ওপৰত যিহোৱাৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি আমি কিয় কʼব পাৰোঁ?

৫ যিহোৱা চয়তানতকৈ একেবাৰে বেলেগ। তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি নিজৰ বেয়া ইচ্ছাবোৰৰ লগত যুঁজিব পাৰিম আৰু তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰিম। আমি এইদৰে কিয় কʼব পাৰোঁ? কাৰণ তেওঁ বাইবেলত আগতীয়াকৈ লিখুৱাইছে যে তেওঁৰ বিশ্বাসী লোকসকলৰ এটা ডাঙৰ জাক মহা-সংকটৰ পৰা বাচি ওলাব। আমি জানোঁ যে যিহোৱাই কেতিয়াও মিছা কথা নকয়। যেতিয়া তেওঁ কʼলে যে এটা ডাঙৰ জাক নতুন পৃথিৱীলৈ যাব, তেতিয়া ইয়াৰ অৰ্থ আছিল যে তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে যে বহুতো লোকে “নিজৰ কাপোৰ ভেড়া পোৱালিৰ তেজেৰে ধুই বগা” কৰিব আৰু ঈশ্বৰৰ দৃষ্টিত ভাল ব্যক্তি বুলি প্ৰমাণিত হʼব। (প্ৰকা. ৭:৯, ১৩, ১৪) ইয়াৰ পৰা জানিব পাৰিব যে যিহোৱাই আমাক আশাহীন আৰু ক্ষমতাহীন বুলি নাভাবে। তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি নিজৰ বেয়া ইচ্ছাবোৰৰ লগত যুঁজিব পাৰোঁ।

৬-৭. চয়তানে আমাক কি কথাৰ বিশ্বাস দিব বিচাৰে?

৬ চয়তানে আমাক আৰু এটা কথাৰ ওপৰত বিশ্বাস দিব বিচাৰে। আমি অসিদ্ধ হোৱাৰ বাবে আমাৰ মনত যি বেয়া ইচ্ছা আহে, তাৰ বাবে যিহোৱাই আমাক দোষী বুলি ভাবে আৰু তেওঁ আমাক অনন্ত জীৱন নিদিব বুলি ভবাটো চয়তানে বিচাৰে। কিন্তু সঁচা কথা কʼবলৈ গʼলে চয়তান যিহোৱাৰ দৃষ্টিত দোষী আৰু ঈশ্বৰে তাক অনন্ত জীৱন নিদিব আৰু একেবাৰে ধ্বংস কৰি দিব। (আদি. ৩:১৫; প্ৰকা. ২০:১০) চয়তানৰ ওচৰত কোনো আশা নাই, কিন্তু আমাৰ ওচৰত অনন্ত জীৱন জীয়াই থকাৰ আশা আছে। সেইবাবে, সি আমাক ঈৰ্ষা কৰে আৰু বিশ্বাস দিব বিচাৰে যে আমাৰ ওচৰত অনন্ত জীৱন জীয়াই থকাৰ কোনো আশা নাই, কিন্তু এয়া একেবাৰে মিছা। বাইবেলত কোৱা হৈছে যে যিহোৱাই আমাক দোষী বুলি নাভাবে, কিন্তু আমাক সহায় কৰিব বিচাৰে। ইয়াত লিখা আছে যে “কোনোও ধ্বংস হোৱাটো তেওঁ নিবিচাৰে, ইয়াৰ পৰিৱৰ্তে সকলোৱে অনুতাপ কৰিবলৈ সুযোগ পোৱাটো বিচাৰে।”—২ পিত. ৩:৯.

৭ যদি আমি এয়া মানি লওঁ যে আমি ইমানে আশাহীন আৰু ক্ষমতাহীন যে নিজৰ বেয়া ইচ্ছাবোৰৰ বিৰুদ্ধে যুঁজিব নোৱাৰোঁ বা এয়া চিন্তা কৰোঁ যে যিহোৱাই আমাক দোষী বুলি ভাবে, তেনেহʼলে চয়তানৰ জয় হʼব। কিয় বাৰু? আমি এইদৰে ভবাটো চয়তানে বিচাৰে। যিহেতু আমি এই কথাটো ভালদৰে বুজি পালোঁ, গতিকে আহক আমি চয়তানৰ ভালদৰে সন্মুখীন হওঁ।—১ পিত. ৫:৮, ৯.

অসিদ্ধ হোৱাৰ বাবে আমি কি ভাবিব পাৰোঁ?

৮. পাপৰ অৰ্থ কি? (গীতমালা ৫১:৫) (“ইয়াৰ অৰ্থ কি?” এয়াও চাওক।)

৮ ওপৰত আমি আলোচনা কৰিলোঁ যে আমি নিজৰ বেয়া ইচ্ছাবোৰৰ বিৰুদ্ধে যুঁজিব নোৱাৰোঁ আৰু এই ইচ্ছাবোৰৰ বাবে যিহোৱাৰ দৃষ্টিত দোষী হওঁ বুলি আমি ভবাটো চয়তানে বিচাৰে। কিন্তু আৰু এটা কাৰণৰ বাবে আমি এইদৰে ভাবিব পাৰোঁ। আদম আৰু হৱাৰ পৰা উত্তৰাধিকাৰী হিচাপে আমি পাপ পাইছোঁ আৰু সেই পাপৰ বাবে আমি এইদৰে ভাবিব পাৰোঁ।a—ইয়ো. ১৪:৪; গীতমালা ৫১:৫ পঢ়ক।

৯-১০. (ক) আদম আৰু হৱাৰ ওপৰত পাপে কি প্ৰভাৱ পেলালে? (ছবিখনো চাওক।) (খ) পাপী হোৱাৰ বাবে আমি কেনে অনুভৱ কৰোঁ?

৯ আদম আৰু হৱাৰ ওপৰত পাপৰ কি প্ৰভাৱ পৰিল? যিহোৱাৰ আজ্ঞা উলংঘন কৰাৰ পাছত তেওঁলোকে যিহোৱাৰ পৰা লুকাবলৈ ধৰিলে আৰু নিজৰ শৰীৰ ঢাকিবলৈ ধৰিলে। ইনচাইট অন দ্য স্ক্ৰিপশ্বাৰচ্‌ কিতাপত লিখা আছে, “পাপৰ বাবে তেওঁলোকে (১) দোষী অনুভৱ কৰিবলৈ ধৰিলে, (২) তেওঁলোক চিন্তিত হʼবলৈ ধৰিলে, (৩) ব্যাকুল হʼবলৈ ধৰিলে আৰু (৪) লাজ অনুভৱ কৰিবলৈ ধৰিলে।” এয়া এনে আছিল যেন তেওঁলোকে চাৰিটা কোঠালি থকা এখন ঘৰত বন্দী হৈ গʼল। তেওঁলোকে এখন কোঠালিৰ পৰা আন এখন কোঠালিলৈ যাব পাৰিছিল, কিন্তু ঘৰৰ পৰা বাহিবলৈ ওলাব পৰা নাছিল। ইয়াৰ অৰ্থ হৈছে, তেওঁলোকে পাপী হোৱাৰ বাবে কেতিয়াবা দোষী অনুভৱ কৰিছিল, কেতিয়াবা চিন্তিত হৈ পৰিছিল, কেতিয়াবা ব্যাকুল হৈ পৰিছিল আৰু কেতিয়াবা লাজ অনুভৱ কৰিছিল। কিন্তু তেওঁলোকে কেতিয়াও এই পাপৰ পৰা ওলাই আহিব নোৱাৰিলে হয়।

১০ আদম, হৱা আৰু আমাৰ মাজত এটা পাৰ্থক্য আছে। মুক্তিৰ মূল্যৰ বলিদানৰ পৰা তেওঁলোকৰ একো লাভ নহʼব, কিন্তু আমি ইয়াৰ পৰা লাভৱান হʼব পাৰোঁ। আমি নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰোঁ আৰু শুদ্ধ বিবেকেৰে যিহোৱাৰ সেৱা কৰিব পাৰোঁ। (১ কৰি. ৬:১১) এটা কথা সঁচা যে আমি আদম আৰু হৱাৰ পৰা উত্তৰাধিকাৰী হিচাপে পাপ পাইছোঁ। সেইবাবে, ভুল কৰিলে আমি দোষী অনুভৱ কৰোঁ, চিন্তিত হৈ পৰোঁ, ব্যাকুল হৈ পৰোঁ আৰু লাজ অনুভৱ কৰোঁ। বাইবেলত লিখা আছে যে আমি “আদমৰ দৰে নিয়ম ভাঙি পাপ কৰা” নাই, তথাপিও পাপ আমাৰ ওপৰত ৰাজত্ব কৰি আছে আৰু আমি তাৰ কবলত আছোঁ। (ৰোম. ৫:১৪) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি নিজৰ বেয়া ইচ্ছাবোৰৰ লগত যুঁজিব নোৱাৰোঁ বা ঈশ্বৰৰ দৃষ্টিত আমি দোষী হওঁ। কিন্তু কেতিয়াবা কেতিয়াবা এনেধৰণৰ ভাৱনা আমাৰ মনলৈ আহিব পাৰে আৰু আমি নিৰাশ হʼব পাৰোঁ। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ?

আদম আৰু হৱাই এদন বাগিচাৰ পৰা বাহিৰলৈ গৈ আছে আৰু লাজত মূৰ তললৈ কৰিছে। তেওঁলোকে জন্তুৰ ছাল পিন্ধিছে।

পাপ কৰাৰ বাবে আদম আৰু হৱাই দোষী অনুভৱ কৰিবলৈ ধৰিলে, তেওঁলোকক চিন্তাই আৱৰি ধৰিলে, তেওঁলোক ব্যাকুল হʼবলৈ ধৰিলে আৰু লাজ অনুভৱ কৰিবলৈ ধৰিলে (অনুচ্ছেদ ৯ চাওক)


১১. যেতিয়া আমাৰ মনে আমাক কয় যে আমি নিজৰ বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজিব নোৱাৰোঁ, তেতিয়া আমি কি কৰা উচিত আৰু কিয়? (ৰোমীয়া ৬:১২)

১১ আমি পাপী হোৱাৰ বাবে আমাৰ মনে হয়তো আমাক কʼব পাৰে যে আমি নিজৰ বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজিব নোৱাৰোঁ। কিন্তু আমি নিজৰ মনৰ কথা শুনা উচিত নহয়। কিয় বাৰু? কাৰণ বাইবেল লিখা আছে যে আমি পাপক নিজৰ ওপৰত “ৰজা হৈ ৰাজত্ব” কৰিবলৈ দিব নালাগে। (ৰোমীয়া ৬:১২ পঢ়ক।) ইয়াৰ অৰ্থ হৈছে আমাৰ মনত যেতিয়া বেয়া ইচ্ছা আহে, তেতিয়া আমি সেই অনুসৰি কাম কৰা উচিত নহয়। আমি নিজৰ বেয়া ইচ্ছাবোৰৰ অনুসৰি কাম কৰিম নে নকৰিম, সেয়া আমাৰ ওপৰত আছে। (গালা. ৫:১৬) যিহোৱাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি প্ৰলোভিত হোৱাৰ সময়ত বেয়া ইচ্ছাক অস্বীকাৰ কৰিব পাৰোঁ। তেওঁৰ বিশ্বাস নোহোৱা হʼলে তেওঁ আমাক এইদৰে কৰিবলৈ কেতিয়াও নকʼলেহেঁতেন। (দ্বিতী. ৩০:১১-১৪; ৰোম. ৬:৬; ১ থিচ. ৪:৩) ইয়াৰ পৰা স্পষ্টকৈ জানিব পাৰি যে আমি ইমান আশাহীন আৰু ক্ষমতাহীন নহওঁ যে আমি নিজৰ বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজিব নোৱাৰোঁ।

১২. যেতিয়া আমাৰ মনে কয় যে বেয়া ইচ্ছাৰ বাবে আমি যিহোৱাৰ দৃষ্টিত দোষী হওঁ, তেতিয়া আমি কি কৰা উচিত আৰু কিয়?

১২ ঠিক সেইদৰে যেতিয়া আমাৰ মনে আমাক কয় যে আমি নিজৰ বেয়া ইচ্ছাৰ বাবে যিহোৱাৰ দৃষ্টিত দোষী হওঁ, তেতিয়া আমি তাৰ কথা শুনা উচিত নহয়। কিয় বাৰু? কাৰণ বাইবেলত লিখা আছে যে যিহোৱাই ভালদৰে বুজি পাই যে আমি অসিদ্ধ হওঁ। (গীত. ১০৩:১৩, ১৪) ‘তেওঁ আমাৰ বিষয়ে সকলো জানে।’ (১ যোহ. ৩:১৯, ২০) তেওঁ জানে যে আমি অসিদ্ধ হোৱাৰ বাবে পাপৰ ফালে বেছিকৈ ঢাল খাওঁ, কিন্তু আমি যদি বেয়া ইচ্ছাৰ অনুসৰি কাম নকৰোঁ আৰু পাপৰ পৰা আঁতৰি থাকোঁ, তেনেহʼলে আমি যিহোৱাৰ দৃষ্টিত ভাল ব্যক্তি হৈ থাকিম। আমি এই কথাৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰোঁ?

১৩-১৪. যদি কাৰোবাৰ মনলৈ বেয়া ইচ্ছা আহে, তেনেহʼলে ইয়াৰ অৰ্থ এয়ানে যিহোৱা তেওঁৰ পৰা আনন্দিত নাই? বুজাওক।

১৩ বাইবেলত কোৱা হৈছে যে বেয়া ইচ্ছা থকা আৰু তাৰ অনুসৰি কাম কৰাৰ মাজত পাৰ্থক্য আছে। আমি নিবিচৰাৰ সত্ত্বেও আমাৰ মনলৈ বেয়া ইচ্ছা আহিব পাৰে। কিন্তু আমি তাৰ অনুসৰি কাম কৰাৰ পৰা দূৰত থাকিব পাৰোঁ। উদাহৰণস্বৰূপে, প্ৰথম শতিকাৰ কৰিন্থ মণ্ডলীৰ কিছুমান লোকে খ্ৰীষ্টান হোৱাৰ আগতে সমকামী আছিল। তেওঁলোকৰ বিষয়ে পৌলে লিখিলে, “তোমালোকৰ মাজৰ কিছুমানে আগতে এনে কামবোৰ কৰিছিল।” কিন্তু ইয়াৰ অৰ্থ এয়ানে যে খ্ৰীষ্টান হোৱাৰ পাছত তেওঁলোকৰ মনলৈ এনেধৰণৰ চিন্তা কেতিয়াও অহা নাছিল। এইদৰে কোৱাটো উচিত নহʼব। কাৰণ এনেধৰণৰ চিন্তা মনত থাকি যায় আৰু তাৰ পৰা ওলাই অহাটো ইমান সহজ নহয়। এনেধৰণৰ ইচ্ছা মনলৈ বাৰে বাৰে আহিব পাৰে। কিন্তু কৰিন্থ মণ্ডলীৰ যিসকল খ্ৰীষ্টানে আত্মসংযম বজাই ৰাখিলে আৰু নিজৰ বেয়া ইচ্ছাৰ অনুসৰি কাম নকৰিলে, তেওঁলোকৰ পৰা যিহোৱা আনন্দিত আছিল আৰু তেওঁলোক যিহোৱাৰ দৃষ্টিত “শুচি” আছিল।—১ কৰি. ৬:৯-১১.

১৪ আজি আমিও তেওঁৰ দৃষ্টিত শুচি হʼব পাৰোঁ। আপুনি যি বেয়া ইচ্ছাৰ লগত যুঁজি আছে, তাৰ ওপৰত আপুনি জয় লাভ কৰিব পাৰে। আপুনি হয়তো সেই বেয়া ইচ্ছাক সম্পূৰ্ণৰূপে মনৰ পৰা উলিয়াই পেলাব নোৱাৰে, কিন্তু আপুনি আত্মসংযম বজাই ৰাখিব পাৰে। আপুনি সেই বেয়া ইচ্ছাৰ অনুসৰি কাম কৰাৰ পৰা দূৰত থাকিব পাৰে, “যি আপোনাৰ শৰীৰে বিচাৰে আৰু চিন্তা কৰে।” (ইফি. ২:৩) আপুনি এয়া কেনেকৈ কৰিব পাৰে, আহক চাওঁ?

বেয়া ইচ্ছাৰ লগত কেনেকৈ যুঁজিব পাৰোঁ?

১৫. বেয়া ইচ্ছাৰ লগত যুঁজিবলৈ আমি কি কৰিব লাগিব আৰু কিয়?

১৫ নিজৰ বেয়া ইচ্ছাৰ লগত যুঁজিবলৈ হʼলে আপুনি নিজৰ দুৰ্বলতাবোৰ মানি লোৱা আৰু “মিছা প্ৰমাণবোৰৰ যোগেদি” নিজকে নঠগাটো অতি গুৰুত্বপূৰ্ণ। (যাকো. ১:২২) যেনে, আপুনি হয়তো বহুত মদ খায়, কিন্তু আপুনি নিজকে প্ৰমাণ দিয়ে যে ‘মই কʼতনো ইমান বেছি মদ খাওঁ, আনেটো মোতকৈ বেছি মদ খায়।’ বা হয়তো আপুনি বিবাহিত আৰু পৰ্ণগ্ৰাফী চোৱাৰ অভ্যাস আছে। এনে পৰিস্থিতিত আপুনি হয়তো নিজকে কʼব পাৰে, ‘মোৰ পত্নীয়ে মোক প্ৰেম কৰে হʼলে আৰু মোৰ ওপৰত ধ্যান দিয়া হʼলে মোৰ অশ্লীল ছবি চাবলৈ মন গʼলহেঁতেন জানোঁ?’ যদি আপুনি নিজকে এনেধৰণৰ প্ৰমাণ দিয়ে, তেনেহʼলে আপুনি সহজতে ভুল কাম কৰিব। সেইবাবে, নিজৰ মনতো এই বেয়া কামবোৰক সঠিক হয় বুলি প্ৰমাণ নিদিব। ইয়াৰ পৰিৱৰ্তে নিজৰ ভুল মানি লওক আৰু শুধৰণি কৰক।—গালা. ৬:৭

১৬. সঠিক কাম কৰাৰ আপোনাৰ ইচ্ছা কেনেকৈ মজবুত কৰিব পাৰে?

১৬ নিজৰ দুৰ্বলতা মানি লোৱাৰ লগতে বেয়া ইচ্ছাবোৰৰ আগত হাৰ নামানিম বুলি থিৰাং কৰাটো অতি গুৰুত্বপূৰ্ণ। (১ কৰি. ৯:২৬, ২৭; ১ থিচ. ৪:৪; ১ পিত. ১:১৫, ১৬) আপুনি এয়া কেনেকৈ কৰিব পাৰে? প্ৰথমতে আপোনাৰ দুৰ্বলতা কি, সেয়া চিনাক্ত কৰক। আপুনি কোনটো সময় আৰু পৰিস্থিতিত প্ৰলোভিত হʼব পাৰে। যেনে, যেতিয়া আপুনি বহুত ভাগৰি পৰে, তেতিয়া আপুনি বেয়া কাম কৰিবলৈ প্ৰলোভিত হʼব পাৰে নে? বা বেছি ৰাতি হʼলে আপোনাৰ বেয়া কাম কৰিবলৈ মন যাব পাৰে নে? এনে পৰিস্থিতিত আপুনি কি কৰিব, তাৰ বিষয়ে আগতীয়াকৈ চিন্তা কৰক। যদি আপুনি আগতীয়াকৈ এইদৰে চিন্তা কৰে, তেনেহʼলে পৰীক্ষাত নপৰিব।—হিতো. ২২:৩.

১৭. যোচেফৰ পৰা আমি কি শিকিব পাৰোঁ? (আদিপুস্তক ৩৯:৭-৯) (ছবিখনো চাওক।)

১৭ চিন্তা কৰক, যেতিয়া পোটীফৰৰ পত্নীয়ে যোচেফক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ কি কৰিলে। তেওঁ লগে লগে মানা কৰিলে আৰু তাৰ পৰা পলাই গʼল। (আদিপুস্তক ৩৯:৭-৯ পঢ়ক।) ইয়াৰ পৰা কি জানিব পাৰি? যোচেফে আন তিৰোতাৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক নাৰাখিব বুলি আগতীয়াকৈ ভাবি থৈছিল। ঠিক সেইদৰে আমিও আগতীয়াকৈ থিৰাং কৰা উচিত যে যেতিয়া আমাক প্ৰলোভিত কৰা হʼব, তেতিয়া আমি কি কৰিম। এইদৰে কৰিলে যেতিয়া আমাৰ ওপৰত পৰীক্ষা আহিব, তেতিয়া আমি সঠিক পদক্ষেপ লʼব পাৰিম। কাৰণ আগতীয়াকৈ আমি সেই বিষয়ে ভাবি ৰাখিছোঁ।

ছবি: ১. যোচেফে পোটীফৰৰ পত্নীৰ পৰা পলাই আছে। পোটীফৰৰ পত্নী হাতত যোচেফৰ কাপোৰ আছে। ২. স্কুলত এজনী ছোৱালীয়ে এজন ডেকা ভাইৰ লগত ফ্লাৰ্ট কৰি আছে আৰু ভাইজনে তাইক মানা কৰি আছে।

পাপ কৰিবলৈ প্ৰলোভিত হোৱাৰ সময়ত যোচেফৰ দৰে লগে লগে পদক্ষেপ লওক (অনুচ্ছেদ ১৭ চাওক)


‘নিজকে চালি-জাৰি চাই থাকক’

১৮. বেয়া ইচ্ছাৰ ওপৰত জয় লাভ কৰিবলৈ আপুনি কি কৰিব পাৰে? (২ কৰিন্থীয়া ১৩:৫)

১৮ নিজৰ দুৰ্বলতাবোৰৰ ওপৰত জয় লাভ কৰিবলৈ ‘নিজকে চালি-জাৰি চাই থকাটো’ অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অৰ্থ হৈছে আমি নিজৰ দুৰ্বলতাবোৰৰ বিষয়ে নিয়মীয়াকৈ চালি-জাৰি চাই থকা উচিত। (২ কৰিন্থীয়া ১৩:৫ পঢ়ক।) আমি এয়া কেনেকৈ কৰিব পাৰোঁ? নিজৰ চিন্তা আৰু কামৰ বিষয়ে চালি-জাৰি চাওক আৰু যদি কʼৰবাত শুধৰণি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে কৰক। ধৰি লওক, আপোনাৰ মনলৈ কিবা বেয়া ইচ্ছা আহিল আৰু আপুনি তাক অস্বীকাৰ কৰিলে, তথাপিও নিজকে সোধক, ‘ইয়াক অস্বীকাৰ কৰিবলৈ মোক কিমান সময় লাগিল?’ যদি অলপ সময় লাগিল, তেনেহʼলে নিজকে দোষ নিদিব। ইয়াৰ পৰিৱৰ্তে চিন্তা কৰক যে অহাবাৰ লগে লগে অস্বীকাৰ কৰিবলৈ আপুনি কি কৰিব পাৰে? ইয়াৰ বাবে আপুনি নিজকে এনেধৰণৰ প্ৰশ্ন সুধিব: ‘মই আৰু সোনকালে বেয়া ইচ্ছাক অস্বীকাৰ কৰিব পাৰোঁ নে? মই যেনেধৰণৰ মনোৰঞ্জন কৰোঁ, তাৰ বাবে এইবোৰক অস্বীকাৰ কৰিবলৈ মোৰ বাবে কঠিন হৈছে নে? যদি কোনো এটা বেয়া দৃশ্য আহে, তেনেহʼলে লগে লগে মই তাক চাবলৈ বন্ধ কৰোঁ নে? আত্মসংযম বজাই ৰখাটো যিহোৱাই বিচাৰে আৰু এইদৰে কৰিবলৈ পৰিশ্ৰম প্ৰয়োজন হয়। কিন্তু তেওঁৰ কথা পালন কৰিলেহে মোৰ লাভ হʼব, এই কথাৰ ওপৰত মই বিশ্বাস কৰোঁ নে?’—গীত. ১০১:৩.

১৯. সৰু সৰু ভুল নিৰ্ণয় লোৱাৰ বাবে বেয়া ইচ্ছাৰ লগত যুঁজিবলৈ কেনেকৈ কঠিন হʼব পাৰে?

১৯ নিজকে চালি-জাৰি চাওঁতে ধ্যান দিয়ক যে নিজৰ ভুলৰ বাবে মনতে সেইবোৰ সঠিক বুলি প্ৰমাণ যাতে নিদিয়ে। বাইবেলত লিখা আছে, “মন সকলোতকৈ কপটময়। আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি।” (যিৰি. ১৭:৯) যীচুৱেও কৈছিল যে ‘মনৰ পৰা বেয়া চিন্তা ওলায়।’ (মথি ১৫:১৯) উদাহৰণস্বৰূপে, যিজন ব্যক্তিয়ে আগতে পৰ্ণগ্ৰাফী চাবলৈ এৰি দিছে আৰু কিছু সময়ৰ পাছত এনেধৰণৰ ছবি চাবলৈ ধৰে, যি তেওঁক ইমান বেয়া যে নালাগে আৰু তেওঁ নিজকে এনেধৰণৰ প্ৰমাণ দিয়ে, ‘এই ছবি ইমানো বেয়া নহয়, ইয়াত কাৰোবাক উলঙ্গটো দেখুৱা নাই!’ বা এয়াও হʼব পাৰে যে তেওঁ বেয়া কামৰ বিষয়ে চিন্তা কৰি আছে আৰু ভাবে যে ‘ইয়াত কিনো ভুল আছে; মই কেৱল ভাবিহে আছোঁ, কৰাটো নাই!’ এয়া এনে হয় যে তেওঁৰ হৃদয়ে “শৰীৰৰ ইচ্ছা পূৰ কৰাৰ পৰিকল্পনা” কৰি আছে। (ৰোম. ১৩:১৪) আপুনি এইদৰে কৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰে? মনত ৰাখক, সৰু সৰু ভুল নিৰ্ণয়ৰ পৰা আপুনি এটা ডাঙৰ ভুল কৰিব পাৰে। সেইবাবে, প্ৰতিটো নিৰ্ণয় ভাবি-চিন্তি লওক।b বেয়া কামবোৰৰ বাবে বাহানা নবনাব, তাৰ পৰিৱৰ্তে ‘বেয়া চিন্তাক’ লগে লগে অস্বীকাৰ কৰক।

২০. (ক) নতুন পৃথিৱীৰ বিষয়ে আমি কি আশা ৰাখিব পাৰোঁ? (খ) আজি আমি বেয়া ইচ্ছাবোৰৰ লগত কেনেকৈ যুঁজিব পাৰোঁ?

২০ আমি শিকিলোঁ যে বেয়া ইচ্ছাবোৰক অস্বীকাৰ কৰিবলৈ যিহোৱাই আমাক শক্তি দিয়ে। তেওঁ আমাৰ বাবে মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰিছে, যাৰ বাবে আমি নতুন পৃথিৱীত অনন্ত জীৱন পাব পাৰোঁ। ইয়াৰ বাবে আমি তেওঁৰ বহুত কৃতজ্ঞ। খন্তেকৰ বাবে চিন্তা কৰকচোন, নতুন পৃথিৱীত আমি আৰু কেতিয়াও বেয়া ইচ্ছাবোৰৰ লগত যুঁজিবলগীয়া নহʼব, তেতিয়া আমি যিহোৱাৰ সেৱা কৰি কিমান আনন্দিত হʼম। কিন্তু সেই সময় নহালৈকে, আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে আমি নিজৰ বেয়া ইচ্ছাবোৰৰ লগত যুঁজিব পাৰোঁ। আমি এই ইচ্ছাবোৰৰ আগত ক্ষমতাহীন আৰু আশাহীন নহওঁ বা এই ইচ্ছাবোৰৰ যিহোৱাই আমাক দোষী বুলি নাভাবে। এইবোৰৰ লগত যুঁজিবলৈ আমি যি পৰিশ্ৰম কৰি আছে, তাত যিহোৱাই আশীৰ্বাদ দিব। বিশ্বাস ৰাখক, আমি এই বেয়া ইচ্ছাবোৰৰ ওপৰত নিশ্চয় জয় লাভ কৰিব পাৰিম!

আপুনি কেনেকৈ উত্তৰ দিব?

  • যদি আমি ভাবোঁ যে আমি বেয়া ইচ্ছাবোৰৰ লগত যুঁজিব নোৱাৰোঁ বা যিহোৱাৰ দৃষ্টিত দোষী হওঁ, তেনেহʼলে আমি কি মনত ৰখা উচিত?

  • পাপে যাতে আমাৰ ওপৰত “ৰজা হৈ ৰাজত্ব” নকৰে, তাৰ বাবে আমি কি কৰিব পাৰোঁ?

  • আমি কেনেকৈ “নিজকে চালি-জাৰি” চাই থাকিব পাৰোঁ?

গীত নং ১২২ ‘যিহোৱাৰ সেৱাত থিৰে থাকা’

a ইয়াৰ অৰ্থ কি: যেতিয়া কোনো এজন ব্যক্তিয়ে বেয়া কাম কৰে, যেনে: চোৰ কৰে, ব্যভিচাৰ কৰে বা কাৰোবাৰ হত্যা কৰে, তেনেহʼলে তাক বাইবেলত “পাপ” বুলি কোৱা হৈছে। (যাত্ৰা. ২০:১৩-১৫; ১ কৰি. ৬:১৮) বাইবেলৰ কিছুমান পদত আমাৰ অসিদ্ধতা বা পাপী অৱস্থাক পাপ বুলি কোৱা হৈছে। পাপ আমাৰ মাজত জন্মৰে পৰা আছে, এয়া আমি আদম-হৱাৰ পৰা পাইছোঁ। সেইবাবে, যদিও আমি বেয়া কাম কৰা নাই, তথাপি আমি পাপী হওঁ।

b মন কৰক যে হিতোপদেশ ৭:৭-২৩ পদত কোৱা ডেকা ব্যক্তিজনে কেনেকৈ সৰু সৰু ভুল নিৰ্ণয় লʼলে, যাৰ বাবে তেওঁ অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখাৰ ডাঙৰ পাপ কৰিলে।

c ছবিৰ বিষয়ে: বাওঁফালে: এজন ডেকা ভায়ে কফি চপত বহি আছে আৰু দুজন পুৰুষে এজন-আনজনক প্ৰেম কৰাটো চাই আছে। সোঁফালে: দুজন ব্যক্তিয়ে চিগাৰেট খাই আছে আৰু এজনী তেওঁলোকক চাই আছে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক