ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

শুক্ৰবাৰ, ১৮ জুলাই

নিজ পিতৃ ঈশ্বৰৰ উদ্দেশে পুৰোহিত কৰিলে।—প্ৰকা. ১:৬.

যীচুৰ কিছুমান শিষ্যক পবিত্ৰ শক্তিৰে অভিষেক কৰা হৈছে আৰু যিহোৱাৰ লগত তেওঁলোকৰ এটা বিশেষ সম্পৰ্ক আছে। এই ১,৪৪,০০০ জনে স্বৰ্গত যীচুৰ লগত পুৰোহিত হিচাপে সেৱা কৰিব। (প্ৰকা. ১৪:১) যেতিয়া তেওঁলোকে পৃথিৱীতে থাকে, তেতিয়াই ঈশ্বৰে তেওঁলোকক পবিত্ৰ শক্তিৰে অভিষেক কৰি নিজৰ পুত্ৰ হিচাপে তুলি লয়। তম্বুৰ পবিত্ৰস্থানে ঈশ্বৰৰ লগত থকা তেওঁলোকৰ এই বিশেষ সম্পৰ্কক চিত্ৰিত কৰে। (ৰোম. ৮:১৫-১৭) তম্বুৰ অতি পবিত্ৰস্থানে স্বৰ্গক চিত্ৰিত কৰে, যʼত যিহোৱা নিবাস কৰে। পবিত্ৰস্থান আৰু অতি পবিত্ৰস্থানৰ মাজত যি পৰ্দা আছিল, সেয়া যীচুৰ মানৱীয় শৰীৰক চিত্ৰিত কৰে, যাক লৈ তেওঁ স্বৰ্গলৈ যাব নোৱাৰিলেহেঁতেন আৰু লাক্ষণিক মন্দিৰত সেৱা কৰিব নোৱাৰিলেহেঁতেন। যেতিয়া যীচুৱে নিজৰ শৰীৰ লোকসকলৰ বাবে বলিদান দিলে, তেতিয়া তেওঁ সকলো অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে স্বৰ্গলৈ যোৱাৰ বাট মুকলি কৰিলে। তেওঁলোকেও স্বৰ্গত নিজৰ পুৰস্কাৰ পাবলৈ মানৱীয় শৰীৰ ত্যাগ কৰিব লাগিব।—ইব্ৰী ১০:১৯, ২০; ১ কৰি. ১৫:৫০. w২৩.১০ ২৮ ¶১৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শনিবাৰ, ১৯ জুলাই

গিদিয়োন . . . এই সকলোৰে বৃত্তান্ত কবলৈ গলে, সময় নোজোৰে।—ইব্ৰী ১১:৩২.

ইফ্ৰমীয়া লোকসকলে যেতিয়া গিদিয়োনক কাজিয়া কৰিছিল আৰু তেওঁৰ ভুলবোৰৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ খং কৰাৰ পৰিৱৰ্তে শান্ত হৈ আছিল। (বিচা. ৮:১-৩) গিদিয়োনে তেওঁলোকৰ কথা মনোযোগেৰে শুনিছিল আৰু মৰমেৰে তেওঁলোকক উত্তৰ দিছিল। এইদৰে কৰাৰ বাবে তেওঁলোকৰ খং শান্ত হʼল। গিদিয়োনৰ ব্যৱহাৰৰ পৰা জানিব পাৰি যে তেওঁ কিমান নম্ৰ আছিল। প্ৰাচীনসকলেও গিদিয়োনৰ দৰে হʼব পাৰে। তেওঁলোকৰ ভুলৰ বিষয়ে কোনোবাই কোৱাৰ সময়ত প্ৰাচীনসকলে তেওঁলোকৰ কথা মনোযোগেৰে শুনিব পাৰে আৰু নম্ৰতাৰে উত্তৰ দিব পাৰে। (যাকো. ৩:১৩) এইদৰে কৰিলে মণ্ডলীত শান্তি বজাই ৰাখিব পাৰিব। গিদিয়োনে মিদিয়নীয়াবিলাকক পৰাজয় কৰিবলৈ সহায় কৰাৰ বাবে ইস্ৰায়েলীসকলে যেতিয়া তেওঁক প্ৰশংসা কৰিলে, তেতিয়া তেওঁ ইয়াৰ সকলো মহিমা যিহোৱাক দিলে। (বিচা. ৮:২২, ২৩) আজি প্ৰাচীনসকলে গিদিয়োনৰ দৰে কেনেকৈ হʼব পাৰে? তেওঁলোকে যি কৰে তাৰ সকলো মহিমা যিহোৱাক দিব পাৰে। (১ কৰি. ৪:৬, ৭) যেনে, এজন প্ৰাচীনে যদি ভালদৰে শিকায় আৰু ইয়াৰ বাবে তেওঁক প্ৰশংসা কৰা হয়, তেনেহʼলে তেওঁ কʼব পাৰে যে তেওঁ যি শিকালে, সেয়া ঈশ্বৰৰ বাক্যৰ পৰা আছিল বা আমি সকলোৱে যিহোৱাৰ সংগঠনৰ পৰাই শিকোঁ। মাজে সময়ে প্ৰাচীনসকলে চিন্তা কৰিব পাৰে যে তেওঁলোকে যিদৰে শিকায়, তাৰ পৰা লোকসকলে যিহোৱাৰ পৰিৱৰ্তে তেওঁৰ ফালে বেছি ধ্যান দিয়া নাইতো। w২৩.০৬ ৪ ¶৭-৮

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

দেওবাৰ, ২০ জুলাই

মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয়।—যিচ. ৫৫:৮.

হয়তো আমি কোনো কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছোঁ কিন্তু এতিয়ালৈকে সেইমতে হোৱা নাই। এনে পৰিস্থিতিত আমি নিজকে তিনিটা প্ৰশ্ন সুধিব পাৰোঁ, প্ৰথমটো হৈছে,‘মই সঠিক কথাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ নে?’ আমাৰ বাবে কি ভাল আমি জানোঁ বুলি বহু বাৰ আমাক লাগিব পাৰে। কিন্তু আগলৈ গৈ তাৰ পৰা হয়তো লাভ নহʼবও পাৰে। হয়তো কোনো এটা সমস্যা আমি বিচৰা অনুসৰি সমাধান কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু যিহোৱাই হয়তো ইয়াতকৈ ভাল উপায় ভাবি থৈছে। আনকি আমি যি কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছোঁ, সেয়া তেওঁৰ ইচ্ছাৰ অনুসৰি নহʼবও পাৰে। (১ যোহ. ৫:১৪) সেই মা-দেউতাকৰ বিষয়ে মন কৰোঁ, যিসকলে নিজৰ সন্তান যাতে যিহোৱাৰ সেৱা কৰি থাকিব পাৰে, তাৰ বাবে প্ৰাৰ্থনা কৰিছিল। এনেধৰণৰ প্ৰাৰ্থনা কৰাটো ভুল নহয় কিন্তু যিহোৱাই কাকো নিজৰ সেৱা কৰিবলৈ জোৰ-জবৰদস্তি নকৰে। আমি আৰু আমাৰ সন্তানে নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰাটো যিহোৱাই বিচাৰে। (দ্বিতী. ১০:১২, ১৩; ৩০:১৯, ২০) গতিকে সেই পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ হৃদয়ত সত্যৰ বীজ সিঁচিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে যাতে সেই সন্তানে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ বন্ধু হʼব পাৰে।—হিতো. ২২:৬; ইফি. ৬:৪. w২৩.১১ ২১ ¶৫; ২৩ ¶১২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক