সোমবাৰ, ১৫ ছেপ্টেম্বৰ
হে ভাইবিলাক, যি ভাববাদীসকলে প্ৰভুৰ নামেৰে কথা কলে, তেওঁবিলাকক ক্লেশ-সহন আৰু ধৰিসহিষ্ণুতাৰ আৰ্হি বুলি মানিবা।—যাকো. ৫:১০.
বাইবেলত বহুতো লোকৰ উদাহৰণ দিয়া হৈছে যিসকলে ধৈৰ্য্যৰে কাম কৰিলে। গতিকে ব্যক্তিগত অধ্যয়নৰ সময়ছোৱাত এনে লোকসকলৰ বিষয়ে অনুসন্ধান কৰক আৰু তেওঁলোকৰ পৰা শিকক। যেনে, আপুনি দায়ূদৰ বিষয়ে অধ্যয়ন কৰিব পাৰে। সৰু থাকোঁতেই তেওঁক ৰজা হোৱাৰ বাবে অভিষিক্ত কৰা হৈছিল। কিন্তু ৰজা হ’বলৈ তেওঁ বহু বছৰ অপেক্ষা কৰিবলগীয়া হ’ল। চিমিয়োন আৰু হান্নাই মচীহক চাবলৈ বহু বছৰলৈকে অপেক্ষা কৰিলে আৰু এই সময়ছোৱাত বিশ্বাসী হৈ তেওঁলোকে যিহোৱাৰ সেৱা কৰি থাকিল। (লূক ২:২৫, ৩৬-৩৮) যেতিয়া আপুনি এই ঘটনাবোৰ পঢ়ে, তেতিয়া এই প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক: ‘এই ব্যক্তিজনে কিয় ধৈৰ্য্যৰে কাম কৰিব পাৰিলে? ধৈৰ্য্য ধৰাৰ বাবে তেওঁৰ কি লাভ হ’ল? মই তেওঁৰ দৰে কেনেকৈ হ’ব পাৰোঁ?’ আপুনি সেই লোকসকলৰ বিষয়েও পঢ়িব পাৰে, যিসকলে ধৈৰ্য্যৰে কাম কৰা নাছিল। (১ চমূ. ১৩:৮-১৪) তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰাৰ সময়ত চিন্তা কৰক, ‘এই ব্যক্তিজনে কিয় ধৈৰ্য্যৰে কাম কৰিব নোৱাৰিলে? ইয়াৰ বাবে তেওঁৰ কি পৰিণাম হ’ল?‘ w২৩.০৮ ২৫ ¶১৫
মঙ্গলবাৰ, ১৬ ছেপ্টেম্বৰ
আমি বিশ্বাস কৰিলোঁ আৰু জানিলোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰজনা।—যোহ. ৬:৬৯.
পাঁচনি পিতৰে যিকোনো পৰিস্থিতিত যীচুৰ পাছত চলিবলৈ এৰি দিয়া নাছিল। তেওঁ এজন বিশ্বাসী খ্ৰীষ্টান আছিল। এবাৰ যীচুৱে এনে এটা কথা কৈছিল, যিটো তেওঁৰ শিষ্যসকলে বুজি পোৱা নাছিল। (যোহ. ৬:৬৮) তেতিয়া বহুতো লোকে যীচুৰ পাছত চলিবলৈ এৰি দিলে। তেওঁলোকে যীচুৱে কোৱা কথাৰ অৰ্থ কি তাক জানিবলৈ চেষ্টা নকৰিলে আৰু তাৰ অৰ্থ যীচুৱে বুজাই দিব বুলিও অপেক্ষা নকৰিলে। কিন্তু পিতৰ যীচুৰ বিশ্বাসী হৈ থাকিল। তেওঁ যীচুক এৰি দিয়া নাছিল। তেওঁ জানিছিল যে “অনন্ত জীৱনৰ কথা” যীচুৰ ওচৰতে আছে। যীচুৱে জানিছিল যে পিতৰ আৰু আন পাঁচনিসকলে তেওঁক এৰি দিব। তথাপি যীচুৱে যি কʼলে তাৰ পৰা প্ৰমাণ হʼল যে পিতৰৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁৰ ভৰসা আছিল যে পিতৰে অনুতাপ কৰি উভতি আহিব আৰু সদায় তেওঁৰ বিশ্বাসী হৈ থাকিব। (লূক ২২:৩১, ৩২) যীচুৱে এয়াও বুজি পাইছিল যে তেওঁলোকৰ “আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মাৰ্ক ১৪:৩৮) সেইবাবে, পিতৰে যেতিয়া তেওঁক চিনি পাবলৈ অস্বীকাৰ কৰিছিল, তেতিয়াও যীচুৱে তেওঁক এৰি দিয়া নাছিল। যীচু আকৌ জীৱিত হোৱাৰ পাছত পিতৰক লগ কৰিছিল আৰু সেই সময়ত পিতৰ হয়তো অকলে আছিল। (মাৰ্ক ১৬:৭; লূক ২৪:৩৪; ১ কৰি. ১৫:৫) পিতৰ বহুত দুখত আছিল কিন্তু তেওঁ যীচুক দেখাৰ পাছত তেওঁ হয়তো বহুত উৎসাহিত হʼল। w২৩.০৯ ২২ ¶৯-১০
বুধবাৰ, ১৭ ছেপ্টেম্বৰ
যিবিলাকৰ অধৰ্ম্মম ক্ষমা কৰা হল, আৰু যিবিলাকৰ পাপ ঢকা হল, তেওঁবিলাক ধন্য।—ৰোম. ৪:৭.
যি কোনোৱে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, ঈশ্বৰে তেওঁলোকৰ পাপ ঢাকি দিয়ে। তেওঁ তেওঁলোকৰ পাপ সম্পূৰ্ণৰূপে ক্ষমা কৰে আৰু সেইবোৰৰ পুনৰ হিচাপ নলয়। (গীত ৩২:১, ২) এইদৰে তেওঁলোকৰ বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক নিৰ্দোষী আৰু ভাল ব্যক্তি বুলি ভাবে। যিহোৱা ঈশ্বৰে অব্ৰাহাম, দায়ূদ আৰু আন বিশ্বাসী সেৱকসকলক ভাল ব্যক্তি বুলি কʼলে। কিন্তু তেওঁলোকেও অসিদ্ধ আছিল আৰু তেওঁলোকৰ পৰাও ভুল হৈছিল। তথাপিও তেওঁলোকৰ বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক ভাল ব্যক্তি বা নিৰ্দোষী বুলি গণ্য কৰিলে। বিশেষকৈ, সেই লোকসকলৰ তুলনাত যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। (ইফি. ২:১২) পাঁচনি পৌলে ৰোমীয়া নামৰ নিজৰ চিঠিখনত বুজালে যে যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকে ঈশ্বৰৰ বন্ধু হʼব পাৰে। অব্ৰাহাম আৰু দায়ূদেও ঈশ্বৰৰ বন্ধু হʼব পাৰিলে। কাৰণ তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল। ঠিক সেইদৰে, আজি আমিও যদি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে আমি তেওঁৰ বন্ধু হʼব পাৰিম। w২৩.১২ ৩ ¶৬-৭