আপুনি ধৈৰ্য্যশীলনে?
১ “মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্ত্তা শুনাতে যি আনন্দ জন্মে; তাতকৈ মোৰ আৰু বৰ আনন্দ নাই।” (৩ যোহ. ৪) যোহনৰ আধ্যাত্মিক সন্তানসকলৰ ধৈৰ্য্যশীলে তেওঁৰ বাবে আনন্দ কঢ়িয়াই আনিছিল। তেনেহʼলে স্বৰ্গীয় পিতৃ যিহোৱাই আশা কৰা লাখ-লাখ সন্তানবিলাক “সত্যত চলাৰ” বাবে তেওঁ কিমান যে আনন্দিত হয়!—হিতো. ২৩:১৫, ১৬; ২৭:১১.
২ যিহেতু ঈশ্বৰৰ লোকসকলে একগোট হৈ খ্ৰীষ্টান কাৰ্য্যত উৎসাহেৰে লাগি থাকে, কিন্তু তাৰে কিছুমান লাহে লাহে ঠাণ্ডা হৈ পৰে। তেওঁলোকে যদিও প্ৰথমে সত্য শিকাৰ সময়ত উদ্যমী আছিল, কিন্তু বছৰবোৰ পাৰ হোৱা লগে লগে শিষ্য বনোৱা কাৰ্য্যত কেতিয়াবা কেতিয়াবাহে ভাগ লয়।
৩ কিছুমানে হয়তু শাৰীৰিক অসুস্থতা বা বয়স হোৱাৰ বাবে প্ৰচাৰ কাৰ্য্যত একেৰাহে ভাগ লʼব নোৱাৰে। তথাপি তেওঁলোকৰ সহনশীলতাৰ বাবে তেওঁলোক প্ৰশংসনীয়। কিয়নো তেওঁলোকে নিজৰ সামৰ্থ অনুসৰি যিমান পাৰে সিমানে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈছে। কিন্তু ঈশ্বৰলৈ নিজৰ জীৱন সমৰ্পন কৰা আমি সকলোৱে নিজকে সোধা আৱশ্যক: ‘কি মই ব্যক্তিগত কাৰ্য্যবোৰত বেছি সময় ব্যয় কৰোঁনে যাৰ বাবে মোৰ জীৱনত ৰাজ্যৰ কাৰ্য্যৰ প্ৰতি কম সময় অতিবাহিত কৰিবলগীয়া হয়? মই প্ৰচাৰ কাৰ্য্যত “কুহুমীয়া” হৈছোনে বা মই এতিয়াও “প্ৰাণপণে” চেষ্টা কৰিছোঁ?’ (প্ৰকা. ৩:১৫, ১৬; লূক ১৩:২৪) আহঁক আমি সকলোৱে প্ৰাৰ্থনাপূৰ্বক পৰিক্ষা কৰোঁহঁক যে আমি কেনেকৈ কাৰ্য্য কৰিছোঁ আৰু আৱশ্যক অনুসৰি উন্নতি কৰোঁহঁক, আৰু সদায় মনত ৰখা উচিত যে যিহোৱাই “সৎকৰ্ম্ম সাধন কৰা সকলোলৈ গৌৰৱ মৰ্য্যাদা, আৰু শান্তি” দিবলৈ প্ৰতিজ্ঞা কৰিছে।—ৰোমী. ২:১০.
৪ কেনেকৈ ধৈৰ্য্যশীল হʼব পাৰি: কিহে যীচুক ধৈৰ্য্যশীল হʼবলৈ সহায় কৰিছিল? যীচুৰ বিষয়ে পৌলে এইদৰে কৈছিল: “তেওঁ তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।” (ইব্ৰী ১২:১-৩) গতিকে যীচুৰ আগত যি আনন্দ আছিল সেই তুলনাত তেওঁ সন্মূখীন হোৱা অস্থায়ী যাতনা অতি নগণ্য আছিল। ঠিক সেইদৰে আমাৰ আগত যি ৰখা হৈছে সেই আনন্দই আমাকো ধৈৰ্য্যশীল হʼবলৈ সহায় কৰিব। (প্ৰকা. ২১:৪, ৭; ২২:১২) যদি আমি যিহোৱালৈ অপেক্ষা কৰি নিয়মিতৰূপে ব্যক্তিগত অধ্যয়ন কৰোঁ, সভাত উপস্থিত হওঁ আৰু একেৰাহে প্ৰাৰ্থনাত লাগি থাকোঁ, তেনেহʼলে এইবিলাকৰ দ্বাৰাই তেওঁ আমাক কাৰ্য্যত একেৰাহে লাগি থাকিবলৈ শক্তি দিব।
৫ ভক্তসকলৰ ধৈৰ্য্যশীলতাত যিহোৱাৰ মন আনন্দিত হয়। সেইবাবে আহঁক আমি “সত্যত চলাৰ” দ্বাৰাই তেওঁৰ মন আনন্দিত কৰোঁহঁক।