ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

বুধবাৰ, ৮ অক্টোবৰ

মই তোমাক কেতিয়াও নেৰিম। —ইব্ৰী ১৩:৫.

যিসকল ভাই প্ৰশাসন গোষ্ঠীৰ সহায়ক হিচাপে কাম কৰে, তেওঁলোকক প্ৰশাসন গোষ্ঠীৰ ভাইসকলে নিজে ট্ৰেইনিং দিয়ে। এই ভাইসকলে সংগঠনত বহুতো ডাঙৰ ডাঙৰ দায়িত্ব চম্ভালি আছে আৰু তেওঁলোকে আগলৈ গৈ খ্ৰীষ্টৰ মেৰবোৰৰ চোৱা-চিতা কৰিবলৈ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে সাজু আছে। বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকল মহা-সংকট শেষ হোৱাৰ অলপ আগতে স্বৰ্গলৈ গুচি যাব, কিন্তু তেতিয়াও পৃথিৱীত শুদ্ধ উপাসনা হৈ থাকিব। মচীহৰ নেতৃত্বত যিহোৱাৰ লোকসকলে বিশ্বাসী হৈ সেৱা কৰি থাকিব। আমি জানোঁ যে সেই সময়ত মাগোগ দেশীয় গোগে অৰ্থাৎ ৰাষ্ট্ৰৰ সমূহে খঙত আমাৰ ওপৰত আক্ৰমণ কৰিব। (যিহি. ৩৮:১৮-২০) কিন্তু এই আক্ৰমণ অলপ সময়ৰ বাবেহে হʼব আৰু শত্ৰুসকলে সফল হʼব নোৱাৰিব, আনহাতে যিহোৱাৰ লোকসকলে তেওঁৰ উপাসনা কৰি থাকিব। যিহোৱাই নিজৰ লোকসকলক নিশ্চয় বচাব। পাঁচনি যোহনে দৰ্শনত মচীহৰ অন্য মেৰেৰে গঠিত এটা “বৰ লোকসমূহ” দেখিলে। যোহনক কোৱা হৈছিল যে এই “বৰ লোকসমূহ” “মহা-ক্লেশৰ পৰা” ওলাই অহা লোক হয়। (প্ৰকা. ৭:৯, ১৪) ইয়াৰ পৰা আমাৰ বিশ্বাস হয় যে যিহোৱাই যিকোনো পৰিস্থিতিতে নিজৰ লোকসকলক ৰক্ষা কৰিব! w২৪.০২ ৫-৬ ¶১৩-১৪

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বৃহস্পতিবাৰ, ৯ অক্টোবৰ

পবিত্ৰ শক্তিৰ জুই নুনুমাবা।—১ থিচ. ৫:১৯.

আমি পবিত্ৰ শক্তি কেনেকৈ পাব পাৰোঁ? ইয়াৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব পাৰোঁ আৰু পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলা যিহোৱাৰ সংগঠনত থাকিব পাৰোঁ। এই সকলো কৰিলে আমি পবিত্ৰ “আত্মাৰ ফল” বিকশিত কৰিব পাৰিম অৰ্থাৎ যিহোৱাৰ দৰে গুণবোৰ বঢ়াব পাৰিম। (গালা. ৫:২২, ২৩ ) ঈশ্বৰে কেৱল সেই লোকসকলক নিজৰ পবিত্ৰ শক্তি দিয়ে, যিসকলে ভাল কথাবোৰৰ বিষয়ে ভাবে আৰু নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰি ৰাখে। আমি বেয়া কথাবোৰৰ বিষয়ে ভাবি থাকিলে আৰু সেইদৰে কাম কৰিলে ঈশ্বৰে আমাক নিজৰ পবিত্ৰ শক্তি দিবলৈ বন্ধ কৰিব। (১ থিচ. ৪:৭, ৮) যদি আমি একেৰাহে পবিত্ৰ শক্তি পাই থাকিবলৈ বিচাৰোঁ, তেনেহʼলে আমি “ভাববাণী হেয়জ্ঞান” কৰিব নালাগে। (১ থিচ. ৫:২০) ইয়াত উল্লেখ কৰা ‘ভাববাণীৰ’ অৰ্থ হৈছে সেই কথাবোৰ যি ঈশ্বৰে নিজৰ পবিত্ৰ শক্তিৰ যোগেদি লিখাইছে, যেনে: তেওঁৰ দিনৰ বিষয়ে আৰু সেই দিন কিমান কাষ চাপিছে তাৰ বিষয়ে। সেইবাবে, মহাক্লেশ আহিবলৈ এতিয়া বহুত সময় আছে আৰু এয়া আমি জীয়াই থকাৰ সময়ত নাহিব বুলি ভবাৰ পৰিৱৰ্তে অতি সোনকালে মহাক্লেশ আহিব বুলি ভবা উচিত। নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰি ৰাখিলে আৰু ঈশ্বৰৰ ‘ভক্তিৰ’ কামবোৰ কৰিলে আমি এইদৰে কৰিব পাৰিম।—২ পিত. ৩:১১, ১২. w২৩.০৬ ১২-১৩ ¶১৩-১৪

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শুক্ৰবাৰ, ১০ অক্টোবৰ

যিহোৱালৈ ভয় ৰখাই প্ৰজ্ঞাৰ আৰম্ভণ।—হিতো. ৯:১০.

যদি আমাৰ ফোন বা কম্পিউটাৰত কিবা অশ্লীল ছবি আহে, তেনেহʼলে খ্ৰীষ্টান হিচাপে আমি কি কৰা উচিত? আমি লগে লগে তাক আঁতৰ কৰা উচিত। সেই সময়ত যদি আমি মনত ৰাখোঁ যে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক কিমান মূল্যৱান, তেনেহʼলে আমি এই পদক্ষেপ লʼব পাৰিম। হয়তো কোনো এটা ছবি আমাক ইমান বেয়া নালাগিবও পাৰে, কিন্তু সেইবোৰ চাই থাকিলে আমাৰ মনত অনৈতিক চিন্তাধাৰা আহিব পাৰে। আমি এনে ছবিবোৰৰ পৰা কিয় আঁতৰি থকা উচিত? কাৰণ আমি এনে কোনো কাম কৰিব নিবিচাৰোঁ, যাৰ বাবে আমাৰ মনত বেয়া ইচ্ছা আহিব পাৰে বা আমি মনতে ব্যভিচাৰ কৰিব পাৰোঁ। (মথি ৫:২৮, ২৯) থাইলেণ্ডত থকা ভাই ডেভিড, যি এজন প্ৰাচীন হয় তেওঁ এইদৰে কৈছে, “মই ভাবোঁ, হয়তো কোনো এখন ছবি ইমান বেয়া নহʼবও পাৰে। কিন্তু যদি মই সেইবোৰ চাই থাকোঁ, তেনেহʼলে যিহোৱাই মোৰ পৰা আনন্দিত হʼবনে? এইদৰে ভবাৰ বাবে মই সঠিক পদক্ষেপ লʼব পাৰিলোঁ।” যদি আমি এই কথাৰ প্ৰতি ভয় ৰাখিম যে কিবা বেয়া কাম কৰিলে আমি যিহোৱাৰ মনক আঘাত দিম, তেনেহʼলে আমি বুদ্ধিৰে কাম কৰিম। আচলতে যিহোৱালৈ ভয় ৰখাই ‘প্ৰজ্ঞাৰ আৰম্ভণি’ হয়। w২৩.০৬ ২৩ ¶১২-১৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক