ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৩৬
  • যীচু খ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিল?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু খ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিল?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • ডিচেম্বৰ মাহৰ ২৫ তাৰিখে কিয় বৰদিন পালন কৰা হয়?
  • বৰদিনৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৩৬

যীচু খ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিল?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

নিম্নলিখিত তথ্যবোৰে প্ৰমাণ কৰে যে যীচুৰ জন্মৰ নিৰ্দিষ্ট তাৰিখ বাইবেলে উল্লেখ কৰা নাই:

  • “যীচু প্ৰকৃততে কোন তাৰিখে জন্ম হৈছিল, তাৰ বিষয়ে কোনেও নাজানে।”—নিউ কেথʼলিক এনচাইক্লোপিডিয়া।

  • “যীচুৰ জন্মৰ সঠিক তাৰিখটো জনা নাযায়।”—এনচাইক্লোপিডিয়া অফ্‌ আৰলি খ্ৰীষ্টীয়ানিটি।

‘যীচুৰ জন্ম কেতিয়া হৈছিল?’ ইয়াৰ উত্তৰ বাইবেলে পোনপটীয়াকৈ দিয়া নাই। কিন্তু যীচুৰ জন্মৰ সময়ত ঘটা দুটা ঘটনাই প্ৰমাণ কৰে যে তেওঁৰ জন্ম ২৫ ডিচেম্বৰত হোৱা নাছিল।

শীতকালত নহয়।

  1. ১. পঞ্জীয়ন: যীচুৰ জন্মৰ কিছু দিনৰ আগত আগস্ত কৈচৰে জগতৰ সকলোৰে ‘নাম লিখিবলৈ’ আদেশ জাৰি কৰিছিল। সকলোৱে “নিজৰ নিজৰ নগৰলৈ” গৈ নাম পঞ্জীয়ন কৰাৰ প্ৰয়োজন আছিল। এই যাত্ৰাৰ বাবে হয়তো তেওঁলোকক এসপ্তাহ বা তাতকৈ বেছি সময় লাগিছিল। (লূক ২:১-৩) কৰ দিয়া আৰু সৈন্যদলত ভৰ্ত্তি কৰাটো বাধ্যতামূলক কৰিবলৈ এই আদেশ হয়তো জাৰি কৰা হৈছিল আৰু বছৰৰ যিকোনো সময়ত এই কাৰ্য্যৰ বাবে কোনেও পছন্দ নকৰিলেহেঁতেন। আগস্ত কৈচৰে শীতকালত এক দীঘলীয়া যাত্ৰাৰ বাবে লোকসকলক বাধ্য কৰায় তেওঁলোকক কেতিয়াও ক্ৰোধিত নকৰিব।

  2. ২. মেৰবিলাক। মেৰৰখীয়াবিলাকে “পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল।” (লূক ২:৮) দেইলি লাইফ ইন দা টাইম অফ যিচাচ্‌ নামৰ কিতাপখনে বৰ্ণনা কৰিছে যে “নিস্তাৰ পৰ্ব্বৰ আগৰ সপ্তাহৰপৰা [মাৰ্চৰ শেষৰফালে]” নবেম্বৰ মাহৰ মাজ ভাগলৈকে মেৰৰ জাকবোৰ মুকলি আকাশৰ তলত থাকিব পাৰিছিল। এই কিতাপখনে আৰু আগলৈ কয় যে “তেওঁলোকে শীতকালত নিজকে ৰক্ষা কৰিবলৈ কোনো এক নিৰাপদ স্থানত আশ্ৰয় লৈছিল। ইয়াৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে পৰম্পৰাগতভাৱে ব্যৱহাৰ হোৱা বৰদিনৰ দিনটো শীতকালত সম্ভৱ নহয়। কিয়নো শুভবাৰ্ত্তাৰ কিতাপে বৰ্ণনা কৰিছে যে মেৰৰখীয়াবিলাকে নিজৰ নিজৰ জাকক ৰাতি পৰ দি আছিল।”

শৰৎকালৰ আৰম্ভণিত

যদি আমি যীচুৰ মৃত্যু হোৱা দিনটো অৰ্থাৎ ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ১৪ তাৰিখৰপৰা উলটাকৈ গণনা কৰোঁ, তেতিয়া আমি তেওঁৰ জন্মদিনটো অনুমান কৰিবলৈ সক্ষম হʼম। (যোহন ১৯:১৪-১৬) যীচুৱে প্ৰায় ৩০ বছৰ বয়সত, চাৰে তিনি বছৰীয়া পৰিচৰ্য্যা কাৰ্য্য আৰম্ভ কৰিছিল। ইয়াৰপৰা আমি অনুমান কৰিব পাৰোঁ যে যীচুৰ জন্ম খ্ৰীষ্টপূৰ্ব দুইৰ শৰৎকালত হৈছিল।—লূক ৩:২৩.

ডিচেম্বৰ মাহৰ ২৫ তাৰিখে কিয় বৰদিন পালন কৰা হয়?

যীচুৰ জন্ম ২৫ ডিচেম্বৰত হৈছিল বুলি কোনো প্ৰমাণ নাই। তেনেহʼলে এই তাৰিখত কিয় বৰদিন পালন কৰা হয়? এনচাইক্লোপিডিয়া ব্ৰিটানিকাই বৰ্ণনা কৰিছে যে গীৰ্জাৰ পাদুৰীসকলে হয়তো “ৰোমানসকলে পালন কৰা ‘অজয়ী সূৰ্য্যৰ জন্মদিনৰ’ লগত ইয়াক যোগ কৰিব বিচাৰিছিল।” এনচাইক্লোপিডিয়া আমেৰিকানাৰ অনুসৰি বহুতো বিদ্ধানে বিশ্বাস কৰে যে “মূৰ্ত্তিপূজা ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম্মলৈ পৰিৱৰ্তন হোৱা লোকসকলক যাতে আকৰ্ষণ কৰিব পাৰে, তাৰ বাবে ধৰ্ম্মীয় নেতাসকলে এই উৎসৱক ‘খ্ৰীষ্টানৰ’ ৰূপ দি ইয়াক পালন কৰিবলৈ আৰম্ভ কৰে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক