ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

বুধবাৰ, ১ অক্টোবৰ

যি বুদ্ধি স্বৰ্গৰ পৰা পোৱা যায়, সি আজ্ঞা মানিবলৈ সাজু থাকে।—যাকো. ৩:১৭.

আপোনাক কেতিয়াবা আনৰ কথা মানিবলৈ কঠিন লাগেনে? ৰজা দায়ূদক কঠিন লাগিছিল। সেইবাবে, তেওঁ যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, ‘উদাৰ আত্মা দি মোক ধৰি ৰাখা’ যাতে আপোনাৰ আজ্ঞাবোৰ মই পালন কৰিব পাৰোঁ। (গীত. ৫১:১২) দায়ূদে যিহোৱাক বহুত প্ৰেম কৰিছিল, তথাপি কেতিয়াবা কেতিয়াবা তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ দায়ূদক কঠিন লাগিছিল। আজি আমাকো তেওঁৰ কথা মানিবলৈ কেতিয়াবা কেতিয়াবা কঠিন লাগিব পাৰে। কিয় বাৰু? প্ৰথম কথা, জন্মৰে পৰা আমাৰ সকলোৰে আজ্ঞা নমনাৰ এটা স্বভাৱ থাকে। দ্বিতীয় কথা, চয়তানে যেনেকৈ যিহোৱাৰ বিৰোধে কাম কৰিলে, তেনেকৈ আমিও যাতে কৰোঁ, তাৰ বাবে চয়তানে সদায় চেষ্টা কৰি থাকে। (২ কৰি. ১১:৩) তৃতীয় কথা, আমি এনে এখন জগতত জীয়াই আছোঁ, য’ত বেছিভাগ লোকে বিদ্ৰোহ কৰে আৰু আজ্ঞা নমনাটোৱে তেওঁলোকৰ স্বভাৱ হয়। (ইফি. ২:২) গতিকে আমি নিজৰ বেয়া কাম কৰাৰ ইচ্ছাৰ বিৰোধ কৰা আৰু চয়তান আৰু এই জগতৰ লোকসকলৰ দৰে বিদ্ৰোহী নোহোৱাটো অতি প্ৰয়োজন। সেইবাবে, আমি যিহোৱা আৰু তেওঁ যিসকলক অধিকাৰ দিছে, তেওঁলোকৰ আজ্ঞা মানিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি থকা উচিত। w২৩.১০ ৬ ¶১

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বৃহস্পতিবাৰ, ২ অক্টোবৰ

তুমি দেখোন উত্তম দ্ৰাক্ষাৰস এতিয়াও ৰাখি থৈছা।—যোহ. ২:১০.

যীচুৰ এই চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? আমাক নম্ৰ হোৱা উচিত। যীচুৱে এই চমৎকাৰৰ বাবে ফিতাহি মৰা নাছিল। যীচুৱে যি কৰিছিল, তাৰ বাবে কেতিয়াও ফিতাহি মৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নম্ৰ আছিল আৰু তেওঁ কৰা কামৰ সকলো প্ৰশংসা আৰু মহিমা নিজৰ পিতৃ যিহোৱাক দিছিল। (যোহ. ৫:১৯, ৩০; ৮:২৮) আমিও যীচুৰ দৰে নম্ৰ হোৱা উচিত আৰু নিজৰ সফলতাৰ বাবে কেতিয়াও ফিতাহি মৰা উচিত নহয়। তাৰ পৰিৱৰ্তে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পোৱাৰ যি সন্মান পাইছোঁ, তাৰ বাবে গৰ্ব কৰা উচিত। (যিৰি. ৯:২৩, ২৪) আহক আমি নিজৰ কামৰ প্ৰশংসা যিহোৱাক দিওঁ, কিয়নো তেওঁৰ সহায়ৰ বাবে আমি সকলো কাম কৰিব পাৰোঁ। (১ কৰি. ১:২৬-৩১) যেতিয়া আমি নম্ৰ হওঁ, তেতিয়া আনৰ কাৰণে কৰা ভাল কামৰ প্ৰশংসা আমি নিজেই নলওঁ। এয়া জানি আমি আনন্দিত হওঁ যে আমি আনৰ বাবে যি কৰোঁ, সেয়া যিহোৱাই চাই আৰু ইয়াক মূল্যাংকন কৰে। (মথি ৬:২-৪; ইব্ৰী ১৩:১৬ পদৰ লগত তুলনা কৰক।) সঁচাকৈ, যীচুৰ দৰে নম্ৰ হʼলে যিহোৱাই আনন্দিত হয়।—১ পিত. ৫:৬. w২৩.০৪ ৪ ¶৯, ৫ ¶১১-১২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শুক্ৰবাৰ, ৩ অক্টোবৰ

প্ৰতিজনে কেৱল নিজৰ বিষয়ে চিন্তা নকৰক, ইয়াৰ পৰিৱৰ্তে আনৰ বিষয়েও চিন্তা কৰক।—ফিলি. ২:৪.

পৌলে আনৰ বিষয়ে চিন্তা কৰিবলৈ ফিলিপীত থকা ভাই-ভনীসকলক ভাবিবলৈ উৎসাহিত কৰিছিল। এই পৰামৰ্শ আমি সভাৰ সময়ত কেনেকৈ মানিব পাৰোঁ? আমি মনত ৰখা উচিত যে আমাৰ নিচিনাই ভাই-ভনীসকলে সভাত উত্তৰ দিব বিচাৰে। চিন্তা কৰকচোন, যেতিয়া আপুনি নিজৰ বন্ধুৰ লগত কথা পাতে, তেতিয়া অকল আপুনিয়েই কথা পাতি থাকেনে? নিশ্চয় নাপাতে, আপুনি তেওঁকো কথা পাতিবলৈ সুযোগ দিয়ে। ঠিক সেইদৰে সভাবোৰত বেছিভাগ ভাই-ভনীয়ে উত্তৰ দিবলৈ সুযোগ পোৱাটো আমি বিচাৰিম। আচলতে ভাই-ভনীসকলক উৎসাহিত কৰাৰ এটা ভাল উপায় হৈছে, আমি তেওঁলোকক নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈ সুযোগ দিয়া। (১ কৰি. ১০:২৪) সেইবাবে আপুনি যাতে চুটিকৈ উত্তৰ দিয়ে, তাৰ বিষয়ে ধ্যান দিব পাৰে। এইদৰে কৰিলে আন ভাই-ভনীসকলেও উত্তৰ দিবলৈ সুযোগ পাব। চুটিকৈ উত্তৰ দিয়াৰ লগতে আপুনি যাতে বহুতো বিষয় একেলগে নকয়, তাৰ প্ৰতিও ধ্যান দিয়া উচিত। যদি আপুনি অনুচ্ছেদত দিয়া সকলো কথা কৈ দিয়ে, তেনেহʼলে আন ভাই-ভনীসকলে সুযোগেই নাপাব। w২৩.০৪ ২২-২৩ ¶১১-১৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক