ঈশ্বৰ সকলো ঠাইতে থাকেনে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
ঈশ্বৰে সকলো বস্তু দেখা পায় আৰু যʼতেই যি বিচাৰে, তাকে কৰিব পাৰে। (হিতোপদেশ ১৫:৩; ইব্ৰী ৪:১৩) কিন্তু ঈশ্বৰ সকলো ঠাইতে থাকে বুলি পবিত্ৰ শাস্ত্ৰ বাইবেলত কʼতো লিখা নাই। ইয়াৰ পৰিৱৰ্তে, ইয়াত কোৱা হৈছে যে তেওঁ এজন ব্যক্তি আৰু তেওঁ এক নিৰ্দিষ্ট ঠাইত থাকে।
ঈশ্বৰৰ ৰূপ: ঈশ্বৰ অদৃশ্য আৰু তেওঁক মানুহে দেখা নাপায়। (যোহন ১:১৮; ৪:২৪) বাইবেলত উল্লেখ আছে যে ঈশ্বৰে কিছুমান লোকক দৰ্শন দিছিল আৰু সকলোৱে তেওঁক এক নিৰ্দিষ্ট ঠাইত দেখা পাইছিল। তেওঁ সকলো ঠাইতে থাকে বুলি বাইবেলত কʼতো উল্লেখ কৰা নাই।—যিচয়া ৬:১, ২; প্ৰকাশিত বাক্য ৪:২, ৩, ৮.
ঈশ্বৰৰ বাসস্থান: ঈশ্বৰে বাস কৰা ঠাইখনক আমি দেখা নাপাওঁ। এই ঠাইডোখৰ, আমি দেখা পোৱা সৃষ্টিৰ দৰে নহয়। বাইবেলত কোৱা হৈছে যে ঈশ্বৰৰ “বাসস্থান স্বৰ্গত” আছে। (১ ৰাজাৱলি ৮:৩০) ইয়াত কোৱা হৈছে যে এবাৰ স্বৰ্গদূত “যিহোৱাৰ সম্মুখত থিয়” হৈছিল।a ইয়াৰপৰা বুজিব পাৰি যে ঈশ্বৰে বাস কৰা এক নিৰ্দিষ্ট ঠাই আছে।—ইয়োব ১:৬.
যদি ঈশ্বৰ সকলো ঠাইতে নাথাকে, তেনেহʼলে তেওঁ মোৰ যত্ন লʼব পাৰিবনে?
নিশ্চয় পাৰিব। ঈশ্বৰে সকলোৰে বিষয়ে চিন্তা কৰে। যদিও তেওঁ স্বৰ্গত থাকে, কিন্তু পৃথিৱীত থকা এনে লোকসকলৰ ওপৰত ধ্যান দিয়ে, যিসকলে তেওঁক সন্তুষ্ট কৰিব বিচাৰে। ঈশ্বৰে তেওঁলোকক সহায়ও কৰে। (১ ৰাজাৱলি ৮:৩৯; ২ বংশাৱলি ১৬:৯) মন কৰক যে হৃদয়েৰে যিহোৱাৰ উপাসনা কৰা লোকসকলক তেওঁ কেনেকৈ যত্ন লয়:
যেতিয়া আপুনি প্ৰাৰ্থনা কৰে: আপুনি প্ৰাৰ্থনা কৰিলে লগে লগে যিহোৱাই আপোনাৰ প্ৰাৰ্থনা শুনে।—২ বংশাৱলি ১৮:৩১.
যেতিয়া আপুনি দুখিত হয়: “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।”—গীতমালা ৩৪:১৮.
যেতিয়া আপোনাক পৰামৰ্শৰ প্ৰয়োজন হয়: যিহোৱাই বাইবেলৰ যোগেদি আপোনাক “বুদ্ধি” দিব আৰু আপুনি ‘যাব লগীয়া পথ শিকাব।’—গীতমালা ৩২:৮.
ঈশ্বৰ কʼত থাকে, এই বিষয়ে ভুল ধাৰণা
ভুল ধাৰণা: ঈশ্বৰ সকলো ঠাইতে থাকে।
সত্যতা: ঈশ্বৰে পৃথিৱী বা জোন-তৰাৰ মাজত নাথাকে। (১ ৰাজাৱলি ৮:২৭) এয়া একেবাৰে সত্য যে তৰা আৰু সৃষ্টিয়ে “ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে।” (গীতমালা ১৯:১) কিন্তু ঈশ্বৰে তাত নাথাকে, যেনেকৈ এজন চিত্ৰকাৰে নিজে বনোৱা পেইণ্টিঙত নাথাকে। এয়া সঁচা যে আমি পেইণ্টিঙৰ যোগেদি চিত্ৰকাৰৰ বিষয়ে বহুতো কথা জানিব পাৰোঁ। ঠিক সেইদৰে, সৃষ্টিৰপৰা আমি ঈশ্বৰৰ ‘অদৃশ্য গুণবোৰৰ’ বিষয়ে জানিব পাৰোঁ। যেনে, তেওঁৰ শক্তি, প্ৰজ্ঞা আৰু প্ৰেম।—ৰোমীয়া ১:২০.
ভুল ধাৰণা: ঈশ্বৰ সকলো ঠাইতেই থাকে। সেইবাবে, তেওঁ সৰ্বশক্তিমান আৰু সকলো কথা জানে।
সত্যতা: ঈশ্বৰৰ পবিত্ৰ আত্মা বা সক্ৰিয় শক্তি তেওঁৰ এনে এক শক্তি, যি সকলো সময়তে কাম কৰি থাকে। পবিত্ৰ আত্মাৰ যোগেদি ঈশ্বৰে যিকোনো সময়ত, যিকোনো ঠাইত, যিকোনো চাব পাৰে আৰু যিকোনো কাম কৰিব পাৰে। ইয়াৰ বাবে তেওঁক তাত উপস্থিত থকাৰ কোনো প্ৰয়োজন নাই।—গীতমালা ১৩৯:৭.
ভুল ধাৰণা: কিছুমান লোকে কয় যে গীতমালা ১৩৯:৮ পদৰ অনুসৰি ঈশ্বৰ সকলো ঠাইতে থাকে। কিয়নো তাত এইদৰে লিখা আছে, “যদি স্বৰ্গলৈ উঠোঁ, তাতো তুমি থাকা; যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি।”
সত্যতা: এই পদত ঈশ্বৰে থকা ঠাইৰ বিষয়ে কোৱা নাই। আচলতে ইয়াত কবিতাৰ আকাৰে এইদৰে কোৱা হৈছে যে এনে কোনো ঠাই নাই, যʼত ঈশ্বৰে আমাক সহায় কৰিব নোৱাৰে।
a বাইবেলৰ অনুসৰি ঈশ্বৰৰ নাম যিহোৱা হয়।