পৰিচৰ্য্যা সভাৰ তালিকা
আগষ্ট ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১৪
১২ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। মণ্ডলীত মে’ মাহৰ সেৱা ৰিপৰ্টৰ সম্পৰ্কে মন্তব্য দাঙি ধৰক। আগষ্ট মাহ শেষ হʼবলৈ মাত্ৰ দুটা সপ্তাহ বাকী আছে, সেইবাবে মাহ শেষ হোৱাৰ আগতে সকলোকে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ উৎসাহিত কৰক। শনিবাৰ বা দেওবাৰে হʼবলগীয়া প্ৰচাৰ কাৰ্য্যৰ সভাৰ সময় আৰু স্থানৰ বাবে সকলোকে স্মৰণ কৰাই দিয়ক।
১৫ মি: “বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ সৈতে আলোচনা কৰক। আমাৰ পৰিচৰ্য্যা নামৰ কিতাপখনৰ ৪৪-৪৫ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰক উল্লেখ কৰক যাতে মণ্ডলীৰ পুস্তক অধ্যয়ন পৰিচালকে তেওঁলোকৰ গ্ৰুপৰ বাবে প্ৰচাৰ কাৰ্য্যৰ ব্যৱস্থা কৰে আৰু যিসকলক নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যৰ ভাগ লʼবলৈ বা ৰিপৰ্ট দিবলৈ ব্যক্তিগভাৱে সহায়ৰ আৱশ্যক তেওঁলোকৰ ওপৰত মনোনিৱেশ কৰিব পাৰে।
১৮ মি: স্কুলীয়া শিক্ষাৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ। এই বিষয়ে এজন পিতৃয়ে তেওঁ লʼৰা-ছোৱালীৰ সৈতে কথা-বতৰা হয়। তেওঁলোকক এইটো বুজাত সহায় কৰে যে স্কুলত শিক্ষা গ্ৰহণ কৰাটো কিয় লাভজনক। (যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ নামৰ কিতাপখনৰ ১৩৩-১৩৯ পৃষ্ঠা চাওঁক।) বহুতো লʼৰা-ছোৱালীয়ে ভাবে যে বৰ্তমান সময়ত স্কুলৰ আন ছাত্ৰ-ছাত্ৰীয়ে অশিষ্টচাৰ আচৰণ কৰা বাবে তেওঁলোকৰ সৈতে পঢ়িবলৈ যোৱাতো এটা অতি কঠিন কাৰ্য্য। তেওঁলোকে স্কুলত যাবলৈ আমনি পায় আৰু কয় যে স্কুলত যিবোৰ শিকে সেইবোৰৰ পৰা তেওঁলোকে বিশেষ কোনো লাভৱান নহয়। সেইবাবে তেওঁলোকৰ দেউতাকে শাস্ত্ৰীয় সিদ্ধান্তসমূহ উল্লেখ কৰি যুক্তি দৰ্শাই বুজাই দিয়ে যে শিক্ষা গ্ৰহণ কৰাটো কিয় আৱশ্যক আৰু ইয়াৰ পৰা কৈনেকৈ লাভৱান হʼব পাৰি। দেউতাকে লʼৰা-ছোৱালীক মনযোগ দি পঢ়া-লিখা কৰিবলৈ আৰু ক্লাচত মন দিবলৈ উৎসাহিত কৰে।
গীত ১২৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৪৩
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। “প্ৰেমময় ঈশ্বৰে মানৱজাতিক আজিলৈকে দুখ-কষ্ট ভোগীবলৈ কিয় অনুমতি দিছে?” এনেধৰণৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিব পাৰি, এই বিষয়টোৰ ওপৰত আধাৰ কৰি প্ৰচাৰ কাৰ্য্যৰ বাবে ভালদৰে তৈয়াৰী কৰা এটা উপস্থাপন প্ৰস্তুত কৰক। (ৰিজনিং কিতাপৰ পৃষ্ঠা নং ৩৯৫-৩৯৬) শনিবাৰে আৰু দেওবাৰে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ সকলোকে উৎসাহিত কৰক।
১০ মি: সেৱা ওভাৰচিয়াৰৰ দ্বাৰা এক ভাষণ। ডিচেম্বৰ ১৯৯৯ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৩ পৃষ্ঠাত দিয়া “আমাৰ আলোচনীবোৰক সঠিকৰূপে ব্যৱহাৰ কৰক,” নামৰ প্ৰবন্ধটোৰ মূখ্য বিষয়বোৰক উল্লেখ কৰক। যেতিয়া কোনো আলোচনী আগবঢ়োৱা হʼয, তেতিয়া নিজৰ বিচাৰশক্তি ব্যৱহাৰ কৰিবলৈ আৰু সতৰ্কতা অৱলম্বন কৰিব পাৰি তাৰ বাবে সকলো প্ৰচাৰকক উৎসাহিত কৰক।
২৫ মি: “আপুনি লাভৱান হৈছেনে?” প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
গীত ১৫২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৫
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে আগষ্ট মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। মণ্ডলীৰ পুস্তক অধ্যয়ন পৰিচালকে তেওঁলোকৰ গ্ৰুপত থকা সকলো ভাই-ভনীক ৰিপৰ্ট দিছে নে নাই এই বিষয়ে নিৰীক্ষণ কৰা উচিত, যাতে মণ্ডলীয়ে ছেপ্টেম্বৰ মাহৰ ৬ তাৰিখৰ ভিতৰত সকলো ৰিপৰ্টৰ হিচাপ শেষ কৰিব পাৰে।
১৫ মি: স্থানীয় আৱশ্যকসমূহ।
২০ মি: “সভাবোৰে কিশোৰ-কিশোৰীসকলক লাভৱান কৰে” এজন প্ৰাচীনে প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰে। ৮ অনুচ্ছেদটো বিবেচনা কৰা সময়ত এনে কিছুমান ব্যৱহাৰিক বিষয়ক দাঙি ধৰক, যিয়ে কিশোৰ-কিশোৰীসকলক সভাবোৰত ভালদৰে মনোযোগ দিবলৈ সহায় কৰিব। (ছেপ্টেম্বৰ ২২, ১৯৯৮ চনৰ সচেতন! [ইংৰাজী] ১৯-২০ পৃষ্ঠা চাওঁক।) লʼৰা-ছোৱালীয়ে যাতে নিতৌ সভাত মনোযোগ দিয়ে তাৰ প্ৰতি দৃঢ় হবলৈ সকলো পিতৃ-মাতৃক উৎসাহিত কৰক।—ছেপ্টেম্বৰ ১, ১৯৯৭ চনৰ প্ৰহৰীদুৰ্গʼৰ ২৫ পৃষ্ঠা চাওঁক।
গীত ১৭৬ আৰু সমাপ্তি প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৬
১৫ মি: স্থানীয় ঘোষণাসমূহ আৰু প্ৰশ্ন বক্স। অনিয়মিতৰূপে সাক্ষী দিয়া কাৰ্য্যত পোৱা অনুভৱবোৰ কবলৈ কিছুমান প্ৰচাৰকক আমন্ত্ৰণ দিয়ক। আমাৰ পৰিচৰ্য্যা কিতাপৰ ৯৩-৯৪ পৃষ্ঠাত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰি প্ৰচাৰ কাৰ্য্যত পোৱা লাভসমূহৰ বিষয়ে বৰ্ণনা কৰক।
১০ মি: আমাৰ সময় বহু মূল্যৱান। এই বিষয়ে নবেম্বৰ ১৫, ১৯৯৬ চনৰ, প্ৰহৰীদুৰ্গ, (ইংৰাজী) ২২-২৩ পৃষ্ঠাৰ ওপৰত আধাৰ কৰি এজন প্ৰাচীনে ভাষণ প্ৰস্তুত কৰে।
২০ মি: “আপুনি ধৈৰ্য্যশীলনে?” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত ব্যক্তিগতভাৱে ধৈৰ্য্যশীলতা প্ৰকাশ কৰিলে কিদৰে লাভৱান হʼব পাৰি তাৰে বাবে সকলোকে উৎসাহিত কৰক। যদি আমাৰ কাৰ্য্যত ধৈৰ্য্যশীলতাৰ পৰিৱৰ্তে দুৰ্ব্বলতা প্ৰকাশ পায়, তেনেহʼলে আধ্যাত্মিকৰূপে নিজকে শক্তিশালী কৰা আৱশ্যক। অক্টোবৰ ১, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গ, ২০-২১ পৃষ্ঠা, ১৭-২১ অনুচ্ছেদত দিয়া পৰামৰ্শবোৰক উল্লেখ কৰক। বহু বছৰৰ পৰা ধৈৰ্য্যশীল হৈ বিশ্বাসীৰূপে কাৰ্য্য কৰি থকা এজন বা দুজন প্ৰচাৰকক ষ্টেজলৈ আমন্ত্ৰণ কৰি কবলৈ কওঁক যে তেওঁলোকক ঈশ্বৰৰ কাৰ্য্যত ধৈৰ্য্যশীল হৈ থাকিবলৈ কিহে সহায় কৰিছে।
গীত ২০৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।