ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৯
  • ঈশ্বৰৰ এটা নাম আছে নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ এটা নাম আছে নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • যিহোৱা কোন হয়?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • ঈশ্বৰৰ নাম—ইয়াৰ ব্যৱহাৰ আৰু অৰ্থ
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ নাম কি হয়?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৯
হীব্ৰু ভাষাত ঈশ্বৰৰ নাম

ঈশ্বৰৰ এটা নাম আছে নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

সকলো মানুহৰ এটা ব্যক্তিগত নাম আছে। গতিকে ঈশ্বৰৰো এটা নাম থকাটো যুক্তিসংগত নহʼবনে? এটা নাম থকা আৰু সেই নাম ব্যৱহাৰ কৰা ইজনে-সিজনৰ লগত বন্ধুত্ব গঢ়ি তোলাত এক মুখ্য ভূমিকা পালন কৰে। তেনেহʼলে ঈশ্বৰৰ লগত বন্ধুত্ব কৰাৰ ক্ষেত্ৰত পাৰ্থক্য থকা উচিত নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলত ঈশ্বৰে এইদৰে কৈছে: “মই যিহোৱা, এয়েই মোৰ নাম; মই মোৰ গৌৰৱ অন্যক, বা মোৰ প্ৰশংসা কটা-মূৰ্ত্তিবোৰক নিদিওঁ।” (যিচয়া ৪২:৮) ঈশ্বৰৰ বহুতো উপাধি আছে, যেনে “সৰ্ব্বশক্তিমান,” “প্ৰভু,” “সৃষ্টিকৰ্ত্তা” আদি। তেওঁ উপাসকসকলক নিজৰ ব্যক্তিগত নাম সম্বোধন কৰিবলৈ আহ্বান কৰাৰ যোগেদি তেওঁলোকক সন্মান দেখুৱাইছে।—আদিপুস্তক ১৭:১; পাঁচনিৰ কৰ্ম্ম ৪:২৪; ১ পিতৰ ৪:১৯.

যাত্ৰাপুস্তক ৬:৩ পদত উল্লেখ থকা ঈশ্বৰৰ ব্যক্তিগত নামটো বাইবেলৰ বিভিন্ন অনুবাদত অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াত এইদৰে উল্লেখ আছে: “মই অব্ৰাহামৰ আগত, ইচ্‌হাকৰ আগত, আৰু যাকোবৰ আগতো সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ, কিন্তু মোৰ যিহোৱা নামৰ দ্বাৰাই মই সিবিলাকক পৰিচয় দিয়া নাই।”

অসমীয়া ভাষাত ঈশ্বৰৰ নাম যিহোৱা হয় আৰু ইয়াক বহু শতিকাৰপৰা ব্যৱহাৰ কৰি অহা হৈছে। বহুতো বিদ্ধান লোকে যিহোৱাৰ নামটো “ইয়াৱেহ” বুলি বানান কৰি ভাল পায়। কিন্তু “যিহোৱা,” এই বানান বহুলভাৱে প্ৰচলিত। বাইবেলৰ পুৰণি নিয়ম, ইংৰাজী ভাষাত লিখা হোৱা নাছিল, কিন্তু ইয়াক হীব্ৰু ভাষাত লিখা হৈছিল। এই ভাষাৰ লেখনিবোৰ সোঁহাতৰপৰা বাওঁহাতলৈ পঢ়া হয়। ঈশ্বৰৰ নামটো হীব্ৰু ভাষাত এই চাৰিটা ব্যঞ্জন বৰ্ণৰে লিখা হৈছিল, יהוה। এই চাৰিটা হীব্ৰু বৰ্ণক YHWH বুলি অনুবাদ কৰা হৈছে আৰু ইয়াক টেট্ৰাগ্ৰামেটন বুলি কোৱা হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক