ছবি, চিত্ৰ, সংলাপহীন ভিডিঅ’ আৰু এনিমেশ্বনৰ সহায়ত আমি বাইবেলত উল্লেখ কৰা বিভিন্ন বিষয় বুজিবলৈ সক্ষম হʼম।
বৈৎফগী, জৈতুন পৰ্ব্বত আৰু যিৰূচালেম
এই সৰু ভিডিঅʼখনত পূবফালৰপৰা যিৰূচালেমলৈ যোৱা পথটো দেখুৱা হৈছে। এই পথ এট-টুৰ গাঁৱৰ মাজেদি, জৈতুন পৰ্ব্বতৰ একেবাৰে ওপৰলৈ লৈ গৈছে। অনুমান কৰা হৈছে যে এট-টুৰ, বাইবেলত উল্লেখ কৰা বৈৎফগী গাঁও হয়। ইয়াৰ পূবফালে অথবা জৈতুন পৰ্ব্বতৰ পূব দিশত থকা এঢলীয়া ঠাইখনত বৈথনিয়া গাঁও আছিল। যেতিয়া যীচুৱে যিৰূচালেমলৈ আহিছিল, তেতিয়া যীচু আৰু তেওঁৰ শিষ্যসকলে বৈথনিয়া নামৰ ঠাইখনত ৰাতিটো কটাইছিল। বৰ্তমান সময়ত এই ঠাইখন এল-অজাৰীয়া (এল আইজেৰীয়া) নামেৰে জনাজাত। এইটো এক আৰবী নাম হয় আৰু ইয়াৰ অৰ্থ হৈছে “লাজাৰৰ গাঁও।” নিঃসন্দেহ, যীচুৱে মাৰ্থা, মৰিয়ম আৰু লাজাৰৰ ঘৰতে থাকিছিল। (মথি ২১:১৭; মাৰ্ক ১১:১১; লূক ২১:৩৭; যোহ ১১:১) যীচুৱে যেতিয়া তেওঁলোকৰ ঘৰৰপৰা যিৰূচালেমলৈ গৈছিল, তেতিয়া তেওঁ হয়তো ভিডিঅʼখনত দেখুৱা পথেদি যাত্ৰা কৰিছিল। ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ৯ তাৰিখে যীচুৱে যেতিয়া গাধী পোৱালীজনীৰ পিঠিত উঠি জৈতুন পৰ্ব্বতৰপৰা যিৰূচালেমলৈ আহিছিল, তেতিয়া তেওঁ হয়তো বৈৎফগীৰ পথেদি আহিছিল।
১. বৈথনিয়াৰপৰা বৈৎফগীলৈ যোৱাৰ পথ
২. বৈৎফগী
৩. জৈতুন পৰ্ব্বত
৪. কিদ্ৰোণৰ সমতল ভূমি
৫. মন্দিৰ
গোৰোৱাৰ হাড়ত গজাল
এই ছবিখনত দেখুৱা হৈছে যে কেনেকৈ এজন ব্যক্তিৰ গোৰোৱাত ১১.৫ চে.মি. (৪.৫ ইঞ্চি) দীঘল এডাল লোহাৰ গজাল মৰা হৈছে। এই টুকুৰাটো সঁচা হাড়ৰ টুকুৰা নহয়। প্ৰকৃত হাড়ৰ টুকুৰাটো ১৯৬৮ চনত পুৰাতত্ত্ববিদসকলে যিৰূচালেমৰ উত্তৰ ভাগত খনন কৰাৰ সময়ত পাইছিল আৰু হাড় টুকুৰা ৰোমানসকলৰ যুগৰ আছিল। এই আৱিষ্কাৰে প্ৰমাণ কৰে যে লোকসকলক কাঠৰ দণ্ডত গজাল মাৰি মৃত্যুদণ্ড দিয়া হৈছিল। ৰোমান সৈনিকসকলে যীচু খ্ৰীষ্টক মৃত্যুদণ্ড দিয়াৰ বাবেও হয়তো এনেধৰণৰ গজাল ব্যৱহাৰ কৰিছিল। হাড়ৰ টুকুৰাটো শিলৰ এটা বাকচত পোৱা গৈছিল। মৃতদেহ এটা জহ যোৱাৰ পাছত ইয়াৰ হাড়বোৰ এই বাকচত ৰখা হৈছিল। ইয়ে উনুকিয়াই দিয়ে যে কাৰোবাক কাঠত মৃত্যুদণ্ড দিয়াৰ পাছত হয়তো কবৰ দিয়া হৈছিল।—মথি ২৭:৩৫.