বৰদিনৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
যীচু খ্ৰীষ্টৰ জন্ম কোন তাৰিখে হৈছিল, তাৰ বিষয়ে বাইবেলত কোনো বৰ্ণনা নাই। আনকি যীচুৰ জন্মদিন পালন কৰা উচিত বুলিও বাইবেলে উল্লেখ কৰা নাই। মাকলিনট্ক আৰু ষ্ট্ৰংগৰ চাইক্লোপিডিয়াই এইদৰে কৈছে: “ঈশ্বৰে আমাক বৰদিন পালন কৰিবলৈ আজ্ঞা কৰা নাই আৰু বৰদিনৰ বিষয়ে নতুন নিয়মতো উল্লেখ নাই।”
যদি আমি ইতিহাসত চালি-জাৰি চাওঁ, তেনেহʼলে দেখিবলৈ পাওঁ যে বৰদিনৰ আৰম্ভণি মিছা ধৰ্ম্মৰপৰা হৈছে। বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰে যে যদি আমি ঈশ্বৰে অনুমোদন নকৰা কোনো উপায়েৰে তেওঁক উপাসনা কৰোঁ, তেনেহʼলে তেওঁক অসন্তুষ্ট কৰা হʼব।—যাত্ৰাপুস্তক ৩২:৫-৭.
বৰদিনৰ ইতিহাস
১. যীচুৰ জন্মদিন: “আৰম্ভণিৰ খ্ৰীষ্টানসকলে [যীচুৰ] জন্মদিন পালন কৰা নাছিল। যিকোনো লোকৰ জন্মদিন পালন কৰাটো তেওঁলোকে মিছা ধৰ্ম্মৰ লগত তুলনা কৰিছিল।”—দ্য ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়া।
২. ২৫ ডিচেম্বৰ: ২৫ ডিচেম্বৰত যীচুৰ জন্ম হৈছিল বুলি কোনো প্ৰমাণ নাই। মকৰ সংক্ৰান্তিৰ দিনাখন বা সেইসময়ছোৱাত পালন কৰা মিছা ধৰ্ম্মৰ উৎসৱৰপৰা গীৰ্জাৰ ধৰ্ম্মগুৰুসকলে হয়তো এই তাৰিখটো বাছনি কৰিছে।
৩. উপহাৰ দিয়া, আনন্দ-ফূৰ্তি কৰা, ভোজ খোৱা: দ্যা এনচাইক্লোপিডিয়া আমেৰিকানাই এইদৰে বৰ্ণনা কৰিছে: “প্ৰাচীন ৰোমানসকলে ডিচেম্বৰ মাহৰ মাজ ভাগত চাটাৰনেলি উৎসৱ পালন কৰিছিল। ইয়াৰপৰাই বৰদিনৰ বহুতো আনন্দ-ফূৰ্তিৰ প্ৰথা আৰম্ভ হয়। উদাহৰণস্বৰূপে, বৰদিনত আনন্দ-ফূৰ্তি কৰা, এজনে-আনজনক উপহাৰ দিয়া আৰু মমবাতি জ্বলোৱা আদি প্ৰথা চাটাৰনেলি উৎসৱৰপৰা লোৱা হৈছে।” দ্যা এনচাইক্লোপিডিয়া ব্ৰিটানিকাই উল্লেখ কৰিছে যে চাটাৰনেলি উৎসৱৰ সময়ছোৱাত “সকলো ধৰণৰ কাম-কাজ আৰু ব্যৱসায় বন্ধ কৰি ৰখা হৈছিল।”
৪. বৰদিনৰ লাইট: দ্যা এনচাইক্লোপিডিয়া অফ্ ৰিলিজনৰ অনুসৰি মকৰ সংক্ৰান্তিক পালন কৰিবলৈ আৰু দুষ্ট আত্মাক প্ৰতিৰোধ কৰিবলৈ ইউৰোপৰ লোকসকলে তেওঁলোকৰ ঘৰবোৰ “লাইট আৰু সকলো ধৰণৰ সেউজীয়া জোপোহাৰে” সজাইছিল।
৫. বৰদিনৰ গছ: “গছ-গছনিক উপাসনা কৰাটো সাধাৰণতে মূৰ্ত্তিপূজা কৰা ইউৰোপীয় লোকসকলৰ মাজত দেখা গৈছিল। এই লোকসকলে খ্ৰীষ্টান ধৰ্ম্মলৈ পৰিৱৰ্তন হোৱাৰ পাছতো গছ-গছনিক উপাসনা কৰিবলৈ ত্যাগ নকৰিলে।” “শীতকালৰ মধ্য ভাগত ঘৰৰ সন্মুখত বা ঘৰৰ ভিতৰত বৰদিনৰ গছ ৰখাৰ প্ৰথা আছিল” আৰু এইদৰে গছ উপাসনা কৰাটো থাকি গʼল।—এনচাইক্লোপিডিয়া ব্ৰিটানিকা।