ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০৪ পৃষ্ঠা ১
  • সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰক
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০৪ পৃষ্ঠা ১

সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰক

১ আমাৰ নিজৰ হৃদয়ক সুস্থ কৰি অধিক সময় জীয়াই থাকিবলৈ বৰ্তমান সময়ত বহুতো সংবাদ উপলব্ধ আছে। কিন্তু আমাৰ লাক্ষণিক হৃদয়ক সুস্থ কৰি ৰাখাটো আমাৰ শাৰীৰিক হৃদয়তকৈও অধিক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। তেনেহʼলে, ২০০৪ চনৰ সেৱা বছৰত আয়োজন কৰা “যিহোৱা ঈশ্বৰক সম্পূৰ্ণ হৃদয়েৰে আৰাধনা কৰা” নামৰ এদিনীয়া বিশেষ সন্মিলন আমাৰ বাবে কিমান যে উপযুক্ত আছিল। (১ বং. ২৮:⁠৯) আমি সেই সন্মিলনৰ কাৰ্য্যক্ৰমত কি শিকিলোঁ?

২ চাৰ্কিত ওভাৰচিয়াৰে আলোচনা কৰা ভাষণৰ বিষয়বস্তু আছিল, “সন্তুষ্ট মনেৰে যিহোৱাৰ আৰাধনা কৰাত আনক সহায় কৰা।” যিহোৱাক আৰাধনা কৰিব বিচৰা লোকসকলৰ সৈতে বাইবেল অধ্যয়ন কৰি পোৱা আনন্দৰ বিষয়ে সাক্ষাৎকাৰবোৰত প্ৰকাশ পালে। কিছুমান ভাই-ভনীয়ে যিহোৱা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন অধ্যয়ন কৰি অধিককৈ যিহোৱা ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলাত সহায় লাভ কৰিলে। আপুনিও তেনে অভিজ্ঞতা লাভ কৰিছেনে? নিঃসন্দেহে, উপস্থিত থকা সকলো শ্ৰোতাই অতিথি বক্তাজনে দিয়া “সমস্যাপূৰ্ণ জগতত আমাৰ নিজৰ হৃদয়ক প্ৰতিৰক্ষা কৰা” নামৰ প্ৰথম ভাষণটোৰ পৰা অৱশ্যেই শান্ত্বনা আৰু উৎসাহ লাভ কৰিলে। বাপ্তিষ্মাৰ ভাষণৰ সৈতে ৰাতিপুৱাৰ বৈঠক শেষ হʼল।

৩ আবেলিৰ বৈঠকত আলোচনা কৰা ভাষণৰ বিষয়বস্তু আছিল “আনলৈ সহায় আগবঢ়োৱা।” এই ভাষণত বক্তাই ঈশ্বৰৰ সংগঠনত থকা নতুন ব্যক্তি, আধ্যাত্মিকতাত দুৰ্ব্বল আৰু নিষ্ক্ৰিয় হৈ পৰা প্ৰচাৰকসকলক কেনেকৈ সহায় কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰিছিল। নিজৰ লʼৰা-ছোৱালীৰ হৃদয়ক বেয়া প্ৰভাৱৰ পৰা প্ৰতিৰক্ষা দিবলৈ আৰু যিহোৱাৰ কাষ চপাত সহায় কৰিবলৈ পিতৃ-মাতৃয়ে কি কৰিব পাৰে? এই বিষয়ে দিয়া ভাষণৰ বিষয়বস্তু আছিল “যিহোৱাৰ সেৱাত আনন্দিত হʼবলৈ আপোনাৰ সন্তানক সহায় কৰক।” এই ভাষণটোত ব্যৱহাৰিক পৰামৰ্শ আৰু প্ৰদৰ্শনৰ দ্বাৰা দেখুৱা হʼল যে পিতৃ-মাতৃয়ে কেনেকৈ তেনে কৰিব পাৰে।

৪ আমাৰ লাক্ষণিক হৃদয় সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ যিহোৱাই কৰা সকলো ব্যৱস্থাৰ পৰা আমি উপকাৰ লওঁনে? অতিথি বক্তাজনৰ শেষৰ ভাষণত আধ্যাত্মিকতা বজাই ৰাখাৰ চাৰিটা মুখ্য দিশৰ বিষয়ে ধ্যান কেন্দ্ৰিত কৰিলে। সেই ভাষণৰ বিষয়বস্তু আছিল “যিহোৱাৰ আৰাধনাত সম্পূৰ্ণ হৃদয় বজাই ৰাখা।” ভাষণত কোৱা বিষয়বোৰ আপোনাৰ মনত আছেনে? আন্তৰিকতাৰে প্ৰাৰ্থনা, ঈশ্বৰৰ বাক্য অধ্যয়ন, উৎসাহেৰে শুভবাৰ্ত্তা প্ৰচাৰ আৰু মণ্ডলীত থকা আন ভাই-ভনীৰ সৈতে সঙ্গতি কৰাত আমি কিমান সময় অতিবাহিত কৰোঁ? ইয়াৰ কোনো এটা ক্ষেত্ৰত আমি উন্নতি কৰিব পাৰোঁনে?

৫ যিহোৱা ঈশ্বৰে এইদৰে আমাক আমন্ত্ৰণ কৰিছে: “তুমি শিক্ষালৈ মনোযোগ কৰা, আৰু জ্ঞানৰ কথালৈ কাণ পাতা।” (হিতো. ২৩:⁠১২) এদিনীয়া সন্মিলনত শিকা উত্তম বিষয়বোৰৰ অনুসাৰে কাৰ্য্য কৰি আপুনি সম্পূৰ্ণ হৃদয় আৰু সন্তুষ্ট মনেৰে যিহোৱা ঈশ্বৰক আৰাধনা কৰিব পাৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক