চেপ্টেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
চেপ্টেম্বৰ ৩-৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১-২
“যীচুৰ প্ৰথম আচৰিত কৰ্ম্ম”
(যোহন ২:১-৩) পাছে তিন দিনৰ দিনা, গালীলৰ কান্না নগৰত এখন বিয়া হৈছিল; আৰু যীচুৰ মাক তাত আছিল। ২ সেই বিয়ালৈ যীচু আৰু তেওঁৰ শিষ্যবিলাককো নিমন্ত্ৰণ কৰা হৈছিল। ৩ পাছে দ্ৰাক্ষাৰস তাকৰ হোৱাত, যীচুৰ মাকে তেওঁক কলে, তেওঁবিলাকৰ দ্ৰাক্ষাৰস নাই।
w১৫ ৬/১৫ ৪ ¶৩
খ্ৰীষ্ট—ঈশ্বৰৰ শক্তি
গালীলৰ কান্না নগৰৰ এখন বিয়াত যীচুৱে প্ৰথম আচৰিত কৰ্ম্ম কৰিছিল। আশা কৰাতকৈ হয়তো বহু বেছি লোক বিয়ালৈ আহিছিল। কিন্তু, যিয়ে নহওক কিয়, দ্ৰাক্ষাৰস শেষ হৈ যায়। যীচুৰ মাক, মৰিয়মো তাত উপস্থিত আছিল। কেইবা বছৰ ধৰি তাই নিজৰ পুত্ৰৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰৰ ওপৰত ধ্যান কৰিছিল আৰু তাই জানিছিল যে যীচু “সৰ্ব্বপৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হব।” (লূক ১:৩০-৩২; ২:৫২) তাই জানিছিল নেকি যে যীচুৰ ওচৰত যি শক্তি আছে, তেওঁ এতিয়ালৈকে প্ৰকাশ কৰা নাই? হʼব পাৰে। কিন্তু এটা কথা নিশ্চিত যে মৰিয়ম আৰু যীচুৱে নৱ বিবাহিত দম্পতীৰ প্ৰতি মৰম উপজিল আৰু তেওঁলোকে লাজত পৰাটো যীচু আৰু মৰিয়মে বিচৰা নাছিল। যীচুৱে জানিছিল যে অতিথি-সৎকাৰ দেখুৱাটো এক কৰ্তব্য। সেইবাবে তেওঁ প্ৰায় ৩৮০ লিটাৰ পানীক ‘উত্তম দ্ৰাক্ষাৰসলৈ’ পৰিৱৰ্তন কৰে। (যোহন ২:৩, ৬-১১ পঢ়ক।) সেইসময়ত এই আচৰিত কৰ্ম্ম কৰাটো যীচুৰ প্ৰয়োজন আছিল নেকি? নাছিল। তেওঁ লোকসকলৰ প্ৰতি চিন্তা কৰিছিল আৰু উদাৰতাৰে কাৰ্য্য কৰি স্বৰ্গত থকা পিতৃক অনুকৰণ কৰিছিল।
(যোহন ২:৪-১১) যীচুৱে তেওঁক কলে, হে নাৰি, তোমাৰ লগত মোৰ কি কাম? মোৰ সময় এতিয়া নৌ হয়। ৫ পাছে তেওঁৰ মাকে চাকৰহঁতক কলে, এওঁ তহঁতক যিহকে কয়, তাকে কৰিবিহঁক। ৬ সেই ঠাইতে যিহূদীবিলাকৰ শুচি কৰা আচাৰৰ দৰে, দুই তিনি মোন পানী ধৰা, এনে ছয়টা শিলৰ মঠীয়া আছিল। ৭ যীচুৱে সিহঁতক কলে, মঠীয়াকেইটা পানীৰে পূৰ কৰাহঁক। তাতে সিহঁতে সেইবোৰ কাণলৈকে পূৰ কৰিলে। ৮ পাছে তেওঁ সিহঁতক কলে, এতিয়া উলিয়াই, ভোজৰ গৰাকীৰ তালৈ নিয়াহঁক। তাতে সিহঁতে লৈ গল। ৯ ভোজৰ গৰাকীয়ে, দ্ৰাক্ষাৰস কৰা সেই পানী যেতিয়া চাকি চালে, (সেয়ে কʼৰ পৰা হল, তাক তেওঁ নাজানিলে; কিন্তু যি চাকৰহঁতে পানী উলিয়াইছিল, সিহঁতে জানিলে;) ১০ তেতিয়া ভোজৰ গৰাকীয়ে দৰাক মাতি কলে, সকলো লোকে প্ৰথমতে উত্তম দ্ৰাক্ষাৰসহে দিয়ে; আৰু ভালেমান খোৱাৰ পাছত, তাতকৈ নৰম দিয়ে: কিন্তু তুমি এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখিলা। ১১ যীচুৱে গালীলৰ কান্না নগৰত এই আচৰিত চিনৰ আৰম্ভ কৰি, নিজৰ মহিমা প্ৰকাশ কৰিলে; আৰু তেওঁৰ শিষ্যবিলাকে তেওঁত বিশ্বাস কৰিলে।
jy ৪১ ¶৬
যীচুৰ প্ৰথম আচৰিত কৰ্ম্ম
এয়া হৈছে যীচুৱে কৰা প্ৰথম আচৰিত কৰ্ম্ম। যেতিয়া তেওঁৰ নতুন শিষ্যসকলে এই আচৰিত কৰ্ম্ম দেখে, তেতিয়া যীচুৰ প্ৰতি তেওঁলোকৰ বিশ্বাস আৰু দৃঢ় হয়। তাৰ পাছত যীচু, তেওঁৰ মাতৃ আৰু ভাইকেইজনে গালীল সাগৰৰ উত্তৰ-পশ্চিম উপকূলত অৱস্থিত কফৰনাহূম নগৰলৈ যাত্ৰা কৰে।
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোহন ১:১) আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ।
যোহন ১:১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
বাক্য: বা “লʼগচ।” গ্ৰীক ভাষাত হ’ লʼগচ। এই পদত ই এক উপাধি হিচাপে ব্যৱহাৰ হৈছে। এই শব্দ যোহ ১:১৪ আৰু প্ৰকা ১৯:১৩ পদতো ব্যৱহাৰ কৰা হৈছে। যোহনে বৰ্ণনা কৰে যে এই উপাধি যীচুৰ বাবে ব্যৱহাৰ কৰা হৈছে। আত্মিক প্ৰাণী হিচাপে স্বৰ্গত থকাৰ সময়ছোৱাত, এজন পৰিপূৰ্ণ ব্যক্তি হিচাপে পৃথিৱীত সেৱা কাৰ্য্য কৰাৰ সময়ছোৱাত আৰু স্বৰ্গত উচ্চ পদত স্থাপন হোৱাৰ পাছত এই উপাধি যীচুত প্ৰয়োগ হৈছিল। যোগাযোগৰ মাধ্যম অথবা বাৰ্ত্তাবাহক হিচাপে যীচুৱে ঈশ্বৰৰ অন্যান্য আত্মিক পুত্ৰ আৰু মানৱজাতিলৈ ঈশ্বৰৰ বাৰ্ত্তা আৰু নিৰ্দ্দেশনা আগবঢ়ায়। গতিকে, এনে ভবাটো যুক্তিসংগত যে যীচু পৃথিৱীলৈ অহাৰ আগতে ঈশ্বৰে বাক্য অৰ্থাৎ এইজন স্বৰ্গদূতৰ যোগেদি মানৱজাতিৰ লগত কথা-বতৰা হৈছিল।—আদি ১৬:৭-১১; ২২:১১; ৩১:১১; যাত্ৰা ৩:২-৫; বিচাৰ ২:১-৪; ৬:১১, ১২; ১৩:৩.
সৈতে: আক্ষৰিক অৰ্থত “ফালে।” এই প্ৰসঙ্গত গ্ৰীক ভাষাৰ পদান্বয়ী অব্যয় প্ৰʼজৰ অৰ্থ হৈছে, কাৰোবাৰ কাষলৈ অহা আৰু গভীৰ বন্ধুত্ব স্থাপন কৰা। ইয়াত দুজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু সেয়া হৈছে বাক্য আৰু একমাত্ৰ সত্য ঈশ্বৰ।
বাক্যই স্বয়ং ঈশ্বৰ: বা “ঈশ্বৰৰ দৰে।” যোহনৰ এই কথাৰ যোগেদি “বাক্য” (গ্ৰীক ভাষাত হ’ লʼগচ; এই পদৰ বাক্যৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) অৰ্থাৎ যীচু খ্ৰীষ্টৰ এটা গুণৰ বিষয়ে জানিব পাৰি। যীচু ঈশ্বৰৰ প্ৰথমজাত পুত্ৰ আৰু তেওঁৰ দ্বাৰাই ঈশ্বৰে বাকী সকলো বস্তু সৃষ্টি কৰে। এক উচ্চ স্থানত থকাৰ বাবে যীচুক “ঈশ্বৰ; ঈশ্বৰৰ দৰে” বুলি বৰ্ণনা কৰা হৈছে। বহুতো অনুবাদকৰ অনুসৰি বাক্য সৰ্ব্বশক্তিমান ঈশ্বৰৰ সমান হয় আৰু এই পদটোৰ অনুবাদ এইদৰে হোৱা উচিত: “বাক্যই স্বয়ং ঈশ্বৰ।” কিন্তু প্ৰকৃততে, “বাক্য” সৰ্ব্বশক্তিমান ঈশ্বৰৰ সমান হয় বুলি যোহনৰ লিখনিৰ অৰ্থ নাছিল। যোহনৰ এই কথা বিশ্বাস কৰাৰ আমাৰ ওচৰত বহুতো কাৰণ আছে। প্ৰথম কাৰণ হৈছে, “বাক্যই স্বয়ং ঈশ্বৰ,” এই কথাষাৰৰ আগৰ আৰু পাছত বৰ্ণনা কৰা হৈছে যে “বাক্য ঈশ্বৰ সৈতে” আছিল। ইয়াৰ উপৰিও গ্ৰীক শব্দ, থিয়চ ১ আৰু ২ পদত তিনিবাৰ দেখিবলৈ পোৱা যায়। প্ৰথম আৰু তৃতীয় ঠাইত উল্লেখ কৰা থিয়চৰ আগত যি গ্ৰীক শব্দ আছে, তাৰপৰা বুজিব পাৰি যে ইয়ে সৰ্ব্বশক্তিমান ঈশ্বৰক চিত্ৰিত কৰে। কিন্তু দ্বিতীয় ঠাইত এই শব্দ উল্লেখ নাই। বহুতো বিদ্ধানে একমত যে এই পাৰ্থক্য মন কৰিবলীয়া। এই পদবোৰত থকা বৰ্ণনাই দেখুৱায় যে থিয়চৰ আগত যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে সেয়া সৰ্ব্বশক্তিমান ঈশ্বৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আনহাতে, যʼত থিয়চৰ আগত সেই গ্ৰীক শব্দ ব্যৱহাৰ কৰা হোৱা নাই, তাৰ অৰ্থ এইটো নহয় যে “বাক্য” ঈশ্বৰ হয়। কিন্তু ইয়াত তেওঁৰ গুণৰ বিষয়ে উল্লেখ কৰা হৈছে। সেইবাবে ইংৰাজী, ফ্ৰাঞ্চ আৰু জাৰ্মান ভাষাৰ কিছুমান বাইবেলত এই পদৰ অনুবাদ নতুন নিয়মৰ অনুবাদৰ দৰে কৰা হৈছে আৰু সেয়া হৈছে, বাক্য “এজনা ঈশ্বৰ আছিল বা ঈশ্বৰৰ দৰে আছিল।” এই একে বৰ্ণনা তৃতীয় আৰু চতুৰ্থ শতিকাৰ অনুবাদবোৰতো দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, কপ্তীয়া ভাষাৰ চাহিদিক আৰু বৌহেৰিক উপভাষাত পোৱা যোহনৰ কিতাপ। এই অনুবাদবোৰত যোহ ১:১ পদত প্ৰথমবাৰ উল্লেখ কৰা থিয়চৰ অনুবাদ দ্বিতীয়বাৰ উল্লেখ কৰা থিয়চৰ অনুবাদতকৈ বেলেগ আছে। ইয়াত ‘বাক্যৰ’ বিষয়ে কোৱা হৈছে আৰু তেওঁৰ ব্যক্তিত্ব ঈশ্বৰৰ দৰে, কিন্তু তেওঁ সৰ্ব্বশক্তিমান ঈশ্বৰৰ সমান নহয়। কলচীয়া ২:৯ পদত এইদৰে উল্লেখ কৰা হৈছে: “তেওঁত [যীচুত] ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিকৰূপে নিবাস কৰে।” ২পিত ১:৪ পদৰ অনুসৰি খ্ৰীষ্টৰ সৈতে শাসন কৰা লোকসকলো “ঐশ্বৰিক স্বভাৱৰ সহভাগী” হʼব। ইয়াৰ উপৰিও, ছেপ্টুৱেজিন্ট্ অনুবাদত গ্ৰীক শব্দ থিয়চ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে, “শক্তিশালী ব্যক্তি।” ‘এল আৰু এলʼহিম’ শব্দৰ অৰ্থ হৈছে “পৰাক্ৰমী জনা; শক্তিশালী জনা।” এই শব্দ সৰ্ব্বশক্তিমান ঈশ্বৰ, আন আন দেৱতা আৰু মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। (যোহ ১০:৩৪ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) বাক্যক “এজনা ঈশ্বৰ” বা “শক্তিশালী জনা” বুলি কোৱাটো যিচয়া ৯:৬ পদত বৰ্ণনা কৰা ভৱিষ্যতবাণীৰ লগত মিল আছে। ইয়াত উল্লেখ কৰা হৈছে যে মচীহ “পৰাক্ৰমী ঈশ্বৰ” নামেৰে প্ৰখ্যাত হʼব (“সৰ্ব্বশক্তিমান ঈশ্বৰ” নহয়) আৰু তেওঁৰ অধীনত থকা লোকসকলৰ বাবে “অনন্তকালস্থায়ী পিতৃ” হʼব। “বাহিনীবিলাকৰ যিহোৱাৰ” উৎসাহে ইয়াক সিদ্ধ কৰিব।—যিচ ৯:৭.
(যোহন ১:২৯, ৩০) পাছদিনা তেওঁৰ ওচৰলৈ যীচুক অহা দেখি, তেওঁ কলে, ৩০ জগতৰ পাপ নিওঁতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা! যি জনাৰ বিষয়ে মই কলোঁ যে, মোৰ পাছত এজন মানুহ আহিছে, তেওঁ মোতকৈ আগ হল, কিয়নো মোৰ পূৰ্ব্বেও তেওঁ আছিল, সেই জনা এৱেঁই।
যোহন ১:২৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ঈশ্বৰৰ মেৰ পোৱালি: যীচুৱে বাপ্তিষ্মা লোৱা আৰু চয়তানৰ প্ৰলোভনৰ সন্মুখীন হোৱাৰ পাছত, যোহন বাপ্তাইজকে যীচুক ‘ঈশ্বৰৰ মেৰ পোৱালি’ বুলি লোকসকলৰ আগত পৰিচয় কৰাই দিয়ে। এই বৰ্ণনা কেৱল এই পদত আৰু যোহন ১:৩৬ পদত দেখিবলৈ পোৱা যায়। (অতিৰিক্ত লেখ A7 চাওক।) যীচুক মেৰ পোৱালিৰ লগত তুলনা কৰা হৈছে আৰু এয়া উচিতৰূপে মিল খাইছে। বাইবেলৰ কিছুমান পদৰপৰা বুজিব পাৰি যে পাপৰপৰা ক্ষমা পাবলৈ আৰু ঈশ্বৰৰ কাষ চাপিবলৈ মেৰ পোৱালিৰ উৎসৰ্গা কৰা হৈছিল। এই বলিদান ভৱিষ্যতে যীচুৱে নিজৰ সিদ্ধ জীৱন মানৱজাতিৰ বাবে আগবঢ়াব তাৰ এক পূৰ্বাভাস আছিল। ‘ঈশ্বৰৰ মেৰ পোৱালি’ বাক্যশাৰীৰ লগত মিল খোৱা ভাৱনা শাস্ত্ৰৰ আন আন পদবোৰতো দেখিবলৈ পোৱা যায়। যোহন বাপ্তাইজকৰ হীব্ৰু শাস্ত্ৰপদৰ ওপৰত ভাল জ্ঞান আছিল। সেইবাবে, ঈশ্বৰৰ মেৰ পোৱালি বুলি কওঁতে হয়তো পৰৱৰ্তী এটা বা তাতোতকৈ অধিক কথা তেওঁৰ মনলৈ আহিছিল: সেই মেৰ, যিটো অব্ৰাহামে নিজ পুত্ৰৰ ইচহাকৰ সলনি বলিদান কৰে (আদি ২২:১৩), মিচৰৰ দাসত্বপৰা মুক্তি পোৱাৰ সময়ত আগবঢ়োৱা নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি (যাত্ৰা ১২:১-১৩), অথবা ৰাতিপুৱা আৰু গধূলি যিৰূচালেম মন্দিৰত ঈশ্বৰৰ বেদীত আগবঢ়োৱা মেৰ পোৱালি (যাত্ৰা ২৯:৩৯-৪২)। যোহনৰ হয়তো যিচয়া কিতাপত উল্লেখ কৰা ভৱিষ্যতবাণীটো মনলৈ আহিছিল। ইয়াত যিহোৱা ঈশ্বৰে ‘কাটিবলৈ নিয়া মেৰ পোৱালিক’ “মোৰ দাস” বুলি কৈছে। (যিচ ৫২:১৩; ৫৩:৫, ৭, ১১) পাঁচনি পৌলে কৰিন্থ মণ্ডলীক প্ৰথম চিঠিখন লিখাৰ সময়ত যীচুক “আমাৰ নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি” বুলি উল্লেখ কৰিছিল। (১কৰি ৫:৭) পাঁচনি পিতৰে কৈছিল যে “নিঘুণী আৰু নিষ্কলঙ্ক মেৰ পোৱালিস্বৰূপ খ্ৰীষ্টৰ” তেজ বহুমূল্য হয়। (১পিত ১:১৯) প্ৰকাশিত বাক্য কিতাপত প্ৰায় ২৫ বাৰ খ্ৰীষ্টক লাক্ষণিকভাৱে ‘মেৰ পোৱালি’ বুলি উল্লেখ কৰিছে।—ইয়াৰ কিছুমান উদাহৰণ হৈছে: প্ৰকা ৫:৮; ৬:১; ৭:৯; ১২:১১; ১৩:৮; ১৪:১; ১৫:৩; ১৭:১৪; ১৯:৭; ২১:৯; ২২:১.
বাইবেল পাঠ
(যোহন ১:১-১৮) আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰে সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। ২ তেওঁ আদিতে ঈশ্বৰে সৈতে আছিল। ৩ তেওঁৰ দ্বাৰাই সকলোৱেই হল; আৰু যি যি হল, সেইবোৰৰ এটাও তেওঁৰ বিনে নহল। ৪ জীৱন তেওঁতেহে; সেই জীৱনেই মানুহৰ পোহৰ। ৫ সেই পোহৰ আন্ধাৰত প্ৰকাশিত হৈ আছে; কিন্তু অন্ধাৰে তাক পৰাভূত নকৰিলে। ৬ ঈশ্বৰৰ পৰা পঠোৱা যোহন নামেৰে এজন মানুহ; ৭ তেওঁৰ দ্বাৰাই সকলোৱে যেন বিশ্বাস কৰে, এই নিমিত্তে, সেই পোহৰৰ সাক্ষ্য দিবলৈ তেওঁ সাক্ষ্যৰ অৰ্থে আহিছিল। ৮ তেওঁ নিজে সেই পোহৰ নাছিল, কিন্তু পোহৰৰ সাক্ষ্য দিবলৈহে আহিছিল। ৯ আটাই মানুহক পোহৰ দিওঁতা স্বৰূপ পোহৰ জগতলৈ আহি আছিল। ১০ তেওঁ জগতত আছিল, আৰু জগত তেওঁৰ দ্বাৰাই হল, কিন্তু জগতে তেওঁক নাজানিলে। ১১ তেওঁ নিজৰ আধিপত্যলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। ১২ তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হবলৈ তেওঁ ক্ষমতা দিলে। ১৩ তেওঁবিলাকে তেজৰ পৰা, বা মাংসৰ ইচ্ছাৰ পৰা, বা মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে, এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে পালে। ১৪ সেই বাক্য মাংস হল, আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ, আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ। ১৫ (তেওঁৰ বিষয়ে যোহনে এই সাক্ষ্য দি ৰিঙিয়াই কলে, মোৰ পাছত অহা জনা মোতকৈ আগ হল, কিয়নো মোৰ পূৰ্ব্বেও তেওঁ আছিল, যি জনাৰ বিষয়ে মই এই কথা কৈছিলোঁ, তেৱেঁই সেই জনা।) ১৬ কিয়নো আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা, অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ পালোঁ। ১৭ কাৰণ, মোচিৰ দ্বাৰাই বিধান দিয়া হল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাইহে আহিল। ১৮ কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
চেপ্টেম্বৰ ১০-১৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৩-৪
“যীচুৱে এগৰাকী চমৰীয়া তিৰোতাক সাক্ষ্য দিয়ে”
(যোহ ৪:৬, ৭) সেই ঠাইতে যাকোবৰ নাদ আছিল। তাতে প্ৰায় ছয় বজাৰ সময়ত, যীচুৱে যাত্ৰা কৰি কৰি শ্ৰান্ত হৈ, সেই নাদৰ দাঁতিত বহিল। ৭ আৰু তালৈ চমৰিয়াৰ তিৰোতা এজনী পানী তুলিবলৈ আহিল। যীচুৱে তেওঁক কলে, মোক পানী খাবলৈ দিয়া।
যোহন ৪:৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
শ্ৰান্ত হৈ: যীচু খ্ৰীষ্ট “শ্ৰান্ত হৈ” পৰিছিল বুলি কেৱল এই শাস্ত্ৰপদতে উল্লেখ আছে। এয়া দুপৰীয়া ১২ মান বজাৰ সময় আছিল আৰু সেই ৰাতিপুৱা যীচুৱে হয়তো যিহূদীয়াৰ যৰ্দ্দন উপত্যকাৰপৰা চমৰিয়াৰ চুখৰ নামৰ নগৰলৈ যাত্ৰা কৰিছিল। যৰ্দ্দন উপত্যকাৰপৰা ওপৰত থকা চুখৰলৈ যাত্ৰা কৰাৰ বাবে তেওঁক ৯০০ মি. (৩,০০০ ফুট) অথবা তাতোতকৈ বেছি দূৰত্ব অতিক্ৰম কৰিবলগীয়া হৈছিল।—যোহ ৪:৩-৫; অতিৰিক্ত লেখ A7 চাওক।
(যোহ ৪:২১-২৪) যীচুৱে তেওঁক কলে, হে নাৰি, মোত বিশ্বাস কৰা, যি কালত তোমালোকে এই পৰ্ব্বতত, নাইবা যিৰূচালেম নগৰত পিতৃৰ ভজনা নকৰিবা, সেই কাল আহিছে। ২২ তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো, তাৰ ভজনা কৰোঁ; কিয়নো যিহূদী লোকৰ মাজৰ পৰাই পৰিত্ৰাণ হয়। ২৩ কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ২৪ ঈশ্বৰেই আত্মা, আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যেৰে তেওঁৰ ভজনা কৰিব লাগে।
(যোহ ৪:৩৯-৪১) পাছে, মই যি যি কৰিলোঁ, সেই সকলোকে তেওঁ মোক কলে, এনে সাক্ষ্য দিয়া সেই তিৰোতাৰ কথাৰ কাৰণে, সেই নগৰৰ অনেক চমৰীয়া মানুহে তেওঁত বিশ্বাস কৰিলে। ৪০ এতেকে সেই চমৰীয়া মানুহবিলাক তেওঁৰ ওচৰলৈ আহিলত, তেওঁবিলাকৰ লগত থাকিবলৈ তেওঁক মিনতি কৰিলে; আৰু তেওঁ তাতে দুদিন থাকিল ৪১ তেওঁৰ কথাৰ কাৰণেও আৰু বহুত মানুহে বিশ্বাস কৰি, সেই তিৰোতাক কলে, এতিয়া তোমাৰ কথাৰ কাৰণে বিশ্বাস কৰোঁ, এনে নহয়;
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোহ ৩:২৯) যি জনে কন্যাক পায়, সেয়ে দৰা; কিন্তু দৰাৰ যি বন্ধুৱে থিয় হৈ তেওঁৰ কথা শুনে, তেওঁ দৰাৰ মাতত অতিশয় আনন্দিত হয়; এতেকে মোৰো সেই আনন্দ সম্পূৰ্ণ হল।
যোহন ৩:২৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
দৰাৰ যি বন্ধু: প্ৰাচীন সময়ত, দৰাৰ কোনো ঘনিষ্ঠ ব্যক্তিয়ে বৈধ্য প্ৰতিনিধি হিচাপে কাৰ্য্য কৰে আৰু বিবাহৰ যা-যোগাৰ কৰাৰ বাবে মুখ্য ভূমিকা গ্ৰহণ কৰে। এই ব্যক্তিজনেই দৰা-কইনাক বিয়াৰ বাবে একত্ৰিত কৰিছে বুলি গণ্য কৰা হয়। বিয়াৰ দিনাখন কইনাফালৰ লোকসকলে, কইনাক লৈ দৰা বা দৰাৰ পিতৃৰ ঘৰলৈ যায় আৰু তাতে বিবাহৰ ভোজ আয়োজন কৰে। এই ভোজৰ সময়ছোৱাত, দৰাই কইনাৰ লগত কথা পতা শুনি দৰাৰ বন্ধুৱে অতি আনন্দিত হয়। তেতিয়া, এই বন্ধুজনে ভাবে যে তেওঁ নিজৰ দায়িত্ব পূৰ কৰাত সফল হৈছে। যোহন বাপ্তাইজকে নিজৰ তুলনা ‘দৰাৰ বন্ধুৰ’ লগত কৰিছিল। এই ক্ষেত্ৰত যীচু হৈছে দৰা আৰু শিষ্যসকলে এক সমূহ হিচাপে তেওঁৰ কইনাৰ দৰে আছিল। মচীহৰ বাবে পথ প্ৰস্তুত কৰি যোহন বাপ্তাইজকে, “কইনা” হিচাপে আৰম্ভণিৰ শিষ্যসকলক যীচুৰ লগত পৰিচয় কৰাই দিয়ে। (যোহ ১:২৯, ৩৫; ২কৰি ১১:২; ইফি ৫:২২-২৭; প্ৰকা ২১:২, ৯) সফলতাৰে পৰিচয় কৰাৰ যোগেদি ‘দৰাৰ বন্ধুৱে’ নিজৰ দায়িত্ব পূৰ কৰে। তাৰ পাছত তেওঁ এক প্ৰধান চৰিত্ৰ হৈ নাথাকিল। ঠিক সেইদৰে, যোহন বাপ্তাইজকে যীচুৰ কথা মনত ৰাখি, নিজৰ বিষয়ে এইদৰে কৈছিল: “তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই সৰু হৈ হৈ যাব লাগে।”—যোহন ৩:৩০.
(যোহন ৪:১০) যীচুৱে উত্তৰ দি তেওঁক কলে, ঈশ্বৰৰ দান কেনে, আৰু তোমাৰ আগত, মোক পানী খাবলৈ দিয়া বুলি খোজা জন বা কোন, ইয়াক জনা হলে, তুমি তেওঁত খুজিলাহেঁতেন, আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতন।
যোহন ৪:১০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
জীৱনময় পানী: ইয়াত যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ আক্ষৰিক অৰ্থ হৈছে, বৈ থকা পানী, ভুমুকৰ পানী অথবা ভূমুকৰপৰা ওলোৱা পৰিষ্কাৰ পানী। এনেধৰণৰ পানী কূপ অথবা জলাশয়ত জমা হৈ থকা পানীতকৈয়ো বেলেগ হয়। লেবী ১৪:৫ পদত বৰ্ণনা কৰা “বোৱঁতি পানীৰ” বাবে যি হীব্ৰু শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ আক্ষৰিক অৰ্থ হৈছে “জীৱনময় পানী।” যিৰি ২:১৩ আৰু ১৭:১৩ পদত যিহোৱা ঈশ্বৰক “জীৱন্ত জলৰ ভুমুকস্বৰূপ” বুলি বৰ্ণনা কৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে লাক্ষণিকভাৱে জীৱনৰ বাবে পানী দিয়া। চমৰীয়া তিৰোতাগৰাকীৰ লগত কথা পতাৰ সময়ত যীচুৱে “জীৱনময় পানী” বুলি লাক্ষণিক অৰ্থত ব্যৱহাৰ কৰিছিল। কিন্তু তিৰোতাগৰাকীয়ে হয়তো ইয়াৰ আক্ষৰিক অৰ্থহে বুজিছিল।—যোহ ৪:১১; যোহ ৪:১৪ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।
বাইবেল পাঠ
(যোহন ৪:১-১৫) প্ৰভুৱে যেতিয়া জানিলে যে, যীচুৱে যোহনতকৈ বেচি শিষ্য কৰি বাপ্তাইজ কৰিছে বুলি ফৰীচীবিলাকে শুনিলে, ২ কিন্তু যীচুৱে নিজে বাপ্তাইজ নকৰিলে, তেওঁৰ শিষ্যবিলাকে কৰিলে,— ৩ তেতিয়া তেওঁ যিহূদিয়া এৰি, আকৌ গালীললৈ গল। ৪ তাতে তেওঁ চমৰিয়া দেশেদি যাব লগা হল, ৫ সেই কাৰণে যাকোবে তেওঁৰ পুতেক যোচেফক যি মাটি এডোখৰ দিছিল, তাৰ ওচৰৰ চমৰিয়াৰ চুখৰ নামেৰে এখন নগৰলৈ তেওঁ গল। ৬ সেই ঠাইতে যাকোবৰ নাদ আছিল। তাতে প্ৰায় ছয় বজাৰ সময়ত, যীচুৱে যাত্ৰা কৰি কৰি শ্ৰান্ত হৈ, সেই নাদৰ দাঁতিত বহিল। ৭ আৰু তালৈ চমৰিয়াৰ তিৰোতা এজনী পানী তুলিবলৈ আহিল। যীচুৱে তেওঁক কলে, মোক পানী খাবলৈ দিয়া। ৮ কিয়নো তেওঁৰ শিষ্যবিলাকে খোৱা বস্তু কিনিবলৈ নগৰলৈ গৈছিল। ৯ তাতে সেই চমৰীয়া তিৰোতাই তেওঁক কলে, তুমি যিহূদী মানুহ হৈয়ো, মই চমৰীয়া তিৰোতাৰ হাতে কেনেকৈ পানী খাব খুজিছা? (কিয়নো চমৰীয়া মানুহে সৈতে যিহূদীবিলাকৰ একো ব্যৱহাৰ নাই।) ১০ যীচুৱে উত্তৰ দি তেওঁক কলে, ঈশ্বৰৰ দান কেনে, আৰু তোমাৰ আগত, মোক পানী খাবলৈ দিয়া বুলি খোজা জন বা কোন, ইয়াক জনা হলে, তুমি তেওঁত খুজিলাহেঁতেন, আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতন। ১১ সেই তিৰোতাই তেওঁক কলে, হে মহাশয়, তুলিবলৈ আপোনাৰ পাত্ৰ নাই, নাদো দ; তেন্তে সেই জীৱনময় পানী কʼৰ পৰা পায়? ১২ যি জনে আমাক এই নাদ দিলে, আৰু নিজে, পো, জী, গৰু, ছাগ আদিয়ে সৈতে তাৰ পৰা পানী খাইছিল, সেই আমাৰ ওপৰপিতৃ যাকোবতকৈ আপুনি মহান নে? ১৩ যীচুৱে উত্তৰ দি তেওঁক কলে, এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব; ১৪ কিন্তু মই যি পানী দিম, তাক যি কোনোৱে খায়, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব; বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হব। ১৫ সেই তিৰোতাই তেওঁক কলে, হে মহাশয়, মোৰ পিয়াহ যেন নালাগে, আৰু পানী তুলিবলৈ যেন ইয়ালৈ নাহোঁ, এই নিমিত্তে সেই পানী মোক দিয়ক।
চেপ্টেম্বৰ ১৭-২৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৫-৬
“সঠিক মনোবৃত্তিৰে যীচুক অনুকৰণ কৰক”
(যোহন ৬:৯-১১) যাব পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে, এনে এটি লʼৰা ইয়াত আছে; কিন্তু ইমান মানুহৰ মাজত সেয়ে কি হব? যীচুৱে কলে, মানুহবিলাকক বহিব দিয়া। সেই ঠাইতে ভালেমান ঘাঁহ আছিল। তাতে লেখৰ পাঁচ হাজাৰমান মানুহ বহিল। ১১ তাতে যীচুৱে সেই পিঠা লৈ, ঈশ্বৰৰ স্তুতি কৰি, বহাবিলাকক ভাগ কৰি দিলে; আৰু খোজেমানে মাছকো দিলে।
যোহন ৬:১০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
পাঁচ হাজাৰমান মানুহ বহিল: এই আচৰিত কাৰ্য্যৰ বিষয়ে বৰ্ণনা কৰাৰ সময়ত কেৱল মথিয়ে, ‘লৰা-তিৰোতাৰ’ বিষয়ে উল্লেখ কৰিছে। (মথি ১৪:২১) গতিকে এই আচৰিতভাৱে আহাৰ খোৱা লোকসকলৰ সংখ্যা হয়তো ১৫,০০০-তকৈয়ো বেছি আছিল।
(যোহন ৬:১৪) তেওঁ দেখুৱা এই আচৰিত চিন দেখি, সেই মানুহবিলাকে কোৱাকুই কৰিলে, নিশ্চয়ে এৱেঁই জগতলৈ আহিব লগা সেই ভাববাদী।
(যোহন ৬:২৪) এতেকে যীচু সেই ঠাইত নাই, শিষ্যবিলাকো নাই, ইয়াকে দেখি, সেই লোকসমূহে নাৱত উঠি, যীচুক বিচাৰি কফৰনাহূমলৈ আহিল।
যোহন ৬:১৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
সেই ভাববাদী: দ্বিতীয় বিবৰণ ১৮:১৫, ১৮ পদত বৰ্ণনা কৰা অনুসৰি প্ৰথম শতিকাৰ বহুতো যিহূদী লোকে মোচিৰ দৰে কোনো ভাববাদী আবিৰ্ভাৱ হʼব বুলি আশা কৰিছিল আৰু সেই ভাববাদীজন মচীহ হʼব। যোহন ৬:১৪ পদত বৰ্ণনা কৰা হৈছে যে সেই ভাববাদীজন জগতলৈ আহিব লগা আছে। এই পদত উল্লেখ কৰা বিৱৰণ কেৱল যোহনে তুলি ধৰিছে।
(যোহন ৬:২৫-২৭) তাতে তেওঁবিলাকে সাগৰৰ ইপাৰে তেওঁক দেখা পাই কলে, ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল? ২৬ যীচুৱে তেওঁবিলাকক উত্তৰ দি কলে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, আচৰিত চিন দেখাৰ কাৰণে নহয়, পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছা। ২৭ ক্ষয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব; কিয়নো পিতৃ, অৰ্থাৎ ঈশ্বৰে তেওঁক মোহৰ মাৰিলে।
(যোহন ৬:৫৪) যি জনে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, সেই জনৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।
(যোহন ৬:৬০) তাতে তেওঁৰ শিষ্যবিলাকৰ মাজৰ অনেকে এই কথা শুনি কলে, ই বৰ টান কথা; ইয়াক কোনে শুনিব পাৰে?
(যোহন ৬:৬৬-৬৯) তাৰে পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ, তেওঁৰ লগত আৰু অহা-যোৱা নকৰিলে। ৬৭ এতেকে যীচুৱে বাৰ জন পাঁচনিক কলে, তোমালোকেও যাবলৈ ইচ্ছা কৰা নে? ৬৮ চিমোন পিতৰে তেওঁক উত্তৰ দিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে। ৬৯ আৰু আপুনি যে ঈশ্বৰৰ পবিত্ৰ জনা, ইয়াকে আমি বিশ্বাস কৰি জানিছোঁ।
যোহন ৬:২৭, ৫৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
ক্ষয়নীয় আহাৰৰ . . . অনন্ত জীৱনলৈকে যি আহাৰ থাকে: যীচুৱে বুজিব পাৰিছিল যে কিছুমান লোকে ভৌতিক বস্তুবোৰ লাভ কৰাৰ আশাৰে তেওঁ আৰু তেওঁৰ শিষ্যসকলৰ ওচৰলৈ আহিছিল। শাৰীৰিক আহাৰে এজন ব্যক্তিক প্ৰতিদিনে সবল হৈ থাকিবলৈ সহায় কৰে, কিন্তু ঈশ্বৰৰপৰা পোৱা আহাৰে লোকসকলক অনন্ত জীৱন লাভ কৰিবলৈ সম্ভৱ কৰি তুলিব। যীচুৱে লোকসকলক “অনন্ত জীৱনলৈকে যি আহাৰ,” তাৰ নিমিত্তে শ্ৰম কৰিবলৈ উৎসাহিত কৰিছে। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ নিৰ্দ্দেশনা লাভ কৰাৰ বাবে কঠিন পৰিশ্ৰম কৰা আৰু শিকা বিষয়বোৰৰ ওপৰত বিশ্বাস কৰা।—মথি ৪:৪; ৫:৩; যোহ ৬:২৮-৩৯.
মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে: ওচৰে-পাঁজৰে থকা শাস্ত্ৰপদবোৰে উনুকিয়াই দিয়ে যে খোৱা আৰু পান কৰাক লাক্ষণিক অৰ্থত বুজোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে যীচুৰ ওপৰত বিশ্বাস কৰা। (যোহ ৬:৩৫, ৪০) যীচুৱে এই কথাষাৰ ৩২ খ্ৰীষ্টাব্দত কৈছিল আৰু নিশ্চয় তেওঁ প্ৰভুৰ সন্ধ্যা ভোজৰ বিষয়ে বৰ্ণনা কৰা নাছিল। কিয়নো প্ৰভুৰ সন্ধ্যা ভোজৰ আৰম্ভণি তেওঁ এবছৰৰ পাছত কৰিবলগীয়া আছিল। তেওঁ এই কথাষাৰ “যিহূদীবিলাকৰ নিস্তাৰ-পৰ্ব্ব” পালন কৰাৰ কিছু সময়ৰ আগত কৈছিল। (যোহ ৬:৪) গতিকে, শ্ৰোতাসকলে তেওঁৰ কথা শুনি আহিবলগীয়া পৰ্ব্বৰ কথা আৰু ইস্ৰায়েলীসকলে মিচৰ ত্যাগ কৰাৰ সময়ত মেৰৰ তেজে তেওঁলোকৰ জীৱন কেনেকৈ ৰক্ষা কৰিছিল, তাৰ কথাও মনলৈ আহিছিল। (যাত্ৰা ১২:২৪-২৭) যীচুৱে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যে শিষ্যসকলে অনন্ত জীৱন লাভ কৰাত তেওঁৰ তেজে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
আমি আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম
সেই লোকসমূহে যীচুক অনুকৰণ কৰিব ধৰিলে আৰু যোহনে কোৱাৰ অনুসাৰে “তেওঁবিলাকে সাগৰৰ ইপাৰে তেওঁক দেখা” পালে। যীচুক ৰজা বনাবলৈ কৰা চেষ্টাক প্ৰত্যাখ্যান কৰাৰ পিছতো লোকসমূহে কিয় যীচুক অনুকৰণ কৰিছিল? বহুতৰে কাৰ্য্যই প্ৰকাশ কৰিছিল যে তেওঁলোকে কেৱল শাৰীৰিকভাৱে লাভৱান হোৱাৰ মনোবৃত্তিৰে যিহোৱা ঈশ্বৰে মোচিৰ সময়ত অৰণ্যত প্ৰবন্ধ কৰা ভৌতিক বস্তুৰ বিষয়ে জোৰ দি উল্লেখ কৰিছিল। সেয়েহে যীচুৱে তেওঁলোকক একেৰাহে ভৌতিকভাৱে সহায় কৰিব বুলি আশা ৰাখি তেওঁক অনুকৰণ কৰিছিল। যীচুৱে তেওঁলোকৰ ভুল মনোভাৱক বুজিব পাৰি আধ্যাত্মিক সত্যতাৰ বিষয়ে শিক্ষাদান কৰি তেওঁলোকৰ মনোভাৱ সলনি কৰিবলৈ সহায় কৰিলে। (যোহন ৬:১৭, ২৪, ২৫, ৩০, ৩১, ৩৫-৪০) যীচুৱে দিয়া দৃষ্টান্ত শুনি কিছুমানে ঈষৎ আপত্তি কৰিব ধৰিলে। যʼত তেওঁ এইদৰে দৃষ্টান্ত দাঙি ধৰিছিল: “মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে, আৰু তেওঁৰ তেজ পান নকৰিলে, তোমালোকৰ নিজত জীৱন নাই। যি জনে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, সেই জনৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”—যোহন ৬:৫৩, ৫৪.
যীচুৰ দৃষ্টান্তই প্ৰায়ে লোকসকলক বাস্তৱতে তেওঁলোকে ঈশ্বৰে সৈতে চলিবলৈ ইচ্ছা কৰিছেনে নাই সেই বিষয়ে প্ৰকাশ কৰিবলৈ প্ৰেৰিত কৰে। ইয়াৰ বাবে কোনো ব্যতিক্ৰম নাই। ইয়ে দৃঢ় প্ৰতিক্ৰিয়া দেখুৱাবলৈ উত্তেজিত কৰে। সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “শিষ্যবিলাকৰ মাজৰ অনেকে এই কথা শুনি কলে, ই বৰ টান কথা; ইয়াক কোনে শুনিব পাৰে?” তাতে যীচুৱে বুজাই কʼলে যে তেওঁলোকে তেওঁ কোৱা শব্দক আধ্যাত্মিক অৰ্থত লোৱা উচিত। তেওঁ এইদৰে কʼলে: “আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।” তথাপিও বহুতে তেওঁৰ কথা নুশুনিলে আৰু বৃতান্তই আগলৈ এইদৰে কৈছে: “তাৰে পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ, তেওঁৰ লগত আৰু অহা-যোৱা নকৰিলে।”—যোহন ৬:৬০, ৬৩, ৬৬.
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোহন ৬:৪৪) মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।
যোহন ৬:৪৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
আকৰ্ষণ: যি গ্ৰীক ক্ৰিয়াপদৰ অনুবাদ “আকৰ্ষণ” কৰা হৈছে, সেয়া মাছেৰে সৈতে জালক টানি অনাৰ কথাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। (যোহ ২১:৬, ১১) কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে লোকসকলক তেওঁৰ ওচৰলৈ জোৰ কৰি টানি আনে। যীচুৰ এই কথাষাৰ পৰোক্ষভাৱে হয়তো যিৰি ৩১:৩ পদটো উদ্ধৃতি দিছিল, যʼত যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলক দয়া দেখুৱাই আকৰ্ষণ কৰিছে। (ছেপ্টুৱেজিন্ট্ শাস্ত্ৰপদত একেই গ্ৰীক ক্ৰিয়া ব্যৱহাৰ কৰা হৈছে।) ঠিক সেইদৰে যোহন ১২:৩২ পদত দেখুৱায় যে যীচুৱে সকলোকে নিজৰ ওচৰলৈ আকৰ্ষণ কৰে। শাস্ত্ৰপদে দেখুৱায় যে যিহোৱা ঈশ্বৰে মানৱজাতিক স্বতন্ত্ৰ ইচ্ছা দিছে। প্ৰতিজন ব্যক্তিয়ে যিহোৱা ঈশ্বৰক উপাসনা কৰিব নে নকৰে, তাৰ নিৰ্ণয় লোৱাৰ অধিকাৰ আছে। (দ্বিতী ৩০:১৯, ২০) যিসকলৰ মন সৰল তেওঁলোকক ঈশ্বৰে আকৰ্ষণ কৰে। (গীত ১১:৫; হিতো ২১:২; পাঁচ ১৩:৪৮) যিহোৱা ঈশ্বৰে বাইবেলৰ বাৰ্ত্তা আৰু পবিত্ৰ আত্মাৰ যোগেদি লোকসকলক আকৰ্ষণ কৰে। যিচয়া ৫৪:১৩ পদত বৰ্ণনা কৰা ভৱিষ্যতবাণী যোহন ৬:৪৫ পদত উদ্ধৃতি দিয়া হৈছে আৰু পিতৃয়ে আকৰ্ষণ কৰা লোকসকলৰ ওপৰত এই ভৱিষ্যতবাণী প্ৰয়োগ হয়।—যোহন ৬:৬৫ পদৰ লগত তুলনা কৰক।
(যোহন ৬:৬৪) কিন্তু তোমালোকৰ মাজত কোনো কোনো অবিশ্বাসী আছে। কিয়নো কোনে কোনে বিশ্বাস নকৰে, আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, তাক যীচুৱে আদিৰে পৰা জানি আছিল।
যোহন ৬:৬৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, তাক যীচুৱে . . . জানি আছিল: যীচুৱে ঈষ্কৰিয়োতীয়া যিহূদাৰ বিষয়ে উল্লেখ কৰিছিল। ১২ জন পাঁচনিক বাছনি কৰাৰ আগতে যীচুৱে ওৰে ৰাতি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছিল। (লূক ৬:১২-১৬) আৰম্ভণিতে, যিহূদা ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ আছিল। কিন্তু যীচুৱে হীব্ৰু শাস্ত্ৰপদত কৰা ভৱিষ্যতবাণীৰপৰা জানিছিল যে তেওঁক এজন প্ৰণয়ৰ বন্ধুৱে তেওঁক বিশ্বাসঘাতকতা কৰিব। (গীত ৪১:৯; ১০৯:৮; যোহ ১৩:১৮, ১৯) যেতিয়া যিহূদাই বেয়াৰফালে ঢাল খাবলৈ আৰম্ভ কৰে, তেতিয়া অন্তৰ আৰু মনৰ ভাৱ পঢ়িব পৰা যীচুৱে তেওঁৰ এই পৰিৱৰ্তন লক্ষ্য কৰে। (মথি ৯:৪) ঈশ্বৰে দূৰদৃষ্টি ব্যৱহাৰ কৰি জানিবলৈ সক্ষম হয় যে যীচুৰ এজন বিশ্বাসী বন্ধুৱে তেওঁক বিশ্বাসঘাতকতা কৰিব। কিন্তু ঈশ্বৰে আগতিয়াকৈ নিৰ্ণয় কৰা নাছিল যে যিহূদাই সেইজন ব্যক্তি হʼব, কিয়নো এনে কৰাটো আগৰেপৰা তেওঁৰ ভৱিষ্যত লিখাৰ দৰে হʼব। ঈশ্বৰে প্ৰাচীন সময়ত লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ যি ব্যক্তিত্ব, তাৰপৰা বুজিব পাৰি যে তেওঁ এনে কৰাটো অসম্ভৱ।
আদিৰে পৰা: এই শব্দটোৰ অৰ্থ এয়া নহয় যে যিহূদাৰ জন্মৰ পাছৰেপৰা অথবা এজন পাঁচনি হিচাপে নিৰ্ব্বাচন কৰাৰ পাছত যিহূদাই তেওঁক বিশ্বাসঘাতকতা কৰিব বুলি যীচুৱে জানিছিল। কিয়নো যীচুৱে পাঁচনি হিচাপে নিৰ্ব্বাচন কৰাৰ আগতে ওৰে ৰাতি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (লূক ৬:১২-১৬) ইয়াৰ পৰিৱৰ্তে, যেতিয়াৰপৰা যিহূদাই অসৎ কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে, তেতিয়াৰপৰা যীচুৱে বুজিব পাৰে যে তেওঁ বিশ্বাসঘাতকতা কৰিব। (যোহ ২:২৪, ২৫; প্ৰকা ১:১; ২:২৩; যোহ ৬:৭০; ১৩:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) ইয়ে দেখুৱায় যে যিহূদাই আগতিয়াকৈ ভাৱি-চিন্তি পৰিকল্পনা কৰিছিল। হঠাতে তেওঁৰ মন পৰিৱৰ্তন হৈছিল, এনে নহয়। ওচৰে-পাঁজৰে থকা শাস্ত্ৰপদবোৰৰপৰা, গ্ৰীক শাস্ত্ৰপদত উল্লেখ কৰা “আদিৰে পৰা” (গ্ৰীক, আৰ-খে) শব্দটোৰ, প্ৰকৃত অৰ্থ বুজিব পাৰি। উদাহৰণস্বৰূপে, ২ পিতৰ ৩:৪ পদত উল্লেখ কৰা “আদিৰে পৰা” শব্দটোৱে সৃষ্টিৰ আৰম্ভণিক বুজায়। সেইদৰে পাঁচনিৰ কৰ্ম্ম ১১:১৫ পদত পিতৰে যিহূদী নোহোৱা লোকসকলৰ ওপৰত পবিত্ৰ আত্মা পৰাৰ বিষয়ে এইদৰে কৈছিল: “আদিতে, আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা পৰিছিল, তেনেকৈ তেওঁবিলাকৰ ওপৰতো পৰিল।” পিতৰে “আদিতে” বুলি কওঁতে নিজৰ জন্মৰ সময় অথবা তেওঁক যেতিয়া পাঁচনি হোৱাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল, সেই সময়ৰ বিষয়ে কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনাখন এক বিশেষ উদ্দেশ্যৰ বাবে পবিত্ৰ আত্মা পৰাই “আদিতে” শব্দটোক চিত্ৰিত কৰে। (পাঁচ ২:১-৪) ওচৰে-পাঁজৰে থকা শাস্ত্ৰপদবোৰে “আদিতে” শব্দটোৰ অৰ্থ বেলেগ বেলেগ হʼব, তাৰে কেইটামান উদাহৰণ লূক ১:১; যোহ ১৫:২৭ আৰু ১যোহ ২:৭ পদত দেখিবলৈ পোৱা যায়।
বাইবেল পাঠ
(যোহন ৬:৪১-৫৯) স্বৰ্গৰ পৰা নমা আহাৰ ময়েই; তেওঁ এই কথা কোৱাৰ কাৰণে যিহূদীবিলাকে তেওঁৰ বিষয়ে বোলমাত কৰি কলে, ৪২ যোচেফৰ পুতক যীচু, যাৰ মাক-বাপেকক আমি জানো, এওঁ সেই জন নহয় নে? তেন্তে স্বৰ্গৰ পৰা নামি আহিছোঁ, এই কথা এতিয়া কেনেকৈ কয়? ৪৩ যীচুৱে উত্তৰ দি তেওঁবিলাকক কলে, ইজনে সিজনে বোলমাত নকৰিবা। ৪৪ মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু শেষৰ দিনা মই তেওঁক তুলিম। ৪৫ তেওঁবিলাক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা পোৱা হব বুলি ভাববাদীসকলৰ পুস্তকত লিখা আছে। পিতৃৰ পৰা শুনি শিক্ষা পোৱা প্ৰতিজন মোৰ ওচৰলৈ আহে। ৪৬ কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁইহে পিতৃক দেখিলে। ৪৭ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে। ৪৮ জীৱন দিওঁতা আহাৰ ময়েই। ৪৯ তোমালোকৰ পিতৃসকলে অৰণ্যত মান্না খায়ো মৰিল; ৫০ মানুহে খাই নমৰিবলৈ, স্বৰ্গৰ পৰা নমা আহাৰ এই। ৫১ স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেন্তে তেওঁ সদায় জীব; আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম, সেয়ে মোৰ মাংস। ৫২ তাতে যিহূদীবিলাকে ইজনে সিজনে বাদ-বিচাৰ কৰি কলে, আমি খাবলৈ এই মানুহে নিজৰ মাংস আমাক কেনেকৈ দিব পাৰে? ৫৩ যীচুৱে তেওঁবিলাকক কলে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে, আৰু তেওঁৰ তেজ পান নকৰিলে, তোমালোকৰ নিজত জীৱন নাই। ৫৪ যি জনে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, সেই জনৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম। ৫৫ কিয়নো মোৰ মাংসই স্বৰুপ আহাৰ, আৰু মোৰ তেজেই স্বৰূপ পেয়। ৫৬ যি জনে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, সেই জনে মোত নিবাস কৰে, ময়ো তাত নিবাস কৰোঁ। ৫৭ জীৱনময় পিতৃয়ে যেনেকৈ মোক পঠালে, আৰু মই পিতৃৰ দ্বাৰাই জীওঁ, তেনেকৈ যি জনে মোক খায়, সেই জনো মোৰ দ্বাৰাই জীব। ৫৮ স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃসকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেইজন সদায় জীব। ৫৯ কফৰনাহূমত উপদেশ দিয়া সময়ত, তেওঁ এইবোৰ কথা নামঘৰত কলে।
চেপ্টেম্বৰ ২৪-৩০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৭-৮
“যীচুৱে নিজৰ পিতৃক প্ৰশংসা কৰে”
(যোহন ৭:১৫-১৮) তাতে যিহূদীবিলাকে বিস্ময় মানি কলে, এওঁ নিশিকাকৈ জ্ঞান-বিদ্যা কেনেকৈ জানিলে? ১৬ তাতে যীচুৱে উত্তৰ দি তেওঁবিলাকক কলে, এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনাৰহে। ১৭ যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে, তেন্তে এই উপদেশ ঈশ্বৰৰ পৰা হয়, বা মই নিজৰ পৰা কওঁ, তেওঁ তাক জানিব। ১৮ যি জনে নিজৰ পৰা কয়, তেওঁ নিজৰ মৰ্য্যাদা বিচাৰে; কিন্তু যি জনে পঠোৱা জনাৰ মৰ্য্যাদা বিচাৰে, তেওঁ সত্য, আৰু তেওঁত একো অধৰ্ম্ম নাই।
cf ১০০-১০১ ¶৫-৬
“লিখা আছে”
যীচুৱে দিয়া বাৰ্ত্তা প্ৰকৃততে কাৰপৰা হয়, তাৰ বিষয়ে লোকসকলে জনাটো তেওঁ বিচাৰিছিল। তেওঁ এইদৰে কৈছিল: “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনাৰহে।” (যোহন ৭:১৬) আন এক উপলক্ষত যীচুৱে এইদৰে কৈছিল: “মই . . . নিজ ইচ্ছাৰে একো নকৰোঁ, কিন্তু পিতৃয়ে শিকোৱাৰ দৰেই এইবোৰ কথা কৈছোঁ।” (যোহ ৮:২৮) ইয়াৰ উপৰিও, তেওঁ এইদৰে কৈছিল: “মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোত থাকি তেওঁৰ কাৰ্য্যবোৰ সাধন কৰে।” (যোহন ১৪:১০) বাৰে বাৰে ঈশ্বৰৰ বাক্যৰ উদ্ধৃতি দি যীচুৱে এই কথাবোৰৰ সত্যতাৰ প্ৰমাণ দিয়ে।
যীচুৰ বাক্যবোৰ অধ্যয়ন কৰিলে বুজিব পাৰি যে তেওঁ হীব্ৰু শাস্ত্ৰপদৰ আধাতকৈ বেছি কিতাপৰ প্ৰত্যক্ষ বাৰ পৰোক্ষভাৱে উদ্ধৃতি দিছিল। আৰম্ভণিতে, ই কোনো বিশেষ কথা যেন নালাগিব পাৰে। আপুনি হয়তো ভাবিব পাৰে যে চাৰে তিনি বছৰ শিক্ষা আৰু ঘোষণা কৰাৰ সময়ত তেওঁ হীব্ৰু শাস্ত্ৰপদৰ সকলো কিতাপৰ কিয় উদ্ধৃতি দিয়া নাছিল। হয়তো তেওঁ এনে কৰিছিল। আমি মনত ৰখা ভাল হʼব যে যীচুৰ বাক্য আৰু কাৰ্য্যবোৰৰ বিষয়ে কেৱল কিছু কথাহে উল্লেখ কৰা হৈছে। (যোহন ২১:২৫) যদি আপুনি যীচু খ্ৰীষ্টৰ বিষয়ে বাইবেলৰপৰা পঢ়িব বিচাৰে তেনেহʼলে কেৱল কেই ঘণ্টামানৰ ভিতৰতে পঢ়ি শেষ কৰিব পাৰিব। এতিয়া, কল্পনা কৰক যে ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে আলোচনা কৰা আৰু এই সময়ছোৱাৰ ভিতৰতে হীব্ৰু শাস্ত্ৰপদৰ আধাতকৈ বেছি কিতাপৰ উদ্ধৃতি দিয়াটো কিমান ডাঙৰ বিষয়। ইয়াৰ উপৰিও প্ৰায় ভাগ সময়ত যীচুৰ লগত লিখিত নুৰা নাছিল। যীচুৰ পৰ্ব্বতীয়া ভাষণত তেওঁ প্ৰত্যক্ষ বা পৰোক্ষভাৱে তাত লিখা কথাবোৰৰ উদ্ধৃতি দিছিল।
(যোহন ৭:২৮, ২৯) তেতিয়া যীচুৱে ধৰ্ম্মধামত বৰ মাতেৰে উপদেশ দি কলে, তোমালোকে মোক জানা, আৰু কʼৰ পৰা হলোঁ তাকো জানা; মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনাই মোক পঠালে, তেওঁ সত্য; তেওঁক তোমালোকে নাজানা। ২৯ মই হলে তেওঁক জানো; কিয়নো মই তেওঁৰ পৰা হলোঁ, আৰু তেৱেঁই মোক পঠালে।”
(যোহন ৮:২৯) আৰু মোক পঠোৱা জনা মোৰ লগতে আছে। তেওঁ মোক অকলশৰীয়াকৈ নেৰিলে, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কৰ্ম্ম কৰোঁ।
w১১ ৩/১৫ ১১ ¶১৯
ঈশ্বৰৰ আত্মা গ্ৰহণ কৰক, জগতৰ আত্মা নহয়
সম্পূৰ্ণৰূপে যিহোৱাৰ আজ্ঞা পালন কৰক। যীচুৱে সদায় এনে কাৰ্য্য কৰিছিল যাৰ দ্বাৰা যিহোৱা ঈশ্বৰ সন্তুষ্ট হয়। অন্ততঃ এটা পৰিস্থিতিত যীচুৰ ইচ্ছা তেওঁৰ পিতৃয়ে যি বিচাৰিছিল, তাৰপৰা অলপ বেলেগ আছিল। কিন্তু তেতিয়াও সম্পূৰ্ণ বিশ্বাসেৰে তেওঁ নিজৰ পিতৃক এইদৰে কৈছিল “তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।” (লূক ২২:৪২) আমি নিজকে এইদৰে সুধিব পাৰোঁ, ‘যেতিয়া কিবা কৰিবলৈ অসুবিধা হয়, তেতিয়াও মই ঈশ্বৰৰ আজ্ঞা পালন কৰোঁনে?’ ঈশ্বৰৰ বাক্য পালন কৰা জীৱনৰ বাবে অতি প্ৰয়োজন। এজন সৃষ্টিকৰ্ত্তা আৰু জীৱন দিওঁতা হিচাপে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ আৰু সেইবাবে তেওঁৰ আজ্ঞা পালন কৰা উচিত। (গীত. ৯৫:৬, ৭) তেওঁৰ আজ্ঞা পালন কৰাৰ বাহিৰে আৰু একো নাই। ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আমি তেওঁৰ অনুগ্ৰহ লাভ কৰিব নোৱাৰিম।
আধ্যাত্মিক ৰত্ন বিচাৰক
(যোহন ৭:৮-১০) তোমালোক এই পৰ্ব্বলৈ যোৱা; মই এতিয়া এই পৰ্ব্বলৈ নাযাওঁ; কিয়নো মোৰ কাল এতিয়া পূৰ নৌ হয়। ৯ তেওঁলোকক এই কথা কৈ, তেওঁ গালীলতে থাকিল। ১০ কিন্তু তেওঁৰ ভায়েকহঁত সেই পৰ্ব্বলৈ গলত, পাছত তেৱোঁ প্ৰকাশকৈ নহয়, প্ৰায় গুপুতে গল।
w০৭ ২/১ ৬ ¶৪
আমি কিয় সঁচা কথা কোৱা উচিত?
এই ক্ষেত্ৰত যীচু খ্ৰীষ্টই কি এক উত্তম উদাহৰণ ৰাখিছে? এনে এটা ঘটনাৰ বিষয়ে আমি মনত পেলাব পাৰোঁ, যেতিয়া যীচু খ্ৰীষ্টই এনে কিছুমান লোকৰ লগত কথা পাতিছিল, যিসকল লোক তেওঁৰ শিষ্য নাছিল আৰু তেওঁৰ যাত্ৰাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল। তেওঁলোকে যীচুক এইদৰে উপদেশ দিছিল, “এই ঠাই এৰি, যিহূদিয়ালৈ যোৱা।” তেওঁলোকৰ কথাত যীচুৱে কি উত্তৰ দিয়ে? “তোমালোক এই পৰ্ব্বলৈ [যিৰূচালেমলৈ] যোৱা; মই এতিয়া এই পৰ্ব্বলৈ নাযাওঁ; কিয়নো মোৰ কাল এতিয়া পূৰ নৌ হয়।” কিন্তু ইয়াৰ কিছুসময়ৰ পাছত যীচুৱে পৰ্ব্বৰ বাবে যিৰূচালেমলৈ যাত্ৰা কৰে। যীচুৱে কিয় এইদৰে উত্তৰ দিছিল? প্ৰকৃততে যীচুৱে কʼত যাব, কি কৰিব তাৰ বিষয়ে জনাটো তেওঁলোকৰ কোনো অধিকাৰ নাছিল। এই ক্ষেত্ৰত যীচুৱে কোনো মিছা মতা নাছিল। যীচুৱে তেওঁলোকক সম্পূৰ্ণ উত্তৰ দিয়া নাছিল, কিয়নো এই লোকসকলৰপৰা আহিবলগীয়া বিপদৰপৰা নিজকে আৰু নিজৰ শিষ্যসকলক সুৰক্ষা দিব বিচাৰিছিল। এয়া কোনো মিছা নাছিল কিয়নো পাঁচনি পিতৰে খ্ৰীষ্টৰ বিষয়ে এইদৰে লিখিছিল “তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো ছলনা পোৱা নগল।”—যোহন ৭:১-১৩; ১ পিতৰ ২:২২.
(যোহন ৮:৫৮) যীচুৱে তেওঁবিলাকক কলে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছোঁ।
যোহন ৮:৫৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
মই আছোঁ: যিহূদী লোকসকলে শিল দলিয়াই যীচুক মাৰিব বিচাৰিছিল কিয়নো তেওঁ “অব্ৰাহামক” দেখিছোঁ বুলি কৈছিল আৰু তেওঁলোকৰ অনুসৰি যীচুৰ বয়স “আঢ়ৈ কুৰি বছৰেই হোৱা” নাছিল। (যোহ ৮:৫৭) আচলতে যীচুৱে কʼব বিচাৰিছিল যে অব্ৰাহমৰ জন্ম হোৱাৰ আগতেই অৰ্থাৎ তেওঁ এই পৃথিৱীত জন্ম লোৱাৰ আগতেই স্বৰ্গত এক শক্তিশালী আত্মিক প্ৰাণী হিচাপে আছিল। এই পদৰ অনুসৰি কিছুমান লোকে দাবী কৰে যে যীচুৱেই হৈছে ঈশ্বৰ। তেওঁলোকৰ অনুসৰি গ্ৰীক শব্দ ইগʼইমি (কিছুমান বাইবেলত মই আছোঁ বুলি অনুবাদ কৰা হৈছে।) ছেপ্টুৱেজিন্ট্ত বৰ্ণনা কৰা যাত্ৰাপুস্তক ৩:১৪ পদত একে অনুবাদত দেখিবলৈ পোৱা যায়। (যোহন ৪:২৬ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।) এই ক্ষেত্ৰত গ্ৰীক ক্ৰিয়াপদ ইমিয়ে এনে কাৰ্য্যক বুজায়, যি কাৰ্য্য “অব্ৰাহামৰ জন্মৰ আগৰে পৰা” চলি আছিল। সেইবাবে, ইয়াক “আগৰে পৰা মই আছোঁ” বুলি অনুবাদ কৰাৰ পৰিৱৰ্তে “মই আছোঁ” বুলি কৰিলে সঠিক অনুবাদ কৰা হʼব। বাইবেলৰ নতুন আৰু পুৰণি বহুতো অনুবাদত “আগৰে পৰা মই আছোঁ,” এনেধৰণৰ একে অনুবাদ দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও, যোহন ১৪:১৯ পদত একে গ্ৰীক ক্ৰিয়াপদ ইমিৰ অনুবাদ এইদৰে কৰা আছে: “ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থকাতো, তুমি মোক চিনা নাই নে?” বাইবেলৰ বহুতো অনুবাদত একেধৰণৰ শব্দ ব্যৱহাৰ কৰা হৈছে আৰু ইয়ে দেখুৱায় যে ওচৰে-পাঁজৰে থকা পদবোৰৰ অনুসৰি ইমিৰ বাবে “আগৰে পৰা মই আছোঁ” বুলি অনুবাদ কৰাটো কোনো ভুল নহয়। (গ্ৰীক ক্ৰিয়াপদৰ বৰ্তমান কালে ইংগিত দিয়ে যে যি কাৰ্য্য অতীতত আৰম্ভ হৈছে আৰু এতিয়াও চলি আছে। ইয়াৰ বিষয়ে কিছুমান উদাহৰণ লূক ২:৪৮; ১৩:৭; ১৫:২৯; যোহ ১:৯; ৫:৬; ১৫:২৭; পাঁচ ১৫:২১; ২কৰি ১২:১৯; ১যোহ ৩:৮ দেখিবলৈ পোৱা যায়।) তদুপৰি, যোহন ৮:৫৪ আৰু ৫৫ পদত উল্লেখ থকা যীচুৰ যুক্তিয়ে দেখুৱায় যে তেওঁ নিজকে পিতৃ বুলি পৰিচয় দিবলৈ চেষ্টা কৰা নাছিল।
বাইবেল পাঠ
(যোহন ৮:৩১-৪৭) তাতে যি যিহূদীবিলাকে তেওঁত বিশ্বাস কৰিলে, যীচুৱে তেওঁবিলাকক কলে, মোৰ বাক্যতে যদি তোমালোক থাকা, তেন্তে সঁচাকৈয়েই তোমালোক মোৰ শিষ্য; ৩২ আৰু তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব। ৩৩ তেওঁবিলাকে তেওঁক উত্তৰ দিলে, আমি অব্ৰাহামৰ বংশ, আৰু কেতিয়াও কাৰো দাস্যকৰ্ম্ম কৰা নাই; তেন্তে তোমালোক মুক্ত হবা, এনে কথা তুমি কেনেকৈ কৈছা? ৩৪ যীচুৱে উত্তৰ দিলে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যি কোনোৱে পাপ-আচৰণ কৰে, সি পাপৰ দাস। ৩৫ আৰু দাস সদায় ঘৰত নাথাকে, কিন্তু পুত্ৰ হলে সদায় থাকে। ৩৬ এই কাৰণে পুত্ৰই যদি তোমালোকক মুক্ত কৰে, তেন্তে তোমালোক নিশ্চয়ে মুক্ত হবা। ৩৭ তোমালোক যে অব্ৰাহামৰ বংশ, তাক মই জানো; কিন্তু তোমালোকে মোক বধ কৰিবলৈ উপায় বিচাৰিছা; কাৰণ মোৰ বাক্যই তোমালোকৰ অন্তৰত ঠাই নাপায়। ৩৮ মই পিতৃৰ লগত যিহকে দেখিলোঁ, তাকে কৈছোঁ, তোমালোকও পিতৃৰ পৰা যিহকে শুনিলা, তাকে কৰিছা। ৩৯ তেওঁবিলাকে উত্তৰ দি তেওঁক কলে, অব্ৰাহাম আমাৰ পিতৃ। যীচুৱে তেওঁবিলাকক কলে, তোমালোক অব্ৰাহামৰ সন্তান হোৱা হলে, অব্ৰাহামৰ কৰ্ম্ম কৰিলাহেঁতেন। ৪০ কিন্তু ঈশ্বৰৰ পৰা সত্য কথা শুনি তোমালোকক কোৱা জন যি মই, মোকে বধ কৰিবলৈ এতিয়া উপায় বিচাৰিছা। অব্ৰাহামে হলে এনে কৰ্ম্ম নকৰিলে। ৪১ তোমালোকে নিজৰ পিতৃৰ কৰ্ম্ম কৰিছা। তেওঁবিলাকে তেওঁক কলে, আমি জাৰজ নহওঁ; আমাৰ এজনা পিতৃ আছে তেওঁ ঈশ্বৰ। ৪২ যীচুৱে তেওঁবিলাকক কলে, ঈশ্বৰ তোমালোকৰ পিতৃ হোৱা হলে, তোমালোকে মোক প্ৰেম কৰিলাহেঁতেন কিয়নো মই ঈশ্বৰৰ পৰা ওলাই আহিলোঁ; কাৰণ, মই আপোনা-আপুনি অহা নাই, তেৱেঁই মোক পঠাই দিলে। তোমালোকে মোৰ কথা কিয় নুবুজা? ৪৩ কাৰণ, মোৰ বাক্য শুনিব নোৱাৰা। ৪৪ তোমালোকৰ পিতৃ চয়তানৰ পৰাহে তোমালোক হলা; আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা। সি আদিৰে পৰা নৰ-বধী, আৰু সত্যত নাথাকে; কিয়নো তাত সত্য নাই। সি যেতিয়া মিছা কয়, তেতিয়া নিজৰ পৰাহে কয়; কিয়নো সি মিছলীয়া, আৰু তাৰ বাপেক। ৪৫ কিন্তু মই সত্য কথা কওঁ, এই নিমিত্তে তোমালোকে মোত বিশ্বাস নকৰা। ৪৬ তোমালোকৰ মাজৰ কোনে মোক পাপী বুলি প্ৰমাণ দিব পাৰে? আৰু মই যদি সত্য কথা কওঁ, তেন্তে কিয় মোত বিশ্বাস নকৰা? ৪৭ যি কোনো ঈশ্বৰৰ হয়, তেওঁ ঈশ্বৰৰ কথা শুনে। তোমালোক ঈশ্বৰৰ লোক নোহোৱা; এই কাৰণে নুশুনা।