ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০৪ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • অক্টোবৰ ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • অক্টোবৰ ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • অক্টোবৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০৪ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

অক্টোবৰ ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২১৯

১০ মি: স্থানীয় ঘোষণাসমূহ আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ অক্টোবৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো উপস্থাপন) আৰু অক্টোবৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। প্ৰকাশকসকলক এটা শাস্ত্ৰীয় পদ উল্লেখ কৰি ইয়াত দিয়া বা আন ব্যৱহাৰিক উপস্থাপন প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰক।

২০ মি: “ক্লেশত আনন্দিত হোৱা।” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। শ্ৰোতাসকলক তেওঁলোকে বিগত সেৱা বছৰৰ চাৰ্কিট সন্মিলনত লোৱা টোকাবোৰৰ পৰা মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক। তেওঁলোকে শিকা মুখ্য বিষয়বোৰক কেনেকৈ ব্যক্তিগতভাৱে আৰু পৰিয়ালত প্ৰযোজ্য কৰাত সক্ষম হʼব পাৰে, সেই বিষয়ে মন্তব্য দিয়ক।

১৫ মি: আনক সহায় কৰি আনন্দিত হোৱা। (যোহন ৪:⁠৩৪) সাক্ষাৎকাৰসমূহ গ্ৰহণ কৰক। ঈশ্বৰৰ বাক্যৰ পৰা সত্য শিকি কোনোবা এজনৰ চেহেৰা উজ্বল হোৱা দেখিবলৈ পোৱাটো বাস্তৱতে এটা আনন্দৰ বিষয়। (w94 ৩/১ ২৯ পৃ. ৬-৭ অনু.) পৰিচৰ্য্যা কাৰ্য্যত কাৰ্য্যকাৰীৰূপে বাইবেলখন ব্যৱহাৰ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰা দুজন বা তিনিজন প্ৰচাৰকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰক। তেওঁলোকে কেনেকৈ আগ্ৰহকতা বিকশিত কৰিলে? তেওঁলোকে তেনে কৰি কেনে আনন্দিত হৈছে? পৰিচৰ্য্যা কাৰ্য্যত অভিজ্ঞতা হোৱা অনুভৱক পুনৰাই অভিনয় কৰি দেখুৱাবলৈ আগ্ৰহ কৰক।

গীত ৬৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

অক্টোবৰ ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১২৭

১০ মি: স্থানীয় ঘোষণাসমূহ।

২০ মি: ট্ৰেক্টবোৰ ব্যৱহাৰ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰা। ভাষণ আৰু নবেম্বৰ ২০০১ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৩-৪ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। আলোকপাত কৰি কওক যে ৫ অনুচ্ছেদত দিয়া পৰামৰ্শৰ অনুসৰি আমি বিদ্যাৰ্থীসকলৰ পৰিস্থিতিৰ অনুসাৰে সাল-সলনি কৰিবলৈ আগ্ৰহী আৰু ৮-১০ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি চমুকৈ এটা বা দুটা উপস্থাপন প্ৰস্তুত কৰক। আপোনাৰ এলেকাত যদি আন উপস্থাপনবোৰ ব্যৱহাৰিক হয়, তেন্তে বৰ্ণনা কৰক আৰু ওপৰত উল্লেখ কৰা অনুচ্ছেদৰ পৰামৰ্শৰ পৰিৱৰ্তে সেইবোৰ প্ৰদৰ্শন কৰক। শ্ৰোতাসকলক, বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন ব্যৱহাৰ কৰি পোৱা অনুভৱৰ বিষয়ে কʼবলৈ উৎসাহিত কৰক।

১৫ মি: সন্তানৰ হৃদয়ত সত্যতা ৰোপণ কৰক। পৰিয়ালৰ সুখৰ ৰহস্য নামৰ কিতাপখনৰ ৫৫-৫৯ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি ভাষণ দিয়ক। যিহোৱাৰ সৈতে এক ব্যক্তগত নিবিড় সম্পৰ্ক ৰাখিবলৈ পিতৃ-মাতৃয়ে নিজৰ সন্তানক সহায় কৰাৰ চাৰিটা পদ্ধতিৰ বিষয়ে আলোচনা আৰু বিষয়বস্তুক কাৰ্য্যকাৰীৰূপে প্ৰযোজ্য কৰক।

গীত ১৬৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

অক্টোবৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫৬

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। (যদি উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে কেনেকৈ অক্টোবৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া তৃতীয়টো উপস্থাপন) আৰু নবেম্বৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। প্ৰত্যেকটো উপস্থাপনত পৃথকে লোকসকলে “মই যিহোৱাৰ সাক্ষীসকলৰ প্ৰতি আগ্ৰহী নহওঁ” বুলি কৈ আমাৰ কথোপকথনত বাধা জন্মোৱাসকলৰ সৈতে কেনেকৈ সফলতাৰে কথোপকথন কৰিব পাৰি, সেই বিষয়ে প্ৰদৰ্শন কৰক।​—⁠বাইবেল পৰিচৰ্চ্চা নামৰ সৰু পুস্তিকাখনৰ ৯-১০ পৃষ্ঠাত চাওক।

২০ মি: ঈশ্বৰৰ বাক্যক সমৰ্থন কৰিবলৈ প্ৰমাণ দাঙি ধৰক। পৰিচৰ্য্যা স্কুল কিতাপৰ ২৫৬-২৫৭ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। লোকসকলে বাইবেলৰ ওপৰত ভাৰসা কৰিবলৈ আমি কেনেকৈ শাস্ত্ৰৰ বাহিৰে আন যুক্তিবোৰ দাঙি ধৰি তেওঁলোকক সহায় কৰিব পাৰোঁ? উল্লেখ কৰা আলোচনাবোৰৰ ওপৰত আধাৰিত কৰি মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক: প্ৰাকৃতিক বিশ্বব্ৰহ্মাণ্ডখনত সৃষ্টিকৰ্ত্তাজনৰ বিষয়ে কেনে উদাহৰণবোৰ দেখিবলৈ পোৱা যায়? (rs ৮৫-৮৬ পৃষ্ঠা) বিদ্বান বা বিশেষজ্ঞসকলৰ মন্তব্য ব্যৱহাৰ কৰি বাইবেলখন যে বাস্তৱতে ঈশ্বৰৰ বাক্য, সেই বিষয়ে আমি লোকসকলে বুজি পোৱাত কেনেকৈ সহায় কৰিব পাৰোঁ? (rs ৬২-৬৪ পৃষ্ঠা) ঈশ্বৰে কিয় দুষ্টতাক অস্তিত্বত থাকিবলৈ অনুমতি দিছে এই বিষয়ে আনক বুজাবলৈ আমি কেনে দৃষ্টান্ত বা উপমা দিব পাৰোঁ? (rs ৪২৯ পৃষ্ঠা) বাইবেলৰ পৰামৰ্শ বা উপদেশ পালন কৰাটো যে বুদ্ধিমানৰ কাৰ্য্য, সেই বিষয়ে আনক বুজাবলৈ আপুনি কেনে উদাহৰণ অথবা অভিজ্ঞতা দাঙি ধৰিব পাৰে?

১৫ মি: “সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰক।” শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। বিগত সেৱা বছৰত হৈ যোৱা এদিনীয়া বিশেষ সন্মিলনৰ মুখ্য বিষয়বোৰৰ আলোকপাত কৰক। শ্ৰোতাসকলক তেওঁলোকে সন্মিলনত টোকি ৰাখা বিষয়বোৰৰ পৰা মন্তব্য দিবলৈ অনুৰোধ কৰক। বিশেষ সন্মিলনত শিকা বিষয়বোৰ প্ৰযোজ্য কৰি লাভৱান হোৱাৰ বিষয়ে মন্তব্যবোৰ দিয়া উচিত।

গীত ৬২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৫

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক আগষ্ট মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। নবেম্বৰ মাহত আমি এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি নামৰ ব্ৰচাৰখন বিতৰণ কৰিম। আমি কথোপকথন আৰম্ভ কৰিবলগীয়া বিষয়টোক চমুকৈ উল্লেখ কৰক আৰু স্থানীয় এলেকাত কাৰ্য্যকাৰী হোৱা এটা উপস্থাপন প্ৰস্তুত কৰক। যদি সময়ে অনুমতি দিয়ে, তেনেহʼলে শ্ৰোতাসকলক আমন্ত্ৰণ কৰি কʼবলৈ কওক যে তেওঁলোকে প্ৰচাৰ কাৰ্য্যত কেনেকৈ এই ব্ৰচাৰখন ব্যৱহাৰ কৰাত সক্ষম হৈছে।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২০ মি: “আপুনি আলোচনী বিতৰণ কাৰ্য্যত ভাগ লয়নে?” সেৱা অধ্যক্ষই ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা কৰি এই ভাগটো প্ৰস্তুত কৰক। আলোচনী বিতৰণ দিনৰ বাবে স্থানীয়ভাৱে কেনে ব্যৱস্থা কৰিছে সেই বিষয়ে উল্লেখ আৰু মণ্ডলীৰ প্ৰত্যেকজন প্ৰচাৰকে সেই উক্ত দিনটোত ভাগ লʼবলৈ কি কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰক।

গীত ১৭৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক