ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr18 জুলাই পৃষ্ঠা ১-১৩
  • জুলাই—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৮
  • উপশীৰ্ষক
  • জুলাই ২-৮
  • জুলাই ৯-১৫
  • জুলাই ১৬-২২
  • জুলাই ২৩-২৯
  • জুলাই ৩০–আগষ্ট ৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৮
mwbr18 জুলাই পৃষ্ঠা ১-১৩

জুলাই—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

জুলাই ২-৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ৬-৭

“উদাৰতাৰে জোখ-মাখ কৰক”

(লূক ৬:৩৭) পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহব; লোকক দোষী নকৰিবা, তেহে তোমালোককো দোষী কৰা নহব; আনক ক্ষমা কৰি এৰি দিয়া, তেহে তোমালোককো এৰি দিয়া হব।

লূক ৬:৩৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

আনক ক্ষমা কৰি এৰি দিয়া, তেহে তোমালোককো এৰি দিয়া হব: বা “আনক ক্ষমা কৰি থাকা, তেহে তোমাকো ক্ষমা কৰা হʼব।” ‘ক্ষমা কৰাৰ’ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ আক্ষৰিক অৰ্থ হৈছে, “যাবলৈ এৰি দিয়া; পঠিয়াই দিয়া; মুকলি কৰা (উদাহৰণস্বৰূপে, এজন কয়েদী)।” এই প্ৰসঙ্গত, গ্ৰীক শব্দটো বিচাৰ কৰা বা দোষাৰোপ কৰাৰ বিপৰীতে ব্যৱহাৰ কৰা হৈছিল। সেইবাবে, ইয়ে শাস্তি বা শাস্তি পোৱাৰ যোগ্য হোৱাৰ সত্ত্বেও নিৰ্দোষী বুলি প্ৰমাণ কৰা আৰু ক্ষমা কৰাক বুজাইছে।

w০৮ ৫/১৫ ৯ ¶১৩-১৪

ভাল কাৰ্য্য কৰি থাকক

মথি নামৰ শুভবাৰ্ত্তাৰ কিতাপত যীচুৱে এইদৰে কৈছিল: “তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমোলোকৰো বিচাৰ কৰা নহব।” (মথি ৭:১) লূক কিতাপৰ অনুসৰি, যীচুৱে এইদৰে কৈছিল: “পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহব; লোকক দোষী নকৰিবা, তেহে তোমালোককো দোষী কৰা নহব; আনক ক্ষমা কৰি এৰি দিয়া, তেহে তোমালোককো এৰি দিয়া হব।” (লূক ৬:৩৭) প্ৰথম শতিকাৰ ফৰীচীসকলে লোকসকলৰ বিচাৰ কঠোৰভাৱে কৰিছিল। এই বিচাৰ শাস্ত্ৰৰ আধাৰত নাছিল, কিন্তু পৰম্পৰাৰ আধাৰতহে আছিল। শ্ৰোতাসকলৰ মাজৰ যদি কোনোবাই এইদৰে কৰি আছে, তেনেহʼলে তেওঁলোকে এনে “বিচাৰ” বন্ধ কৰিবলৈ যীচুৱে উৎসাহিত কৰিছিল। ইয়াৰ বিপৰীতে, তেওঁলোকে “এৰি দিয়া” উচিত, অৰ্থাৎ আনৰ ভুল ক্ষমা কৰা উচিত। ওপৰত উল্লেখ কৰাৰ দৰে পাঁচনি পৌলেও ক্ষমা কৰাৰ বিষয়ে একে পৰামৰ্শ আগবঢ়াইছে।

শিষ্যসকলে যদি আন লোকসকলক ক্ষমা কৰে, তেনেহʼলে আনেও তেওঁলোকক ক্ষমা কৰিবলৈ উৎসাহিত হʼব। যীচুৱে এইদৰে কৈছিল: “যেনেকুৱা বিচাৰেৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হব; আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব।” (মথি ৭:২) আনৰ লগত ব্যৱহাৰ কৰাৰ বিষয়ে আমি বাইবেলৰ এই সিদ্ধান্ত মনত ৰাখিব পাৰোঁ যে মানুহে যিহকে বয়, তাকেহে দাব।—গালা. ৬:৭.

(লূক ৬:৩৮) দান কৰা, তাতে তোমালোককো দান দিয়া হব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰ তোমালোকলৈকো জোখা হব।

লূক ৬:৩৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

দান কৰা: বা “দান দি থাকা।” ইয়াত যি গ্ৰীক ক্ৰিয়াপদ ব্যৱহাৰ কৰা হৈছে, ইয়ে “দিয়া” আৰু কোনো এটা কাৰ্য্য কৰি থকা প্ৰক্ৰিয়াক বুজায়।

(লূক ৬:৩৮) দান কৰা, তাতে তোমালোককো দান দিয়া হব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰ তোমালোকলৈকো জোখা হব।

লূক ৬:৩৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

তোমালোকৰ কোঁচত: ইয়াত ব্যৱহাৰ হোৱা গ্ৰীক শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে “তোমাৰ বক্ষ (বুকু)।” কিন্তু এই প্ৰসঙ্গত হয়তো ধিলাকৈ পিন্ধা দীঘল চোলাত টঙালি বান্ধিলে, তাৰ ওপৰেদি যি ভাজ ওলাই থাকে, সেই কাপোৰৰ ভাজক বুজায়। “কোঁচত বাকি” দিয়া কথাষাৰে হয়তো সেই সময়ৰ ৰীতি অনুসৰি কিছুমান বেপাৰীয়ে গ্ৰাহকে পিন্ধা চোলাত বেচা বস্তুবোৰ উপচাই দিয়া কাৰ্য্যক বুজায়।

আধ্যাত্মিক ৰত্ন বিচাৰক

(লূক ৬:১২, ১৩) সেই সময়ত, তেওঁ প্ৰাৰ্থনা কৰিবলৈ পৰ্ব্বতৰ ওপৰলৈ গৈ, ওৰে ৰাতি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি থাকিল। ১৩ পাছে দিন হলত, তেওঁ নিজৰ শিষ্যবিলাকক মাতিলে; আৰু তেওঁলোকৰ মাজৰ, যিজনৰ উপনাম তেওঁ পিতৰ দিলে,

w০৭ ৮/১ ৬ ¶২

প্ৰকৃত আধ্যাত্মিকতা—আমি কেনেকৈ লাভ কৰিব পাৰোঁ?

যীচুৱে প্ৰায়ে প্ৰাৰ্থনাত যথেষ্ট সময় অতিবাহিত কৰিছিল। (যোহন ১৭:১-২৬) উদাহৰণস্বৰূপে, বাৰজন পাঁচনিক নিৰ্ব্বাচন কৰাৰ আগতে যীচুৱে “প্ৰাৰ্থনা কৰিবলৈ পৰ্ব্বতৰ ওপৰলৈ গৈ, ওৰে ৰাতি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি থাকিল।” (লূক ৬:১২) আমি হয়তো ওৰে ৰাতি প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন নহʼব পাৰে, কিন্তু যিসকলে আধ্যাত্মিক চিন্তাধাৰা ৰাখে, তেওঁলোকে যীচুৰ উদাহৰণ অনুকৰণ কৰে। জীৱনত গভীৰ নিৰ্ণয় লোৱাৰ আগতে তেওঁলোকে ঈশ্বৰক প্ৰাৰ্থনা কৰাত যথেষ্ট সময় অতিবাহিত কৰে। তেওঁলোকে নিৰ্ণয় লʼবলৈ পবিত্ৰ আত্মাৰ নিৰ্দেশনা বিচাৰে আৰু ইয়ে তেওঁলোকক আধ্যাত্মিকতাত দৃঢ় হʼবলৈ সক্ষম কৰি তুলিব।

(লূক ৭:৩৫) কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।

লূক ৭:৩৫ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

নিজৰ সকলো সন্তান: বা “ইয়াৰ পৰিণাম।” ইয়াত জ্ঞানক ব্যক্তিৰ ৰূপ দিয়া হৈছে আৰু জ্ঞানৰ সন্তান থকা যেন বুজোৱা হৈছে। একেই বৰ্ণনা মথি ১১:১৯ পদত দেখিবলৈ পোৱা যায়। এই পদৰ অনুসৰি জ্ঞান “কৰ্ম্মৰ” দ্বাৰা প্ৰকাশ পায়। যোহন বাপ্তাইজক আৰু যীচুৱে দিয়া চিন, জ্ঞানৰ সন্তান বা কৰ্ম্মই তেওঁলোকৰ বিৰুদ্ধে কৰা অভিযোগক মিছা বুলি প্ৰমাণ কৰে। যীচুৱে হয়তো এইদৰে কʼব বিচাৰিছিল: ‘অভিযুক্ত ব্যক্তিজনৰ ধাৰ্ম্মিক কাৰ্য্য আৰু আচৰণলৈ চোৱা, তেতিয়া তুমি জানিবা যে সেই অভিযোগবোৰ মিছা।’

বাইবেল পাঠ

(লূক ৭:৩৬-৫০) পাছে ফৰীচীবিলাক এজনে তেওঁক ভোজন কৰিবলৈ নিমন্ত্ৰণ কৰিলত, তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল। ৩৭ তাতে চোৱা, সেই নগৰত থকা কোনো পাতকী তিৰোতা এজনীয়ে, তেওঁক ফৰীচীৰ ঘৰত ভোজনত বহি থকা জানি, সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা আনি, ৩৮ তেওঁৰ পাছফালে, চৰণৰ ওচৰত থিয় হৈ কান্দি আছিল, আৰু তেওঁৰ চৰণ চকু-লোৰে তিয়াবলৈ ধৰি মূৰৰ চুলিৰে মচিলে, আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল ঘঁহিলে। ৩৯ তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি, নিজৰ মনতে কলে, এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এই জনী তিৰোতা কোন, আৰু কেনে লোক, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক জানিলেহেঁতেন। ৪০ তেতিয়া যীচুৱে উত্তৰ দি তেওঁক কলে, হে চিমোন, তোমাক মোৰ কিছু কথা কবলৈ আছে। তাতে তেওঁ কলে, হে গুৰু, কওক। ৪১ এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ আধলি, এজনৰ পঞ্চাচ আধলি ৰূপ ধাৰ আছিল; ৪২ পাছে ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে; তাতে তেওঁলোকৰ মাজত কোনজনে তেওঁক অধিক প্ৰেম কৰিব? ৪৩ চিমোনে উত্তৰ দি কলে, বোধ কৰোঁ, যিজনৰ অধিক ক্ষমা কৰিলে, তেৱেই। তেওঁ তেওঁক কলে, তুমি স্বৰূপ বিবেচনা কৰিলা। ৪৪ তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক কলে, এই তিৰোতাক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলত, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকু-লোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে। ৪৫ তুমি মোক চুমা নাখালা; কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে। ৪৬ তুমি মোৰ মূৰত তেল নঘঁহিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল ঘঁহিলে। ৪৭ এই হেতুকে মই তোমাক কওঁ, তেওঁৰ বহুত হোৱাতো পাপ ক্ষমা কৰা হল; কিয়নো তেওঁ অধিক প্ৰেম কৰিলে; কিন্তু যিজনৰ অলপ ক্ষমা কৰা হয়, তেওঁ অলপ প্ৰেম কৰে। ৪৮ পাছে তেওঁ তেওঁক কলে, তোমাৰ পাপ ক্ষমা হল। ৪৯ তাতে তেওঁৰে সৈতে ভোজনত বহাবিলাকে নিজৰ নিজৰ মনতে কবলৈ ধৰিলে, এওঁ যি জনে পাপকো ক্ষমা কৰে, এওঁ নো কোন? ৫০ পাছে তেওঁ সেই তিৰোতাক কলে, তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।

জুলাই ৯-১৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ৮-৯

“যীচুৰ পিচে পিচে যাবলৈ আমি কি কৰা উচিত?”

(লূক ৯:৫৭, ৫৮) আৰু তেওঁলোক বাটত যাওঁতে, কোনো এজন মানুহে তেওঁক কলে, আপুনি যʼলৈকে যায়, তʼলৈকে ময়ো আপোনাৰ পাছে পাছে যাম। ৫৮ যীচুৱে তেওঁক কলে, শিয়ালৰ গাঁত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ ঠাই নাই।

it-২ ৪৯৪

চৰাইৰ বাহ

কোনো এজন অধ্যাপকে যীচুক এইদৰে কৈছিল: “হে গুৰু, আপুনি যʼলৈকে যায়, তʼলৈকে ময়ো আপোনাৰ পাছে পাছে যাম।” তেতিয়া যীচুৱে উত্তৰ দিছিল: “শিয়ালৰ গাঁত, আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।” (মথি ৮:১৯, ২০; লূক ৯:৫৭, ৫৮) ইয়াত যীচুৱে উনুকিয়াই দিছে যে তেওঁৰ অনুকাৰীসকলে নিজৰ আৰামৰ জীৱন ত্যাগ কৰি সম্পূৰ্ণৰূপে যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা কৰা উচিত। এই সিদ্ধান্ত যীচুৱে নিজৰ শিষ্যসকলক শিকোৱা আদৰ্শ প্ৰাৰ্থনাত দেখিবলৈ পোৱা যায়। প্ৰাৰ্থনাত যীচুৱে এইদৰে কৈছিল, “আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া” আৰু আনহাতে “তোমালোকৰ মাজৰ যি কোনোৱে নিজৰ সৰ্ব্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হব নোৱাৰে।”—মথি ৬:১১; লূক ১৪:৩৩.

(লূক ৯:৫৯, ৬০) পাছে তেওঁ, আন এজনক কলে, তুমি মোৰ পাছে পাছে আহাঁ। কিন্তু তেওঁ কলে, হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ অনুমতি দিয়ক। ৬০ তাতে তেওঁ তেওঁক কলে, মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক, কিন্তু তুমি গৈ, ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰা।

লূক ৯:৫৯, ৬০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

মোৰ পিতৃক কবৰ দিবলৈ: ইয়াৰ অৰ্থ এইটো নহয় যে ব্যক্তিজনে অলপতে নিজৰ পিতৃক মৃত্যুত হেৰুৱাইছে আৰু কবৰ দিবলৈ যাব বিচাৰিছে। যদি এনে হʼলহেঁতেন, তেনেহʼলে ব্যক্তিজনে সেই সময়ত যীচুৰ লগত কথা পাতি নাথাকিলেহেঁতেন। প্ৰাচীন মধ্যপ্ৰাচ্য দেশবোৰত কোনো ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালৰ সদস্যসকলে লগে লগে বা একে দিনে কবৰ দিয়া কাৰ্য্য সম্পন্ন কৰিছিল। গতিকে, হয়তো ব্যক্তিজনৰ পিতৃৰ মৃত্যু হোৱা নাছিল, কিন্তু তেওঁ বৃদ্ধ আছিল বা অসুখত ভুগীছিল। যীচুৱে ব্যক্তিজনক নিজৰ অসুস্থ আৰু অসহায় পিতৃক এৰি থৈ আহিবলৈ কোৱা নাছিল। প্ৰয়োজনৰ সময়ত পিতৃক চোৱা-চিতা কৰিবলৈ তেওঁৰ পৰিয়ালত নিশ্চয় আন সদস্যও আছিল। (মাৰ্ক ৭:৯-১৩) ব্যক্তিজনে হয়তো এইদৰে কৈছিল, ‘মই আপোনাৰ পিচে পিচে যাম, কিন্তু মোৰ পিতৃ জীয়াই থকালৈকে নহয়। মোৰ পিতৃৰ মৃত্যুৰ পাছত মই তেওঁক কবৰ দিয়ালৈকে অপেক্ষা কৰক।’ কিন্তু যীচুৰ অনুসৰি ব্যক্তিজনে নিজৰ জীৱনত ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াৰ সুযোগ হেৰুৱায়।—লূক ৯:৬০, ৬২.

মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক: লূক ৯:৫৯ পদৰ ওপৰত আধাৰিত অধ্যয়নৰ টোকাত বৰ্ণনা কৰা অনুসৰি যীচুৱে যি ব্যক্তিজনৰ সৈতে কথা-বতৰা হৈছিল, তেওঁৰ পিতৃৰ হয়তো মৃত্যু হোৱা নাছিল, কিন্তু তেওঁ বৃদ্ধ আছিল বা অসুখত ভুগীছিল। গতিকে যীচুৱে স্পষ্টভাৱে কৈছিল: ‘আধ্যাত্মিকভাৱে মৃত লোকবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক।’ ইয়াৰ অৰ্থ হৈছে পৰিয়ালৰ আন সদস্যসকলে পিতৃৰ চোৱা-চিতা কৰক আৰু মৃত্যুৰ পাছত তেওঁক কবৰ দিয়ক। যীচুক অনুকৰণ কৰি ব্যক্তিজনে অনন্ত জীৱনৰ পথত আগবাঢ়ি যাব পাৰিলেহেঁতেন আৰু যিসকল ঈশ্বৰৰ দৃষ্টিত আধ্যাত্মিকভাৱে মৃত, তেওঁলোকৰ মাজত নাথাকিলেহেঁতেন। যীচুৰ উত্তৰৰপৰা বুজিব পৰা যায় যে আধ্যাত্মিকভাৱে সজাগ হৈ থাকিবলৈ, এজন ব্যক্তিয়ে নিজৰ জীৱনত ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া আৰু সেই ৰাজ্যৰ বিষয়ে ঘোষণা কৰাটো অতি প্ৰয়োজন।

(লূক ৯:৬১, ৬২) আন এজনে কলে, হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম, কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবিলাকৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক। ৬২ যীচুৱে তেওঁক কলে, যি কোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চায়, তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।

nwtsty ভিডিঅ’

হাল বোৱা

হাল বোৱা কাৰ্য্য প্ৰায়ে শৰৎ কালত কৰা হয়। গ্ৰীষ্ম কালৰ সূৰ্য্যৰ তাপে টান কৰি দিয়া মাটিডৰা শৰৎ কালত হোৱা বৰষুণে কোমল কৰি দিয়ে। (অতিৰিক্ত লেখ B১৫ চাওক।) কিছুমান নাঙল এডাল কাঠৰ টুকুৰাৰে তৈয়াৰ কৰা হয়, যাৰ জোঙা অংশটো হয়তো ধাতুৰে তৈয়াৰী। এই নাঙলখনত আন এডাল কাঠ পথালিকৈ ৰাখি জোৰা লগোৱা হয় আৰু এটা বা তাতোকৈ বেছি জন্তুৱে টানি হাল বায়। হাল বোৱাৰ পাছত মাটিডৰাত বীজ সিচা হয়। হীব্ৰু শাস্ত্ৰপদত প্ৰায়ে সকলোৱে জনা এই হাল বোৱা কাৰ্য্য, বহুতো দৃষ্টান্তত পৰোক্ষভাৱে উল্লেখ কৰা হৈছে। (বিচাৰ ১৪:১৮; যিচ ২:৪; যিৰি ৪:৩; মীখা ৪:৩) গুৰুত্বপূৰ্ণ শিক্ষা দিয়াৰ বাবে যীচুৱে নিজৰ দৃষ্টান্তত প্ৰায়ে কৃষিৰ লগত জড়িত থকা বিষয়বোৰ উল্লেখ কৰিছিল। উদাহৰণস্বৰূপে, হাল বোৱা কাৰ্য্যৰ বিষয়ে উল্লেখ কৰি যীচুৱে শিষ্যসকলক মনে-প্ৰাণে কাৰ্য্য কৰাৰ বিষয়ে শিক্ষা দিছিল। (লূক ৯:৬২) যদি এজন খেতিয়কে কামত অন্যমনস্ক হৈ পৰে, তেনেহʼলে তেওঁ পোনকৈ হাল বাব নোৱাৰিব। ঠিক সেইদৰে, যীচুৰ এজন শিষ্যই যদি অন্যমনস্ক হৈ পৰে বা নিজৰ দায়িত্ব পালন কৰাৰপৰা আঁতৰি থাকে, তেনেহʼলে তেওঁ ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিব।

w১২ ৪/১৫ ১৫-১৬ ¶১১-১৩

মনে-প্ৰাণে যিহোৱাক সেৱা কৰক

যীচুৰ এই দৃষ্টান্ত স্পষ্টকৈ বুজিবলৈ আহক আমি এই জীৱন্ত উদাহৰণটো বিতংভাৱে আলোচনা কৰোঁ। এজন হালোৱাই হাল বোৱাত ব্যস্ত। হাল বোৱাৰ সময়ত তেওঁ নিজৰ ঘৰ, পৰিয়াল, বন্ধু-বান্ধৱ, আহাৰ, সংগীত, হাঁহি-ধেমালি আৰু কʼৰবাত অলপ ছাঁ পোৱাৰ বিষয়ে চিন্তা নকৰাকৈ নাথাকে। এইবোৰৰ বাবে তেওঁ হাবিয়াস কৰে। ভালেমান মাটিত হাল বোৱাৰ পাছত তেওঁ এৰি অহা বস্তুবোৰৰ বাবে ইমানেই হাবিয়াস কৰিবলৈ ধৰে যে তেওঁ “পাছফাললৈ ঘূৰি চায়।” বীজ ৰোপন কৰাৰ আগতে এতিয়াও বহুতো কাম বাকী আছে, কিন্তু হাল বোৱা ব্যক্তিজন অন্যমনস্ক হৈ পৰাৰ বাবে তেওঁৰ কামত প্ৰভাৱ পৰে। হালোৱাজনে নেৰা-নেপেৰাকৈ কামত লাগি নথকাৰ বাবে খেতিৰ গৰাকীজনে নিশ্চয় নিৰাশ হৈছে।

আহক আমি অলপ সময় আধুনিক সময়ৰ একেধৰণৰ পৰিস্থিতিৰ বিষয়ে বিবেচনা কৰোঁ। সেই হালোৱাজনৰ তুলনা এনে কিছুমান খ্ৰীষ্টানৰ লগত কৰিব পাৰি, যিসকলক দেখিলে তেওঁলোকৰ জীৱনত সকলো ভালেই আছে যেন বোধ হয়। কিন্তু প্ৰকৃততে তেওঁলোকে আধ্যাত্মিক বিপদত আছে। কল্পনা কৰক যে ভাইজনে সভাত উপস্থিত থাকে আৰু ঘোষণা কাৰ্য্যত অংশগ্ৰহণ কৰে, কিন্তু জগতৰ লোকসকলৰ জীৱনশৈলীয়ে তেওঁক এতিয়াও আকৰ্ষণ কৰে আৰু তেওঁ সেইবোৰৰ বিষয়ে একেৰাহে চিন্তা কৰি থাকে। হৃদয়ৰ এটা কোনত তেওঁ এতিয়াও সেইবোৰ উপভোগ কৰিবলৈ হাবিয়াস কৰে। অৱশেষত, বহু বছৰ ঘোষণা কাৰ্য্যত অতিবাহিত কৰাৰ পাছত এই হাবিয়াসে তেওঁক জুৰুলা কৰি তুলে আৰু সেইবোৰ লাভ কৰিবলৈ তেওঁ “পাছফাললৈ ঘূৰি চায়।” ঘোষণা কাৰ্য্য সম্পূৰ্ণ কৰাৰ বাবে এতিয়াও বাকী আছে, কিন্তু তেওঁ “জীৱনৰ বাক্য” দৃঢ়তাৰে ধৰি ৰখা নাই আৰু তেওঁ আগৰ দৰে সেৱা কৰিবলৈ ব্যৰ্থ হৈছে। (ফিলি. ২:১৪) আমাৰ সহনশীলতা এইদৰে নাইকিয়া হৈ পৰিলে, ‘শস্যৰ গৰাকী’ যিহোৱা ঈশ্বৰ দুখিত হয়।—লূক ১০:২.

এই উদাহৰণৰপৰা আমি স্পষ্ট শিক্ষা লাভ কৰোঁ। মণ্ডলীৰ সভা আৰু ঘোষণা কাৰ্য্যৰ দৰে সন্তোষজনক কামত নিয়মিতভাৱে ভাগ লʼবলৈ আমি যি যত্ন কৰোঁ, সেয়া অতি প্ৰশংসনীয়। কিন্তু মনে-প্ৰাণে যিহোৱা ঈশ্বৰক সেৱা কৰাত আৰু কিছু জড়িত আছে। (২ বং. ২৫:১, ২, ২৭) যদি এজন খ্ৰীষ্টানে ‘পাছফালে’ এৰি অহা বস্তু অৰ্থাৎ জগতৰ লোকসকলৰ জীৱনশৈলীক এতিয়াও প্ৰেম কৰে, তেনেহʼলে যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক বিপদত পৰিব পাৰে। (লূক ১৭:৩২) যদি আমি ‘যি মন্দ, তাক ঘিণ কৰোঁ [আৰু] যি উত্তম, তাত আসক্ত হওঁ,’ তেনেহʼলে আমি “ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত” হʼবলৈ সক্ষম হʼম। (ৰোম. ১২:৯, ১০; লূক ৯:৬২) গতিকে, চয়তানৰ জগতৰ বস্তুবোৰ অতি প্ৰয়োজনীয় বা সন্তোষজনক যেন লাগিলেও, আমি নিশ্চিত কৰা উচিত যে এইবোৰে যাতে আমাক ঈশ্বৰৰ ৰাজ্যৰ বাবে মনে-প্ৰাণে কাৰ্য্য কৰাত বাধা নিদিয়ে।—২ কৰি. ১১:১৪; ফিলিপীয়া ৩:১৩, ১৪ পঢ়ক।

আধ্যাত্মিক ৰত্ন বিচাৰক

(লূক ৮:৩) হেৰোদ ৰজাৰ ঘৰগিৰী কূচৰ ঘৈণীয়েক যোহানা, আৰু চোচন্না, আৰু আন আন অনেক তিৰোতাবিলাক তেওঁৰ লগত আছিল; এই তিৰোতাবিলাকে নিজৰ নিজৰ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা-শুশ্ৰূষা কৰিছিল।

লূক ৮:৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

তেওঁলোকৰ সেৱা-শুশ্ৰূষা কৰিছিল: বা “তেওঁলোকক সহায় কৰিছিল।” গ্ৰীক ভাষাৰ ডি-য়া-ক’-নিঅ’ শব্দটোৱে আনৰ বাবে খোৱা বস্তু কিনি অনা, ৰান্ধি দিয়া, বাঢ়ি দিয়া ইত্যাদিৰে, আনৰ শাৰীৰিক প্ৰয়োজনীয়তাক পূৰ কৰা বুজায়। একেই অৰ্থ লূক ১০:৪০ (‘আল্‌পৈচান ধৰা’), লূক ১২:৩৭ (‘বাঢ়ি দিয়া’), লূক ১৭:৮ (‘আল্‌পৈচান ধৰা’) আৰু পাঁচ ৬:২ (‘পৰিচৰ্য্যা’) পদত দেখিবলৈ পোৱা যায়। কিন্তু এই শব্দৰ অৰ্থ সেই সেৱাবোৰো জড়িত আছে, যাৰ দ্বাৰা আনৰ প্ৰয়োজনীয়তা পূৰ কৰা হয়। ২ আৰু ৩ পদত বৰ্ণনা কৰা অনুসৰি তিৰোতাসকলে যীচু আৰু তেওঁৰ শিষ্যসকলক আলপৈচান ধৰি ঈশ্বৰৰ কাৰ্য্য পূৰ্ণ কৰিবলৈ সহায় কৰিছিল। এইদৰে কৰাৰ যোগেদি তেওঁলোকে ঈশ্বৰৰ মহিমা কৰিছিল আৰু ঈশ্বৰে তেওঁলোকৰ মূল্যাংকন কৰিছিল। সেইবাবে, ভৱিষ্যতে সকলোৱে পঢ়িব পৰাকৈ তেওঁলোকৰ উদাৰতাৰ বিষয়ে ঈশ্বৰে বাইবেলত লিপিবদ্ধ কৰিছে। (হিতো ১৯:১৭; ইব্ৰী ৬:১০) একেই গ্ৰীক শব্দ মথি ২৭:৫৫ আৰু মাৰ্ক ১৫:৪১ পদত তিৰোতাসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে।

(লূক ৯:৪৯, ৫০) পাছে যোহনে মাত লগাই কলে, হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবিলাকক খেদোৱা দেখিলোঁ; কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে নহাত, আমি তেওঁক নিষেধ কৰিলোঁ; ৫০ তাতে যীচুৱে তেওঁক কলে, তেওঁক নিষেদ নকৰিবা; কিয়নো যি জন তোমালোকৰ বিপক্ষ নহয়, তেওঁ তোমালোকৰ সপক্ষ।

w০৮ ৩/১৫ ৩১ ¶৩

লূক কিতাপৰ আলোকপাত

৯:৪৯, ৫০—ইয়াত উল্লেখ কৰা ব্যক্তিগৰাকী যীচুৰ শিষ্য নাছিল, কিন্তু তেতিয়াও ভূতবিলাকক খেদোৱাত যীচুৱে তেওঁক কিয় নিষেধ কৰা নাছিল? যীচুৱে ব্যক্তিজনক নিষেধ কৰা নাছিল, কাৰণ তেতিয়ালৈকে খ্ৰীষ্টান মণ্ডলী স্থাপন হোৱা নাছিল। গতিকে, যীচুৰ ওপৰত বিশ্বাস ৰাখি ভূত খেদোৱাৰ বাবে ব্যক্তিজনে যীচুৰ পিচে পিচে যোৱাৰ প্ৰয়োজন নাছিল।—মাৰ্ক ৯:৩৮-৪০.

বাইবেল পাঠ

(লূক ৮:১-১৫) তাৰ অলপৰ পাছত তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিলে; ২ আৰু সেই বাৰ জন পাঁচনি, আৰু অশুচি ভূতৰ আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, অৰ্থাৎ যিজনীৰ পৰা সাতোটা ভূত ওলাইছিল, মগ্দলীনী বুলি মতা সেই মৰিয়ম, ৩ আৰু হেৰোদ ৰজাৰ ঘৰগিৰী কূচৰ ঘৈণীয়েক যোহানা, আৰু চোচন্না, আৰু আন আন অনেক তিৰোতাবিলাক তেওঁৰ লগত আছিল; এই তিৰোতাবিলাকে নিজৰ নিজৰ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা-শুশ্ৰূষা কৰিছিল। ৪ প্ৰত্যেক নগৰৰ পৰা মানুহবিলাক তেওঁৰ ওচৰলৈ আহি আহি বহু মানুহৰ এটা দল গোট খোৱা সময়ত, তেওঁ এটা দৃষ্টান্ত দি কলে, এজন খেতিয়কে কঠীয়া সিচিবলৈ গল; ৫ তেওঁ সিচোঁতে সিচোঁতে, কেতবোৰ কঠীয়া বাটৰ কাষত পৰিল; তাতে ভৰিৰে খচকা হল, আৰু আকাশৰ চৰাইবোৰে তাক খুঁটি খালে। ৬ কেতবোৰ শিলনিত পৰিল; পাছে গজিলতেই, জীপ নোহোৱাত, শুকাই গল। ৭ কেতবোৰ কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি, হেঁচি ধৰি মাৰিলে। ৮ আনবোৰ ভাল মাটিত পৰি, গজি, বাঢ়ি এশ গুণ গোট ধৰিলে। এইবোৰ কথা কৈ, তেওঁ ৰিঙিয়াই কলে, যিজনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক। ৯ পাছে তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে, এই দৃষ্টান্তৰ অৰ্থ কি? ১০ তাতে তেওঁ কলে, ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে; কিন্তু আনবিলাকে যেন দেখিও নেদেখে, আৰু শুনিও নুবুজে, এই নিমিত্তে তেওঁবিলাকৰ আগত দৃষ্টান্তেৰে কোৱা হৈছে। ১১ সেই দৃষ্টান্তৰ অৰ্থ এই; কঠীয়াই ঈশ্বৰৰ বাক্য। ১২ বাটৰ কাষত যি, সেইবোৰ শুনাবিলাক; তেওঁবিলাকে যেন বিশ্বাস নকৰে, আৰু পৰিত্ৰাণো নাপায়, এই নিমিত্তে চয়তানে তেতিয়া আহি তেওঁবিলাকৰ মনৰ পৰা বাক্য কাঢ়ি লৈ যায়। ১৩ আৰু শিলনিত যি, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁবিলাকৰ শিপা নথকাত, এওঁবিলাকে অলপ কাল বিশ্বাস কৰি থাকি, পাছে পৰীক্ষাৰ সময়ত খহি পৰে। ১৪ আৰু যি কাঁইটনিত পৰিল, সেয়ে হৈছে, যিবিলাকৰ শুনাৰ পাছে, আয়ুসৰ কাল নিয়াওঁতে, জীৱনৰ চিন্তা, ধন আৰু সুখত মগ্ন হোৱাত, একো ফল সিদ্ধ নহয়। ১৫ কিন্তু ভাল মাটিত যি, সেইবোৰ হৈছে এনেকুৱা মানুহ, যিবিলাকে বাক্য শুনি তাক সৰল আৰু শুদ্ধ মনত ৰাখি, ধৈৰ্য্যেৰে ফল উৎপন্ন কৰে।

জুলাই ১৬-২২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১০-১১

“দয়ালু চমৰীয়াৰ দৃষ্টান্ত”

(লূক ১০:২৯-৩২) কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী কৰিবলৈ ইচ্ছা কৰি, যীচুক কলে, মোৰ চুবুৰীয়া নো কোন? ৩০ তাতে যীচুৱে সমিধান দি কলে, এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহোলৈ যাওঁতে, ডকাইতৰ হাতত পৰিল; তাতে সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই আধামৰাকৈ এৰি, গুচি গল। ৩১ এনেতে কোনো এজন পুৰোহিতে সেই বাটেদি গৈছিল; পাছে তেওঁ তেওঁক দেখি, এফলীয়া হৈ গল। ৩২ সেইদৰে এজন লেবীয়াও সেই ঠাই পাই তেওঁক দেখি, এফলীয়া হৈ গল।

nwtsty ভিডিঅ’

যিৰূচালেমৰপৰা যিৰীহোলৈ যোৱা পথ

এই সৰু ভিডিঅʼখনত দেখুৱা পথটো (১) হয়তো প্ৰাচীন কালৰ যিৰূচালেমৰপৰা যিৰীহোলৈ যোৱা পথৰ দৰে হʼব। এই পথৰ দৈৰ্ঘ্য ২০ কিলোমিটাৰতকৈয়ো (১২ মাইল) বেছি আছিল আৰু যিৰূচালেমৰপৰা যিৰীহো নগৰলৈ গৈ পোৱাৰ আগতে পথটো এঢলীয়াকৈ তললৈ নামি গৈছিল। সেই এঢলীয়া অংশখিনিৰ দৈৰ্ঘ্য প্ৰায় ১ কিলোমিটাৰ আছিল। সেই ভয়ংকৰ আৰু নিজান এলেকাত প্ৰায়ে ডকাইতি হৈছিল আৰু সেয়ে ভ্ৰমনকাৰীৰ সুৰক্ষাৰ বাবে তাত সৈন্যদল নিযুক্ত কৰা হৈছিল। ৰোমৰ যিৰীহো নগৰখন (২) যিহূদিয়া চহৰৰ অৰণ্যৰ মাজেৰে যোৱা ৰাস্তাৰ ওচৰত স্থাপিত আছিল। ৰোম নগৰৰপৰা প্ৰায় ২ কিলোমিটাৰ (১ মাইলতকৈ অলপ বেছি) দূৰত্বত যিৰীহোৰ এখন প্ৰাচীন নগৰ (৩) অৱস্থিত আছিল।

w০২ ৯/১ ১৬-১৭ ¶১৪-১৫

“দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে”

দ্বিতীয়টো দৃষ্টান্তত এজন বন্ধুত্বপূৰ্ণ চমৰীয়া ব্যক্তিৰ সম্পৰ্কে উল্লেখ কৰিছিল। যীচুৱে এইদৰে কʼবলৈ আৰম্ভ কৰিলে: “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহোলৈ যাওঁতে ডকাইতৰ হাতত পৰিল; তাতে সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই আধা মৰাকৈ এৰি, গুচি গল।” (লূক ১০:৩০) উল্লেখযোগ্য বিষয় এই যে যীচুৱে তেওঁ কোৱা বিষয়টোক বুজাবলৈ “যিৰূচালেমৰ পৰা যিৰীহোলৈ” যোৱা বাটৰ বিষয়ে উল্লেখ কৰিছিল। যেতিয়া তেওঁ এই দৃষ্টান্তটোৰ বিষয়ে কৈছিল তেতিয়া তেওঁ যিৰূচালেমৰ কাষত থকা যিহূদা চহৰত আছিল; গতিকে তেওঁৰ শ্ৰোতাসকলে দৃষ্টান্তত ব্যৱহাৰ কৰা বাটতোৰ সৈতে ভালকৈ পৰিচিত আছিল। সেই নিৰ্দ্দিষ্ট বাটত অকলে যাত্ৰা কৰাটো এজন বাটৰুৱাৰ বাবে বিপদজনক আছিল। ডকাইতে লুকাই থাকিবলৈ সেই বাটটোত বহুতো আকোৱা-পকোৱা স্থান আছিল।

যীচুৰ দৃষ্টান্তত ব্যৱহাৰ কৰা “যিৰূচালেমৰ পৰা যিৰীহোলৈ” যোৱা বাটটোক লক্ষ্য কৰিবলৈ আন এটা নিৰ্দ্দিষ্ট কাৰণ আছিল। কাহিনীটোৰ অনুসাৰে প্ৰথমে এজন পুৰোহিত আৰু তাৰ পিছত এজন লেবীয়া ব্যক্তিও সেই বাটেদি যাত্ৰা কৰিছিল, তথাপিও তেওঁলোকে সেই আহত হৈ পৰি থকা ব্যক্তিজনক সহায় কৰিবলৈ তাত নৰখিল। (লূক ১০:৩১, ৩২) সেই পুৰোহিতজনে যিৰূচালেম মন্দিৰত সেৱা আৰু লেবীয়া ব্যক্তিজনে তেওঁলোকক সহায় কৰিছিল। বহুতো পুৰোহিত আৰু লেবীয়া ব্যক্তিয়ে যিৰূচালেমত কাম নকৰা সময়ছোৱাত যিৰীহোত বাস কৰিছিল। যিৰীহো নগৰ যিৰূচালেমৰ পৰা ২৩ কিলোমিটাৰ [১৪ মাইল] আঁতৰত আছিল। গতিকে ইয়াত কোনো সন্দেহ নাই যে তেওঁলোকে প্ৰায়ে সেই বাটেৰে অহা-যোৱা কৰিছিল। মন কৰিবলগীয়া এই যে সেই পুৰোহিত আৰু লেবীয়া ব্যক্তিজনে সেই বাটেৰে “যিৰূচালেমৰ পৰা” অৰ্থাৎ মন্দিৰৰ কাৰ্য্য শেষ কৰি আঁতৰি গৈছিল। সেইবাবে কোনো এজনেও এইদৰে কৈ যুক্তি দৰ্শাব নোৱাৰিলেহেঁতেন যে, ‘তেওঁলোকে সেই আহত হোৱা ব্যক্তিজনৰ মৃত্যু হোৱা বুলি ভাবি তেওঁৰ মৃতদেহ স্পৰ্শ কৰি মন্দিৰত সেৱা কৰাৰ পৰা অস্থায়ীভাৱে অশুচি নহʼবলৈ আঁতৰি গৈছিল।’ (লেবীয়া পুস্তক ২১:১; গণনা পুস্তক ১৯:১১, ১৬) এনে পৰিচিত পৰিস্থিতিৰ সৈতে জড়িত থকা দৃষ্টান্তটোক বুজাত শ্ৰোতাসকলৰ বাবে কোনো অসুবিধা হৈছিলনে?

(লূক ১০:৩৩-৩৫) কিন্তু কোনো এজন চমৰীয়াই যাত্ৰা কৰোঁতে, তেওঁৰ সেইখিনি পালেগৈ; আৰু তেওঁক দেখি মৰম লাগি, ৩৪ তেওঁ ওচৰলৈ গৈ তেওঁৰ ঘাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি, ঘা বান্ধি দিলে; পাছে নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ নি তেওঁক শুশ্ৰূষা কৰিলে। ৩৫ পাছদিনা তেওঁ দুটা আধলি উলিয়াই, ঘৰৰ গৰাকীক দি কলে, এওঁক শুশ্ৰূষা কৰা; আৰু যি বেচি খৰচ কৰা, মই উলটি আহিলে, তাক পৰিশোধ কৰিম।

লূক ১০:৩৩, ৩৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

এজন চমৰীয়া: যিহূদীসকলে সাধাৰণতে চমৰীয়াসকলক নীচ বুলি গণ্য কৰিছিল আৰু তেওঁলোকৰ লগত কোনোধৰণৰ সম্পৰ্ক ৰখা নাছিল। (যোহ ৪:৯) কিছুমান যিহূদী লোকে ‘চমৰীয়া’ শব্দটো কাৰোবাক হেয়জ্ঞান আৰু তিৰস্কাৰ কৰাৰ বাবে ব্যৱহাৰ কৰিছিল। (যোহ ৮:৪৮) এজন ৰব্বিয়ে মিছনা নামৰ কিতাপখনত এইদৰে উল্লেখ কৰিছে: “কোনো এজন ব্যক্তিয়ে যদি চমৰীয়া এজনৰ সৈতে একেলগে পিঠা খায়, তেনেহʼলে তেওঁ গাহৰি মাংস খোৱাৰ দৰে হʼব।” (চেবিথ ৮:১০) বহুতো যিহূদীয়ে কোনো চমৰীয়া ব্যক্তিয়ে দিয়া সাক্ষ্যৰ ওপৰত বিশ্বাস কৰা নাছিল অথবা তেওঁলোকৰপৰা কোনো সহায়ো গ্ৰহণ কৰা নাছিল। যিহূদীসকলৰ এনে আচৰণৰ বিষয়ে যীচুৱে জানিছিল আৰু সেইবাবে তেওঁ এই দৃষ্টান্তৰ যোগেদি এক গুৰুত্বপূৰ্ণ শিক্ষা দিছিল। এই দৃষ্টান্তক প্ৰায়ে ভাল চমৰীয়া বা দয়ালু চমৰীয়া বুলিও বৰ্ণনা কৰা হয়।

তেওঁৰ ঘাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি, ঘা বান্ধি দিলে: চিকিৎসক লূকে সেই সময়ত ঘা কেনেকৈ বন্ধা হৈছিল, তাৰ বিষয়ে যীচুৰ দৃষ্টান্তত কিছুমান কথা স্পষ্টকৈ বৰ্ণনা কৰিছে। সেই সময়ত, সাধাৰতে ঘা ভাল কৰিবলৈ তেল আৰু দ্ৰাক্ষাৰস ব্যৱহাৰ কৰাটো এক ঘৰুৱা পদ্ধতি আছিল। কেতিয়াবা কেতিয়াবা ঘা কোমল কৰিবলৈ তেল ব্যৱহাৰ কৰা হৈছিল। (যিচ ১:৬ পদৰ লগত তুলনা কৰক।) দ্ৰাক্ষাৰসত বীজানুনাশক ঔষধীয় গুণ আছে আৰু কম বেছি পৰিমাণে ইয়ে বীজানু নাশ কৰাত সহায় কৰে। লূকে বৰ্ণনা কৰিছে যে ঘা কেনেকৈ বান্ধিব লাগে, যাতে ই আগলৈ বাঢ়ি যাব নোৱাৰে।

আলহী-ঘৰ: ইয়াৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ আক্ষৰিক অৰ্থ হৈছে, “এনে এখন ঠাই, যʼত সকলোকে গ্ৰহণ কৰা হয় বা ভিতৰলৈ আহিবলৈ দিয়া হয়।” এনেধৰণৰ ঠাইত ভ্ৰমণকাৰীসকলৰ সৈতে তেওঁলোকৰ পোহনীয়া জীৱ-জন্তুৰ বাবে থকাৰ ব্যৱস্থা আছিল। এই ঘৰ চোৱা-চিতা কৰা গৰাকীজনে ভ্ৰমণকাৰীসকললৈ কিছুমান সহায় আগবঢ়ায় আৰু তেওঁলোকক চোৱা-চিতা কৰাৰ বিনিময়ত মূল্য লয়।

(লূক ১০:৩৬, ৩৭) এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহৰ কোনজন চুবুৰীয়া বুলি ভাবিছা। ৩৭ তাতে তেওঁ কলে, যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই। তেতিয়া যীচুৱে তেওঁ কলে, তুমিও গৈ সেইদৰে কৰা।

w৯৮ ৭/১ ৩১ ¶২

এজন চমৰীয়াই দয়ালু চুবুৰীয়া বুলি প্ৰমাণ কৰে

যীচুৰ দৃষ্টান্তই দেখুৱায় যে এজন ধাৰ্ম্মিক ব্যক্তিয়ে কেৱল ঈশ্বৰৰ আজ্ঞা পালন কৰে এনে নহয়, কিন্তু তেওঁ ঈশ্বৰৰ গুণবোৰ নিজৰ জীৱনত অনুকৰণ কৰে। (ইফিচীয়া ৫:১) উদাহৰণস্বৰূপে, বাইবেলে বৰ্ণনা কৰে যে “ঈশ্বৰ পক্ষপাতী নহয়।” (পাঁচ ১০:৩৪) এই ক্ষেত্ৰত আমি ঈশ্বৰক অনুকৰণ কৰোঁনে? যীচুৰ দৃষ্টান্তই দেখুৱায় যে আমাৰ চুবুৰীয়াৰ প্ৰতি থকা প্ৰেম, কেৱল কোনো জাতি, সংস্কৃতি আৰু ধৰ্ম্মত সীমাবদ্ধ থকা উচিত নহয়। সত্য খ্ৰীষ্টানসকলক একে জাতি, বৰ্গ, গোষ্ঠী বা ৰাষ্ট্ৰৰ লোক আৰু কেৱল সংগী ভাই-ভনীসকলকে নহয়, কিন্তু “সকলোলৈ . . . হিতজনক কৰ্ম্ম” কৰিবলৈ আজ্ঞা দিয়া হৈছে।—গালাতীয়া ৬:১০.

আধ্যাত্মিক ৰত্ন বিচাৰক

(লূক ১০:১৮) তেওঁ তেওঁবিলাকক কলে, স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।

লূক ১০:১৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ: নিঃসন্দেহ যীচুৱে ইয়াত ভৱিষ্যতবাণী কৰিছিল যে চয়তানক স্বৰ্গৰপৰা পেলোৱা হʼব। কিন্তু তেওঁ এই কথাষাৰ এনেদৰে কৈছিল যেন এই ঘটনাটো ইতিমধ্যে ঘটিল। প্ৰকা ১২:৭-৯ পদত বৰ্ণনা কৰা হৈছে যে স্বৰ্গত এখন যুদ্ধ হʼব আৰু মচীহৰ ৰাজ্য স্থাপন হোৱাৰ লগে লগে চয়তানক স্বৰ্গৰপৰা পেলোৱা হʼব। যীচুৱে ইয়াত উনুকিয়াই দিয়ে যে ভৱিষ্যতে হʼবলগীয়া যুদ্ধত চয়তান আৰু ভূতবিলাকক পৰাস্ত কৰা হʼব। যিহোৱা ঈশ্বৰে ৭০ জন অসিদ্ধ শিষ্যক, ভূতবিলাকক খেদাবলৈ শক্তি দিছে।—লূক ১০:১৭.

w০৮ ৩/১৫ ৩১ ¶১২

লূক কিতাপৰ আলোকপাত

১০:১৮—যীচুৱে ৭০ জন শিষ্যক কৈছিল: “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।” ইয়াৰ অৰ্থ কি আছিল? যীচুৱে কোৱাৰ অৰ্থ এইটো নাছিল যে সেই সময়তেই চয়তানক স্বৰ্গৰপৰা পেলোৱা হৈছে। এই ঘটনা ১৯১৪ চনত ৰজা হিচাপে খ্ৰীষ্ট অভিষিক্ত হোৱাৰ কিছু সময়ৰ পাছত ঘটিছিল। (প্ৰকা. ১২:১-১০) এই বিষয়ে আমি স্পষ্টভাৱে কʼব নোৱাৰোঁ যে যীচুৱে এইদৰে কোৱাৰ অৰ্থ কি আছিল। কিন্তু এটা ভৱিষ্যতে হʼবলগীয়া ঘটনাৰ বিষয়ে অতীত কালত বৰ্ণনা কৰি যীচুৱে বুজাব বিচাৰিছিল যে এই ঘটনা নিশ্চয় ঘটিব।

(লূক ১১:৫-৯) তেওঁ তেওঁলোকক আৰু কলে, তোমালোকৰ মাজত যাৰ বন্ধু আছে, তেওঁ যদি মাজনিশা তেওঁৰ ওচৰলৈ গৈ কয়, হে বন্ধু, মোক তিনটা পিঠা ধাৰ দিয়া; ৬ কিয়নো মোৰ ঘৰলৈ এজন পথিক বন্ধু আহিল, তেওঁক সুধিবলৈ মোৰ একো নাই; ৭ তেনেহলে সেই বন্ধুৱেকে, মোক দিগ্‌ নিদিবা, এতিয়া দুৱাৰ বন্ধ, আৰু মোৰ সন্তানকেইটি মোৰ লগত শুই আছে, তোমাক দিবলৈ উঠিব নোৱাৰোঁ, ভিতৰৰ পৰা এনে উত্তৰ দিব নে? ৮ মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে উঠি নিদিলেও, ঘনে ঘনে খুজি থকাত, তেওঁ উঠি, তেওঁৰ যিমান প্ৰয়োজন, সিমান তেওঁক দিব। ৯ আৰু মই তোমালোকক কওঁ, খোজা, তেহে তোমালোকক দিয়া হব; বিচৰা, তেহে পাবা; দুৱাৰত টুকৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হব।

লূক ১১:৫-৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

হে বন্ধু, মোক তিনটা পিঠা ধাৰ দিয়া: মধ্য প্ৰাচ্য দেশবোৰত বাস কৰা লোকসকলে অতিথি সৎকাৰ দেখুৱাটো তেওঁলোকৰ কৰ্তব্য বুলি ভাবিছিল আৰু এই দৃষ্টান্তত বৰ্ণনা কৰাৰ অনুসৰি তেওঁলোকে যিকোনো কাৰ্য্য কৰিবলৈ সাজু আছিল। আলহী যদি মাজনিশাত উপস্থিত হয়, তেনেহʼলে ইয়ে দেখুৱায় যে সেই সময়ত ভ্ৰমণ কৰা লোকসকলে, কেতিয়া গন্তব্য স্থানত উপস্থিত হʼব তাৰ কোনো নিশ্চয়তা নাছিল। কিন্তু, মাজনিশাতো ঘৰৰ গৰাকীয়ে আলহীক কিবা খাবলৈ দিয়াৰ বিষয়ে চিন্তা কৰে। ইয়াৰ বাবে তেওঁ যিকোনো সময়ত নিজৰ চুবুৰীয়াক পিঠা খুজিবলৈয়ো প্ৰস্তুত আছিল।

মোক দিগ্‌ নিদিবা: এই দৃষ্টান্তত চুবুৰীয়াজন কঠোৰ আছিল আৰু সহায় কৰিব বিচৰা নাছিল, এনে নহয়। আচলতে তেওঁ ইতিমধ্যে টোপনি গৈছিল। সেই সময়ত দুখীয়া লোকসকলৰ ঘৰত কেৱল এটাহে ডাঙৰ কোঠালি আছিল। যদি তেওঁ টোপনিৰপৰা উঠে, তেনেহʼলে পৰিয়ালৰ সৰু-ডাঙৰ সকলোৱে টোপনিৰপৰা সাৰ পাব।

ঘনে খুজি থকা: ইয়াৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ আক্ষৰিক অৰ্থ হৈছে, “নম্ৰ নোহোৱা” বা “নিলাজ।” কিন্তু এই প্ৰসঙ্গত, ইয়াৰ অৰ্থ হৈছে দৃঢ়তাৰে খোজা অথবা নেৰানেপেৰাকৈ খোজা। যীচুৰ এই দৃষ্টান্তত বৰ্ণনা কৰা ব্যক্তিজনে লাজ নকৰাকৈ বা দৃঢ়তাৰে খুজিবলৈ এৰি দিয়া নাছিল। ঠিক সেইদৰে যীচুৱে তেওঁৰ শিষ্যসকলক নেৰানেপেৰাকৈ প্ৰাৰ্থনাত লাগি থাকিবলৈ উৎসাহিত কৰিছিল।—লূক ১১:৯, ১০.

বাইবেল পাঠ

(লূক ১০:১-১৬) এইবোৰ কথাৰ পাছত প্ৰভুৱে আন সত্তৰ জনক নিযুক্ত কৰি, তেওঁ যি যি নগৰ আৰু ঠাইলৈ যাব, সেই সেই ঠাইলৈ দুজন দুজনকৈ নিজৰ আগেয়ে পঠালে। ২ আৰু তেওঁবিলাকক কলে, শস্য সৰহ, কিন্তু বনুৱা তাকৰ; এই হেতুকে নিজৰ শস্য-ক্ষেত্ৰলৈ বনুৱবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা। ৩ তোমালোক যোৱা; চোৱা, ৰাংকুকুৰৰ মাজৰ মেৰ পোৱালিস্বৰূপ তোমালোকক মই পঠাইছোঁ। ৪ তোমালোকে মোনা, বা জোলোঙা, বা পাদুকা নলবা; আৰু বাটত কাকো নমস্কাৰ নকৰিবা। ৫ আৰু যি কোনো ঘৰত তোমালোকে সোমোৱা, তাত প্ৰথমতে কবা, এই ঘৰৰ কুশল হওঁক। ৬ যদি তাত কুশলৰ পাত্ৰ থাকে, তেন্তে তোমালোকৰ কুশল তাৰ ওপৰত থাকিব; কিন্তু যদি নাই, তেন্তে তোমালোকলৈ উলটি আহিব। ৭ আৰু তেওঁলোকে যি দিয়া, তাক ভোজন-পান কৰি সেই ঘৰত থাকিবা; কিয়নো বনুৱা তাৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা। ৮ আৰু কোনো নগৰ সোমালে, মানুহবিলাকে যদি তোমালোকক গ্ৰহণ কৰে, তেন্তে তোমালোকৰ আগত যিহকে থয়, তাকে ভোজন কৰিবা। ৯ তাত থকা নৰিয়াবিলাকক সুস্থ কৰিবা, আৰু ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ পালেহি বুলি তেওঁলোকক কবা। ১০ কিন্তু কোনো নগৰ সোমালে, মানুহবিলাকে যদি তোমালোকক গ্ৰহণ নকৰে, তেন্তে সেই নগৰৰ আলিবাটলৈ গৈ, এই কথা কবা, ১১ তোমালোকৰ নগৰৰ যি ধূলিও আমাৰ ভৰিত লাগি আছে, তাক তোমালোকলৈ মচি পেলাওঁ; তথাপি ঈশ্বৰৰ ৰাজ্য পালেহি বুলি জানিবা। ১২ মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনত, সেই নগৰৰ দশাতকৈ চদোমৰ দশা সহিবলৈ লঘু হব। ১৩ হায় হায় কোৰাচীন! হায় হায় বৈৎচৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম-কাৰ্য্য কৰা হৈছিল, সেইবোৰ কাৰ্য্য তূৰ আৰু চীদোনত কৰা হোৱা হলে, তাৰ নিবাসীবিলাকে বহুদিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি, মন পালটালেহেঁতেন। ১৪ কিন্তু মহা-বিচাৰত তোমালোকৰ দশাতকৈ তূৰ আৰু চীদোনৰ দশা সহিবলৈ লঘু হব। ১৫ আৰু হে কফৰনাহূম, তুমি স্বৰ্গলৈ তোলা হবা নে? তুমি নৰকলৈহে পেলোৱা হবা। ১৬ যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে; যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে; আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনাকো অগ্ৰাহ্য কৰে।

জুলাই ২৩-২৯

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১২-১৩

“তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া”

(লূক ১২:৬) পাঁচোটা ঘৰ-চিৰিকা দুই পইচালৈ নেবেচে নে? তথাপি সেইবোৰৰ এটিকো ঈশ্বৰৰ আগত পাহৰা নাযায়।

লূক ১২:৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

ঘৰ-চিৰিকা: গ্ৰীক শব্দ স্ত্ৰুথিয়োন হৈছে ক্ষুদ্ৰতাসূচক সংজ্ঞা, যাৰ অৰ্থ হৈছে যিকোনো সৰু চৰাই। কিন্তু এই শব্দ প্ৰায়ে ঘৰ-চিৰিকাৰ বাবে ব্যৱহাৰ হয়। সকলো চৰাইতকৈ ইয়াৰ দাম একেবাৰে কম আছিল।

(লূক ১২:৭) কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণা হৈছে। ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।

লূক ১২:৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

তোমালোকৰ মূৰৰ সকলো চুলিও গণা হৈছে: মানুহৰ মূৰৰ চুলিৰ সংখ্যা গড় হিচাপে ১ লাখমান হʼব। এনে সৰু সৰু বিষয়বোৰৰ ওপৰত যিহোৱা ঈশ্বৰৰ জ্ঞান থকাই দেখুৱায় যে তেওঁ খ্ৰীষ্টৰ প্ৰতিজন শিষ্যৰ বিষয়ে চিন্তা কৰে।

(লূক ১২:৭) কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণা হৈছে। ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।

cl ২৪১ ¶৪-৫

ঈশ্বৰৰ প্ৰেমৰপৰা কোনো “বস্তুৱেই আমাক বিছিন্ন কৰিব নোৱাৰে”

প্ৰথমে, বাইবেলে স্পষ্টৰূপে শিক্ষা দিয়ে যে ঈশ্বৰে তেওঁৰ প্ৰতিজন সেৱকক মূল্যৱান বুলি গণ্য কৰে। উদাহৰণস্বৰূপে, যীচুৱে এইদৰে কৈছিল: “দুটা ঘৰ-চিৰিকা এপইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে সেইবোৰৰ এটিও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।” (মথি ১০:২৯-৩১) কল্পনা কৰক যে প্ৰথম শতিকাৰ লোকসকলৰ বাবে যীচুৰ এই কথাৰ কি অৰ্থ আছিল।

আমি হয়তো ভাবিব পাৰোঁ যে কোনো ব্যক্তিয়ে ঘৰ-চিৰিকা কিয় কিনিব। যীচু পৃথিৱীত থকা সময়ত, খাবলৈ বিক্ৰী কৰা চৰাইবোৰৰ ভিতৰত ঘৰ-চিৰিকাৰ দাম একেবাৰে কম আছিল। এজন গ্ৰাহকে কেৱল এপইচাত দুটা ঘৰ-চিৰিকা কিনিব পাৰিছিল। কিন্তু পাছলৈ যীচুৱে কৈছিল যে যদি এজন ব্যক্তিয়ে দুই পইছা খৰচ কৰে, তেন্তে তেওঁ চাৰিটা নহয়, কিন্তু পাঁচটা ঘৰ-চিৰিকা লাভ কৰিব। গতিকে, এই অতিৰিক্ত ঘৰ-চিৰিকাটোৰ যেন কোনো মূল্য নাছিল। মানুহৰ দৃষ্টিত হয়তো এনে চৰাই-চিৰিকটিৰ কোনো মূল্য নহʼব পাৰে। কিন্তু সৃষ্টিকৰ্ত্তাৰ দৃষ্টিত সেইবোৰ কেনে আছিল বাৰু? এই বিষয়ে যীচুৱে কৈছিল: “সেইবোৰৰ এটিকো ঈশ্বৰৰ আগত পাহৰা নাযায়।” (লূক ১২:৬, ৭) এতিয়া হয়তো আমি যীচুৰ দৃষ্টিভংগীৰে চিন্তা কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। যদি যিহোৱা ঈশ্বৰে এটি সামান্য ঘৰ-চিৰিকাক মূল্যৱান বুলি গণ্য কৰে, তেনেহʼলে এজন মানুহৰ জীৱন তেওঁৰ দৃষ্টিত কিমান মূল্যৱান হʼব! যীচুৱে বৰ্ণনা কৰা অনুসৰি যিহোৱা ঈশ্বৰে আমাৰ প্ৰতিজনৰ বিষয়ে বিতংভাৱে জানে। আনকি, তেওঁ আমাৰ মূৰত থকা চুলিৰ সংখ্যাও গণনা কৰি ৰাখিছে!

আধ্যাত্মিক ৰত্ন বিচাৰক

(লূক ১৩:২৪) তাতে তেওঁ তেওঁবিলাকক কলে, ঠেক দুৱাৰেদি সোমাবলৈ প্ৰাণপণে চেষ্টা কৰা; কিয়নো মই তোমালোকক কওঁ, অনেকে সোমাবলৈ যত্ন কৰিব,

লূক ১৩:২৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

প্ৰাণপণে চেষ্টা কৰা: বা “সঘৰ্ষ কৰা।” যীচুৰ উপদেশত এই বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে এজন ব্যক্তিক ঠেক দুৱাৰেদি সোমাবলৈ প্ৰাণপণে চেষ্টা কৰা উচিত। বিভিন্ন কিতাপত ইয়াক এইদৰেও অনুবাদ কৰিব পাৰি বুলি বৰ্ণনা কৰা হৈছে: “সম্পূৰ্ণ চেষ্টা কৰক; সকলো প্ৰকাৰে চেষ্টা কৰক।” গ্ৰীক ক্ৰিয়াপদ এগʼনাইজʼমাই শব্দটো, গ্ৰীক বিশেষ্যপদ এগʼন শব্দৰ লগত জড়িত আছে আৰু ইয়াক প্ৰায়ে ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰ কৰা হয়। ইব্ৰী ১২:১ পদৰ এই বিশেষ্যপদৰ লাক্ষণিক অৰ্থ হৈছে জীৱনৰ ‘দৌৰত’ সকলো খ্ৰীষ্টানে অংশ লোৱা। ইয়াৰ উপৰিও, সাধাৰণতে ইয়াক “যুঁজ” (ফিলি ১:২৯; কল ২:২) বা “যুদ্ধৰ” বাবে ব্যৱহাৰ কৰা হৈছে। (১তীম ৬:১২; ২তীম ৪:৭) লূক ১৩:২৪ পদত ব্যৱহাৰ হোৱা গ্ৰীক ক্ৰিয়াপদটো “মালযুদ্ধ” (১কৰি ৯:২৫), “প্ৰাণপণ” (কল ১:২৯; ৪:১২; ১তীম ৪:১০) আৰু “যুদ্ধ” (১তীম ৬:১২) বুলি অনুবাদ কৰা হৈছে। এই শব্দৰ সম্পৰ্ক ক্ৰীড়া প্ৰতিযোগিতাৰ লগত জড়িত থকাৰ বাবে কিছুমান লোকে কʼব বিচাৰে যে যীচুৱে যি চেষ্টা কৰিবলৈ উৎসাহিত কৰিছে, সেয়া হয়তো এজন খেলুৱৈয়ে প্ৰাণপণে কৰা প্ৰচেষ্টাৰ লগত তুলনা কৰিব পাৰি। খেলুৱৈজনে পুৰস্কাৰ লাভ কৰিবলৈ নিজৰ সকলো শক্তি ব্যৱহাৰ কৰে।

(লূক ১৩:৩৩) তথাপি আজি, কাইলৈ, আৰু পৰহিলৈ মই যাত্ৰা কৰিয়েই থাকিব লাগিব; কিয়নো যিৰূচালেমৰ বাহিৰে কোনো ভাববাদী বিনষ্ট হোৱা অসাধ্য।

লূক ১৩:৩৩ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

বিনষ্ট হোৱা অসাধ্য: বা “অনুমান কৰিব নোৱাৰি (কল্পনা কৰিব নোৱাৰি)।” বাইবেলৰ কোনো ভৱিষ্যতবাণীত স্পষ্টৰূপে বৰ্ণনা কৰা হোৱা নাই যে মচীহৰ মৃত্যু যিৰূচালেমত হʼব। কিন্তু দানি ৯:২৪-২৬ পদত ইয়াৰ ইংগিত দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও, যদি যিহূদীসকলে কোনো এজন ভৱিষ্যতবক্তাক, বিশেষকৈ মচীহক বধ কৰিলেহেঁতেন, তেনেহʼলে তেওঁলোকে সেই নগৰতেই বধ কৰিলেহেঁতেন। যিহুদীসকলৰ মহা-সভাৰ ৭১ জন সদস্য যিৰূচালেমতে একত্ৰিত হৈছিল। সেই যিসকলক মিছা ভৱিষ্যতবক্তা বুলি অপবাদ দিয়া হৈছিল, তেওঁলোকৰ বিচাৰ তাতে কৰা হৈছিল। যীচুৰ মনত হয়তো আছিল যে যিৰূচালেমতে নিয়মিতভাৱে ঈশ্বৰলৈ বলিদান আগবঢ়োৱা হৈছিল আৰু নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি বলিদান দিয়া হৈছিল। যীচুৱে যি কৈছিল, সেয়া সঁচাকৈ হৈছিল। তেওঁক যিৰূচালেমৰ মহা-সভালৈ অনা হৈছিল আৰু তেওঁক নিন্দা কৰা হৈছিল। যিৰূচালেমৰ দেৱালৰ কিছু আঁতৰত “নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি” হিচাপে তেওঁৰ মৃত্যু হৈছিল।—১ কৰি ৫:৭.

বাইবেল পাঠ

(লূক ১২:২২-৪০) পাছে তেওঁ তেওঁৰ শিষ্যবিলাকক কলে, এই হেতুকে মই তোমালোকক কওঁ, তোমালোকে, কি খাম বুলি প্ৰাণৰ নিমিত্তে, আৰু কি পিন্ধিম বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। ২৩ কিয়নো আহাৰতকৈ প্ৰাণ, বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ। ২৪ কাউৰীবোৰলৈ গমি চোৱা; সিহঁতে নবয়; নাদায়; সিহঁতৰ ভঁৰাল বা মেৰ নাই; তথাপি ঈশ্বেৰ সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া! ২৫ আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি, নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? ২৬ এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোকে কৰিব নোৱাৰা, তেন্তে আন আন বিষয়ে কিয় চিন্তা কৰা? ২৭ আৰু পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢ়ে, তাক গমি চোৱা; সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে; তথাপি মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বৰ্য্যেৰে সৈতেও, সেইবোৰৰ এটাৰ নিচিনা বিভূষিত নাছিল। ২৮ কিন্তু পথাৰত থকা যি বন, আজি আছে, কাইলৈ জুইশালত পেলোৱা হব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেন্তে, হে অল্প-বিশ্বাসীবিলাক, তাতকৈয়ো তোমালোকক ভূষিত নকৰিব নে? ২৯ আৰু তোমালোকে কি খাবা, কি পান কৰিবা, এইবোৰ তোমালোকেও নিবিচাৰিবা; আৰু অস্থিৰ নহবা। ৩০ কিয়নো জগতৰ জাতিবিলাকে এই সকলো বিচাৰে; আৰু এইবোৰৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমালোকৰ পিতৃয়ে জানে। ৩১ কিন্তু তোমালোকে তেওঁৰ ৰাজ্য বিচাৰা; তাতে এইবোৰো তোমালোকক দিয়া হব। ৩২ হে তাকৰ জাকটি, ভয় নকৰিবা; কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে। ৩৩ তোমালোকৰ যি যি আছে, তাক বেচি, দান কৰা; আৰু যি ঠাইলৈ চোৰ ওচৰ নাচাপে, আৰু যʼত পোকেও নষ্ট নকৰে, এনে স্বৰ্গত, নিজৰ নিমিত্তে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি, অক্ষয় ধন সাঁচি থোৱা। ৩৪ কিয়নো যতে তোমালোকৰ ধন, তʼতে তোমালোকৰ মনো হব। ৩৫ তোমালোকৰ কঁকাল বন্ধা আৰু চাকি জ্বলা হৈ থাওক; ৩৬ আৰু বিয়াৰ পৰা আহি দুৱাৰত টুকৰিয়ালে, তেতিয়াই দুৱাৰ মেলিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবিলাকৰ নিচিনা তোমালোকো হোৱা। ৩৭ প্ৰভু আহি যি দাসবিলাকক পৰ দি থকা দেখে, তেওঁবিলাক ধন্য; মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি, তেওঁবিলাকক ভোজনত বহুৱাই ওচৰলৈ আহি, নিজে তেওঁবিলাকক বাঢ়ি দিব। ৩৮ আৰু তেওঁ দ্বিতীয় বা তৃতীয় পৰত আহি, যদি সেইদৰেই দেখে, তেন্তে তেওঁবিলাক ধন্য। ৩৯ আৰু কোন পৰত চোৰ আহিব, তাক গৃহস্থে জনা হলে, পৰ দি থাকি, সিন্ধি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন, ইয়াক তোমালোকে জানা। ৪০ তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।

জুলাই ৩০–আগষ্ট ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১৪-১৬

“হেৰুৱা পুত্ৰৰ দৃষ্টান্ত”

(লূক ১৫:১১-১৬) তেওঁ আৰু কলে, কোনো এজন মানুহৰ দুজন পুতেক আছিল; ১২ সিহঁতৰ সৰুটোৱে বাপেকক কলে, বোপাই, সম্পত্তিৰ যি ভাগ মোত পৰে, তাক মোক দিয়ক। তাতে তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে। ১৩ তাৰ অলপ দিনৰ পাছত, সেই সৰু পুতেকে সকলোকে গোটাই দূৰ দেশলৈ যাত্ৰ কৰি, তাতে লম্পট-আচৰণেৰে তাৰ সম্পত্তি অপব্যয় কৰিলে। ১৪ সি সকলো ব্যয় কৰিলত, সেই দেশত বৰ আকাল হল; তাতে সি কষ্ট পাবলৈ ধৰিলে। ১৫ তেতিয়া সি গৈ, সেই দেশৰ এজন মানুহৰ আশ্ৰয় ললত, সেই মানুহে তাক গাহৰি চৰাবলৈ তেওঁৰ পথাৰলৈ পঠাই দিলে। ১৬ তাতে সি গাহৰিয়ে খোৱা ছেঁইৰে তৃপ্ত হবলৈ বৰ হেঁপাহ কৰিলেও, তাক কোনেও একো নিদিলে।

লূক ১৫:১১-১৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

এজন মানুহৰ দুজন পুতেক আছিল: হেৰুৱা পুত্ৰৰ দৃষ্টান্তত বহুতো মন কৰিবলগীয়া কথা আছে। যীচুৱে দিয়া দৃষ্টান্তবোৰৰ ভিতৰত এয়া হৈছে আটাইতকৈ দীঘলীয়া দৃষ্টান্ত। এই দৃষ্টান্তৰ এক বিশেষত্ব হৈছে যে পাৰিবাৰিক সম্বন্ধৰ বিষয়ে বৰ্ণনা। আন আন দৃষ্টান্তবোৰত যীচুৱে প্ৰায়ে নিৰ্জীৱ বস্তুৰ বিষয়ে উল্লেখ কৰিছিল। উদাহৰণস্বৰূপে, বিভিন্ন ধৰণৰ বীজ, মাটি অথবা এজন প্ৰভু আৰু দাসৰ মাজত থকা সম্বন্ধৰ বিষয়ে বৰ্ণনা কৰিছে। (মথি ১৩:১৮-৩০; ২৫:১৪-৩০; লূক ১৯:১২-২৭) কিন্তু এই দৃষ্টান্তত যীচৱে এজন পিতৃ আৰু তেওঁৰ দুজন পুত্ৰৰ মাজত থকা গভীৰ সম্বন্ধক তুলি ধৰিছে। এই দৃষ্টান্ত শুনা বহুতোলোকৰ হয়তো এনে এজন দয়ালু পিতৃ নাথাকিবও পাৰে। যীচুৰ এই দৃষ্টান্তৰপৰা বুজিব পাৰি যে পৃথিৱীত থকা সন্তানসকলৰ বাবে স্বৰ্গত থকা পিতৃৰ কিমান প্ৰেম আৰু কৰুণা আছে। ঈশ্বৰৰ প্ৰেমত থকা লোকসকল আৰু তেওঁৰ ওচৰৰপৰা আঁতৰি গৈ পুনৰ উভতি অহা লোকসকলক যিহোৱা ঈশ্বৰে প্ৰেম কৰে।

সৰু পুতেকে: মোচিৰ নিয়ম অনুসৰি, ডাঙৰ পুতেকে পৈতৃক সম্পত্তিৰ দুগুণ লাভ কৰে। (দ্বিতী ২১:১৭) সেইবাবে, দৃষ্টান্তত বৰ্ণনা কৰা বৰ পুতেক যদি প্ৰথমে জন্মা সন্তান হয়, তেনেহʼলে সৰু পুতেকে নিশ্চয় ডাঙৰ পুতেকতকৈ আধা সম্পত্তি লাভ কৰিব।

অপব্যয় কৰিলে: ইয়াৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ আক্ষৰিক অৰ্থ হৈছে “ছিন্ন-ভিন্ন কৰা (বিভিন্ন ক্ষেত্ৰত)।” (লূক ১:৫১; পাঁচ ৫:৩৭) কিন্তু ইয়াত অপব্যয় কৰা বা চিন্তা-চৰ্চা নকৰাকৈ খৰচ কৰা বুজায়।

লম্পট-আচৰণেৰে: বা “অপচয় কৰা (অসাৱধান; বনৰীয়া) জীৱন।” একে অৰ্থ থকা গ্ৰীক শব্দ ইফি ৫:১৮; তীত ১:৬; ১পিত ৪:৪ পদবোৰত দেখিবলৈ পোৱা যায়। এই গ্ৰীক শব্দ মিতব্যয়ী বা খৰচী জীৱনশৈলীৰ লগত জড়িত আছে। সেইবাবে, কিছুমান বাইবেল অনুবাদত “অপব্যয়ী কৰোঁতা” বুলি অনুবাদ কৰা হৈছে।

গাহৰি চৰাবলৈ: মোচিৰ নিয়ম অনুসৰি এই জন্তু হৈছে অশুচি। সেইবাবে এজন যিহুদীৰ বাবে এনে কাম কৰাটো হীন বা নীচ বুলি গণ্য কৰা হৈছিল।—লেবী ১১:৭, ৮.

ছেঁইৰে: ছেঁইৰৰ বাহিৰ ফাল উজ্জ্বল আৰু বেগুনীয়া-মুগা ৰঙৰ দৰে আছিল। গ্ৰীক শব্দটোৰ (কেৰাটিয়ন, “সৰু শিং”) আক্ষৰিক অৰ্থৰপৰা বুজিব পাৰি যে ইয়াৰ আকাৰ এটা ভাজখোৱা শিঙৰ দৰে। বৰ্তমান সময়তো ছেঁইৰক ঘোঁৰা, গৰু আৰু গাহৰিৰ আহাৰ হিচাপে ব্যৱহাৰ কৰা হয়। এই ডেকা ব্যক্তিজনে গাহৰিৰ খাদ্য খাবলৈয়ো ইচ্ছুক আছিল। ইয়াৰপৰা বুজিব পাৰি যে তেওঁৰ পৰিস্থিতি কেনে হৈ পৰিছিল।—লূক ১৫:১৫.

(লূক ১৫:১৭-২৪) শেষত সি চেতন পাই কলে, মোৰ পিতৃৰ কত চাকৰে, জোৰাকৈ আৰু তাতকৈয়ো অধিক খোৱা বস্তু পাইছে, কিন্তু মই ইয়াত ভোকতে মৰিছোঁ! ১৮ মই উঠি বোপাইৰ তালৈ গৈ, এই কথা কম, বোপাই, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত মই পাপ কৰিলোঁ; ১৯ আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনা কৰক। ২০ পাছে সি উঠি তাৰ বাপেকৰ ওচৰলৈ আহিল। কিন্তু সি দূৰৈত থাকোঁতেই, তাৰ বাপেকে তাক দেখি, মৰম লাগি লৰি গৈ, তাৰ ডিঙিত ধৰি চুমা খালে। ২১ তেতিয়া পুতেকে তেওঁক কলে, বোপাই, স্বৰ্গৰ অহিতে আপোনাৰ দেখাত মই পাপ কৰিলোঁ; আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ। ২২ কিন্তু বাপেকে দাসবোৰক কলে, আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি ইয়াক পিন্ধা; ইয়াৰ হাতত আঙঠি, ভৰিত জোতা দে; আৰু পোহতোলা দামুৰিটো আনি মাৰ; ২৩ আৰু আমি ভোজন কৰি, ৰং কৰোঁহঁক; ২৪ কিয়নো এই মোৰ লৰা, মৰা হৈয়ো, পুনৰায় জ্বীলে; হেৰোৱা হৈয়ো, পোৱা হল। তাতে তেওঁলোকে ৰং কৰিবলৈ ধৰিলে।

লূক ১৫:১৭-২৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

আপোনাৰ দেখাত: বা “আপোনাৰ দৃষ্টিত।” গ্ৰীক অব্যয় ইনʼপিয়নৰ আক্ষৰিক অৰ্থ হৈছে, “আগত; দৃষ্টিত।” ছেপ্টুৱেজিন্টৰ ১চমূ ২০:১ পদত একে অৰ্থ দিবলৈ ইয়াত ব্যৱহাৰ কৰা হৈছে। এই পদত দায়ূদে যোনাথনক সুধিছিল: “তোমাৰ পিতৃৰ গুৰিত মোৰ অপৰাধ কি?”

চাকৰ: যেতিয়া ডেকা ব্যক্তিজনে ঘৰলৈ উভতি অহাৰ নিৰ্ণয় লয়, তেতিয়া তেওঁ নিজৰ পিতৃক, পুত্ৰৰ দৰে নহয়, কিন্তু এজন চাকৰৰ দৰে গ্ৰহণ কৰিবলৈ কʼব বুলি ভাবে। বনুৱা আৰু চাকৰৰ মাজত পাৰ্থক্য আছিল। চাকৰ সাধাৰণতে গৃহস্থৰ ঘৰতে থাকি তেওঁৰ অধীনত কাম কৰিছিল। বনুৱা বাহিৰৰ লোক আছিল, যাক কেৱল এদিনৰ কামৰ বাবে ৰখা হৈছিল।—মথি ২০:১, ২, ৮.

চুমা খালে: বা “মৰমেৰে চুমা খালে।” যি গ্ৰীক শব্দৰপৰা “মৰমেৰে চুমা খালে” অনুবাদ কৰা হৈছে, সেয়া ফিলিঅʼৰ এক গভীৰ অভিব্যক্তি হিচাপে বুজিব পৰা যায়। কেতিয়াবা কেতিয়াবা এই ক্ৰিয়াটো “চুমা খোৱা” বুলি অনুবাদ কৰা হৈছে। (মথি ২৬:৪৮; মাৰ্ক ১৪:৪৪; লূক ২২:৪৭) কিন্তু, প্ৰায়ে ইয়াক “প্ৰীতি কৰা” বা প্ৰেম কৰা বুলি ব্যৱহাৰ কৰা হয়। (যোহ ৫:২০; ১১:৩; ১৬:২৭) দৃষ্টান্তত বৰ্ণনা কৰা পিতৃয়ে নিজৰ লʼৰাজনক এইদৰে মৰমেৰে আঁকোৱালি লোৱাৰপৰা বুজিব পাৰি যে অনুতাপ কৰা পুত্ৰক পুনৰ গ্ৰহণ কৰিবলৈ তেওঁ সাজু আছিল।

আপোনাৰ পুত্ৰ বুলি মতাৰ: কিছুমান হস্তলিপিত এইদৰে যোগ কৰা হৈছে: “মোক আপোনাৰ এজন বনুৱাৰ দৰে ৰাখক।” কিন্তু প্ৰকৃততে এই বাক্যশাৰী যে নাই, তাৰ প্ৰমাণ পৌৰাণিক হস্তলিপিত দেখিবলৈ পোৱা যায়। কিছুমান বিদ্ধানে কʼব বিচাৰে যে লূক ১৫:১৯ পদটোৰ লগত মিল ৰাখিবলৈ এই বাক্য যোগ কৰা হৈছে।

বস্ত্ৰ . . . আঙঠি . . . জোতা: এই বস্ত্ৰ কেৱল এক সাধাৰণ বস্ত্ৰ নাছিল, কিন্তু ই সকলোতকৈ উত্তম আছিল। হয়তো এইধৰণৰ বস্ত্ৰত সুন্দৰ হাতেৰে কৰা কাৰ্য্য দেখিবলৈ পোৱা গৈছিল আৰু ইয়াক এজন সন্মানীয় আলহীক দিয়া হৈছিল। আঙঠি পিন্ধোৱাটো কেৱল পিতৃৰ প্ৰেম আৰু অনুগ্ৰহ দেখুৱা হৈছে, এনে নহয়, কিন্তু ইয়াৰ যোগেদি পিতৃয়ে উভতি অহা পুত্ৰক মান-সন্মান আৰু পৰিয়ালৰ এজন সদস্য হিচাপে গ্ৰহণ কৰে। আঙঠি আৰু জোতা সাধাৰণতে এজন চাকৰে পিন্ধা দেখিবলৈ পোৱা নাযায়। গতিকে, পিতৃয়ে ইয়াত স্পষ্ট কৰিব বিচাৰিছিল যে নিজৰ এই পুত্ৰক পৰিয়ালৰ এজন সদস্য হিচাপে পুনৰ গ্ৰহণ কৰা হৈছে।

(লূক ১৫:২৫-৩২) সেই সময়ত তেওঁৰ পুতেক পথাৰত আছিল। পাছত সি আহি ঘৰৰ ওচৰ পাই, বাজনা আৰু নচাৰ শব্দ শুনিলে। ২৬ তেতিয়া সি দাসবোৰৰ এটাক মাতি সুধিলে, এইবোৰ নো কি হৈছে? ২৭ তাতে সি কলে, তোমাৰ ভায়েৰা আহিল; আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰ পোৱা হেতুকে, পোহতোলা দামুৰিটো মাৰিলে। ২৮ তাতে তেওঁৰ খং উঠিল, আৰু ভিতৰলৈ যাবলৈ অনিচ্ছা হল; কিন্তু তাৰ বাপেকে ওলাই গৈ, তাক বিনয় কৰি বুজালে, ২৯ তাতে সি বাপেকক উত্তৰ দি কলে, চাওঁক, মই ইমান বছৰ আপোনাৰ সেৱা কৰি, কোনো কালে আপোনাৰ আজ্ঞা উলঙ্ঘন কৰা নাই; তথাপি মোৰ বন্ধুবিলাকৰ লগত ৰং কৰিবলৈ, এটি ছাগলী পোৱালিও আপুনি কোনো কালে মোক দিয়া নাই। ৩০ কিন্তু আপোনাৰ এই যি লৰাই বেশ্যাৰ লগত আপোনাৰ সম্পতি ভাঙি খাই পেলালে, সি আহিলতেই, তাৰ নিমিত্তে আপুনি পোহতোলা দামুৰিটো মাৰিলে। ৩১ তেতিয়া তেওঁ তাক কলে, বোপা, তুমি সদায় মোৰ লগত আছা; আৰু মোৰ যি যি আছে, সকলো তোমাৰেই। ৩২ কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো, আকৌ জীলে; হেৰোৱা হৈয়ো, পোৱা হল; এই কাৰণে আমি ৰং কৰা আৰু আনন্দিত হোৱা উচিত।

আধ্যাত্মিক ৰত্ন বিচাৰক

(লূক ১৪:২৬) কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ বাপেক, মাক, তিৰোতা, সন্তান, আৰু ভায়েক-ভনীয়েকবিলাকক, এনে কি, নিজৰ প্ৰাণকো অপ্ৰিয় বুলি নামানিলে, তেওঁ মোৰ শিষ্য হব নোৱাৰে।

লূক ১৪:২৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

অপ্ৰিয়: বাইবেলত ব্যৱহাৰ হোৱা “অপ্ৰিয়” শব্দটোৰ বহুতো অৰ্থ আছে। ইয়ে হয়তো শত্ৰুতা ভাৱক বুজাব পাৰে আৰু এই ভাবে এজন ব্যক্তিক আনৰ অপকাৰ কৰিবলৈ উচটাব পাৰে। ইয়াৰ উপৰিও, কোনো ব্যক্তি বা বস্তুৰ প্ৰতি ইমানেই ঘৃণা হয় যে কোনো ব্যক্তি বা বস্তুৰপৰা দূৰত্ব বজাই ৰাখে। অপ্ৰিয় শব্দৰ অৰ্থ কোনো ব্যক্তিক কম প্ৰেম কৰাও বুজায়। উদাহৰণস্বৰূপে, যাকোবে লেয়াক “বেয়া” পাইছিল, কিন্তু ৰাহেলক প্ৰেম কৰিছিল বুলি বাইবেলত উল্লেখ আছে। ইয়াৰ অৰ্থ হৈছে যাকোবে লেয়াক, ৰাহেলতকৈ কম প্ৰেম কৰিছিল। (আদি ২৯:৩১; দ্বিতী ২১:১৫) প্ৰাচীন যিহুদী লেখনিটো একেই অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। সেইবাবে, যীচুৱে এইদৰে কোৱাৰ এই অৰ্থ নাছিল যে তেওঁৰ শিষ্যসকলে নিজৰ পৰিয়ালৰ লোকসকলক আৰু নিজকে বেয়া পোৱা উচিত। যদি এইদৰে কোৱাহেঁতেন, তেনেহʼলে বাইবেলত কোৱা আন আন শাস্ত্ৰপদৰ সিদ্ধান্তৰ বিৰুদ্ধে হʼলহেঁতেন। (মাৰ্ক ১২:২৯-৩১; ইফি ৫:২৮, ২৯, ৩৩ পদৰ লগত তুলনা কৰক।) এই প্ৰসঙ্গত, “অপ্ৰিয়” শব্দটোৰ “কম প্ৰেম কৰা” বুলি অনুবাদ কৰিব পাৰি।

(লূক ১৬:১০-১৩) যি জন অলপ কথাত বিশ্বাসী তেওঁ অধিকতো বিশ্বাসী; আৰু যি জন অলপ কথাত অযথাৰ্থিক, তেওঁ অধিকতো অযথাৰ্থিক হয়। ১১ এতেকে, যদি তোমালোক অযথাৰ্থ ধনত বিশ্বাসী নহলা, তেন্তে আচলতে কোনে তোমালোকক বিশ্বাস কৰি দিব? ১২ আৰু লোকৰ বিষয়ত যদি বিশ্বাসী নহলা, তেন্তে তোমালোকৰ নিজৰ বিষয়ে তোমালোকৰ হাতত কোনে দিব? ১৩ কোনো চাকৰে দুজনা গৰাকীত খাটিব নোৱাৰে; কিয়নো সি এজনক ঘিণ কৰি, আন এজনক ভাল পাব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব। তোমালোকে ঈশ্বৰ আৰু ধন, উভয়তে খাটিব নোৱাৰা।

w১৭.০৭ ৮-৯ ¶৭-৮

প্ৰকৃত ধন বিচাৰক

লূক ১৬:১০-১৩ পঢ়ক। যীচুৰ দৃষ্টান্তত উল্লেখ কৰা ঘৰগিৰীজনে ব্যক্তিগত লাভৰ বাবে বন্ধুত্ব কৰিছিল। কিন্তু, যীচুৱে নিজৰ শিষ্যসকলক উৎসাহিত কৰিছিল যে তেওঁলোকে নিঃস্বাৰ্থভাৱে স্বৰ্গত বন্ধু স্থাপন কৰা। যীচুৱে আমাক বুজাব বিচাৰিছিলে যে আমি যিদৰে ‘অযথাৰ্থ ধন’ ব্যৱহাৰ কৰোঁ, ইয়ে দেখুৱাব যে আমি ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ আছোঁ নে নাই। আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ?

এটা উপায় হৈছে, গোটেই পৃথিৱীত হৈ থকা ঘোষণা কাৰ্য্যৰ বাবে দান কৰা আৰু এই ঘোষণা কাৰ্য্যৰ বিষয়ে যীচুৱে ভৱিষ্যতবাণী কৰিছিল। (মথি ২৪:১৪) ভাৰতত বাস কৰা এজনী সৰু ছোৱালীৰ উদাহৰণলৈ মন কৰক। তাই এটা বাকচত অলপ অলপ কৰি টকা জমা কৰিছিল। এই সময়ছোৱাত তাই কোনো খেলা বস্তুও কিনা নাছিল। যেতিয়া বাকচটো পূৰ হয়, তেতিয়া তাই ঘোষণা কাৰ্য্যৰ বাবে বাকচত থকা সকলো টকা দান কৰে। ভাৰততে বাস কৰা এজন ভাইৰ নাৰিকলৰ খেতি আছিল। তেওঁ মালায়ালাম ৰিমʼট ট্ৰানচলেশ্ব্যান অফিচত নাৰিকল দান কৰিছিল। সেই অফিচত নাৰিকলৰ বহুত প্ৰয়োজন হয়। সেইবাবে, এই ভাইজনে উপলব্ধি কৰে যে টকা-পইচা দান কৰাৰ পৰিৱৰ্তে নাৰিকল দিলেহে তেওঁলোকৰ বেছি সহায় হʼব। সঁচাকৈ, এই ভাইজনে ব্যৱহাৰিক বুদ্ধিৰে কাম কৰে। ঠিক সেইদৰে, গ্ৰীচ দেশৰ ভাইসকলে অলিভ তেল, চীজ আৰু অন্যান্য খোৱা বস্তু বেথেল পৰিয়ালৰ বাবে দান কৰে।

বাইবেল পাঠ

(লূক ১৪:১-১৪) পাছে বিশ্ৰাম-বাৰে তেওঁ প্ৰধান ফৰীচীবিলাকৰ কোনো এজনৰ ঘৰত ভোজন কৰিবলৈ সোমোৱা সময়ত, তেওঁবিলাকে তেওঁলৈ চাই আছিল। ২ তেতিয়া চোৱা, এজন জলোদৰী মানুহ তেওঁৰ আগত আছিল। ৩ তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচীবিলাকক সুধিলে, বিশ্ৰাম-বাৰে সুস্থ কৰিব পায় নে নাপায়? ৪ কিন্তু তেওঁবিলাকে নিজম দি থাকিল। তাতে তেওঁ তেওঁক লৈ সুস্থ কৰি পঠাই দিলে। ৫ আৰু তেওঁবিলাকক কলে, তোমালোকৰ কাৰোবাৰ গাধ বা বলদ নাদত পৰিলে, তেওঁ তাক বিশ্ৰাম-বাৰতো তেতিয়াই নুতুলিব নে? ৬ তাতে তেওঁবিলাকে সেই কথাৰ প্ৰত্যুত্তৰ কৰিব নোৱাৰিলে। ৭ তেতিয়া নিমন্ত্ৰিত মানুহবিলাকে প্ৰধান ঠাইত বাচি লোৱা দেখি, তেওঁ তেওঁবিলাকক দৃষ্টান্ত দি কলে, ৮ কোনোবাই তোমাক বিয়ালৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যবান কোনো মানুহ নিমন্ত্ৰিত হৈছে; ৯ পাছে দুয়োকো নিমন্ত্ৰণ কৰা জনে আহি তোমাক কব, এই জনক ঠাই দিয়া; তেতিয়া তুমি লাজ পাই চাপৰ ঠাইত বহিবলৈ ধৰিবাগৈ। ১০ কিন্তু যেতিয়া নিমন্ত্ৰিত হৈছা, তেতিয়া চাপৰ ঠাইত বহাগৈ; তাতে তোমাক নিমন্ত্ৰণ কৰা জন আহিলে, তোমাক কব, হে বন্ধু, ওখ ঠাইলৈ যোৱা; তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্য্যদা পাবা। ১১ কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হব। ১২ পাছে তেওঁক নিমন্ত্ৰণ কৰা জনকো তেওঁ কলে, দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু, বা ভায়াবিলাক, বা জাতি-কুটুম্ব, বা ধনৱন্ত চুবুৰীয়াবিলাকক নামাতিবা; কিজানি তেওঁবিলাকেও তোমাক নিমন্ত্ৰণ কৰিব, আৰু তাতে তুমি প্ৰতিদান পোৱা। ১৩ কিন্তু তুমি যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ, এইবিলাক মাতিবা। ১৪ তাতে তোমাক প্ৰতিদান দিবলৈ তেওঁবিলাকৰ একো নোহোৱাত, তুমি ধন্য হবা; কিয়নো ধাৰ্ম্মিকসকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক