ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০০ পৃষ্ঠা ২
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ব্যৱসায় এলেকাবোৰত কেনেকৈ প্ৰচাৰ কৰিব পাৰি
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপোনাৰ মণ্ডীলৰ বাবে প্ৰচাৰ কৰিবলৈ যথেষ্ট মাত্ৰাত এলেকা উপলব্ধ আছেনে?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০০ পৃষ্ঠা ২

প্ৰশ্ন বক্স

▪ মণ্ডলীয়ে প্ৰচাৰ কৰা এলেকা বা অঞ্চলৰ মেপ ৰাজ্য গৃহত আঁৰি ৰখাটো উচিতনে?

ৰাজ্য গৃহত, প্ৰচাৰ কৰা এলেকা বা অঞ্চলৰ মেপ ফ্ৰেম কৰি আঁৰি ৰখাটো অৱশ্যেই উচিত। কিন্তু সাৱধান হোৱা উচিত যে সূচনা বৰ্ডত সেই মেপখন লগোৱা উচিত নহয়। মেপখনত থুলমুলকৈ মণ্ডলীক নিযুক্ত কৰা এলেকাবিলাকৰ সীমা আৰু প্ৰত্যেক প্ৰচাৰকক নিযুক্ত কৰা এলেকাবিলাকৰ নম্বৰ লিখি ৰখা উচিত। যি মণ্ডলীসমূহে সভাৰ বাবে একেটা ৰাজ্য গৃহক ব্যৱহাৰ কৰিছে, সেই মণ্ডলীবোৰৰো প্ৰচাৰ কৰা এলেকাৰ সীমা নিৰ্দ্দেশ কৰা উচিত। এনে কৰাৰ দ্বাৰাই নতুন প্ৰচাৰক আৰু আগ্ৰহী ব্যক্তিসকলক কোন মণ্ডলীৰ এলেকাত উপস্থিত হʼব, এই বিষয়ে সিদ্ধান্ত লোৱাত সহায় কৰিব। ইয়াৰ উপৰিও তেওঁলোকক মেপখনত উল্লেখ থকা কোনটো মণ্ডলীৰ পুস্তক অধ্যয়নৰ গ্ৰুপত নিযুক্ত কৰাটো ভাল হʼব, এই বিষয়ে সিদ্ধান্ত লোৱাত সহায় কৰে। মেপখনক সদায়ে বৰ্তমাৰ সময়ৰ লগত সঙ্গত ৰাখা উচিত।

এনে ধৰণৰ মেপে সকলো প্ৰচাৰককে স্মৰণ কৰাই দিয়ে যে যদি সম্ভৱ তেওঁলোকৰ বাবে ব্যক্তিগতভাৱে এলেকাবিলাকত প্ৰচাৰ কাৰ্য্য কৰাৰ নিযুক্তি লোৱাটো উত্তম হʼব। এই মেপখনে, যিসকলে নিজৰ ঘৰৰ ওচৰত থকা এলকাত কাৰ্য্য কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে প্ৰচাৰ ক্ষেত্ৰবিলাকক বাচঁনি কৰাত সহায় হʼব। মেপখনে সময় অনুসৰি প্ৰচাৰ পৰিচালকজনক একে সময়তে সকলো গ্ৰুপৰ সৈতে প্ৰচাৰৰ বাবে সভা পৰিচলনা কৰি বিনা কোনো পলমে প্ৰচাৰকসকলক নিযুক্তি কৰা এলেকাবিলাকত পঠাবলৈ সহায় কৰিব।

এই মেপখনে এইটোও প্ৰমাণ কৰিব যে মণ্ডলীয়ে তেওঁলোকৰ নিযুক্ত এলেকাবিলাকত সম্পূৰ্ণৰূপে প্ৰচাৰ কাৰ্য্য কৰিছে।—লূক ৯:৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক