মঙ্গলবাৰ, ৩০ ছেপ্টেম্বৰ
ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব। —১ কৰি. ১০:১৩.
যদি আপুনি সমৰ্পণৰ সময়ত কৰা প্ৰাৰ্থনাৰ বিষয়ে ভাবিব, তেনেহʼলে প্ৰলোভিত হʼলেও আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব। যেনে, আপুনি কোনো বিবাহিত ব্যক্তিৰ লগত ফ্লাৰ্টিং নকৰিব, কিয়নো আপুনি আগতেই যিহোৱাক প্ৰতিজ্ঞা কৰিছে যে যিকোনো পৰিস্থিতিত আপুনি তেওঁৰ বিশ্বাসী হৈ থাকিব। যদি আপুনি এইদৰে কৰে, তেনেহʼলে বেয়া ইচ্ছাবোৰ আপোনাৰ মনলৈ আহিলেও আপুনি তাক মনৰ পৰা উলিয়াব পাৰিব আৰু আপোনাৰ মনে আপোনাক কেতিয়াও দোষ নিদিব। এইদৰে আপুনি ‘দুষ্টবোৰৰ বাটৰ’ পৰা “বিমুখ” হʼব। (হিতো. ৪:১৪, ১৫) আপুনি যীচুৰ উদাহৰণ মনত ৰাখিব, যিজনে যিকোনো পৰিস্থিতিত নিজৰ পিতৃৰ মন আনন্দিত কৰিব বিচাৰিছিল। আপুনি এনে সকলো কাম কৰিবলৈ মানা কৰিব, যিয়ে আপোনাক যিহোৱাৰ ইচ্ছা পূৰ কৰাত বাধা দিব পাৰে। (মথি ৪:১০; যোহ. ৮:২৯) যেতিয়া আপোনাক প্ৰলোভিত কৰা হয় বা আপোনাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া আপুনি এয়া দেখুৱাৰ সুযোগ পাব যে আপুনি যিকোনো পৰিস্থিতিত যীচুৰ ‘পিছে পিছে চলিব’ বিচাৰে। w২৪.০৩ ৯-১০ ¶৮-১০
বুধবাৰ, ১ অক্টোবৰ
যি বুদ্ধি স্বৰ্গৰ পৰা পোৱা যায়, সি আজ্ঞা মানিবলৈ সাজু থাকে।—যাকো. ৩:১৭.
আপোনাক কেতিয়াবা আনৰ কথা মানিবলৈ কঠিন লাগেনে? ৰজা দায়ূদক কঠিন লাগিছিল। সেইবাবে, তেওঁ যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, ‘উদাৰ আত্মা দি মোক ধৰি ৰাখা’ যাতে আপোনাৰ আজ্ঞাবোৰ মই পালন কৰিব পাৰোঁ। (গীত. ৫১:১২) দায়ূদে যিহোৱাক বহুত প্ৰেম কৰিছিল, তথাপি কেতিয়াবা কেতিয়াবা তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ দায়ূদক কঠিন লাগিছিল। আজি আমাকো তেওঁৰ কথা মানিবলৈ কেতিয়াবা কেতিয়াবা কঠিন লাগিব পাৰে। কিয় বাৰু? প্ৰথম কথা, জন্মৰে পৰা আমাৰ সকলোৰে আজ্ঞা নমনাৰ এটা স্বভাৱ থাকে। দ্বিতীয় কথা, চয়তানে যেনেকৈ যিহোৱাৰ বিৰোধে কাম কৰিলে, তেনেকৈ আমিও যাতে কৰোঁ, তাৰ বাবে চয়তানে সদায় চেষ্টা কৰি থাকে। (২ কৰি. ১১:৩) তৃতীয় কথা, আমি এনে এখন জগতত জীয়াই আছোঁ, য’ত বেছিভাগ লোকে বিদ্ৰোহ কৰে আৰু আজ্ঞা নমনাটোৱে তেওঁলোকৰ স্বভাৱ হয়। (ইফি. ২:২) গতিকে আমি নিজৰ বেয়া কাম কৰাৰ ইচ্ছাৰ বিৰোধ কৰা আৰু চয়তান আৰু এই জগতৰ লোকসকলৰ দৰে বিদ্ৰোহী নোহোৱাটো অতি প্ৰয়োজন। সেইবাবে, আমি যিহোৱা আৰু তেওঁ যিসকলক অধিকাৰ দিছে, তেওঁলোকৰ আজ্ঞা মানিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি থকা উচিত। w২৩.১০ ৬ ¶১
বৃহস্পতিবাৰ, ২ অক্টোবৰ
তুমি দেখোন উত্তম দ্ৰাক্ষাৰস এতিয়াও ৰাখি থৈছা।—যোহ. ২:১০.
যীচুৰ এই চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? আমাক নম্ৰ হোৱা উচিত। যীচুৱে এই চমৎকাৰৰ বাবে ফিতাহি মৰা নাছিল। যীচুৱে যি কৰিছিল, তাৰ বাবে কেতিয়াও ফিতাহি মৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নম্ৰ আছিল আৰু তেওঁ কৰা কামৰ সকলো প্ৰশংসা আৰু মহিমা নিজৰ পিতৃ যিহোৱাক দিছিল। (যোহ. ৫:১৯, ৩০; ৮:২৮) আমিও যীচুৰ দৰে নম্ৰ হোৱা উচিত আৰু নিজৰ সফলতাৰ বাবে কেতিয়াও ফিতাহি মৰা উচিত নহয়। তাৰ পৰিৱৰ্তে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পোৱাৰ যি সন্মান পাইছোঁ, তাৰ বাবে গৰ্ব কৰা উচিত। (যিৰি. ৯:২৩, ২৪) আহক আমি নিজৰ কামৰ প্ৰশংসা যিহোৱাক দিওঁ, কিয়নো তেওঁৰ সহায়ৰ বাবে আমি সকলো কাম কৰিব পাৰোঁ। (১ কৰি. ১:২৬-৩১) যেতিয়া আমি নম্ৰ হওঁ, তেতিয়া আনৰ কাৰণে কৰা ভাল কামৰ প্ৰশংসা আমি নিজেই নলওঁ। এয়া জানি আমি আনন্দিত হওঁ যে আমি আনৰ বাবে যি কৰোঁ, সেয়া যিহোৱাই চাই আৰু ইয়াক মূল্যাংকন কৰে। (মথি ৬:২-৪; ইব্ৰী ১৩:১৬ পদৰ লগত তুলনা কৰক।) সঁচাকৈ, যীচুৰ দৰে নম্ৰ হʼলে যিহোৱাই আনন্দিত হয়।—১ পিত. ৫:৬. w২৩.০৪ ৪ ¶৯, ৫ ¶১১-১২