শনিবাৰ, ১৯ জুলাই
গিদিয়োন . . . এই সকলোৰে বৃত্তান্ত কবলৈ গলে, সময় নোজোৰে।—ইব্ৰী ১১:৩২.
ইফ্ৰমীয়া লোকসকলে যেতিয়া গিদিয়োনক কাজিয়া কৰিছিল আৰু তেওঁৰ ভুলবোৰৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ খং কৰাৰ পৰিৱৰ্তে শান্ত হৈ আছিল। (বিচা. ৮:১-৩) গিদিয়োনে তেওঁলোকৰ কথা মনোযোগেৰে শুনিছিল আৰু মৰমেৰে তেওঁলোকক উত্তৰ দিছিল। এইদৰে কৰাৰ বাবে তেওঁলোকৰ খং শান্ত হʼল। গিদিয়োনৰ ব্যৱহাৰৰ পৰা জানিব পাৰি যে তেওঁ কিমান নম্ৰ আছিল। প্ৰাচীনসকলেও গিদিয়োনৰ দৰে হʼব পাৰে। তেওঁলোকৰ ভুলৰ বিষয়ে কোনোবাই কোৱাৰ সময়ত প্ৰাচীনসকলে তেওঁলোকৰ কথা মনোযোগেৰে শুনিব পাৰে আৰু নম্ৰতাৰে উত্তৰ দিব পাৰে। (যাকো. ৩:১৩) এইদৰে কৰিলে মণ্ডলীত শান্তি বজাই ৰাখিব পাৰিব। গিদিয়োনে মিদিয়নীয়াবিলাকক পৰাজয় কৰিবলৈ সহায় কৰাৰ বাবে ইস্ৰায়েলীসকলে যেতিয়া তেওঁক প্ৰশংসা কৰিলে, তেতিয়া তেওঁ ইয়াৰ সকলো মহিমা যিহোৱাক দিলে। (বিচা. ৮:২২, ২৩) আজি প্ৰাচীনসকলে গিদিয়োনৰ দৰে কেনেকৈ হʼব পাৰে? তেওঁলোকে যি কৰে তাৰ সকলো মহিমা যিহোৱাক দিব পাৰে। (১ কৰি. ৪:৬, ৭) যেনে, এজন প্ৰাচীনে যদি ভালদৰে শিকায় আৰু ইয়াৰ বাবে তেওঁক প্ৰশংসা কৰা হয়, তেনেহʼলে তেওঁ কʼব পাৰে যে তেওঁ যি শিকালে, সেয়া ঈশ্বৰৰ বাক্যৰ পৰা আছিল বা আমি সকলোৱে যিহোৱাৰ সংগঠনৰ পৰাই শিকোঁ। মাজে সময়ে প্ৰাচীনসকলে চিন্তা কৰিব পাৰে যে তেওঁলোকে যিদৰে শিকায়, তাৰ পৰা লোকসকলে যিহোৱাৰ পৰিৱৰ্তে তেওঁৰ ফালে বেছি ধ্যান দিয়া নাইতো। w২৩.০৬ ৪ ¶৭-৮
দেওবাৰ, ২০ জুলাই
মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয়।—যিচ. ৫৫:৮.
হয়তো আমি কোনো কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছোঁ কিন্তু এতিয়ালৈকে সেইমতে হোৱা নাই। এনে পৰিস্থিতিত আমি নিজকে তিনিটা প্ৰশ্ন সুধিব পাৰোঁ, প্ৰথমটো হৈছে,‘মই সঠিক কথাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ নে?’ আমাৰ বাবে কি ভাল আমি জানোঁ বুলি বহু বাৰ আমাক লাগিব পাৰে। কিন্তু আগলৈ গৈ তাৰ পৰা হয়তো লাভ নহʼবও পাৰে। হয়তো কোনো এটা সমস্যা আমি বিচৰা অনুসৰি সমাধান কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু যিহোৱাই হয়তো ইয়াতকৈ ভাল উপায় ভাবি থৈছে। আনকি আমি যি কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছোঁ, সেয়া তেওঁৰ ইচ্ছাৰ অনুসৰি নহʼবও পাৰে। (১ যোহ. ৫:১৪) সেই মা-দেউতাকৰ বিষয়ে মন কৰোঁ, যিসকলে নিজৰ সন্তান যাতে যিহোৱাৰ সেৱা কৰি থাকিব পাৰে, তাৰ বাবে প্ৰাৰ্থনা কৰিছিল। এনেধৰণৰ প্ৰাৰ্থনা কৰাটো ভুল নহয় কিন্তু যিহোৱাই কাকো নিজৰ সেৱা কৰিবলৈ জোৰ-জবৰদস্তি নকৰে। আমি আৰু আমাৰ সন্তানে নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰাটো যিহোৱাই বিচাৰে। (দ্বিতী. ১০:১২, ১৩; ৩০:১৯, ২০) গতিকে সেই পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ হৃদয়ত সত্যৰ বীজ সিঁচিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে যাতে সেই সন্তানে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ বন্ধু হʼব পাৰে।—হিতো. ২২:৬; ইফি. ৬:৪. w২৩.১১ ২১ ¶৫; ২৩ ¶১২
সোমবাৰ, ২১ জুলাই
পৰস্পৰক শান্ত্বনা দিবা।—১ থিচ. ৪:১৮.
শান্ত্বনা দিয়া প্ৰেম দেখুৱাৰ এটা উত্তম উপায় হয়। আমি এয়া কিয় কʼব পাৰোঁ? এখন কিতাপত বাইবেলৰ এই পদৰ বিষয়ে এনেদৰে বৰ্ণনা কৰা হৈছে: ইয়াত যি শব্দৰ অনুবাদ “শান্ত্বনা দিবা” বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে, “এনে এজন ব্যক্তিৰ ওচৰত থিয় হোৱা আৰু তেওঁক উৎসাহিত কৰা, যিজনে বহুত কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে।” সেইবাবে, যেতিয়া আমি বহুত নিৰাশ হৈ পৰা কোনো ভাই বা ভনীক শান্ত্বনা দিওঁ, তেতিয়া এনে হয় যেন আমি তেওঁলৈ সহায়ৰ হাত আগবঢ়াইছোঁ যাতে তেওঁ আকৌ থিয় হৈ জীৱনৰ পথত চলিব পাৰে। প্ৰতিবাৰে যেতিয়া আমি নিৰাশাত একেবাৰে ভাঙি পৰা কোনো ভাই বা ভনীৰ দুখ অনুভৱ কৰোঁ, তেতিয়া আমি তেওঁক প্ৰেম দেখুৱাৰ দৰে হয়। (২ কৰি. ৭:৬, ৭, ১৩) কাৰোবাক শান্ত্বনা দিয়াৰ আগতে আমাৰ অন্তৰত তেওঁৰ প্ৰতি কৰুণা থকাটো অতি প্ৰয়োজন। কিয় বাৰু? কিয়নো যিজন ব্যক্তিয়ে কাৰোবাক দুখত থকা দেখি দুখ অনুভৱ কৰে বা তেওঁৰ অন্তৰত কৰুণা জাগি উঠে, সেইজন ব্যক্তিয়েই তেওঁক সহায় কৰিবলৈ বা শান্ত্বনা দিবলৈ আগবাঢ়ি আহে। ইয়াৰ অৰ্থ হৈছে যেতিয়া আমি আমাৰ ভাই-ভনীসকল কেনে সমস্যাৰ মাজেৰে পাৰ হৈ আছে অনুভৱ কৰিম বা তেওঁলোকৰ বাবে অন্তৰত কৰুণা জাগিব, তেতিয়াহে আমি তেওঁলোকক শান্ত্বনা দিব পাৰিম। পৌলে যিহোৱাৰ বিষয়ে এইদৰে লিখিছিল, যিহোৱা “কৰুণাময় পিতৃ, আৰু সকলো শান্ত্বনাৰ ঈশ্বৰ।”—২ কৰি. ১:৩. w২৩.১১ ৯-১০ ¶৮-১০