প্ৰশাসন গোষ্ঠীৰ দুজন নতুন সদস্য
অক্টোবৰ ৫, ২০২৪ চনৰ বাৰ্ষিক সভাত এটা বিশেষ ঘোষণা কৰা হৈছিল। তাত কোৱা হৈছিল ভাই জডী জেডেলী আৰু জেকব ৰাম্ফ এতিয়াৰ পৰা যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ সেৱক হিচাপে সেৱা কৰিব। দুয়োজন ভাই দীঘলীয়া সময় ধৰি যিহোৱাৰ বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি আছে।
জডী জেডেলী আৰু তেওঁৰ পত্নী ডেমাৰিচ
ভাই জডী জেডেলীৰ জন্ম আমেৰিকাৰ মিজুৰী ৰাজ্যত হৈছিল। তেওঁ নিজৰ মা-দেউতাৰ পৰা সত্য শিকিছিল। তেওঁ যʼত থাকিছিল তাৰ অলপ দূৰত এনে এলেকা আছিল য’ত বহুত কম প্ৰচাৰ হৈছিল। প্ৰায়ে তাত বেলেগ বেলেগ ঠাইৰ ভাই-ভনীসকলে প্ৰচাৰ কৰিবলৈ আহিছিল। তেওঁলোকৰ মাজত থকা প্ৰেম আৰু একতাই ভাইৰ ওপৰত গভীৰ প্ৰভাৱ পেলালে। সেইবাবে, ১৯৮৩ চনৰ ১৫ অক্টোবৰত ভায়ে বাপ্তিষ্মা লʼলে। তেওঁ প্ৰচাৰ কৰি বহুত ভাল পাইছিল। সেইবাবে, তেওঁ স্কুলৰ পঢ়া শেষ কৰাৰ পাছত ১৯৮৯ চনৰ ছেপ্টেম্বৰ মাহত অগ্ৰগামী সেৱা আৰম্ভ কৰিলে।
যেতিয়া ভাই জেডেলী সৰু আছিল, তেতিয়া তেওঁৰ মা-দেউতাই তেওঁক আৰু তেওঁৰ ভণ্টীক বেথেল দেখুৱাবলৈ লৈ গৈছিল। সেইবাবে, তেওঁলোকে বেথেল যোৱাৰ লক্ষ্য ৰাখিলে আৰু সেই লক্ষ্যত উপনীত হʼল। ১৯৯০ চনৰ ছেপ্টেম্বৰ মাহত ভাই জেডেলী ৱালকিল বেথেললৈ আহিল। তেওঁ প্ৰথমে পৰিস্কাৰ কৰা বিভাগত কাম কৰিলে আৰু পাছত চিকিৎসালয় সেৱা বিভাগত।
সেই সময়ছোৱাত বেথেলৰ আশে-পাশে থকা স্পেইনী ভাষা কোৱা মণ্ডলীবোৰত ভাইসকলৰ প্ৰয়োজন আছিল। সেইবাবে, ভাই জেডেলীয়ে এনে এখন মণ্ডলীত গৈ সেৱা কৰিবলৈ ধৰিলে আৰু স্পেইনী ভাষা শিকিবলৈ ধৰিলে। কিছু সময়ৰ পাছত তেওঁ ভনী ডেমাৰিচক লগ পালে, যিজনী সেই চাৰ্কিটতে অগ্ৰগামী সেৱা কৰিছিল। আগলৈ গৈ তেওঁলোকে বিয়া পাতিলে আৰু ভনীও বেথেলত সেৱা কৰিবলৈ ধৰিলে।
নিজৰ মা-দেউতাৰ চোৱা-চিতা কৰিবলৈ ভাই আৰু ভনীয়ে ২০০৫ চনত বেথেল সেৱা এৰিবলগীয়া হʼল। সেই সময়ছোৱাত তেওঁলোকে অগ্ৰগামী সেৱা কৰিলে। ভায়ে অগ্ৰগামী সেৱা স্কুলত শিকালে, চিকিৎসালয় যোগাযোগ সমিতি আৰু আঞ্চলিক নিৰ্মাণ সমিতিতো কাম কৰিলে।
ভাই আৰু ভনীক ২০১৩ চনত ৱাৰউইকত হৈ থকা নিৰ্মাণ কামৰ বাবে বেথেলত মতা হʼল, তাৰ পাছত তেওঁলোকে পেটৰচনৰ ৱালকিল বেথেলত সেৱা কৰিলে। ভাই জেডেলীয়ে স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা বিভাগ আৰু চিকিৎসালয়ৰ তথ্য সেৱাসমূহত কাম কৰিলে। মাৰ্চ ২০২৩ চনত ভাইক সেৱা সমিতিৰ সহায়ক হিচাপে নিযুক্ত কৰা হʼল। ভায়ে এতিয়ালৈকে বহুতো দায়িত্ব পালন কৰিছে আৰু তেওঁ এইদৰে কয়, “যেতিয়া কোনো এটা নতুন কাম কৰিবলৈ কোৱা হয়, তেতিয়া অলপ ভয় লাগে কিন্তু সেই সময়ত যিহোৱাৰ ওপৰত ভৰসা ৰখা উচিত, কাৰণ তেওঁ যি বিচাৰে সেয়া হʼব পাৰে আৰু আমাকো বনাব পাৰে।
জেকব ৰাম্ফ আৰু তেওঁৰ পত্নী ইংগা
ভাই জেকব ৰাম্ফৰ জন্ম আমেৰিকাৰ কেলিফʼৰ্ণিয়া ৰাজ্যত হৈছিল। তেওঁৰ মা এগৰাকী যিহোৱাৰ সাক্ষী আছিল, কিন্তু তেওঁ সভা আৰু প্ৰচাৰলৈ যোৱা নাছিল। তথাপিও তেওঁ সৰুৰে পৰা ভাইক বাইবেলৰ পৰা কিছুমান কথা জনাইছিল। প্ৰতি বছৰে ভায়ে নিজৰ আইতাক লগ কৰিবলৈ গৈছিল। আইতাকে বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছিল। তেওঁ ভাইৰ মনত সত্যৰ প্ৰতি প্ৰেম বঢ়ালে। সেইবাবে, ১৩ বচৰৰ বয়সত ভাই বাইবেল অধ্যয়ন আৰম্ভ কৰিলে আৰু কিছু সময়ৰ পাছতে ১৯৯২ চনৰ ২৭ ছেপ্টেম্বৰত তেওঁ বাপ্তিষ্মা লʼলে। তেওঁৰ মা আকৌ উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে। তেওঁৰ দেউতা আৰু ভাই-ভনীয়ে সত্যত উন্নতি কৰিলে আৰু বাপ্তিষ্মা লʼলে।
যেতিয়া ভাই ডেকা আছিল, তেতিয়া তেওঁ দেখিলে যে অগ্ৰগামী সেৱা কৰা ভাই-ভনীসকলে কিমান আনন্দত থাকে। সেইবাবে, স্কুলৰ পঢ়া শেষ কৰাৰ পাছত ১৯৯৫ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। পাছত তেওঁ ২০০০ চনত ইকুৱেডৰ দেশলৈ গʼল, য’ত প্ৰচাৰকৰ বেছি প্ৰয়োজন আছিল। তাত তেওঁ কানাডাৰ এজনী অগ্ৰগামী সেৱা কৰা ভনী ইংগাক লগ পালে। পাছত তেওঁলোকে বিয়া পাতিলে আৰু পাছত তেওঁলোকে ইকুৱেডৰৰ এখন সৰু চহৰত সেৱা কৰিবলৈ ধৰিলে, যʼত প্ৰচাৰকৰ কেৱল এটা সৰু সমূহ আছিল, আজি তাত এটা ডাঙৰ মণ্ডলী আছে।
আগলৈ গৈ তেওঁলোকক বিশেষ অগ্ৰগামী সেৱক হিচাপে নিযুক্ত কৰা হʼল আৰু তেওঁলোকে চাৰ্কিটৰ কামো কৰিলে। ২০১১ চনত তেওঁলোকক গিলিয়াড স্কুলৰ ১৩২ তম ক্লাচত মতা হʼল। গ্ৰেজুৱেট হোৱাৰ পাছত তেওঁলোকে বেলেগ বেলেগ দেশত বেলেগ বেলেগ ধৰণৰ সেৱা কৰিলে। যেনে, বেথেল সেৱা, মিচনেৰী সেৱা আৰু চাৰ্কিচৰ কাম কৰিলে। ভাই ৰাম্ফে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলতো শিকোৱাৰ সুযোগ পালে।
কভিড ১৯ মহামাৰীৰ বাবে ভাই আৰু ভনীক আমেৰিকালৈ আকৌ উভতি আহিবলগীয়া হʼল। পাছত তেওঁলোকক ৱালকিল বেথেলত সেৱা কৰিবলৈ মতা হʼল। তাত ভাইক সেৱা বিভাগত কাম কৰিবলৈ ট্ৰেইনিং দিয়া হʼল। কিছু সময়ৰ পাছত তেওঁলোকক আকৌ ইকুৱেডৰৰ শাখা কাৰ্য্যালয়লৈ পঠোৱা হʼল। তাত ভায়ে শাখা সমিতিৰ সদস্য হিচাপে সেৱা কৰিলে। ২০২৩ চনত তেওঁলোকক ৱাৰৱিক বেথেললৈ মতা হʼল। ভাইক ২০২৪ চনৰ জানুৱাৰী মাহত সেৱা সমিতিৰ সহায়ক হিচাপে নিযুক্ত কৰা হʼল। ভায়ে বেলেগ বেলেগ ঠাইত সেৱা কৰিলে কিন্তু তেওঁ কয়, “যিকোনো এচাইনমেন্ট ঠাইৰ বাবে নহয়, লোকসকলৰ বাবে বিশেষ হয়।”
আমি এই ভাইসকলৰ পৰিশ্ৰমৰ বাবে হৃদয়েৰে কৃতজ্ঞ আৰু ‘এনে ভাইসকলক মূল্যৱান বুলি ভাবোঁ।’—ফিলি. ২:২৯.