আপুনি আলোচনী বিতৰণ কাৰ্য্যত ভাগ লয়নে?
১ ভাৰতত ১৮ কোটিতকৈ অধিক সংখ্যক লোকে নিয়মীয়াকৈ আলোচনী আৰু বাতৰিকাকত কিনে। এই সাময়িক আলোচনীবোৰ আন কোটি কোটি লোকেও পঢ়ে। যদি তেওঁলোকে নিয়মীয়াকৈ প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী পঢ়ে, তেন্তে তেওঁলোকৰ বাবে অধিক লাভদায়ক হʼব। এইটো কেৱল তেতিয়াহে সম্ভৱ হʼব যেতিয়া আমি আলোচনী বিতৰণ কাৰ্য্যত উৎসাহেৰে ভাগ লওঁ।
২ আমাৰ ২০০৪ চনৰ কেলেণ্ডাৰত প্ৰত্যেক শনিবাৰৰ দিনটো আলোচনী বিতৰণৰ বাবে তালিকাভুক্ত কৰা হৈছে। সেই অনুসাৰে বহুতো মণ্ডলীয়ে আলোচনী বিতৰণৰ দ্বাৰা সাক্ষী দিবলৈ এটা নিৰ্দ্দিষ্ট দিন আছুতীয়াকৈ ৰাখে। কিয়নো আলোচনী বিতৰণৰ দিনা বৃহৎ এলেকাত প্ৰত্যেক মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া পৰামৰ্শৰ অনুসাৰে চমুকৈ প্ৰদৰ্শন কৰিবলৈ সুযোগ পোৱা যায়। আন দিনবোৰত আমি হয়তো ঘৰে ঘৰে গৃহস্থৰ সৈতে কথোপকথন কৰাত অধিক সময় অতিবাহিত কৰি চলিত মাহটোত দিবলগীয়া আলোচনী বিতৰণ বা বিচাৰে ব্ৰচাৰখনৰ সৈতে বাইবেল অধ্যয়ন পৰিচালনা কৰিব পাৰোঁ।
৩ মণ্ডলীয়ে আয়োজন কৰা আলোচনী বিতৰণৰ দিনত আপুনি কেনেকৈ সহযোগ কৰিব?
▪ আলোচনীবোৰ পঢ়ক: এজন চাৰ্কিত ওভাৰচিয়াৰে এইদৰে ৰিপোৰ্ট দিয়ে যে, তেওঁৰ চাৰ্কিতত থকা ২০ জনৰ ভিতৰত ১ জন প্ৰকাশকেহে প্ৰত্যেক মাহৰ প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰ সম্পূৰ্ণকৈ পঢ়ে। আপুনিও পঢ়েনে? আপুনি যেনেকৈ লেখবোৰ পঢ়িব তেতিয়া নিজকে এইদৰে সোধক, ‘এই প্ৰবন্ধটোৰ পৰা কোনে লাভৱান হʼব, এগৰাকী মাতৃনে? হিন্দু ধৰ্মাৱলী এজন ব্যৱসায়ী ব্যক্তিনে? নতুবা এজন মুছলমান ধৰ্ম্মৰ ডেকা ব্যক্তি?’ আপুনি নিজৰ ব্যক্তিগত কপিখনত এটা বা দুটা বিষয় চিন দি ৰাখক যাতে আলোচনীখন বিতৰণ কৰাৰ সময়ত সেই বিষয়বোৰ ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছত বিবেচনা কৰক যে এটা বা দুটা বাক্য কৈ কেনেকৈ লোকসকলক আগ্ৰহী কৰি তুলিব পাৰি।
▪ এক নিৰ্দ্দিষ্ট পৰিমাণৰ আলোচনী আৱেদন কৰা উচিত: আলোচনী চোৱা-চিতা কৰা ভাইজনে প্ৰত্যেক মাহৰ বাবে এক ব্যৱহাৰিক পৰিমাণৰ আলোচনী আৱেদন কৰা উচিত। এইদৰে নিজলৈ আৰু আপোনাৰ পৰিয়ালৰ বাবে নিয়মিত আৰু উপযুক্ত পৰিমাণৰ আলোচনী থাকিব।
▪ আলোচনী বিতৰণত ভাগ লʼবলৈ এক নিয়মিত তালিকা বনোৱা: এটা বা তাতকৈ অধিক মণ্ডলীয়ে আলোচনী বিতৰণত ভাগ লʼবলৈ নিৰ্দ্দিষ্ট এটা দিন বাছনি কৰে। যদি সেইটো সম্ভৱ নহয়, তেন্তে আন সময়ত ৰাস্তাত সাক্ষী দিয়াৰ সময়ত আৰু ব্যক্তিগতৰূপে ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্য আৰু আলোচনী প্ৰবাহত আলোচনী বিতৰণ কৰিবলৈ চেষ্টা কৰক।
▪ আলোচনী বিতৰণৰ এক চমু আখৰা কৰা: প্ৰত্যেক মাহৰ আলোচনী বিতৰণৰ বাবে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত “আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?” বুলি সহজ উপস্থাপন দিয়া থাকে। আপোনাৰ ওচৰত যদিও বিগত মাহবোৰৰ বা অন্য ভাষাৰ আলোচনী থাকে, তথাপিও চলিত মাহৰ আলোচনী আগবঢ়াই পৰামৰ্শ অনুসাৰে উত্তমৰূপে কথোপকথন কৰিব পাৰে।
▪ নিজৰ লগত চলিত মাহৰ “প্ৰহৰীবুৰুজ” আৰু “সচেতন!” আলোচনী ৰাখক: কোনো ঠাইলৈ যাত্ৰা বা বজাৰলৈ যোৱাৰ সময়ত নিজৰ সৈতে আলোচনী নিয়ক। নিজৰ সহকৰ্ম্মী, চুবুৰীয়া, সহপাঠী বা শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতে কথোপকথন কৰি এই আলোচনীবোৰ দিয়ক।
৪ মণ্ডলীৰ প্ৰাচীনসকলে কেনেকৈ সহায় কৰিব পাৰে?
▪ আলোচনী বিতৰণৰ তালিকা প্ৰস্তুত কৰক: প্ৰচাৰ এলেকাৰ সকলো ক্ষেত্ৰতে কাৰ্য্যকাৰী হোৱা ব্যৱস্থা কৰাৰ দ্বাৰা বহুতকে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ উৎসাহিত কৰিব পাৰি।
▪ মণ্ডলীৰ সদস্যসকলক তত্ত্বাৱধান লোৱাৰ দ্বাৰা সহায় আগবঢ়োৱা: পুস্তক অধ্যয়ন অধ্যক্ষই নিয়মীয়াকৈ তত্ত্বাৱধানৰ বাবে সাক্ষাৎ কৰি পৰিয়ালবোৰক প্ৰস্তুত আৰু আলোচনী বিতৰণৰ বাবে সহজ উপস্থাপনৰ আখৰা কৰাত সহায় কৰিব পাৰে। তেনে কৰাৰ দ্বাৰা বহুতো প্ৰচাৰকে ভালকৈ আলোচনী বিতৰণৰ আখৰা কৰি অনতিপলমে পৰিচৰ্য্যাত ভাগ লʼবলৈ আগবাঢ়ি আহিব।
▪ নিয়মীয়াকৈ পৰিচৰ্য্যা কাৰ্য্যৰ সভা আয়োজন কৰক: আলোচনী বিতৰণৰ দিনা প্ৰচাৰলৈ যোৱাৰ পূৰ্বে ১০ৰ পৰা ১৫ মিনিটৰলৈকে লোকসকলক দিবলগীয়া চলিত মাহৰ আলোচনীৰ বিষয়ে প্ৰচাৰকসকলৰ সৈতে আলোচনা কৰক।
▪ প্ৰচাৰকসকলৰ সৈতে কাৰ্য্য কৰক: এনেদৰে কৰাৰ দ্বাৰা চলিত মাহৰ আলোচনীক কাৰ্য্যকাৰীৰূপে কেনেকৈ প্ৰস্তুত কৰিব পাৰি, সেই বিষয়ে উপস্থাপন আৰু নতুন প্ৰকাশকসকলক সহায় কৰাৰ সুযোগ লাভ কৰিব।
৫ কোটি কোটি লোকে আজিও শুভবাৰ্ত্তাৰ বিষয়ে শুনিবলৈ বাকী আছে। গতিকে আমি দিয়া আলোচনীৰ এটা পৃষ্ঠাই অৱশ্যেই লোকসকলক সত্যতালৈ পৰিচালিত কৰিব! প্ৰচাৰ কৰিবলৈ যিহোৱা ঈশ্বৰে এক হৰ্ষিত বাৰ্ত্তা আমাক প্ৰদান কৰিছে আৰু আলোচনীবোৰে এই বাৰ্ত্তা লোকসকললৈ কঢ়িয়াই নিয়াত এক মুখ্য ভূমিকা আদায় কৰে। ভৱিষ্যতে আলোচনী বিতৰণ কৰিবলৈ আপুনি অধিক উৎসাহিত হʼবনে? এই সপ্তাহৰ শেষত আপুনি ইয়াৰে কিছুমান উপদেশ পালন কৰিবলৈ চেষ্টা কৰিবনে? তেনে কৰাৰ দ্বাৰা আপুনি যিহোৱাৰ পৰা অৱশ্যেই অধিক আশীৰ্ব্বাদ লাভ কৰিব।