শুক্ৰবাৰ, ৩ অক্টোবৰ
প্ৰতিজনে কেৱল নিজৰ বিষয়ে চিন্তা নকৰক, ইয়াৰ পৰিৱৰ্তে আনৰ বিষয়েও চিন্তা কৰক।—ফিলি. ২:৪.
পৌলে আনৰ বিষয়ে চিন্তা কৰিবলৈ ফিলিপীত থকা ভাই-ভনীসকলক ভাবিবলৈ উৎসাহিত কৰিছিল। এই পৰামৰ্শ আমি সভাৰ সময়ত কেনেকৈ মানিব পাৰোঁ? আমি মনত ৰখা উচিত যে আমাৰ নিচিনাই ভাই-ভনীসকলে সভাত উত্তৰ দিব বিচাৰে। চিন্তা কৰকচোন, যেতিয়া আপুনি নিজৰ বন্ধুৰ লগত কথা পাতে, তেতিয়া অকল আপুনিয়েই কথা পাতি থাকেনে? নিশ্চয় নাপাতে, আপুনি তেওঁকো কথা পাতিবলৈ সুযোগ দিয়ে। ঠিক সেইদৰে সভাবোৰত বেছিভাগ ভাই-ভনীয়ে উত্তৰ দিবলৈ সুযোগ পোৱাটো আমি বিচাৰিম। আচলতে ভাই-ভনীসকলক উৎসাহিত কৰাৰ এটা ভাল উপায় হৈছে, আমি তেওঁলোকক নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈ সুযোগ দিয়া। (১ কৰি. ১০:২৪) সেইবাবে আপুনি যাতে চুটিকৈ উত্তৰ দিয়ে, তাৰ বিষয়ে ধ্যান দিব পাৰে। এইদৰে কৰিলে আন ভাই-ভনীসকলেও উত্তৰ দিবলৈ সুযোগ পাব। চুটিকৈ উত্তৰ দিয়াৰ লগতে আপুনি যাতে বহুতো বিষয় একেলগে নকয়, তাৰ প্ৰতিও ধ্যান দিয়া উচিত। যদি আপুনি অনুচ্ছেদত দিয়া সকলো কথা কৈ দিয়ে, তেনেহʼলে আন ভাই-ভনীসকলে সুযোগেই নাপাব। w২৩.০৪ ২২-২৩ ¶১১-১৩
শনিবাৰ, ৪ অক্টোবৰ
মই সকলো শুভবাৰ্তাৰ কাৰণে কৰোঁ যাতে এই খবৰ মই আনক শুনাব পাৰোঁ।—১ কৰি. ৯:২৩.
আমি মনত ৰখা উচিত যে আনক সহায় কৰি থকাটো অতি প্ৰয়োজন, বিশেষকৈ প্ৰচাৰ কামৰ যোগেদি। সেইবাবে প্ৰচাৰত সাল-সলনি কৰিবলৈ আমি সাজু থকা উচিত। আমি যিসকল লোকক প্ৰচাৰ কৰোঁ, তেওঁলোক বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে, তেওঁলোকৰ ব্যৱহাৰ-পাতি বেলেগ বেলেগ আৰু ঈশ্বৰৰ ওপৰত বিশ্বাসো সকলোৰে বেলেগ থাকে। লোকসকলৰ পৰিস্থিতিক মনত ৰাখি তেওঁলোকৰ লগত কথা পতাৰ ক্ষেত্ৰত পৌল এটা ভাল উদাহৰণ হয়। পৌলক যীচুৱে ‘পৰজাতিবিলাকৰ নিমিত্তে পাঁচনি নিযুক্ত’ কৰিছিল। (ৰোম. ১১:১৩) কিন্তু তেওঁ যিহূদীয়া, গ্ৰীক, পঢ়া-লিখা লোক, গাঁৱলীয়া, ডাঙৰ ডাঙৰ অধিকাৰী আৰু ৰজাসকলকো প্ৰচাৰ কৰিলে। এনেধৰণৰ বেলেগ বেলেগ লোকসকলৰ অন্তৰত সত্যৰ বীজ সিঁচিবলৈ পৌলে “সকলোলৈকে সকলো প্ৰকাৰ” হʼল। (১ কৰি. ৯:১৯-২২) তেওঁ এই কথাৰ ওপৰতো ধ্যান দিলে যে যিসকল লোকক তেওঁ প্ৰচাৰ কৰি আছে তেওঁলোকৰ সংস্কৃতি কি, কি পৰিৱেশত ডাঙৰ-দীঘল হৈছে আৰু তেওঁলোকৰ বিশ্বাস কি? ইয়াৰ পাছত তেওঁ তাৰ অনুসৰি নিজৰ প্ৰচাৰ কৰাৰ উপায় সাল-সলনি কৰিছিল। ঠিক সেইদৰে যদি আমি চিন্তা কৰোঁ যে আমি বেলেগ বেলেগ লোকৰ লগত কিহৰ বিষয়ে কথা পতা উচিত আৰু তাৰ অনুসৰি নিজৰ প্ৰচাৰ কৰাৰ উপায় সাল-সলনি কৰোঁ, তেনেহʼলে আমি তেওঁলোকক ভালদৰে প্ৰচাৰ কৰিব পাৰিম। w২৩.০৭ ২৩ ¶১১-১২
দেওবাৰ, ৫ অক্টোবৰ
প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে; কিন্তু সকলোকে মৃদুভাৱে ব্যৱহাৰ কৰা উচিত।—২ তীম. ২:২৪.
মৃদুভাৱ বা কোমল স্বভাৱৰ হোৱাটো দুৰ্বলতা নহয়। কাৰণ কোনো কঠিন পৰিস্থিতিত নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ শক্তিৰ প্ৰয়োজন হয়। মৃদুভাৱ বা কোমলতা পবিত্ৰ শক্তিৰ ফলৰ এটা ভাগ হয়। (গালা. ৫:২২, ২৩) বাইবেলত যি গ্ৰীক শব্দৰ অনুবাদ মৃদুভাৱ কৰা হৈছে, সেই শব্দ প্ৰায় এনে বনৰীয়া ঘোঁৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যাক নিয়ন্ত্ৰণত থাকিবলৈ শিকোৱা হৈছে। চিন্তা কৰক, এটা বনৰীয়া ঘোঁৰা শান্ত হৈ থাকিবলৈ শিকিছে। যদিও সি শান্ত হৈ আছে, তথাপি এতিয়াও সি শক্তিশালী। গতিকে, আমি কি কৰিব পাৰোঁ যাতে কোমল স্বভাৱ আমাৰ শক্তি হৈ পৰে? আমি এয়া নিজৰ শক্তিৰে কৰিব নোৱাৰোঁ। ইয়াৰ বাবে আমি যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচাৰিব লাগিব যাতে আমি অন্তৰত ভাল গুণ বঢ়াব পাৰোঁ। বহুতো ভাই-ভনীয়ে এইদৰেই কৰিলে। যেনে, লোকসকলে তেওঁলোকৰ লগত তৰ্ক কৰোঁতে তেওঁলোকে শান্ত হৈ থাকিল আৰু আন লোকসকলৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিলে।—২ তীম. ২:২৪, ২৫. w২৩.০৯ ১৫ ¶৩