ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৩৮
  • মোৰ জীৱনৰপৰা ঈশ্বৰে কি বিচাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মোৰ জীৱনৰপৰা ঈশ্বৰে কি বিচাৰে?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • আমাৰ জীৱনৰ উদ্দেশ্য কি?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • যিহোৱাৰ কাষত থাকক
    বাইবেলে আমাক কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰ কোন হয়?
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৩৮

মোৰ জীৱনৰপৰা ঈশ্বৰে কি বিচাৰে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

ঈশ্বৰে বিচাৰে যে আপুনি তেওঁক ভালদৰে জনা, তেওঁৰ বন্ধু হোৱা, সম্পূৰ্ণ হৃদয়েৰে তেওঁক প্ৰেম কৰা আৰু তেওঁৰ সেৱা কৰা। (মথি ২২:৩৭, ৩৮; যাকোব ৪:৮) যীচুৰ জীৱন আৰু তেওঁৰ শিক্ষাৰপৰা, আপুনি ঈশ্বৰৰ ইচ্ছা কেনেকৈ পূৰ কৰিব পাৰি, তাৰ বিষয়ে জানিব পাৰিব। (যোহন ৭:১৬, ১৭) যীচুৱে কেৱল ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে শিক্ষা দিছিল এনে নহয়, কিন্তু তেওঁ নিজেও সেই ইচ্ছা অনুসৰি জীৱন অতিবাহিত কৰিছিল। আনকি যীচুৱে তেওঁৰ জীৱনৰ উদ্দেশ্যৰ বিষয়ে এইদৰে কৈছিল: “মই মোৰ নিজৰ বাঞ্চা পূৰ কৰিবলৈ নহয়, মোক পঠোৱা জনাৰহে বাঞ্চা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছোঁ।”—যোহন ৬:৩৮.

মোৰ জীৱনৰপৰা ঈশ্বৰে কি বিচাৰে, তাৰ বিষয়ে জানিবলৈ ঈশ্বৰে মোৰ লগত চমৎকাৰীৰূপে যোগাযোগ কৰিব নেকি?

এনেদৰে কেতিয়াও যোগযোগ নকৰে। কিয়নো মানৱজাতিৰ বাবে দিয়া ঈশ্বৰৰ বাৰ্ত্তা বাইবেলত উল্লেখ আছে। “সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত” হʼবলৈ যি প্ৰয়োজন, এই সকলো বৰ্ণনা আছে। (২ তীমথিয় ৩:১৬, ১৭) ঈশ্বৰে আপোনাৰ পৰা কি বিচাৰে, তাৰ বিষয়ে জানিবলৈ আপুনি বাইবেলৰ লগতে আপোনাৰ ‘যুক্তি’ কৰাৰ ক্ষমতা ব্যৱহাৰ কৰাটো তেওঁ বিচাৰে।—ৰোমীয়া ১২:১, ২; ইফিচীয়া ৫:১৭.

মই ঈশ্বৰৰ ইচ্ছা পূৰ কৰাটো সম্ভৱনে?

আপুনি এইদৰে কৰাটো সম্ভৱ। কিয়নো পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে কৈছে: “তেওঁৰ [ঈশ্বৰৰ] আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” (১ যোহন ৫:৩) ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাটো আমাৰ বাবে সদায় সহজ। কিন্তু আপুনি যিমানেই চেষ্টা কৰিব ইয়াৰ পৰিণাম সিমানেই ভাল হʼব। যীচুৱে নিজেই এইদৰে কৈছিল: “যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁবিলাকহে ধন্য।”—লূক ১১:২৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক