ব্যৱহাৰ কৰা সময়ৰ প্ৰতি সাৱধানে লক্ষ্য ৰাখক
১ বৰ্তমান সময়ত সময় আৰু শ্ৰম হ্ৰাস কৰা যন্ত্ৰৰ বাবে বহুতে ৰাহি হোৱা যেন লগা সময়খিনিৰ ভিতৰত বহুতো কাৰ্য্য সমাধা কৰে। আপুনি উত্তম আধ্যাত্মিক তালিকা বজাই ৰাখাত অসুবিধা অনুভৱ কৰিছেনে? আপুনি পৰিচৰ্য্যা কাৰ্য্যৰ বাবে অধিক সময় ৰাহি হোৱাটো ইচ্ছা কৰেনে? আমি আমাৰ সময়ক কেনেকৈ উত্তমভাৱে ব্যৱহাৰ কৰিব পাৰোঁ?—গীত ৯০:১২; ফিলি. ১:৯-১১.
২ সময়ক দুৰ্ব্যৱহাৰ কৰা কাৰ্য্যবোৰক চিনাক্ত কৰা: আমি সকলোৱে আমাৰ সময় কেনেকৈ অতিবাহিত কৰিছোঁ তাক সময়ে সময়ে পৰীক্ষা কৰা উচিত। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “এতেকে যি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা; সুসময়ক কিনি লবা; কিয়নো এই কাল মন্দ।” (ইফি. ৫:১৫, ১৬) বৰ্তমান সময়ত উপলব্ধ থকা অত্যাধুনিক প্ৰযুক্তিয়ে উৎপন্ন কৰা সমস্যাবোৰৰ বিষয়ে বিবেচনা কৰক। যদিও কম্পিউটাৰ আৰু আন ইলেক্ট্ৰনিক সজুলিবোৰ ব্যৱহাৰিক তথাপিও সেইবোৰ ব্যৱহাৰ কৰা সময়খিনিৰ ওপৰত চকু নিদিলে সেইবোৰ ফান্দ হʼব পাৰে।—১ কৰি. ৭:২৯, ৩১.
৩ আমি প্ৰত্যেকে নিজকে এইদৰে সোধা উচিত: ‘মই ই-মেইলৰ দ্বাৰা অদৰকাৰী প্ৰশ্নবোৰৰ উত্তৰ দিয়া আৰু তাত অহা বিষয়বোৰ পঢ়াত প্ৰত্যেকদিনা অধিক সময় অতিবাহিত কৰিছোঁনে? মই টেলিফোনত কথাবতৰা হোৱা বা সামান্য বিষয়বোৰত ইলেক্ট্ৰনিক বাৰ্তা প্ৰেৰণ কৰি প্ৰায় অধিক সময় অতিবাহিত কৰোঁনে? (১ তীম. ৫:১৩) মই উদ্দেশ্যহীনভাৱে ইন্টাৰনেটত ভ্ৰমি বা লক্ষ্যহীনভাৱে টিভিত ইটোৰ পৰা সিটো চেনেলত চকু ফুৰাইছোঁনে? মই ইলেক্ট্ৰনিক গেমচ্ত ইমানেই মগ্ন হৈ পৰিছোঁনে যি ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেল অধ্যয়নক প্ৰভাৱিত কৰিছে?’ কিয়নো এনেধৰণৰ অভ্যাসবোৰে আমাৰ আধ্যাত্মিকতাক ধ্বংস কৰিব পাৰে।—হিতো. ১২:১১.
৪ বুদ্ধিমানপূৰ্বক সময়ৰ ব্যৱহাৰ: ইলেক্ট্ৰনিক যন্ত্ৰবোৰে আমাৰ সময় আৰু মনোযোগত প্ৰভুত্ব কৰে। অতিমাত্ৰাত কম্পিউটাৰ গেমচ্ত আসক্ত হোৱা এজন ডেকা ব্যক্তিয়ে এইদৰে কয়: “কেতিয়াবা মই যেতিয়া প্ৰচাৰ বা খ্ৰীষ্টান সভাত উপস্থিত হোৱাৰ পূৰ্বেই যেতিয়া কম্পিউটাৰ গেমচ্ খেলোঁ তেতিয়া ঈশ্বৰৰ কাৰ্য্যত মনোযোগ দিব নোৱাৰোঁ। সেই সময়ত মই ভাবি আছিলোঁ যে ঘৰলৈ উভটি গৈ কেনেকৈ বিশেষ কিছুমান গেমচ্ক সমাধান কৰিব পাৰোঁ। মোৰ ব্যক্তিগত অধ্যয়ন আৰু বাইবেল পাঠ কৰাত ব্যাঘাত জন্মিছিল। ঈশ্বৰৰ সেৱা কৰাৰ প্ৰতি থকা মোৰ আনন্দ হ্ৰাস পাইছিল।” এনেবোৰ ক্ষেত্ৰত নিজকে সলনি কৰাৰ বিষয়ে জানিব পাৰি তেওঁ সকলোবোৰ কম্পিউটাৰ গেমচ্ ডিলিট্ কৰিলে। তাৰ পিছত তেওঁ সুঁৱৰি এইদৰে কয় যে “সেইটো সহজ নাছিল। মই ভবাতকৈ গেমচ্বোৰত অধিক আসক্ত হৈ পৰিছিলোঁ। এতিয়া মই জয়ী হোৱাৰ আনন্দ অনুভৱ কৰিছোঁ, কিয়নো মই জানো যে মই মোৰ ভালৰ বাবেহে তেনে কৰিলোঁ।”—মথি ৫:২৯, ৩০.
৫ যি ক্ষেত্ৰবোৰত সাল-সলনি কৰা আৱশ্যক বুলি আপুনি চিনাক্ত কৰিছে তাৰ বাবে হয়তো আপোনাক ওপৰত উল্লেখ কৰা অনুসৰি আৱশ্যকীয় পদক্ষেপ লোৱা প্ৰয়োজন। আপুনি প্ৰত্যেকদিনা অনাৱশ্যকীয় কাৰ্য্যবোৰৰ পৰা আধা ঘন্টা সময় উলিয়াব পাৰেনে? এক বছৰত সম্পূৰ্ণ বাইবেলখন পঢ়ি শেষ কৰিবলৈ সিমানেই সময়ৰ আৱশ্যক। সেইটো কিমান যে আধ্যাত্মিক আশীৰ্ব্বাদৰ কাৰণ হʼব! (গীত ১৯:৭-১১; ১১৯:৯৭-১০০) বাইবেল পাঠ, সভা আৰু প্ৰচাৰ কাৰ্য্যৰ বাবে তৈয়াৰ কৰিবলৈ আছুতিয়াকৈ সময় ৰাখক। (১ কৰি. ১৫:৫৮) এনেদৰে কৰাৰ দ্বাৰা আপুনি নিজৰ সময় অবাবত নষ্ট নকৰাৰ বিষয়ে নিৰীক্ষণ কৰিবলৈ সহায় আৰু ‘যিহোৱাৰ ইচ্ছা কি, তাক জ্ঞাত’ হʼব পাৰিব।—ইফি. ৫:১৭.
[Study Questions]
১. বৰ্তমান সময়ত সকলো ঠাইৰ লোকে কেনে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈছে?
২, ৩. বৰ্তমান সময়ত আধুনিক প্ৰযুক্তি বিজ্ঞানে কেনে প্ৰত্যাহ্বানজনক সমস্যাৰ সৃষ্টি কৰিছে আৰু আমি নিজকে কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ?
৪. এজন ডেকা ব্যক্তিয়ে কেনেধৰণৰ সাল-সলনি কৰিলে আৰু কিয়?
৫. আধ্যাত্মকি বিষয়বোৰৰ বাবে আপুনি কেনেকৈ সময় উলিয়াব আৰু তেনে কৰাৰ দ্বাৰা কেনেকৈ লাভৱান হʼব পাৰে?