বৃহস্পতিবাৰ, ২ অক্টোবৰ
তুমি দেখোন উত্তম দ্ৰাক্ষাৰস এতিয়াও ৰাখি থৈছা।—যোহ. ২:১০.
যীচুৰ এই চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? আমাক নম্ৰ হোৱা উচিত। যীচুৱে এই চমৎকাৰৰ বাবে ফিতাহি মৰা নাছিল। যীচুৱে যি কৰিছিল, তাৰ বাবে কেতিয়াও ফিতাহি মৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নম্ৰ আছিল আৰু তেওঁ কৰা কামৰ সকলো প্ৰশংসা আৰু মহিমা নিজৰ পিতৃ যিহোৱাক দিছিল। (যোহ. ৫:১৯, ৩০; ৮:২৮) আমিও যীচুৰ দৰে নম্ৰ হোৱা উচিত আৰু নিজৰ সফলতাৰ বাবে কেতিয়াও ফিতাহি মৰা উচিত নহয়। তাৰ পৰিৱৰ্তে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পোৱাৰ যি সন্মান পাইছোঁ, তাৰ বাবে গৰ্ব কৰা উচিত। (যিৰি. ৯:২৩, ২৪) আহক আমি নিজৰ কামৰ প্ৰশংসা যিহোৱাক দিওঁ, কিয়নো তেওঁৰ সহায়ৰ বাবে আমি সকলো কাম কৰিব পাৰোঁ। (১ কৰি. ১:২৬-৩১) যেতিয়া আমি নম্ৰ হওঁ, তেতিয়া আনৰ কাৰণে কৰা ভাল কামৰ প্ৰশংসা আমি নিজেই নলওঁ। এয়া জানি আমি আনন্দিত হওঁ যে আমি আনৰ বাবে যি কৰোঁ, সেয়া যিহোৱাই চাই আৰু ইয়াক মূল্যাংকন কৰে। (মথি ৬:২-৪; ইব্ৰী ১৩:১৬ পদৰ লগত তুলনা কৰক।) সঁচাকৈ, যীচুৰ দৰে নম্ৰ হʼলে যিহোৱাই আনন্দিত হয়।—১ পিত. ৫:৬. w২৩.০৪ ৪ ¶৯, ৫ ¶১১-১২
শুক্ৰবাৰ, ৩ অক্টোবৰ
প্ৰতিজনে কেৱল নিজৰ বিষয়ে চিন্তা নকৰক, ইয়াৰ পৰিৱৰ্তে আনৰ বিষয়েও চিন্তা কৰক।—ফিলি. ২:৪.
পৌলে আনৰ বিষয়ে চিন্তা কৰিবলৈ ফিলিপীত থকা ভাই-ভনীসকলক ভাবিবলৈ উৎসাহিত কৰিছিল। এই পৰামৰ্শ আমি সভাৰ সময়ত কেনেকৈ মানিব পাৰোঁ? আমি মনত ৰখা উচিত যে আমাৰ নিচিনাই ভাই-ভনীসকলে সভাত উত্তৰ দিব বিচাৰে। চিন্তা কৰকচোন, যেতিয়া আপুনি নিজৰ বন্ধুৰ লগত কথা পাতে, তেতিয়া অকল আপুনিয়েই কথা পাতি থাকেনে? নিশ্চয় নাপাতে, আপুনি তেওঁকো কথা পাতিবলৈ সুযোগ দিয়ে। ঠিক সেইদৰে সভাবোৰত বেছিভাগ ভাই-ভনীয়ে উত্তৰ দিবলৈ সুযোগ পোৱাটো আমি বিচাৰিম। আচলতে ভাই-ভনীসকলক উৎসাহিত কৰাৰ এটা ভাল উপায় হৈছে, আমি তেওঁলোকক নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈ সুযোগ দিয়া। (১ কৰি. ১০:২৪) সেইবাবে আপুনি যাতে চুটিকৈ উত্তৰ দিয়ে, তাৰ বিষয়ে ধ্যান দিব পাৰে। এইদৰে কৰিলে আন ভাই-ভনীসকলেও উত্তৰ দিবলৈ সুযোগ পাব। চুটিকৈ উত্তৰ দিয়াৰ লগতে আপুনি যাতে বহুতো বিষয় একেলগে নকয়, তাৰ প্ৰতিও ধ্যান দিয়া উচিত। যদি আপুনি অনুচ্ছেদত দিয়া সকলো কথা কৈ দিয়ে, তেনেহʼলে আন ভাই-ভনীসকলে সুযোগেই নাপাব। w২৩.০৪ ২২-২৩ ¶১১-১৩
শনিবাৰ, ৪ অক্টোবৰ
মই সকলো শুভবাৰ্তাৰ কাৰণে কৰোঁ যাতে এই খবৰ মই আনক শুনাব পাৰোঁ।—১ কৰি. ৯:২৩.
আমি মনত ৰখা উচিত যে আনক সহায় কৰি থকাটো অতি প্ৰয়োজন, বিশেষকৈ প্ৰচাৰ কামৰ যোগেদি। সেইবাবে প্ৰচাৰত সাল-সলনি কৰিবলৈ আমি সাজু থকা উচিত। আমি যিসকল লোকক প্ৰচাৰ কৰোঁ, তেওঁলোক বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে, তেওঁলোকৰ ব্যৱহাৰ-পাতি বেলেগ বেলেগ আৰু ঈশ্বৰৰ ওপৰত বিশ্বাসো সকলোৰে বেলেগ থাকে। লোকসকলৰ পৰিস্থিতিক মনত ৰাখি তেওঁলোকৰ লগত কথা পতাৰ ক্ষেত্ৰত পৌল এটা ভাল উদাহৰণ হয়। পৌলক যীচুৱে ‘পৰজাতিবিলাকৰ নিমিত্তে পাঁচনি নিযুক্ত’ কৰিছিল। (ৰোম. ১১:১৩) কিন্তু তেওঁ যিহূদীয়া, গ্ৰীক, পঢ়া-লিখা লোক, গাঁৱলীয়া, ডাঙৰ ডাঙৰ অধিকাৰী আৰু ৰজাসকলকো প্ৰচাৰ কৰিলে। এনেধৰণৰ বেলেগ বেলেগ লোকসকলৰ অন্তৰত সত্যৰ বীজ সিঁচিবলৈ পৌলে “সকলোলৈকে সকলো প্ৰকাৰ” হʼল। (১ কৰি. ৯:১৯-২২) তেওঁ এই কথাৰ ওপৰতো ধ্যান দিলে যে যিসকল লোকক তেওঁ প্ৰচাৰ কৰি আছে তেওঁলোকৰ সংস্কৃতি কি, কি পৰিৱেশত ডাঙৰ-দীঘল হৈছে আৰু তেওঁলোকৰ বিশ্বাস কি? ইয়াৰ পাছত তেওঁ তাৰ অনুসৰি নিজৰ প্ৰচাৰ কৰাৰ উপায় সাল-সলনি কৰিছিল। ঠিক সেইদৰে যদি আমি চিন্তা কৰোঁ যে আমি বেলেগ বেলেগ লোকৰ লগত কিহৰ বিষয়ে কথা পতা উচিত আৰু তাৰ অনুসৰি নিজৰ প্ৰচাৰ কৰাৰ উপায় সাল-সলনি কৰোঁ, তেনেহʼলে আমি তেওঁলোকক ভালদৰে প্ৰচাৰ কৰিব পাৰিম। w২৩.০৭ ২৩ ¶১১-১২